শিখৰৰ শীৰ্ষত থিয় হৈ

আৰ্হি প্ৰশ্ন ঃ

১) লেখক প্ৰণয় বৰদলৈৰ চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ লেখক প্ৰণয় বৰদলৈৰ জন্ম হৈছিল ১৯৬৮ চনত গুৱাহাটীত। পিতৃৰ নাম হৰেন বৰদলৈ, মাতৃৰ নাম বীণা বৰদলৈ। তেখেতে কটন কলেজত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তেখেত 'জ্ঞানদ্বীপ' আলোচনীৰ উপ-সম্পাদকৰ পদত থকাৰ উপৰি 'আজিৰ অসম', 'আজিৰ বাতৰি', 'আমাৰ অসম', 'জনসাধাৰণ' আদি কাকতৰ উপ-সম্পাদক তথা কাৰ্যবাহী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেতৰ প্ৰকাশিত গ্ৰন্থ হল - 'হিমালয়ৰ শিখৰে কন্দৰে','উওুংগ যোগীন' আদি । 

২) পাঠটিৰ মূল কথাখিনি চমুকৈ লিখা ।

উত্তৰঃ এই পাঠটিৰ জৰিয়তে লেখকে পৰ্বতাৰোহণ অভিযান বা ক্ৰীড়াৰ কথা বুজাইছে । কিদৰে তেখেতসকলে ইমান দূৰৈৰ পৰা বহু দুখ-কষ্ট, দুৰ্ভোগ ভূগি ইমান কষ্টৰে হিমালয়ৰ কাষ চাপিছিল । কেনেদৰে তেওঁলোকে বহু দুখ,ভয়,কষ্টৰ মাজেৰে সাফল্যৰ চৰমপ্ৰাপ্তিত উপনীত হৈছিল তাকেই পাঠটিৰ জৰিয়তে বুজাইজে । কিদৰে তেখেত সকলে শাৰীৰিক দৃঢ়তাৰ লগতে মানসিক দৃঢ়তা ৰাখিছিল তাক কৈছিল ।

৩) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা -

 (ক)মাজে মাজে জিৰাবৰ বাবে কিছুপৰ ৰোৱাৰ সময়ত তললৈ  উলটি চাওঁতে অন্তৰাত্মা কঁপি উঠিছিল, ভয়ত জিভা শুকাই গৈছিল ।

উত্তৰঃ মাজে মাজে জিৰাবৰ বাবে কিছুপৰ ৰোৱাৰ সময়ত তললৈ  উলটি চাওঁতে অন্তৰাত্মা কঁপি উঠিছিল, ভয়ত জিভা শুকাই গৈছিল। এই কথাষাৰৰ দ্ধাৰা লেখক এ ভয়ৰ কথা বুজাব চেষ্টা কৰিছিল। কেনেবাকৈ যদি ভৰি পিছলিব লাগিলে কিমান তলতৈ যে সৰি পৰিব তেওঁলোক তাৰ কোনো লেখ নাই। বৰফৰ মাজত পৰিলে হয়তো তেখেত জীয়াই থাকিব পাৰে কিন্তু যদি শিলবোৰৰ মাজত পৰে তেন্তে হাৰবোৰো বিছাৰি পোৱা তান হব। ইয়াৰ দ্বাৰা লেখকে পৰ্বতাৰোহণৰ ভয়াবহতাৰ কথা ব্যক্ত কৰিছে।


 (খ) আমাৰ এই বিজয় সহজলভ্য কৰিবলৈকে যেন ডাৱৰবোৰ কৰবালৈ উৰি গল ।

উত্তৰঃ আমাৰ এই বিজয় সহজলভ্য কৰিবলৈকে যেন ডাৱৰবোৰ কৰবালৈ উৰি গল - এই কথাষাৰৰ লেখকে যেতিয়া হিমালয়ৰ শীৰ্ষত উপস্থিত হৈছিল তেতিয়া শিখৰ জয় কৰাৰ আনন্দত এই কথাষাৰ কৈছিল। তেখেতসকল যেতিয়া হিমালয়ৰ মূৰত পাইছিল ডাৱৰবোৰ নাইকিয়া হৈছিল আৰু শীষৰ জিলিকি উঠিছিল।


Author - Leena Kakati