দ্বিতীয় অধ্যায়

প্রশ্নাবলী

পুনৰুদ্ধাৰ আৰু বিপ্লৱঃ(১৮১৫-১৮৪৮)

অতি চমু প্রশ্ন (Very short questions) :

 ১। কোন চনত ইউৰোপীয় মৈত্রীসংস্থা প্রতিষ্ঠা হৈছিল?

 (In which year the concert of Europe was established?) 

উত্তৰঃ ১৮১৫ চনত ইউৰোপীয় মৈত্ৰীসংঘ প্ৰতিষ্ঠা হৈছিল । 


 মৈত্ৰীসংঘৰ কাৰ্যাৱলীক আটাইতকৈ প্ৰভাৱিত কৰা ব্যক্তিজন কোন?

 (What is the name of the person who mostly influenced the conert of Europe?)

 উত্তৰঃ মৈত্ৰীসংঘৰ কাৰ্যাৱলীক আটাইতকৈ প্ৰভাৱিত কৰা ব্যক্তিজন আছিল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটাৰনিক । 


 ফ্রান্সৰ বুৰবন বংশৰ শেষ ৰজা কোন আছিল? (Who was the last king of Bourbon dynasty of France?)

উত্তৰঃ ফ্ৰান্সৰ বুৰবন বংশৰ শেষ ৰজা আছিল দশম চাৰ্লচ । 


 লুই ফিলিপি কোন ৰাজবংশৰ লোক আছিল?

(Louie Philipy belonged to which dynasty?) 

উত্তৰঃ লুই ফিলিপি অৰ্লিয়েন্স ৰাজবংশৰ লোক আছিল । 


৫। ফ্রান্স কোন চনত জুলাই বিপ্লৱ সংঘটিত হৈছিল?

 (In which year July Revolution took place?) 

উত্তৰঃ ১৮৩০ চনত ফ্ৰান্সত জুলাই বিপ্লৱ সংঘটিত হৈছিল । 


 ফ্রান্সত কোন চনত ফেব্ৰুৱাৰী বিপ্লৱ সংঘটিত হৈছিল?

 (In which year February Revolution took place in France?) 

উত্তৰঃ ১৮৪৮ চনত  ফ্ৰান্সত ফেব্ৰুৱাৰী বিপ্লৱ সংঘটিত হৈছিল । 


৭। কোন বিপ্লৱৰ পাছত ফ্রান্সত দ্বিতীয় গণতন্ত্র প্রতিষ্ঠা হৈছিল? (After which Revolution second France Republic was established?) 

উত্তৰঃ   

৮। ১৮৪৮ চনৰ বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্রাট কোন আছিল?

 (Who was the Empeor of France at the time of French Revolution of 1848?)

 উত্তৰঃ ১৮৪৮ চনৰ বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট আছিল অৰ্লিয়েন্স বংশৰ সম্ৰাট লুই ফিলিপি । 


চমু প্রশ্ন (Short question) :

  মৈত্রীসংঘৰ দুটা লক্ষ্য উল্লেখ কৰা

 (Mention two aims of the Concert of Europe?)

 উত্তৰঃমৈত্ৰীসংঘৰ দুটা লক্ষ্য হল 

ক) ফ্ৰান্সৰ লগত কৰা চুক্তিসমূহৰ সঠিক প্ৰয়োগ কৰা । 

খ) ইউৰোপৰ ৰাজনৈতিক সুস্থিৰতা বজাই ৰখা । 


 মৈত্রীসংঘৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা (Mention two causes of failure of the concert of Europe?)

 উত্তৰঃমৈত্ৰীসংঘৰ বিফলতাৰ দুটা কাৰণ হল 

ক) ইংলেণ্ডে প্ৰথমৰ পৰাই পৰৰাষ্ট্ৰত হস্তক্ষেপৰ নীতিৰ বিৰোধিতা কৰিছিল ।

খ) মৈত্ৰীসংঘৰ সদস্যসকলৰ পাৰস্পৰিক ঘৃণা আৰু সন্দেহ ইয়াৰ ব্যৰ্থতাৰ অন্যতম কাৰণ । 


৩। ১৮৩০ চনৰ বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা ৰাজনৈতিক দলৰ নাম লিখা

 (Write the name of two political parties at the time of t Revolution of 1830.)

উত্তৰঃ ১৮৩০ চনৰ বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা ৰাজনৈতিক দলৰ নাম হল 

ক) মধ্যম ৰয়েলিষ্ট ।

খ) গণতান্ত্ৰিক পাৰ্টী । 


৪। ১৮৪৮ চনৰ বিপ্লৱৰ দুজন নেতাৰ নাম লিখা

(Write the name of two leaders of the Revolution of 1848.)

 উত্তৰঃ ১৮৪৮ চনৰ বিপ্লৱৰ দুজন নেতাৰ নাম হল 

ক) লুই ফিলিপি ।

খ) লুইচ ব্লেংক । 



। ১৮৪৮ চনৰ বিপ্লৱৰ দুটা ফলাফল উল্লেখ কৰা

 (Mention two result of the Revolution of 1848.)

 উত্তৰঃ ১৮৪৮ চনৰ বিপ্লৱৰ দুটা ফলাফল হল 

ক) এই বিপ্লৱৰ ফলত ফ্ৰান্সত দ্বিতীয়বাৰৰ বাবে গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ।

খ) এই বিপ্লৱে মেটাৰনিকৰ প্ৰতিক্ৰিয়াশীল নীতিৰ অন্ত পেলায় । 


চমুটোকা (Short notes) :

 । মৈত্রীসংঘৰ কংগ্ৰেছসমূহ (Congress of the Concert of Europe)

 উত্তৰঃ  মৈত্ৰীসংঘৰ প্ৰধান কংগ্ৰেছসমূহ আছিল 

ক) এই-লা-চেপেলৰ কংগ্ৰেছ, ১৮১৮ ।

খ) ট্ৰপো কংগ্ৰেছ ১ ১৮২০ ।

গ) লাইবাক কংগ্ৰেছ ১৮২১।

ঘ) ভেৰোনা কংগ্ৰেছ, ১৮২২ 

ক) এই-লা-চেপেলৰ কংগ্ৰেছঃ  ১৮১৮ চনত এই-লা-চেপেলৰ মৈত্ৰীসংঘৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয় । এই চতুৰ্থশক্তিৰ সন্মিলনখনে লোৱা বিভিন্ন পদক্ষেপসমূহ আছিল 

১। ফ্ৰান্সে নিৰ্ধাৰিত সময়ৰ ভিতৰতে বিজিতসকলক ক্ষতিপূৰণ আদায় দিছিল । এই কাৰ্যত সন্তুষ্ট হৈ  চতুশক্তিয়ে ফ্ৰান্সকো মৈত্ৰীসংঘৰ সদস্য হিচাপে গ্ৰহণ কৰিছিল । তদুপৰি ফ্ৰান্সৰ পৰা তেওঁলোকৰ নিজ নিজ সৈন্যবাহিনীও অপসাৰিত কৰিছিল । 

২। ডেনমাৰ্ক আৰু চুইডেনৰ লগত ভিয়েনা বন্দোবস্তৰ চৰ্তসমূহ কাৰ্যকৰী কৰাত হেমাহি কৰাৰ বাবে চুইডেনৰ ৰজা বাৰ্নিডটেক পৰা তাৰ সুদুত্তৰ বিচৰা হৈছিল ।

৩। মাৰ্নাকৰ ৰজাক প্ৰশাসনৰ উন্নীতকৰণৰ বাবে কোৱা হৈছিল । 

৪। বাডাৰিয়াৰ সাম্ৰাজ্যবাদী মনোভাব নিশেষ কৰা হৈছিল ।

৫। জাৰ্মানীৰ ৰাজ্যসমূহৰ অভাৱ-অভিযোগৰ ওপৰত আলোচনা কৰা । 

৬। অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ ইহুদী নাগৰিকসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ ।

৭। মৈত্ৰীসংঘৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহত প্ৰশাসনিক , ধৰ্মীয় আৰু বিচাৰ সম্পৰ্কীয় সংস্কাৰ সাধনৰ বাবে কমিটি গঠন ইত্যাদি । 

প্ৰথম অৱস্থাত মৈত্ৰীসংঘৰ সদস্যসকলে একত্ৰিত হৈ যিকোনো কাৰ্য সম্পাদনৰ চেষ্টা চলাইছিল ।  কিন্তু ক্ৰমে ব্যক্তিগত স্বাৰ্থ আহি পৰিলেই যিকোনো ৰাষ্ট্ৰই হয় মৈত্ৰীসংঘৰ কাৰ্যৰ পৰা পিছহোঁহকা দিছিল, নহয় আৰু এই কাৰ্যত বাধা প্ৰদান কৰিছিল । ইয়াৰ ফলত মৈত্ৰীসংঘৰ কাৰ্যত বিশৃংখলতাই দেখা দিয়াৰ ই সাংগঠিক দিশত দুৰ্বল হৈ আহিছিল । উদাহৰণস্বৰূপে সমুদ্ৰ ডকাইতসকলক দমন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডে বাধা প্ৰদান কৰিছিল । কাৰণ ৰাছিয়াৰ জাহাজে ভূমধ্য সাগৰীয় অঞ্চলত  আধিপত্য বিস্তাৰ কৰিব  বুলি ইংলেণ্ডে আশংকা কৰিছিল । তদুপৰি দক্ষিণ আমেৰিকাৰ বিদ্ৰোহ হোৱা উপনিৱেশসমূহত স্পেইনক পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো ইংলেণ্ডে লোৱা ব্যৱস্থাক কনচাৰ্টৰ বাকীসকল সদস্যই বিৰোধিতা কৰিছিল । 

এনেদৰেই মৈত্ৰীসংঘৰ সদস্যসকলৰ মাজত মনোমালিন্য আৰম্ভ হৈছিল । এই মতবিৰোধসমূহত ইংলেণ্ড অকলে আছিল আৰু বাকী সদস্য ৰাষ্ট্ৰসমূহে একগোট হৈ অন্যফালে আছিল । ইংলেণ্ডে আশংকা কৰিছিল যে যে মৈত্ৰীসংঘৰ অন্যৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিলে সেই ৰাষ্ট্ৰসমূহত মৈত্ৰীসংঘৰ প্ৰভূত্ব বৃদ্ধি পাব । আনহাতে, বিশেষ পৰিস্থিতিৰ সৃষ্টি হলেহে অন্যৰাষ্ট্ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত মাত মাতিব বুলি ইংলেণ্ডে ঘোষণা কৰিছিল । বৃটিছ প্ৰতিনিধি কেচলেৰেগে ঘোষণা কৰিছিল যে মৈত্ৰীসংঘই নিজকে বিশ্ব প্ৰশাসনৰ সংগঠন হিচাপে গঢ়ি তোলা উচিত নহয় আৰু ই অন্যৰাষ্ট্ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত অধীক্ষকৰ কাম কৰিব নালাগে । ইংলেণ্ডৰ এনে ঘোষণাই জাতীয়তাবাদী ৰাষ্ট্ৰসমূহক যথেষ্ট অনুপ্ৰাণিত কৰিছিল । 

খ) ট্ৰপো কংগ্ৰেছ ঃ  মৈত্ৰীসংঘৰ দ্বিতীয়খন সভা ১৮২০ চনত ট্ৰপোত অনুষ্ঠিত হৈছিল । কিন্তু এই কংগ্ৰেছৰ ইউৰোপৰ চাৰিশক্তিৰ মাজত বিভিন্ন বিষয়ৰ আলোচনাও অধিক বৃদ্ধি পোৱা দেখা গৈছিল । নেপোলচ, স্পেইন আৰু পৰ্টুগালত হোৱা বিদ্ৰোহৰ আলোচনা কৰিবৰ বাবে এই কংগ্ৰছৰ আহ্বান কৰা হৈছিল । কংগ্ৰেছত এই দেশসমূহৰ বিভিন্ন সমস্যাসমূহৰ বিশদ আলোচনা কৰা হৈছিল । কিন্তু েই সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ লোৱাৰ বিষয়ত মৈত্ৰীসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিভেদ সৃষ্টি কৰিছিল । এইক্ষেত্ৰত প্ৰতিখন ৰাষ্ট্ৰই সমূহীয়া স্বাৰ্থৰ সলনি ব্যক্তিগত স্বাৰ্থতহে অধিক গুৰুত্ব দিয়া দেখা গৈছিল ।  মেটাৰনিকে কোনো দেশতে যাতে বিদ্ৰোহ তথা বিপ্লৱাত্মক আন্দোলন গঢ়ি উঠিব নোৱাৰে বা সম্প্ৰসাৰিত হব নোৱাৰে তাৰ বাবে কঠোৰ নীতি গ্ৰহণ কৰিছিল । এই ক্ষেত্ৰত ৰাছিয়া, প্ৰুছিয়া আৰু অষ্ট্ৰিয়াই একত্ৰিত হৈ এক নীতি গ্ৰহণ কৰিছিল । 

গ) লাইবাক কংগ্ৰেছ ঃ ট্ৰপো প্ৰটকলৰ অনিশ্চয়তাৰ পাছত ১৮২১ চনত মৈত্ৰীসংঘৰ সদস্যসকলে পুনৰ লাইবাকত মিলিত হয় । এই সন্মিলনে অষ্ট্ৰিয়াক নেপোলচৰ বিদ্ৰোহ দমনৰ অনুুমতি দিয়ে । ফলত অষ্ট্ৰিয়াই শক্তি প্ৰয়োগৰ দ্বাৰা নেপোলচৰ বিদ্ৰোহ দমন কৰি ফাৰ্ডিনাণ্ডক পুনৰ নেপোলচৰ শাসনকৰ্তা পাতে । 



। দশম চার্লচ (Charles X)

 উত্তৰঃ নেপোলিয়নৰ পতনৰ পাছত ভিয়েনা বন্দোবস্ত অনুসৰি ফ্ৰান্সৰ বুৰবন বংশৰ ৰজা অষ্টাদশ লুইক সিংহাসনত বহুওৱা হয় । এওঁৰ শাসনকালতে ফ্ৰান্সৰ ৰাজতান্ত্ৰিক লোকসকল স্বদেশলৈ ঘুৰি আহে আৰু ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ পাছত ফ্ৰান্সত পুনৰ স্বেচ্চাচাৰী শাসন আৰম্ভ হয় । অষ্টাদশ লুইুৰ পৰৱৰ্তী সম্ৰাট দশম চাৰ্লচৰ দিনত এই অত্যাচাৰৰ সীমা হেৰাই যোৱাৰ নিচিনা হয় । দশম চালৰ্চৰ বিপ্লৱৰ সম্পূৰ্ণ বিৰোধী আছিল । ফৰাচী বিপ্লৱ চলি থকা অৱস্থাত তেওঁ বিদেশলৈ পলায়ন কৰিছিল । সেই বিদেশত থকা সময়ছোৱাত তেওঁ বিদ্ৰোহী ৰাজতান্ত্ৰিক আৰু বিপ্লৱবিৰোধী শক্তিসমূহৰ  লগ-লাগি ফ্ৰান্সত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ কুচকাৱাজ চলাই আছিল । বিপ্লৱ শাম কটাৰ পাছত তেওঁ স্বদেশলৈ প্ৰত্যযবৰ্তন কৰে । সম্ৰাট হোৱাৰ পাছত তেওঁ উদাৰপন্থী লোক আৰু বিপ্লৱীসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে । তেওঁ যাজক আৰু অভিজাতসকলক পূৰ্বৰ পদবীসমূহ ঘুৰাই দিয়াৰ লগতে ফৰাচী বিপ্লৱৰ সময়ত হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণ আদায় দিয়ে । প্ৰশাসনৰ সকলো ক্ষেত্ৰতে এই উচ্চশ্ৰেণীৰ লোকসকল উঠিৰজা-বহিৰজা হৈ পৰা আৰম্ভ হয় ।

দশম চাৰ্লচৰ অত্যাচাৰী শাসনত ফ্ৰান্সৰ সাধাৰণ প্ৰজা অতীষ্ঠ হৈ উঠিছিল । সাধাৰণ লোকৰ সংখ্যা সীমিতকৰণৰ বাবে চাৰ্লচে আনকি মেম্বাৰ অব ডেপুটিজৰ নিৰ্বাচন তিনিবাৰকৈ অনুষ্ঠিত কৰিছিল । 


। লুই ফিলিপি (Louis Philipe)

 উত্তৰঃ  ১৮৪৮ চনৰ বিপ্লৱ ফ্ৰান্সৰ ইতিহাসৰ অন্য এক উল্লেখযোগ্য ঘটনা । ১৭৮৯ খ্ৰীঃৰ ফৰাচী বিপ্লৱৰ পাছৰ পৰাই ফ্ৰান্সত ইটোৰ পাছত সিটোৰ বিপ্লৱৰ জোৱাৰ উঠা যেন গৈছিল । কিন্তু এই বিপ্লৱসমূহৰ ফলাফলেও ফ্ৰান্সক ৰাজনৈতিক সুস্থিৰতা দিব পৰা নাছিল তথা আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ বিশেষ পৰিৱৰ্তন হোৱা পৰিলক্ষিত নহৈছিল । ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক সপোন নেপোলিয়নৰ উত্থানে নষ্ট কৰিছিল আৰু ভিয়েনা কংগ্ৰেছৰ সিদ্ধান্তমৰ্মে অষ্টাদশ লুইক ফ্ৰান্সৰ সিংহাসনত বহুৱাই ফ্ৰান্সত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল । কিন্তু এই ৰাজতন্ত্ৰওয়ো ফ্ৰান্সৰ সুস্থিৰতা আনিবৰ বাবে সক্ষম নহল ।  এই বুৰবন বংশৰ বিষয়ে ফ্ৰান্সক পুনৰ ১৮৩০ চনত বিপ্লৱ সংঘটিত হৈছিল আৰু এই বিপ্লৱে ফ্ৰান্সত বুৰবন ৰাজবংশৰ অন্ত পেলাই অৰ্লিয়েন্স বংশৰ শাসন আৰম্ভ হৈছিল । কিন্তু অৰ্লিয়েন্স বংশৰ সম্ৰাট লুই ফিলিপিৰ শাসনকালত ১৮৪৮ চনত পুনৰ ফ্ৰান্সত এক বিপ্লৱ সংঘটিত হৈছিল । ১৮৪৮ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা এই বিপ্লৱক ফেব্ৰুৱাৰী বিপ্লৱ নামেৰে জনা যায় । 


ৰচনাধৰ্মী প্রশ্ন (Essay type questions) :

 

। মৈত্রীসংঘৰ ওপৰত এটি আলোচনা আগবঢ়োৱা। (Give a description of the Concert of Eurpe.)

 উত্তৰঃ নেপোলিয়নৰ পতনৰ পাছত  ইউৰোপৰ পৰিস্থিতিৰ অধ্যয়নৰ বাবে ইউৰোপীয় শক্তিসমূহ মিলিত হৈ ভিয়েনা মহাসভাত কৰা আলোচনাৰ জৰিয়তে যিসমূহ নীতি নিৰ্ধাৰণ কৰিছিল, সেই নীতিসমূহৰ বাস্তৱ প্ৰয়োগৰ জৰিয়তে ইউৰোপত পূৰ্বৰ অৱস্থা বাহাল ৰাখি শান্তি প্ৰতিষ্ঠাৰ অৰ্থে ইউৰোপীয় মৈত্ৰীসংঘ বা চতুঃৰাষ্ট্ৰীয় মৈত্ৰী বা শক্তি সমবায়ৰ সৃষ্টি কৰা হৈছিল । এই ইউৰোপীয় মৈত্ৰীসংঘ হল ইউৰোপৰ প্ৰধান চাৰিশক্তি  ইংলেণ্ড, ৰাছিয়া, অষ্ট্ৰিয়া, আৰু প্ৰুছিয়াৰ মাজৰ এক পাৰস্পৰিক  চুক্তি ।  ইয়াৰ জৰিয়তে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হৈ ইউৰোপত শান্তি প্ৰতিষ্ঠাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছিল ।  ১৮১৫ চনৰ ২০ নৱেম্বৰত এই ইউৰোপীয় মৈত্ৰীসংঘৰ প্ৰতিষ্ঠা হয় । ফৰাচী বিপ্লৱৰ সময়ত এই চাৰিশক্তি মাজত স্বাক্ষৰিত হোৱা কিছুমান  গোপন চুক্তিৰ আধাৰতে এই মৈত্ৰীসংঘৰ সৃষ্টি কৰা হৈছিল । ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে ইউৰোপীয় দেশসমূহত সৃষ্টি কৰা ৰাজনৈতিক তথা অৰ্থনৈতিক অস্থিৰতাৰ অন্ত পেলাই পূৰ্বৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ দ্বাৰা স্থিতাৱস্থা বাহাল ৰাখি ইউৰোপত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্য এই মৈত্ৰীসংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল । 

মৈত্ৰীসংঘৰ লক্ষ্য 

মৈত্ৰীসংঘৰ প্ৰধান লক্ষ্য আছিল সম্ভাব্য যুদ্ধ প্ৰতিৰোধ কৰি ইউৰোপত শান্তি প্ৰতিষ্ঠা কৰা । এই সংঘৰ অন্যান্য লক্ষ্যসমূহ আছিল 

ক) ফ্ৰান্সৰ লগত কৰা চুক্তিসমূহৰ সঠিক প্ৰয়োগ কৰা ।

খ) ইউৰোপৰ ৰাজনৈতিক সুস্থিৰতা বজাই ৰখা ।গ

গ) এই চাৰিশক্তিৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধি কৰা ।

ঘ) নেপোলিয়নৰ দৰে কোনো লোকৰ যাতে উত্থান নহয় তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা ।

ঙ) গণতাতান্ত্ৰিক আৰু জাতীয়তাবাদী শক্তিসমূহক ধ্বংস কৰা ।

চ) ইউৰোপত স্বৈৰাচাৰীতন্ত্ৰক নিৰাপত্তা প্ৰদান কৰা ।

মৈত্ৰীসংঘৰ কাৰ্যাৱলী ঃ ইউৰোপৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে এই কনচাৰ্টৰ সদস্যসকলে কেইবাখনো মহাসভাত মিলিত হৈ আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেইমৰ্মে কনচাৰ্টৰ সদস্যসকলে বহুবাৰ কংগ্ৰেছত মিলিত হৈ ইউৰোপৰ প্ৰধান সমস্যাৱলীসমূহৰ ওপৰত বিতং আলোচনা চলাইছিল । ১৮২০ চনৰ পৰা ১৮২৫ চনলৈ বহুবাৰ কংগ্ৰেছৰ সভা অনুষ্ঠিত হোৱাৰ বাবে এই সময়ছোৱাক কংগ্ৰেছৰ যুগ হিচাপে জনা যায় । এই  কংগ্ৰেছসমূহত মুখ্য বা প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল অষ্ট্ৰিয়াৰ মেটাৰনিকে । গণতান্ত্ৰিক আৰু যিকোনো নমনীয় শক্তিক নিৰ্মূল কৰি স্বেচ্ছাচাৰী ৰাজতন্ত্ৰ জীয়াই ৰখাত এই কনচাৰ্টে বিশেষ গুৰুত্ব দিছিল । ইয়াৰ প্ৰধান কংগ্ৰেছসমূহ আছিল 

ক) এই লা-চেপেলৰ কংগ্ৰেছ ১৮১৮ ।

খ) ট্ৰপো কংগ্ৰেছ ১৮২০।

গ) লাইবাক কংগ্ৰেছ ১৮২১।

ঘ) ভেৰোনা কংগ্ৰেছ ১৮২২ । 

ক) এই-লা-চেপেলৰ কংগ্ৰেছ ঃ ১৮১৮ চনত এই -লা-চেপেলত মৈত্ৰীসংঘৰ প্ৰথমখন  সন্মিলন অনুষ্ঠিত হয় । এই চতুৰ্থশক্তিৰ  সন্মিলনখনে পোৱা বিভিন্ন পদক্ষেপসমূহ আছিল 

১। ফ্ৰান্সে নিৰ্ধাৰিত সময়ৰ ভিতৰতে বিজিতসকলক ক্ষতিপূৰণ আদায় কৰিছিল । এই কাৰ্যত সন্তুষ্ট হৈ চতুৰ্শক্তিয়ে ফ্ৰান্সকো মৈত্ৰীসংঘৰ সদস্য হিচাপে গ্ৰহণ কৰিছিল । তদুপৰি ফ্ৰান্সৰ পৰা তেওঁলোকৰ নিজ নিজ সৈন্যবাহিনীও অপসাৰিত কৰিছিল । 

২। ডেনমাৰ্ক আৰু চুইডেনৰ লগত ভিয়েনা বন্দোবস্তৰ চৰ্তসমূহ কাৰ্যকৰী কৰাত হেমাহি কৰাৰ বাবে চুইডেনৰ ৰজা বাৰ্নিডটেক পৰা তাৰ সুদুত্তৰ বিচৰা হৈছিল । 

৩। মাৰ্নাকৰ ৰজাক প্ৰশাসনৰ উন্নীতকৰণৰ  বাবে কোৱা হৈছিল । ৪। বাভাৰিয়াৰ সাম্ৰাজ্যবাদী মনোভাৱ নিঃশেষ কৰা হৈছিল ।

৫। জাৰ্মানীৰ ৰাজ্যসমূহৰ অভাৱ অভিযোগৰ ওপৰত আলোচনা কৰা ।

৬। অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ ইহুদী নাগৰিকসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ । 

৭। মৈত্ৰীসংঘৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহত প্ৰশাসনিক, ধৰ্মীয় আৰু বিচাৰ সম্পৰ্কীয় সংস্কাৰ সাধনৰ বাবে কমিটি গঠন কৰা ইত্যাদি । 

প্ৰথম অৱস্থাত মৈত্ৰীসংঘৰ সদস্যসকলে একত্ৰিত হৈ  যিকোনো কাৰ্য সম্পাদনৰ চেষ্টা চলাইছিল । কিন্তু ক্ৰমে ব্যক্তিগত স্বাৰ্থ আহি পৰিলেই যিকোনো ৰাষ্ট্ৰই হয় মৈত্ৰীসংঘৰ কাৰ্যৰ পৰা পিছহোঁহকা দিছিল নহয় এই কাৰ্যত বাধা প্ৰদান কৰিছিল । ইয়াৰ ফলত মৈত্ৰীসংঘৰ কাৰ্যত বিশৃংখলতাই দেখা দিয়াৰ লগতে ই সাংগঠনিক দিশত দুৰ্বল হৈ আহিছিল । উদাহৰণস্বৰূপে চোৰ-ডকাইতসকলক দমন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডে বাধা প্ৰদান কৰিছিল । কাৰণ তাৰ ফলত ৰাছিয়াৰ জাহাজে ভূমধ্য সাগৰীয় অঞ্চলত আধিপত্য বিস্তাৰ কৰিছিল । 





২। ১৮৩০ চনৰ বিপ্লৱৰ কাৰণ আৰু ফলাফলসমূহ বৰ্ণনা কৰা

 (Describe the causes and failur of the Revolution of 1830.)

 উত্তৰঃ ১৮৩০ চনৰ বিপ্লৱৰ কাৰণসমূহ হল 

১। দশম চালৰ্চৰ অত্যাচাৰ ।

২। ৰাজনৈতিক  দলসমূহৰ মাজৰ অৰিয়াঅৰি ।

৩। মধ্যমপন্থী ৰয়েলিষ্টসকলৰ নীতি ।

৪। উগ্ৰ ৰয়েলিষ্টসকলৰ প্ৰতিক্ৰিয়াশীল শাসন 

৫। তৎকালীন কাৰণ । 

১। দশম চালৰ্চৰ অত্যাচাৰ ঃ নেপোলিয়নৰ পতনৰ পাছত ভিয়েনা কংগ্ৰেছৰ বন্দোবস্ত অনুসৰি বুৰবন বংশৰ অষ্টাদশ লুইক সিংহাসনত বহুওৱা হয় । এওঁৰ শাসনকালত ফ্ৰান্সৰ ৰাজতান্ত্ৰিক লোকসকল স্বদেশলৈ ঘুৰি আহে আৰু ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ পাছত ফ্ৰান্সত পুনৰ স্বেচ্ছাচাৰী শাসন আৰম্ভ হয় । অষ্টাদশ লুইৰ পৰৱৰ্তী সম্ৰাট দশম চাৰ্লচৰ দিনত এই অত্যাচাৰৰ সীমা চেৰাই যোৱা পৰিলক্ষিত হয় । দশম চালৰ্চৰ বিপ্লৱৰ সম্পূৰ্ণ বিৰোধী আছিল । ফচাৰী বিপ্লৱ চলি থকা অৱস্থাতে তেওঁ বিদেশলৈ পলায়ন কৰিছিল । সেই বিদেশত থকা সময়ছোৱাত তেওঁ বিদ্ৰোহী ৰাজতান্ত্ৰিক আৰু বিপ্লৱবিৰোধী শক্তিসমূহৰ লগ-লাগি ফ্ৰান্সত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ কুচকাৱাজ চলাই থাকিল । বিপ্লৱ শাম কটাৰ পাছত তেওঁ স্বদেশলৈ প্তত্যাৱৰ্তন কৰে । সম্ৰাট হোৱাৰ পাছত তেওঁ উদাৰপন্থী আৰু বিপ্লৱীসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে । তেওঁ যাজক আৰু অভিজাতসকলক পূৰ্বৰ পদবীসমূহ ঘুৰাই দিয়াৰ লগতে ফৰাচী বিপ্লৱৰ সময়ত হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণ আদায় দিয়ে । প্ৰশাসনৰ সকলো ক্ষেত্ৰতে এইউচ্চশ্ৰেণীৰ লোকসকল উঠিৰজা-বহিৰজা হৈ পৰা আৰম্ভ হয় ।

দশম চালৰ্চৰ অত্যাচাৰী শাসনত ফ্ৰান্সৰ সাধাৰণ প্ৰজা অতীষ্ঠ হৈ উঠিছিল । সাধাৰণ লোকৰ সংখ্যা সীমিতকৰণৰ বাবে চালৰ্চে আনকি মেম্বাৰ অৱ ডেপুটিজৰ নিৰ্বাচন তিনিবাৰকৈ অনুষ্ঠিত কৰিছিল । 
২। ৰাজনৈতিক দলসমূহৰ মাজৰ অৰিয়া-অৰি ঃ ১৮৩০ চনৰ বিপ্লৱৰ প্ৰাকমুহুৰ্তত ফ্ৰান্সত প্ৰধানকৈ পাচটা ৰাজনৈতিক দল আছিল এউ দলসমূহ হল 
ক) উগ্ৰ ৰয়েলিষ্ট বা আলট্টা ৰয়েলিষ্ট ।
খ) মধ্যম ৰয়েলিষ্ট ।
গ) গণতান্ত্ৰিক পাৰ্টী ।
ঘ) উদাৰপন্থী ।
ঙ) বোনা পাৰ্টিষ্ট ।
এই পাাচটা দলৰ ভিতৰত মতদৰ্শৰ পাৰ্থক্য আছিল । প্ৰতিটো দলেই শাসন ক্ষমতা হস্তগত কৰাৰ চেষ্টাত ব্ৰতী       আছিল । ইয়াৰ ৰয়েলিষ্টসকলে বুৰবন বংশক সমৰ্থন কৰাৰ বিপতীতে বোনাপাৰ্টিষ্টসকলে নেপোলিয়ন বোনাপাৰ্টৰ নীতি সমৰ্থন কৰিছিল । আনহাতে, উদাৰপন্থী আৰু গণতান্ত্ৰিকসকলে ফ্ৰান্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পোষকতা কৰিছিল । 
এই পাচটা ৰাজনৈতিক দলৰ ভিতৰত আলট্ৰা ৰয়েলিষ্টসকলে সম্ৰাট অষ্টাদশ লুইক তেওঁলোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ নিছিল । তেওঁলোকৰ পৰোচনাত পৰি সেই সময়ত ফ্ৰান্সত ৰাজনৈতিক , গণতান্ত্ৰিক, আৰু বোনাপাৰ্টিষ্্টসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰা দেখা গৈছিল ।  এই সন্ত্ৰাসবাদী কাৰ্যক হোৱাইট টেৰৰ হিচাপে জনা যায় । সেইসময়ত বহুবছৰ ধৰি ৰয়েলিষ্টসকলে ফ্ৰান্সৰ চেম্বাৰ অৱ ডেপুটিষ্ট দখল কৰিছিল । কাৰণ কেৱল ধনী শ্ৰেণীয়েহে ইয়াত ভোটাধিকাৰ ক্ষমতা আছিল । ৰয়েলিষ্টসকলৰ এনে কাৰ্যই ফ্ৰান্সত পুনৰ বিপ্লৱৰ পৰিৱেশ সৃষ্টি কৰিব বুলি আশংকা কৰি অষ্টাদশ লুইয়ে এই চেম্বাৰ অব ডেপুটিজ ভংগ কৰি দিছিল ।
৩। মধ্যমপন্থী ৰয়েলিষ্টসকলৰ নীতি ঃ মধ্যমপন্থী ৰয়েলিষ্টসকলে উদাৰপন্থীসকলৰ সহায়ত চেম্বাৰ অৱ ডেপুটিজৰ প্ৰশাসন হস্তগত কৰিছিল । তেওঁলোকৰ শাসনকালত ফ্ৰান্সত পুনৰ শান্তি স্থাপন কৰিছিল । কিন্তু তেনে সময়তে ফ্ৰান্সৰ সিংহাসনৰ উত্তৰাধিকাৰী ডিউক অব বেৰীক হত্যা কৰাৰ ্ভিযোগত পুনৰ এই প্ৰশাসন ভংগ কৰা হৈছিল । এই কাৰ্যৰ বাবে জনসাধাৰণে উদাৰপন্থী আৰু মধ্যম ৰয়েলিষ্টসকলৰ বিৰোধী হৈ পৰিছিল । 
৪। আলট্টা ৰয়েলিষ্টসকলৰ প্ৰতিক্ৰিয়াশীল শাসন ঃ পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ আলট্ৰা ৰয়েলিষ্টসকলে পুনৰ ক্ষমতা হস্তগত কৰিছিল । এইদৰে তেওঁলোকৰ শাসন পূৰ্বতকৈ স্বেচ্চাচাৰী হৈ উঠিছিল । তেওঁলোকে সৈন্যবাহিনী নিয়োোগ কৰি বলপূৰ্বকভাৱে উদাৰপন্থী আৰু বিপ্লৱৰ সমৰ্থকসকলক দমন কৰিছিল । ফলত ফ্ৰান্সত পুনৰ অৰাজকতাই বিৰাজ কৰিছিল আৰু বিপ্লৱীসকলে জনসাধাৰণৰ কল্যাণৰ বাবে বিপ্লৱ আৰম্ভ কৰিবলৈ প্ৰস্তুত হৈ উঠিছিল । 

৫। তৎকালীন কাৰণ ঃ সম্ৰাট দশম চালৰ্চৰ ৰাজত্বকালত ফ্ৰান্সৰ ৰাজনৈতিক পৰিস্থিতি অত্যন্ত বেয়া হৈ পৰিছিল । ইফালে পলিগনাকৰ কাৰ্যত অসন্তুষ্ট হৈ জনসাধৰাণে তেওঁৰ অপসাৰণৰ দাবী তুলিছিল । কিন্তু ইয়াৰ পৰিৱৰ্তে সম্ৰাট দশম চালৰ্চে ১৮৩০ চনৰ ২৫ জুলাইত এখন কঠোৰ অধ্যাদেশ জাৰি কৰে । এই অধ্যাদেশৰ চাৰিটা কঠোৰ দমনমূলক নীতি আছিল 

ক) সংবাদ পত্ৰৰ স্বাধীনতা হ্ৰাস কৰা ।

খ) চেম্বাৰ অব ডেপুটিজ বা পাৰ্লিয়ামেন্ট ভাগ কৰা ।

গ) সম্পত্তিৰ ভিত্তিত ভোটাধিকাৰৰ ব্যৱস্থা কৰা, আৰু 

ঘ) নতুন ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰা । 

১৮৩০ চনৰ বিপ্লৱৰ ফলাফলসমূহ আছিল 

ক) ফৰাচী বিপ্লৱ আৰু ১৮৩০ চনৰ বিপ্লৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৰৱৰ্তী পৰ্যায়ত ইটালী আৰু জাৰ্মানীতো কিছুমান সৰু-সুৰা বিপ্লৱ সংঘটিত হৈছিল । 

খ) ফ্ৰান্সত বুৰবন বংশৰ শাসনৰ অন্ত পৰিছিল ।

গ) ফ্ৰান্সত অৰ্লিয়েন্স বংশৰ  শাসন আৰম্ভ হৈছিল ।

ঘ) লুই ফিলিপিৰ অৰ্লিয়েন্স বংশৰ শাসনৰ লগে-লগে ফ্ৰান্সৰ প্ৰশাসনত গণতান্ত্ৰিক ভাৱধাৰাৰ প্ৰৱেশ ঘটিছিল । 

ঙ) ফ্ৰান্সৰ জনসাধাৰণ অত্যাচাৰী শাসকৰ শাসনৰ পৰা মুক্ত হৈছিল ।

চ) ধৰ্মৰ ক্ষেত্ৰত সকলো লোকে সমান হিচাপে গণ্য হৈছিল । 




। ১৮৪৮ চনৰ বিপ্লৱৰ বিষয়ে এটি টোকা লিখা

 (Write a note on the Revolution of 1848.)

 উত্তৰঃ ১৮৪৮ চনৰ বিপ্লৱ ফ্ৰান্সৰ ইতিহাসৰ  এটা  অতি উল্লেখযোগ্য ঘটনা আছিল ।  ১৭৮৯ খ্ৰীঃৰ ফৰাচী বিপ্লৱৰ পাছৰ পৰাই ফ্ৰান্সত ইটোৰ পাছত সিটোকৈ বিপ্লৱৰ জোৱাৰ উঠা যেন দেখা গৈছিল । কিন্তু এই বিপ্লৱসমূহৰ ফলাফলেও ফ্ৰান্সক ৰাজনৈতিক সুস্থিৰতা স্থিৰ পৰা নাছিল বা আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ বিশেষ পৰিৱৰ্তন হোৱা পৰিলক্ষিত নহৈছিল । ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক সপোন নেপোলিয়নৰ উত্থানে পানী কৰিছিল ঈৰু ভিয়েনা কংগ্ৰেছৰ সিদ্ধান্ত অনুসৰি অষ্টাদশ লুইক ফ্ৰান্সৰ সিংহাসনত বহুৱাই ফ্ৰান্সত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল । কিন্তু এই ৰাজতন্ত্ৰইও ফ্ৰান্সত সুস্থিৰতা আনিবলৈ সক্ষম নহল । এই বুৰবন শাসনৰ বিৰুদ্ধে ফ্ৰান্সত পুনৰ ১৮৩০ চনত বিপ্লৱ সংঘটিত হৈছিল আৰু এই বিপ্লৱে ফ্ৰান্সত বুৰবন বংশৰ শাসনৰ অন্ত পেলাই অৰ্লিয়েন্স  বংশৰ সম্ৰাট লুই ফিলিপিৰ শাসনকালত  শাসন আৰম্ভ কৰিছিল । কিন্তু অৰ্লিয়েন্স বংশৰ সম্ৰাট লুই ফিলিপিৰ শাসনকালত ১৮৪৮ চনত পুনৰ ফ্ৰান্সত এক বিপ্লৱ সংঘটিত হৈছিল । ১৮৪৮ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা এই বিপ্লৱ ফেব্ৰুৱাৰী বিপ্লৱ হিচাপে জনা যায় ।  বিপ্লৱে ফ্ৰান্সত ৰাজতন্ত্ৰৰ অৱসান ঘটাই দ্বিতীয়বাৰৰ বাবে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল । ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক আদৰ্শ তথা স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আদৰ্শ এই বিপ্লৱৰ ফলত বাস্তৱত ৰূপায়িত হবলৈ সক্ষম হৈছিল ।

১৮৪৮ চনৰ বিপ্লৱৰ কাৰণ 

ফ্ৰান্সৰ ১৮৪৮ চনৰ বিপ্লৱৰ প্ৰধান কাৰণসমূহ আছিল 

১। মধ্যবিত্ত শ্ৰেণীৰ আধিপত্।

২। লুই ফিলিপিৰ পতন । 

৩। ৰাজনৈতিক দলসমূহৰ সংগঠনৰ অভাৱ ।

৪। সমাজবাদৰ বিকাশ ইত্যাদি ।

১। মধ্যবিত্ত শ্ৰেণীৰ আধিপত্য ঃ ১৮৩০ চনৰ বিপ্লৱৰ পাছত লুই ফিলিপিক ফ্ৰান্সৰ শাসনত বহুৱাই যি শাসন প্ৰণালীত প্ৰতিষ্ঠা কৰা হৈছিল , সেই শাসনত পূৰ্বৰ ৰাজতান্ত্ৰিক স্বেচ্ছাচাৰিতাৰ সলনি গণতান্ত্ৰিক মতাদৰ্শৰে পূৰ্ণ এক ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাহে পৰিলক্ষিত হৈছিল । এই শাসনত মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল । ১৮৩০ চনৰ বিপ্লৱৰ পাছত সকলো ৰাজনৈতিক দলৰ সন্মতিক্ৰমে লুই ফিলিপিক ৰাজপাটত বহুওৱা হৈছিল ।  স্বাভাৱিকতে এইজন সম্ৰাটে প্ৰতিটো ৰাজনৈতিক দলৰ স্বাৰ্থৰ প্ৰতি সচেতন হবলগীয়া হৈছিল । ইফালে ফ্ৰানসৰ ভোটাধিকাৰ ক্ষেত্ৰত কেৱল ধনী মধ্যবিত্ত শ্ৰেণীয়েহে ভোট দিয়াৰ অধিকাৰ থকাত চেম্বাৰ অব ডেপুটিজ এই মধ্যবিত্তসকলৰ দখলত আছিল । 

২। লুই ফিলিপিৰ পতন ঃ লুই ফিলিপিৰ শাসনে ফ্ৰান্সৰ জনসাধাৰণক অতীষ্ঠ কৰি তুলিছিল . অতি কম সময়ৰ ভিতৰতে এইজনা সম্ৰাট মধ্যবিত্তসকলৰ অধীন হৈ পৰিছিল । নিজৰ গাদী ৰক্ষাৰ বাবে এইজন শাসকে সকলোবোৰ ৰাজনৈতিক দলক সন্তুষ্ট কৰিবলৈ যাওতে বাস্তৱ ক্ষেত্ৰত ফ্ৰান্সত এক ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল ।  

৩। ৰাজনৈতিক দলসমূহৰ সাংগঠনৰ অভাৱ ঃ   ফৰাচী বিপ্লৱৰ পাছত ফ্ৰান্সত কেইবাটাও ৰাজনৈতিক দলৰ প্ৰভাৱ বৃদ্ধি পাইছিল । কিন্তু এই দলসমূহৰ সাংগঠনিক দিশটো বিশেষ শক্তিশালী হোৱা যেন দেখা নগৈছিল । তদুপৰি এই দলসমূহৰ মাজত কোনোধৰণৰ একতা বা মিত্ৰতাৰ ভাব নাছিল । পৰিস্থিতি সাপেক্ষে তেোঁলোক সহমতত উপস্থিত হলেও সুবিধা পালেই নিজ নিজ দলৰ কাৰ্যসিদ্ধিৰ বাবে উঠি-পৰি লাগিছিল । 

৪। সমাজবাদৰ বিকাশ ঃ শিল্প বিপ্লৱৰ পাছৰ পৰাই ইউৰোপত সমাজবাদৰ বিকাশ ঘটিছিল । এই শিল্প বিপ্লৱৰ ফলত মানুহৰ সলনি মেচিনৰ সহায়ত উৎ,পাদন কৰিবলৈ লোৱাৰ পৰা বহুতো লোক কৰ্মহীন হৈ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছিল । এই সাধাৰণ শ্ৰেণীৰ জীৱনযাত্ৰা পিৰণালীৰ উন্নয়নৰ বাবে সমাজবাদৰ বিকাশ হৈছিল ।  ফ্ৰান্সত সমাজবাদৰ নেতৃত্ব দিছিল লুইচ ব্লেংকে । ফ্ৰান্সত লুই ফিলিপিৰ শাসনকালত কেৱল উচ্চশ্ৰেণীৰ লোকসকলেহে অধিক সুবিধা পোৱা আৰু ৰাজনৈতিক দলসমূহৰ সুবিধাবাদী চৰিত্ৰৰ বাবে হোৱা প্ৰশাসনিক বিশৃংখলতা আঁতৰাই ফ্ৰান্সৰ গণতান্ত্ৰিক প্ৰশাসন প্ৰতিষ্ঠাৰ বাবে ১৮৪৮ চনৰ বিপ্লৱ সংঘটিত হৈছিল । 

Author Ali rani kakati ( Ba in History Major) 





Question Type- Jit Bora