গ্ৰাম্য - চহৰৰ মাজত হোৱা প্ৰব্ৰজন
কেইবাটাও কাৰকৰ বাবে যেনে - শ্ৰমিকৰ চাহিদা চহৰ অঞ্চলত বেছিকৈ থকা বাবে, গ্ৰাম্য অঞ্চল চাকৰিৰ সুযোগ সমূলি নথকা বাবে আৰু চহৰ আৰু গাওঁ অঞ্চলত বিকাশৰ ক্ষেত্ৰত অসমতা থকা বাবে গ্ৰাম্য অঞ্চলৰ পৰা নগৰ - চহৰলৈ জনসংখ্যাৰ সোঁ বৈ থাকে। ভাৰতবৰ্ষত মহানগৰবোৰৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে। সৰু আৰু মধ্যমীয়াধৰণৰ নগৰবোৰত কৰ্মসংস্থাপনৰ সুযোগ কমকৈ থাকে বাবে দুখীয়া মানুহখিনিয়ে জীৱিকা উপাৰ্জনৰ পথ বিচাৰি প্ৰত্যক্ষভাৱে ডাঙৰ মহানগৰ কেইখনলৈ গুচি আহে।
কথাটো ভালদৰে বোধগম্য হবলৈ, এটা ক্ষেত্ৰ অধ্যয়ন তলত দিয়া হল। কথাখিনি ভালদৰে পঢ়ি চোৱা আৰু গ্ৰাম্য আৰু চহৰৰ মাজত থকা প্ৰব্ৰজনৰ প্ৰত্ৰুিয়াটো বিচাৰ কৰি চাবলৈ যত্ন কৰা।
ক্ষেত্ৰ অধ্যয়নঃ
তালছেষৰ এটা নিৰ্মাণকাৰ্য চলি থকা স্থানত ৰমেশে যোৱা দুবছৰৰ পৰা চুক্তি কৰি লৈ জ্বালাই কৰ্মী হিচাপে কাম কৰি আছে। তেওঁ ঠিকাদাৰৰ সৈতে বিভিন্ন ঠাইবোৰলৈ যেনে - চুৰাট, মুম্বাই, গান্ধী নগৰ, ভাৰুছ, জামনগৰ ইত্যাদিলৈ গৈছিল। গাঁৱত থকা বাপেকলৈ বছৰি ২০,০০০কৈ টকাও পঠাই আছিল। তেওঁ পঠোৱা উক্ত টকাখিনি প্ৰধানকৈ দৈনন্দিন খোৱা - বোৱাৰ খৰচত স্বাস্থ্যৰ যত্ন লোৱাত, লৰা - ছোৱালীক বিদ্যালয়লৈ পঠিওৱা ইত্যাদি কাৰ্যবোৰত ব্যৱহিত হৈছিল। মুঠ টকাৰ এটা এংশ আনকি কৃষিকাৰ্য মাটি - বাৰী কিনা আৰু গৃহ নিৰ্মাণ কৰিবলৈকো ব্যৱহাৰ কৰে। তাৎপৰ্যপূৰ্ণভাৱে ৰমেশৰ পৰিয়ালবৰ্গৰ জীৱন - ধাৰণৰ মান উন্নত হৈ উঠে।
কিন্ত পোন্ধৰ বছৰৰ আগতে, ঘৰখনৰ অৱস্থা এনে নাছিল। পৰিয়ালৰ সদস্যবোৰে কঠোৰ সময়ৰ মাজেৰে দিন কটাইছিল। কেৱল তিনি বিঘা মাটিৰ ওপৰত নিৰ্ভৰ কৰি ৰমেশৰ তিনিজন ভায়েক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে জীৱন - ধাৰণ কৰিবলগীয়া হৈছিল। পৰিয়ালটোৱে বেছিভাগ সময় ঋণ লৈ যাৱতীয় কাম - কাজ সম্পাদন কৰিছিল। নৱমমান শ্ৰেণীত পঢ়ি থকা ৰমেশে সিমানতে পঢ়া সাং কৰিলে। পিচলৈ তেওঁ বিয়া পতাৰ পিচত আৰু কঠিন সময় আহি পৰিছিল।
সেই সময়তে লুধিয়ানাত কাম কৰি থকা তেওঁলোকৰ ভৰণ - পোষণ দি থকা কামটোত তেওঁ আকৰ্ষিত হৈ পৰিল। সেয়েহে নিজৰ পৰিয়ালৰ দৈন্যতা আৰু লগতে লুধিয়ানাত এটা চাকৰি পোৱাৰ নিশ্চয়তা লাভ কৰি ৰমেশ বন্ধুজনৰ সৈতে পঞ্জাবলৈ ৰাওনা হল। ১৯৮৮ চনত, তেতিয়া তেওঁ এটা কাঠৰ কাৰখানাত দৈনিক ২০ টকা মজুৰি লৈ এটা কামত ছমাহৰ বাবে সোমাল। নিজৰ ব্যক্তিগত খা - খৰচ, এই সাধাৰণ মজুৰিখিনিৰে পূৰোৱা তেওঁৰ বাবে বৰ কষ্টকৰ হৈ পৰাৰ লগতে নতুন সংস্কৃতি আৰু পৰিৱেশৰ সৈতে মিলি থাকোতেও সমস্যাৰ সন্মুখীন হবলৈ ধৰে। পিচত তেওঁ বন্ধুজনৰ সহায় লৈ কৰ্মস্থান লুধুয়ানাৰ পৰা চুৰাটলৈ সলনি কৰাৰ সিদ্ধান্ত ললে। চুৰাটত তেওঁ কৰ্মকুশলতা বাঢ়ি যোৱাৰ বাবে বিভিন্ন স্থানলৈ একেজন ঠিকাদাৰৰ সৈতে লগলাগি যাব পৰা হল। যদিও ৰমেশৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থৰ উন্নত হল কিন্ত পৰিয়লটোৰ পৰা আঁতৰি থকাৰ বেদনা তেওঁ মনত থাকি ৰল। তেওঁৰ পৰিয়ালটোক তেওঁৰ সংগ লৈ আনিবও নোৱাৰে যিহেতু চাকৰিটো অস্থায়ী আৰু ঠাই সলাই ফুৰিবলগা বিধৰ হল।
মতামতঃ
উন্নয়নশীল দেশবোৰত ৰমেশৰ নিচিনা দুখীয়া, কম পঢ়া - শুনা থকা আৰু কুশলতা নথকা লোকসকলে সৰু - সুৰা কৰ্ম সংস্থাপনৰ আশাৰে গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰে আৰু অস্থায়ী খণ্ডবোৰত দৈনিক হাজিৰা কৰি কোনোমতে পেটেভাতে খাই চলি থাকে। যিহেতু হাজিৰাৰ বাবদ অতি কম টকা - পইচা ঘটে, পৰিয়াল এটাক লগত ৰাখি পোহপাল দিয়াটো কঠিন হৈ পৰে আৰু সেয়েহে নিজৰ পত্নীক গাঁৱৰ ঘৰত লৰা - ছোৱালী আৰু জ্যেষ্ঠসকলৰ যত্ন পৰিচৰ্যা আদি কৰাৰ বাবে আহে। এইদৰে অনুমান কৰিব পাৰি যে গাঁৱৰ পৰা চহৰলৈ হৈ থকা প্ৰব্ৰজনত পুৰুষসকলেহে বেছি অংশ লৈ থাকে।
Type - Boby Bora
Post ID : DABP005116