প্ৰথম অধ্যায়

প্রশ্নাবলী

ফৰাচী বিপ্লৱ আৰু ইউৰোপীয় পৰিণতি 


অতি চমু প্রশ্ন (Very short Answer) :

 

 কোন চনত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল?

(In which year French Revolution tool place?)

উত্তৰঃ  ১৭৮৯ চনত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল । 


 ফৰাচী বিপ্লৱৰ মূল বাণী কি আছিল?

 (What was the main slogan of French Revolutuon?) 

উত্তৰঃ ফৰাচী বিপ্লৱৰ মূল বাণী আছিল স্বাধীনতা, সমতা আৰু ভাতৃত্ব । 


 ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্রাট কোন আছিল?

 (Who was the Emperor of Frence at the time of French Revolution?)

 উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট আছিল ষষ্ঠদশ লুই । 


 ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সত কোনটো ৰাজবংশৰ শাসন চলিছিল? (Which dynasty ruled in Franch at the time of French Revolution?)

উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সত বুৰবন বংশৰ শাসন চলিছিল ।



 ফ্ৰান্সৰ কোনবোৰ লোক প্রথম এষ্টেটৰ অধীনত আছিল?

(Which people of Felonged to First Estate?)

উত্তৰঃ যাজকসকল প্ৰথম এষ্টেটৰ অধীনত আছিল । 


 ফ্ৰান্সৰ অভিজাতসকল কোন শ্ৰেণীৰ অন্তৰ্গত আছিল?

 (The nobles of Franch belonged to which Estate?) 

উত্তৰঃ ফ্ৰান্সৰ অভিজাতসকল দ্বিতীয় শ্ৰেণীৰ অন্তৰ্গত আছিল । 


৭। কোনসকল লোকক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল?

 (The Third Estate of France was formed by which people?

 উত্তৰঃ কৃষক, শ্ৰমজীৱী লোক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল । 


 টার্গো কোন আছিল

(Who was Targot?)

উত্তৰঃ ষষ্ঠদশ লুইৰ এজন সুদক্ষ মন্ত্ৰী । 


৯। নেকাৰ কোন আছিল?

(Who was Necker?)

উত্তৰঃ ষষ্ঠদশ লুইৰ এজন সুদক্ষ মন্ত্ৰী আছিল । 


১০ “ফ্ৰান্সৰ এজন ৰাজনৈতিক দার্শনিকৰ নাম লিখা

 (Write the name of one political philosopher of France.) 

উত্তৰঃফ্ৰান্সৰ এজন ৰাজনৈতিক দাৰ্শনিকৰ নাম হল মন্টেস্কু । 


 “পাৰ্চী চিঠি লিখক কোন আছিল?

 (Who was the author of the "Persian Letters"?)

 উত্তৰঃ পাৰ্চী চিঠিৰ লিখক আছিল ফৰাচী দাৰ্শনিক তথা বুদ্ধিজীৱী মন্টেস্কু । 


১২ “ব্যৱস্থা নীতিৰ তত্ত্ব লিখক কোন আছিল?

 (Who was the author of "The Spirit of the Laws"?) 

উত্তৰঃ ব্যৱস্থা নীতিৰ তত্ত্বৰ লিখক আছিল ফৰাচী দাৰ্শনিক মন্টেস্কু । 


 “ক্ষমতা আৰু বিভাজনৰ নীতি কোনে আগবঢ়াইছিল ?

 (Who properd "The theory of Separation of Powers"?) 

উত্তৰঃ  ক্ষমতা বিভাজনৰ নীতি আগবঢ়াইছিল মন্টেস্কুৱে । 


 কোনে “মানৱ স্বত্ব ঘোষণা কৰিছিল? (Who declared the "Declaration of Rights of Man"?)

 উত্তৰঃ দাৰ্শনিক ৰুছোৱে মানৱ স্বত্ব ঘোষণা কৰিছিল । 


             ১৫প্রত্যেক মানুহেই জন্মত স্বাধীন কিন্তু প্রত্যেকেই দাসত্বৰ শিকলিত আবদ্ধকথাষাৰ কোনে কৈছিল? ("Man is born free but everywhere he is in chain"- Who said this?)

 উত্তৰঃ  প্ৰত্যেক মানুহেই জন্মত স্বাধীন কিন্তু প্ৰত্যেকেই দাসত্বৰ শিকলিত আবদ্ধ কথাষাৰ দাৰ্শনিকবিদ ৰুছোৱে কৈছিল । 

১৬। কোনে জাতীয় প্ৰতিনিধি সভাৰ আহ্বান কৰিছিল । ( Who called States General ?) 

উত্তৰঃ   নেপোলিয়ন বোনাপাৰ্টে জাতীয় প্ৰতিনিধি সভাৰ আহ্বান কৰিছিল ।


১৭। বেষ্টিল দুৰ্গটো কোন ৰাজবংশৰ অত্যাচাৰৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল । ( Bastille Fort was considered as the Symbol of Autocratic rule of Which Dynasty ?) 

উত্তৰঃ বেষ্টিল দুৰ্গটো বুৰবন বংশৰ অত্যাচাৰৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিৱ । 

১৮। কোনটো দিন ফ্ৰান্সৰ জাতীয় দিৱস হিচাপে গণ্য কৰা হয় ? ( Which day Was observed As the national Day of France ?) 

উত্তৰঃ  ১৪ জুলাই ফ্ৰান্সৰ জাতীয় দিৱস হিচাপে গণ্য কৰা হয় ।

১৯। গিল'টিন কি ?( What is Guilotine?) 

উত্তৰঃ গিল'চিন হল এবিধ শিৰচ্ছেদ কৰা শাল । 

২০। ডাইৰেক্টৰীৰ সদস্যৰ সংখ্যা কিমানজন আছিল ? ( How Many numbers were Flure in the Directory ?) 

উত্তৰঃ  ডাইৰেক্টৰীৰ সদস্যৰ সংখ্যা ৫ জন আছিল ।

২১। মই বিপ্লৱৰ সন্তান'' --- কথাষাৰ কোনে কৈছিল ?( "' I am the son of the Revolution''-- Who Said this ?)

উত্তৰঃ মই বিপ্লৱৰ সন্তান কথাষাৰ নেপোলিয় বোনাপাৰ্টে কৈছিল । 

২২। ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিৰাপত্তা ব্যৱস্থা-- কথাষাৰ কোনে কৈছিল ? ( ''Religion is a useful political instrument , a Social cement and a safety valve'', Who said this? ) 

উত্তৰঃ ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিপাপত্তা ব্যৱস্থা কথাষাৰ নেপোলিয়ে কৈছিল । 

২৩। ধৰ্মচুক্তি বা কনকৰ্দা কি ?( What is Concordat ?) 

উত্তৰঃ ধৰ্মচুক্তি বা কনকৰ্দা হল ১৮০২ খ্ৰীঃত পোপ আৰু নেপোলিয়ন বোনাপাৰ্টে স্বাক্ষৰ কৰা এখন চুক্তিপত্ৰ । 

২৪। কোন চনত কেম্পফৰ্মিও চুক্তি স্বাক্ষৰিত হৈছিল । (  in Which year the treaty of compoformio Was Signed ?) 

উত্তৰঃ ১৭৯৭ খ্ৰীঃত কেম্পফৰ্মিও চুক্তি স্বাক্ষৰিত হৈছিল । 

২৫। চিজাল পাইন প্ৰজাতন্ত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ।

( Who Established Cisalpine Republic ?) 

উত্তৰঃ  নেপোলিয়নে চিজাল পাইন প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল । 

২৬ । নীল নদীৰ পাৰত হোৱা যুদ্ধত ইংলেণ্ডৰ নৌ-সেনাপতি কোন আছিল > ( Who was the Naval Adviral of England in the Battle of Nile ) 

উত্তৰঃ নীল নদীৰ পাৰত হোৱা যুদ্ধত ইংলেণ্ডৰ নৌ-সেনাপতি আছিল নেলচন । 

২৭। নেপোলিয়নৰ জীৱনৰ শেষৰবাৰৰ বাবে জয়লাভ কৰা যুদ্ধখনৰ নাম কি । ( Which war was the last battle of Nepoleon in Which in Which be got victorious ?) 

উত্তৰঃ নেপোলিয়নৰ জীৱনৰ শেষবাৰৰ বাবে জয়লাভ কৰা যুদ্ধখনৰ নাম হল ড্ৰোডেনৰ যুদ্ধ 

২৮। কোনখন চুক্তি অনুসৰি নেপোলিয়নক এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল ?

( By which treaty Nepoleon Was exiled to Elba?) 

উত্তৰঃ ফন্টেইনব্ল চুক্তি অনুসৰি নেপোলিয়ন এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল । 

২৯। নেপোলিয়নৰ জীৱনৰ শেষ যুদ্ধখনৰ নাম কি ?

( What was the last battle of nepoleon 's life ?) 

উত্তৰঃ নেপোলিয়নৰ জীৱনৰ শেষ যুদ্ধখনৰ নাম হল ৱাৰ্টাৰলু যুদ্ধ । 

৩০। নেপোলিয়নৰ কোন ঠাইত মৃত্যু হৈছিল ?

( In Which place Nepoleon was died ?) 

উত্তৰঃ আটলান্টিক মহাসাগৰৰ নিৰ্জন দ্বীপ চেন্ট হেলেনা নামৰ ঠাইত নেপোলিয়নৰ মৃত্যু হৈছিল । 

চমু প্ৰশ্নঃ Short Answer) 

১। ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা ৰাজনৈতিক ভাগৰ নাম লিখা ।

( Write the name two political divisions of Frence at the time of French Revolution .) 

উত্তৰঃ 

২। ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা সামাজিক শ্ৰেণীবিভাগৰ নাম উল্লেখ কৰা ।

( Mention the name of two social division of France at the time of Frence Revolution.) 

উত্তৰঃ  ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা সামাজিক শ্ৰেণীবিভাগৰ নাম হল 

ক) যাজকসকল ।

খ) মধ্যবিত্তসকল । 


৩। ষষ্ঠদশ লুইৰ দুজন মন্ত্ৰীৰ নাম লিখা   ।

( Write the name of two Minister of Louis XVI.) 

উত্তৰঃ  ষষ্ঠদশ লুইৰ দুজন মন্ত্ৰীৰ নাম হল 

ক) টাৰ্গো ।

খ) নেকাৰ । 

৪। ফ্ৰান্সৰ বুৰবন বংশৰ দুজন সম্ৰাটৰ নাম লিখা । ( Write the name two Emperors of Bourbon dynasty of France.) 

উত্তৰঃ ফ্ৰান্সৰ বুৰবন বংশৰ দুজন সম্ৰাটৰ নাম হল 

ক) চতুদৰ্শ লুই ।

খ) পঞ্চদশ লুই । 

৫। ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট আৰু ৰাণী কোন আছিল ?

( Who were the Emperor and Queen of Frence at the time of Frence Revolution?)

উত্তৰঃ  ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট আৰু ৰাণী আছিল ক্ৰমে ষষ্ঠদশ লুই আৰু ৰাণী মেৰী এন্টনিয়েট ।     

৬। ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ ৰাজভৰাল উদং হোৱাৰ দুটা কাৰণ উল্লেখ কৰা । 

( Mention two causes for the empty treasury of Frence a the time of Frence Revolution.)

উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ ৰাজভৰাল উদং হোৱাৰ দুটা কাৰণ হল 

ক) ষষ্ঠদশ লুইৰ তিৰোতাসেৰুৱা স্বভাৱ ।

খ) ৰাণী মেৰী এন্টনিয়েটৰ অত্যাধিক আয়-ব্যয় আৰু বিলাসিতাপূৰ্ণ জীৱন । 

৭।ফ্ৰান্সৰ দুজন দাৰ্শনিকৰ নাম লিখা ।

(   Write the name of two philosophers of Frence.) 

উত্তৰঃফ্ৰান্সৰ দুজন দাৰ্শনিকৰ নাম হল 

ক) ভল্টেয়াৰ ।

খ) মন্টেস্কু ।     

৮। ফৰাচী বিপ্লৱত প্ৰভাৱ পেলোৱা দুখন কিতাপৰ নাম লিখা ।

( Write the name of two book that influenced Frence Revolution ) 

উত্তৰঃ ফৰাচী বিপ্লৱত প্ৰভাৱ পেলোৱা দুখন কিতাপৰ নাম হল 

ক) ৱেলথ অব দা নেচনচ ।

খ) প্ৰিন্সিপলচ অৱ লেজিচলেচন । 

৯। ফৰাচী বিপ্লৱত প্ৰভাৱ পেলোৱা দুজন বিদেশী চিন্তাবিদৰ নাম উল্লেখ কৰা ।

( Write    the name of two foregion thinkers who influenced French Revolution.)

উত্তৰঃ  ফৰাচী বিপ্লৱত প্ৰভাৱ পেলোৱা দুজন বিদেশী চিন্তাবিদৰ নাম হল 

ক) আডাম স্মিথ ।

খ) বেনথাম । 

১০। কোনে আৰু কি কাৰণত পিলজি ঘোষণা কৰিছিল ?

( Who and for which reason declared pillniz declaration?)

উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট ষষ্ঠদশ সুইক মৃত্যুদণ্ড দিয়াৰ পাছত ফ্ৰান্সত আভ্যন্তৰীণ বিশৃংখলতাই দেখা দিয়ে । তথাপিও ৰাজতন্ত্ৰ প্ৰচলিত হৈ থকা বিদেশী ৰাষ্ট্ৰসমূহেও ফ্ৰান্ত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে সংগঠিত হয় ।  অষ্ট্ৰিয়াৰ সম্ৰাট লিও পুঙে প্ৰুছিয়াৰ সম্ৰাট দ্বিতীয় ফ্ৰেডাৰিক উইলিয়ামৰ লগ লগাগি পিলজি ঘোষণা কৰিছিল । 

১১। মন্টেস্কুৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা ।

(Write the name of two Books Written by Montesque.)

উত্তৰঃ মন্টেস্কুৰ ৰচিত দুখন গ্ৰন্থৰ নাম হল 

ক) মন্টেস্কুৰ ৰচিত দুখন গ্ৰন্থৰ নাম হল 

ক) পাৰ্চী চিঠি ।

খ) ব্যৱস্থা নীতিৰ তত্ত্ব । 

১২। ৰুছোৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ।

(Write the name of two Famous books of Rousseau ?)

ত্তৰঃ ৰুছোৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হল 

ক) অৰিজিন অব ইনকুৱেলিটি অব মেন ।

খ) সামাজিক চুক্তি । 

১৩। কোন চনৰ কিমান তাৰিখে বাষ্টিলৰ পতন হৈছিল ?

( In which date and year, Fall of Bastille occured ?)

উত্তৰঃ ১৭৮৯ চনৰ ১৪ জুলাই তাৰিখে বাষ্টিলৰ পতন হৈছিল । 

১৪। ৰুছোৰ ব্যক্তি আৰু সামৰিক ঘোষণাৰ দুটা স্বত্ব উল্লেখ কৰা ।

( Mention two right of Rousseau's declaration of Rights of Man and of the citizen'') 

উত্তৰঃ ৰুছোৰ ব্যক্তি আৰু সামৰিক ঘোষণাৰ দুটা স্বত্ব হল 

ক) স্বাধীনতাৰ স্বত্ব ।

খ) সম্পত্তিৰ স্বত্ব ।

 ১৫। ফ্ৰান্সৰ দুজন জেকবিন নেতাৰ নাম উল্লেখ কৰা ।

( Mention the name of two jacobin leaders of France . )

উত্তৰঃ ফ্ৰান্সৰ দুজন জেকবিন নেতাৰ নাম হল 

ক) ডেন্টেন । 

খ) মেৰেট । 

১৬। কোন চনৰ পৰা কোন চনলৈ ফ্ৰান্সত ডাইৰেক্টৰীৰ শাসন চলিছিল ?

( From Which year to Which year France was under directory ?)

উত্তৰঃ ১৭৯৫চনৰ পৰা ১৭৯৯ চনলৈ ফ্ৰান্সত ডাইৰেক্টৰীৰ শাসন চলিছিল ।

১৭।  কোন চনত আৰু কত নেপোলিয়নৰ জন্ম হৈছিল ?

( In which place and in Which year napoleon was born ?>) 

উত্তৰঃ ১৭৬৯ চনৰ ১৫ আগষ্টত কাৰ্চিকা দ্বীপৰ আজেচিও নগৰত নেপোলিয়নৰ জন্ম হৈছিল । 

১৮। নেপোলিয়নৰ প্ৰশাসনিক সংস্কাৰৰ দুটা উদাহৰণ দিয়া ।

( Give two examples of napoleons sdministrative reform.) 

উত্তৰঃ নেপোলিয়নৰ প্ৰশাসনিক সংস্কাৰৰ দুটা উদাহৰণ হল 

ক) কেন্দ্ৰীভূত শাসনব্যৱস্থা ।

খ) সমতা । 

১৯। ধৰ্মচুক্তিৰ দুটা চৰ্ত  উল্লেখ কৰা ।

( Mention two terms of concordat.)

উত্তৰঃ ধৰ্মচুক্তিৰ দুটা চৰ্ত হল 

ক) কেথলিক ধৰ্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মৰূপে স্বীকৃতি হয় ।

খ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধৰ্মোত্তৰ মাটি-সম্পত্তিসমূহ ঘুৰাই দিয়া নহব । 


২০. কেম্পফৰ্মিও চুক্তিৰ দুটা স্বৰ্ত্ব উল্লেখ কৰা ।

( Mention two terms of the treaty of campformio .)

উত্তৰঃ কেম্পফৰ্মিও চুক্তিৰ দুটা স্বৰ্ত্ব হল 

ক) এই যুদ্ধই প্ৰথম ইউৰোপীয় মিত্ৰশক্তিক ধ্বংস কৰে ।

খ) ফ্ৰান্স অধিকৃত অঞ্চলসমূহত নেপোলিয়নে নতুনকৈ গৱৰ্ণৰ নিযুক্তি দি সেই অঞ্চলসমূহৰ শাসনৰ দায়িত্ব দিয়ে । 

২১। লুনেভাইল চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?

( Between Whom the treaty of lunevile was Signed ?

উত্তৰঃ অষ্ট্ৰিয়া আৰু ফ্ৰান্সৰ মাজত লুনেভাইল চুক্তি স্বাক্ষৰিত হৈছিল । 

২২। কন্টিনেন্টেল চিষ্টেমৰ দুটা আসোঁৱাহ উল্লেখ কৰা । 

( Mention two drawback of constuental system .)

উত্তৰঃ 

২৩। কন্টিনেন্টেল চিষ্টেমৰ বিফলতাৰ দুটা কাৰণ লিখা ।

( Write the Causes of Failure of contiuntal System.) 

উত্তৰঃ 

২৪। নেপোলিয়নৰ পতনৰ দুটা কাৰণ উল্লেখ কৰা ।

( Mention two causes for napoleon downfall .)

উত্তৰঃ   নেপোলিয়নৰ পতনৰ দুটা কাৰণ হল 

ক) স্পেনিছ যুদ্ধত পৰাজয় ।

খ) মস্কো অভিযানৰ আচনি । 

২৫। ভিয়েনা কংগ্ৰেছৰ দুটা উদ্দেশ্য লিখা ।

( Write aims of Vienna Congress.) 

উত্তৰঃ ভিয়েনা কংগ্ৰেছৰ দুটা উদ্দেশ্য হল 

ক) ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।

খ) ফৰাচী বিপ্লৱৰ বৈপ্লৱিক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা । 

২৬। ভিয়েনা কংগ্ৰেছত অংশগ্ৰহণ কৰা ইংলেণ্ডৰ দুজন প্ৰতিনিধিৰ নাম উল্লেখ কৰা ।

( Mention the name of two English representative who joined Vienna Congress.)

উত্তৰঃ ভিয়েনা কংগ্ৰেছত অংশগ্ৰহণ কৰা ইংলেণ্ডৰ দুজন প্ৰতিনিধিৰ নাম হল 

ক) লৰ্ড কেষ্টলৰীগ ।

খ) ৱেলিংটনৰ ডিউক । 

চমুটোকা ( Short notes) 

১। ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ ৰাজনৈতিক অৱস্থা ।

( political condition of Frence of the time of French Revolution )

উত্তৰঃ  ফ্ৰান্সৰ শাসনব্যৱস্থা দৈৱ অধিকাৰ নীতিৰ ওৰত প্ৰতিষ্ঠিত আছিল । তেওঁলোকে ৰজাক ইশ্বৰপ্ৰেৰিত দূত হিচাপে বিশ্বাস কৰাৰ লগতে ৰজাৰ ইশ্বৰপ্ৰদত্ত ক্ষমতাক মানি লৈছিল । সেই শাসন ব্যৱস্থাত ৰজা আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী । আনহাতে, শাসনৰ কোনো নিৰ্ধাৰিত নীতি আছিল । ৰজাই নিজ ইচ্ছামতে শাসনব্যৱস্থা পৰিচালিত কৰিছিল । ফ্ৰান্সৰ বুৰবন বংশৰ ৰজাসকল প্ৰথম অৱস্থাত সুদক্ষ শাসক আছিল । কিন্তু চতুদৰ্শ লুইৰ পাছৰ ফ্ৰান্সৰ বুৰবন বংশৰ সম্ৰাটসকল ক্ৰমে দুৰ্বল আৰু অকামিলা হৈ আহিবলৈ আৰম্ভ কৰে । এই শাসকসকলৰ অকৰ্মণ্যতা আৰু দুৰ্বলতাৰ সুযোগ লৈ ফ্ৰান্সৰ আমোলাতান্ত্ৰিক শাসনব্যৱস্থা দুৰ্নীতিগ্ৰস্ত হৈ পৰে । বহুবছৰ ধৰি ফ্ৰান্সত শাসনৰ নামত শোষণ আৰু অত্যাচাৰ চলি থকা দেখা যায় । ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে পুৰণি শাসন প্ৰণালীত ফ্ৰান্সৰ লোকসকল ৰাজনৈতিকভাৱে দুটা ভাগত ভাগ হৈ পৰা পৰিলক্ষিত হয় 

ক) সুবিধা পোৱা লোকসকল ।

খ) সুবিধাৰ পৰা বঞ্চিত লোকসকল ।

সুবিধা পোৱা লোকসকলৰ ভিতৰত আছিল ৰজা, যাজকশ্ৰেণী আৰু অভিজাতসকল । আহাতে, সুবিধাৰ পৰা বঞ্চিতসকলআছিল কৃষক, শ্ৰমিক আৰু মধ্যবিত্ত লোকসকল ।  ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ লোকেৰে গঠিত সুবিধা পোৱা বা সুবিধাভোগী যাজক আৰু অভিজাতসকলদেশৰ সকলোবোৰ উচ্চ পদবী লাভ কৰিছিল । তেওঁলোকৰ সম্পত্তি আছিল অজস্ৰ । কম কষ্টত অধিক সুবিধা লাভ কৰা এই লোকসকলে অত্যন্ত বিলাসী আৰু আড়ম্বৰপূৰ্ণ জীৱন-যাপন কৰিছিল । ইয়াৰ বিপৰীতে সুবিধাৰ পৰা বঞ্চিত লোকসকলে অতি কষ্টৰ জীৱন-যাপন কৰিবলগীয়াত পৰিছিল । 

২। ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ সামাজিক বৈষম্য 

( Social differences of France of the time of French Revolution.) 

উত্তৰঃ প্ৰাচীন শাসন প্ৰণালীত ফ্ৰান্সৰ সমাজখন তিনিটা সম্প্ৰদায়েৰে গঠিত হোৱা পৰিলক্ষিত হৈছিল বা দেখা গৈছিল । ইয়াৰ প্ৰতিটো সম্প্ৰদায়ক একোটা এষ্টেট বুলি কোৱা হৈছিল । ইয়াৰ প্ৰথম এষ্টেটত আছিল যাজকসকল, দ্বিতীয় এষ্টেটত আছিল অভিজাতসকল মধ্যবিত্ত লোকসকল, কৃষক, শ্ৰমজীৱী লোক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল । ইয়াৰে প্ৰথম দুটা এষ্টেট আছিল সুবিধাভোগী শ্ৰেণী আৰু তৃতীয় সম্প্ৰদায়টো আছিল অধিকাৰবিহীন শ্ৰেণী । ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ মাত্ৰ লোক প্ৰথম আৰু দ্বিতীয় এষ্টেটৰ লোক আছিল এই যাজক আৰু অভিজাতসকলে সমাজৰ সকলো সুবিধা লাভ কৰিছিল । দেশৰ সকলো উচ্চপদবী তেওঁলোকে লাভ কৰিছিল । এই দুই সম্প্ৰদায়ৰ লোকসকল আছিল দেশৰ অজস্ত্ৰ সম্পত্তিৰ গৰাকী । তদুপৰি যাজকসকলৰ ধৰ্মীয় আধিপত্যৰ বাবে সমাজত উচ্চ স্থান আৰু সকলো ক্ষেত্ৰতে উচ্চ অগ্ৰাধিকাৰ লাভ কৰিছিল । ইয়াৰ বিপৰীতে শতকৰা নিৰানব্বৈ ভাগ জনসংখ্যাৰে গঠিত তৃতীয় এষ্টেটৰ লোকসকল সকলো সুবিধাৰ পৰা বঞ্চিত হৈছিল ।তেওঁলোকে বহুক্ষেত্ৰত শিক্ষা-দীক্ষাত আগবঢ়া আছিল যদিও সমাজত তেওঁলোকৰ কোনোধৰণৰ স্থান বা সন্মান নাছিল । ফলত ফ্ৰান্সৰ সমাজৰ এই সুবিধাভোগী আৰু সুবিধাৰ পৰা বঞ্চিতসকলৰ মাজত ঘৃণাৰ ভাব সৃষ্টি হৈছিল । ফ্ৰান্সত সময়ৰ অগ্ৰগতিৰ লগে-লগে অধিকাৰৰ পৰা বঞ্চিত লোকসকলে নিজৰ অধিকাৰৰ দাবী তুলি বিপ্লৱৰ আৰম্ভণি কৰিছিল । ফ্ৰান্সৰ নিম্ন শ্ৰেণীৰ লোকসকলে সম-অধিকাৰৰ দাবীত বিপ্লৱৰ প্ৰতি সহাৰি জনাইছিল । এই লোকসকলে সামন্তবাদীয় আদৰ্শত চলা ফ্ৰান্সৰ এই সমাজ ব্যৱস্থাৰ সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছিল । সেয়েহে তেওঁলোকৰ মূল বাণী আছিল স্বাধীনতা, সমতা আৰু ভাতৃত্ব । ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত থকা এনে সামাজিক বৈষম্যৰ ফলত ফ্ৰান্সৰ সমাজখনত সম্পূৰ্ণৰূপে ঘুণে ধৰিছিল আৰু ই ফ্ৰান্সত বিপ্লৱ হোৱাত অৰিহণা যোগাইছিল ।   

৩। মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱ ( Emergency of Middle class.) 

উত্তৰঃ মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱে ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে এক বিসংগতিপূৰ্ণ আৰু স্বৈৰাচ্চাৰী শাসনৰ পৰিৱৰ্তনৰ জোৱাৰ অনাত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছিল । খ্ৰীঃ অষ্টাদশ শতিকাৰ পৰা ফ্ৰান্সৰ শিল্প বাণিজ্যৰ উন্নতি হোৱাৰ ফলত এই মধ্যবিত্ত শ্ৰেণীটোৰ আৰ্বিভাৱ হৈছিল । এই শ্ৰেণীটো আছিল শিক্ষিত শ্ৰেণী । ফৰাচী বিপ্লৱৰ প্ৰাকক্ষণত এই শ্ৰেণীটোৰ সংখ্যা, সম্পদ আদি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল । কিন্তু এই শ্ৰেণীৰ লোকসকলৰ কোনোধৰণৰ সামাজিক মৰ্যাদা নাছিল । বৌদ্ধিক দিশত আগবঢ়া এই লোকসকলে ফ্ৰান্সৰ ৰাষ্ট্ৰব্যৱস্থা, সমাজব্যৱস্থা, আৰু অৰ্থনৈতিক দিশৰ বাস্তৱ বিশ্লেষণ কৰি চাইছিল । ৰাজ্যৰ দুৰ্বল অৰ্থনীতি, অধিক কৰৰ বোজা, ৰাজভৰালৰ অৰ্থ অপচয় আদিৰ বাবে তেওঁলোকে সজাগ হৈ উঠিছিল । এই মধ্যবিত্ত শ্ৰেণীটোৱে ফ্ৰান্সৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ বিচাৰিছিল । ফ্ৰান্সৰ সমাজত থকা সামাজিক বৈষম্য আতৰাই এই শিক্ষিত শ্ৰেণীটোৱে এক সু-শৃংখল সমাজ ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছিল । কিন্তু ফ্ৰান্সৰ ৰাষ্ট্ৰব্যৱস্থাৰ দুৰ্নীতি, সুবিধাবাদী, চতুৰ উচ্চশ্ৰেণীৰ লোকসকলে এই মধ্যবিত্ত শ্ৰেণীৰ বিপক্ষে থিয় দিছিল । 

৪। বাষ্টিলৰ পতন ( Fall of Bastile) 

উত্তৰঃ ষষ্ঠদশ লুইৱে ষ্টেটচ জেনেৰেল আহ্বান কৰাৰ পাছৰ পৰাই বিভিন্ন লোকৰ পেৰিচত সমাগম হৈছিল । এনেদৰে হোৱা বিভিন্নজনৰ উপস্থিতিয়ে পেৰিচৰ উপস্থিতি উত্তপ্ত কৰি ৰাখিছিল । সম্ৰাটৰ কাৰ্যাৱলীয়ে ইতিমধ্যে সৰ্বসাধাৰণ লোকসকলক বিদ্ৰোহী কৰি তুলিছিল ।পেৰিচ আৰু ভাৰ্চাইৰ চাৰিওকাষে সৈন্যবাহিনী মোতায়েন কৰাৰ ফলত ৰজাৰ কাৰ্যাৱলীৰ ওপৰত জনতাৰ সন্দেহ ঘণীভূত হবলৈ আৰম্ভ কৰে । সম্ৰাটে সৈন্যবাহিনীৰ হতুৱাই সংবিধান সভাখন কৰি দিব বুলি আৰু জাতীয় সভাৰ সদস্যসকলক বন্দী কৰিব বুলি সকলোৰে মনত সন্দেহৰ উদ্ৰেক হয় । ইফালে জনসাধাৰণৰ আশ্ৰয়ৰ স্থান আছিল সম্ৰাটৰ ভতিজাক ডিউক অৱ অৰ্লেন্সৰ বাসগৃহ । অৰ্লেন্সে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বিপ্লৱীসকলক সমৰ্থন জনাইছিল । এনে পৰিস্থিতি চলি থাকোতেই বিখ্যাত বিপ্লৱী নেতা ডেচমুলিনচে ৰয়েল পেলেছলৈ গৈ সকলো লোককে অস্ত্ৰ-শস্ত্ৰ গোটাবলৈ আহ্বান জনায় । পেৰিচ চহৰত থকা কিছুমান ৰাজকীয় সৈনিকেও সৰ্বসাধাৰণৰ পক্ষ অৱলম্বন কৰে । পেৰিচৰ জাতীয় সভাই সৈন্য অপসাৰণৰ বাবে সম্ৰাটক অনুৰোধ জনাইছিল যদিও সম্ৰাটে এই অনুৰোধ প্ৰত্যাখ্যান কৰে । তদুপৰি আনৰ প্ৰৰোচনাত পৰি সম্ৰাটে মন্ত্ৰী নেকাৰকো বৰ্খাস্ত কৰে । সম্ৰাটৰ এনে কাৰ্যত অতীষ্ঠ হৈ ফ্ৰান্সৰ জনতাই সম্ৰাটৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লবলৈ বাধ্য হয় । তেওঁলোকে ১৭৮৯ চনৰ ১৪ জুলাইৰ দিনা ৰজাৰ স্বেচ্চাচাৰিতাৰ প্ৰতীক তথা ৰাজনৈতিক বন্দী ৰখা বেষ্টিল দুৰ্গ আক্ৰমণ কৰি ধ্বংস কৰে আৰু তাৰ সকলো বন্দীক মুক্ত কৰি দিয়ে ।

৫। ভাৰ্চাই সমদল ( Versailles march ) 

উত্তৰ ঃ সাধাৰণ সভাৰ আহ্বান কৰাৰ পাছৰে পৰা ফৰাচী বিপ্লৱীসকলে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছিল , সেই পদক্ষেপসমূহে ফ্ৰান্সৰ অৰ্থনীতিৰ কোনোধৰণৰ পৰিৱৰ্তন আনিব পৰা নাছিল । এই সভাই কৰা সংস্কাৰসমূহে সৰ্বসাধাৰণ ৰাইজৰ খাদ্যৰ অভাৱ আৰু অসন্তুষ্টি দূৰ পৰিব পৰা নাছিল । পেৰিচৰ জনসাধাৰণে সম্ৰাটক ভাৰ্চাইৰ সলনি পেৰিচত থকাটো বিচাৰিছিল । কাৰণ ওচৰত থাকিলে সম্ৰাটত সহজে অভাৱ-অভিযোগ জনাই থাকিব পৰা যায় । ইতিমধ্যে ফ্ৰান্সৰ অৰ্থনৈতিক অৱস্থা ইমানেই বেয়া পৰ্যায় পাইছিলগৈ যে সাধাৰণ প্ৰজাই এখন ৰুটিৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল । খাদ্যৰ অভাৱ সকলো ঠাইতে প্ৰকট হৈ উঠিছিল । অৱশেষত এনে পৰিস্থিতিৃত অতীষ্ঠ হৈ ১৭৮৯ চনৰ ৫ অক্টোবৰ তাৰিখে ফ্ৰান্সৰ ক্ষুৰ্ধাত নাৰীয়ে হাতত লাখুটি লৈ ভাৰ্চাই অভিমুখে যাত্ৰা কৰিছিল । তেওঁলোকৰ দাবী আছিল এখন ৰুটি । তেওঁলোকে ভাৰ্চাইৰ ৰাজপ্ৰাসাদ ঘেৰাও কৰে । তেওঁলোকে ৰজা-ৰাণীক ৰাজপ্ৰাসাদৰ পৰা ওলাই আহি সমদলত যোগ দিবলৈ বাধ্য কৰায় । সইদিনাই পেৰিচৰ সাধাৰণ শ্ৰেণীৰ তিৰোতাবোৰে ভাৰ্চাইৰ পৰা ৰজা ষষ্ঠদশ লুই আৰু ৰাণী মেৰী এন্টনিয়েটক সমদল কৰি পেৰিচলৈ লৈ আহে । ইয়াৰ লগে-লগে ভাৰ্চাইত থকা সংবিধান সভাত পেৰিচলৈ উঠি আহে । ষষ্ঠদশ লুই আৰু ৰাণী মেৰী এন্টনিয়েটক পেৰিচৰ টুইলাৰি প্ৰাসাদত নজৰবন্দী কৰি ৰখা হয় । 

৬। সাংবিধানিক সভা ( Constitueul Assembly of France ) 

উত্তৰঃ ১৭৮৯ চনত ফ্ৰান্সত  জাতীয় সভাৰ কাৰ্যাৱলী আৰম্ভ হোৱাৰ পাছত এই সভাই সাংবিধানিক সভা নাম লয় । এই জাতীয় সাংবিধানিক সভাই ১৭৮৯ চনৰ অক্টোূৰৰ পৰা ১৭৯১ চনৰ ছেপ্তেম্বৰলৈ বহুতো গুৰুত্বপূৰ্ণ কাম কৰিছিল । ইয়াৰ প্ৰধান কাৰ্যাবলীসমূহ আছিল 

১। শ্ৰেণীবৈষম্য দূৰীকৰণ ঃ সুবিধাভোগী শ্ৰেণীটোৱে বহুবছৰ ধৰি ভোগ কৰি থকা সুবিধাসমূহ উঠাই দি ফ্ৰান্সত থকা শ্ৰেণীজাত বৈষম্য দূৰ কৰা হৈছিল । 

২। ফ্ৰান্সত ব্যক্তি আৰু নাগৰিক অধিকাৰ ঘোষণা ঃ ৰুছোৰ দৰ্শনৰ আধাৰত ব্যক্তিৰ চৰ্ত আৰু স্বাধীনতা ঘোষণা কৰা হয় । এই ঘোষণা অনুসৰি ব্যক্তিৰ চৰ্তবোৰ হল 

ক) স্বাধীনতাৰ স্বত্ব ।

খ) সম্পত্তিৰ স্বত্ব ।

গ) নিৰাপত্তাৰ স্বত্ব ।

ঘ) নিস্পেষণ বাধা দিয়াৰ স্বত্ব ।

৩। এক নতুন আৰু সমৰূপ শাসন প্ৰতিষ্ঠা কৰা হয় । সমগ্ৰ দেশখনক তিৰাশীখন প্ৰদেশত ভাগ কৰি প্ৰদেশসমূহক পুনৰ জিলাত ভাগ কৰা হয় । 

৪। বাষ্টিল দুৰ্গ দখলৰ দিনটো বা ১৪ জুলাই জাতীয় দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয় । 

৫। অৰ্থনৈতিক সংস্কাৰ ঃ অৰ্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰা হয় । খ্ৰীষ্টান ধৰ্মৰ বিশাল ভূ-সম্পত্তিসমূহ বাজেয়াপ্ত কৰি সেইবোৰ আমানত হিচাপে ৰাখি কাগজৰ মুদ্ৰা তৈয়াৰ কৰা হয় । 

৬। খ্ৰীষ্টান ধৰ্মযাজকসকলক ৰাষ্ট্ৰৰ অধীন কৰা হয় আৰু তেওঁলোকৰ নিয়মীয়া দৰমহাৰ ব্যৱস্থা কৰা হয় । ১৭৯০ খ্ৰীঃত যাজকসকলৰ অসামৰিক সংবিধান প্ৰস্তুত কৰি ধৰ্মযাজকসকলক এই সংবিধানৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰিবলৈ  নিৰ্দেশ দিয়া হয় । এই সংবিধান গ্ৰহণ কৰা যাজকসকলক সমত যাজক আৰু গ্ৰহণ নকৰাসকলক বিমত যাজক বোলা হয় । সমত যাজকসকলেহে দৰমহা পাইছিল । আনহাতে এই যাজকসকলক পোপে অস্বীকাৰ কৰিছিল । 

৭। সন্ত্ৰাসৰ ৰাজত্ব ( Reign of Teror ) 

উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট ষষ্ঠদশ লুইৰ মৃত্যুদণ্ড দিয়াৰ পাছত ফ্ৰান্সত আভ্যন্তৰীণ বিশৃংখলতাই দেখা দিয়ে । তদুপৰি ৰাজতন্ত্ৰ  প্ৰচলিত থকা বিদেশী ৰাষ্ট্ৰসমূহেও ফ্ৰান্সত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে সংগঠিত হয় । অষ্ট্ৰিয়াৰ সম্ৰাট লিও পগুে প্ৰুছিয়াৰ সম্ৰাট দ্বিতীয় ফ্ৰেডাৰিক উইলিয়ামৰ লগ লাগি পিলনিষ্ট নগৰত ঘোষণা কৰিছিল যে ফ্ৰান্সৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা আৰু শান্তি স্থাপন ইউৰোপৰ সকলো ৰজাৰ উদ্দেশ্য ।  বিদেশী ৰাষ্ট্ৰসমূহৰ এই পিলনিষ্ট ঘোষণাই দেশপ্ৰেমিক ফৰাচীসকলৰ মনত দেশপ্ৰেমৰ ভাব অধিক জাগ্ৰত কৰি তোলে । ফ্ৰান্সৰ স্বাধীনতা তথা প্ৰজাতন্ত্ৰ বিপদাপন্ন হোৱাৰ এনে পৰিস্থিতিত ফ্ৰান্সৰ বিপ্লৱীসকলে তথা জেকবিনসকলে ক্ষমতা অধিগ্ৰহণ কৰি সন্ত্ৰাসৰ যোগেদি জনসাধাৰণক ঐক্যবদ্ধ কৰি বিদেশী আক্ৰমণ প্ৰতিৰোধ কৰিব বিচাৰিছিল । ফ্ৰান্সত নতুনকৈ পতা নিৰ্বাচন মতে যিখন নতুন সংসদ গঠিত হল এই সংসদ জাতীয় অভিৱৰ্তন হিচাপে পৰিচিত । ফ্ৰান্সৰ আভ্যন্তৰীণ বিশৃংখলতাৰ নিয়ন্ত্ৰণ আৰু বহিঃ আক্ৰমণৰ পৰা প্ৰতিৰক্ষা পাবৰ বাবে জাতীয় অভিৱৰ্তনে জন নিৰাপত্তা সমিতিৰ হাতত কাৰ্যপালিকাৰ সম্পূৰ্ণ ক্ষমতা অপ্পণ কৰিছিল । 

৮। নেপোলিয়নৰ আভ্যন্তৰীণ সংস্কাৰসমূহ ( Internal Reforms of Napoleon) 

উত্তৰঃ নেপোলিয়নৰ আভ্যন্তৰীণ সংস্কাৰসমূহ হল 

১। প্ৰশাসনিক সংস্কাৰ ঃ প্ৰশাসনিক ক্ষেত্ৰত নেপোলিয়নে কিছু নতুনত্ব আনিব বিচাৰিছিল । তেওঁৰ সংস্কাৰৰ প্ৰধান লক্ষ্য আছিল দেশৰ শান্তি-শৃংখলাৰ প্ৰতিষ্ঠাৰ দ্বাৰা সৰ্বাংগীন উন্নয়ন তথা নিজকে দেশৰ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰা নেপোলিয়ন বোনাপাৰ্টে প্ৰশাসনিক দিশত কৰা সংস্কাৰসমূহ আছিল 

ক) কেন্দ্ৰীভূত শাসনব্যৱস্থা ঃ নেপোলিয়নে ফ্ৰান্সত কেন্দ্ৰীভূত শাসন প্ৰতিষ্ঠা কৰিছিল । স্থানীয় প্ৰশাসন আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতিৰ তেওঁ বিৰোধী আছিল । মেয়ৰ, চাব-মেয়ৰ, চাব-প্ৰিফেক্ট, আদি সকলো স্থানীয় প্ৰশাসনৰ তেওঁ নিজেই নিযুক্তি পাইছিল । নেপোলিয়নৰ মতে সবল কেন্দ্ৰীভূত শাসনেহে ফ্ৰান্সৰ স্থিৰতা আনিব পাৰিব । অৱশ্যে নেপোলিয়নৰ এই নীতি ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক নীতিৰ সম্পূৰ্ণ বিৰোধী আছিল ।

খ) সমতা ঃ নেপোলিয়নে ফৰাচী বিপ্লৱৰ এক মূল নীতি সমতাৰ নীতিক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছিল । তেওঁৰ মূল আদৰ্শ আছিল আইনৰ ওচৰত সকলো সমান, সকলোৱে সমান সুবিধা ভোগ কৰিব লাগে । তেওঁ সামাজিক শ্ৰেণী, ধৰ্ম, বংশ আদিৰ বৈষম্য একেবাৰে মানি লোৱা নাছিল । তেওঁৰ প্ৰধান নীতি আছিল জন্মলাভ বা বংশগত উচ্চ-নীচৰ সলনি যোগ্যতাক সন্মান প্ৰদৰ্শন কৰা । বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত তেওঁ সামাজিক উচ্চ-নীচ বিচাৰ নকৰি সম্পূৰ্ণ প্ৰতিভা আৰু মেধাৰ ভিত্তিত নিযুক্তি দিছিল । 

গ) আইনৰ সংস্কাৰ ঃ নেপোলিয়নে  আইনৰ সংস্কাৰ সাধন কৰি আইনৰ চকুত সকলোকে সমানে হিচাপে প্ৰতিষ্ঠা কৰিছিল । তেওঁ বহুদিনৰ পৰা অত তত সিচৰিত হৈ থকা আইনসমূহ একগোট কৰি লিপিবদ্ধ কৰিছিল । এই আইন নেপোলিয়ন সংবিধি হিচাপে জনাজাত । তেওঁ বিচাৰ ব্যৱস্থা স্বচ্ছ আৰু বাস্তৱমুখী কৰিবৰ উদ্দেশ্যে বিশেষজ্ঞৰ হতুৱাই দেৱানী আৰু ফৌজদাৰী আইনসমূহৰ পৰীক্ষা কৰাইছিল ।

২। শিক্ষাৰ সংস্কাৰ ঃ নেপোলিয়নে এক জাতীয় শিক্ষানীতি গ্ৰহণ কৰিছিল । তেওঁ শিক্ষাৰ দায়িত্ব পূৰ্বৰ গীৰ্জাৰ হাতৰ পৰা চৰকাৰৰ হাতলৈ আনিছিল । তেওঁৰ মতে শিক্ষাৰ মূল লক্ষ্য হোৱা উনৈতিক আদৰ্শ আৰু কঠোৰ শৃংখলা । শিক্ষা বিস্তাৰৰ উদ্দেশ্যে তেওঁ বহুতো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰিছিল ।

৩। ধৰ্মীয় সংস্কাৰ ঃ নেপোলিয়নে ফ্ৰান্সৰ ধৰ্মীয় ক্ষেত্ৰতো সংস্কাৰ সাধন কৰিছিল । তেওঁৰ মতে ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিৰাপদ ব্যৱস্থা তেওঁ ধৰ্মক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল । ১৮০২ খ্ৰীঃত তেওঁ পোপ সপ্তম পিউৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তিক ধৰ্মচুক্তি বা কনকৰ্দা হিচাপে জনা যায় । এই চুক্তিৰ প্ৰধান চৰ্তসমূহ আছিল 

ক) কেথলিক ধৰ্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মৰূপে স্বীকৃতি হয় ।

খ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধৰ্মোত্তৰ মাটি-সম্পত্তিসমূহ ঘুৰাই দিয়া নহব ।

গ) গীৰ্জাই ধৰ্মৰ নামত কৰ লগাব নোৱাৰিব । 

ঘ) ধৰ্মযাজকসকলে ৰাষ্ট্ৰৰ পৰা দৰমহা পাব ।

ঙ) শিক্ষাক ধৰ্মীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা হয় ইত্যাদি । 


৪। অৰ্থনৈতিক সংস্কাৰ ঃ নেপোলিয়নৰ অৰ্থনৈতিক সংস্কাৰসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল 

ক) ব্যৱসায় আৰু শিল্পীসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে বেংক প্ৰতিষ্ঠা ।

খ) মুদ্ৰানীতিৰ সংস্কাৰ ।

গ) ৰাজহ নিৰ্ধাৰণ আৰু সংগ্ৰহৰ ক্ষেত্ৰত সংস্কাৰ ইত্যাদি ।

৯। নেপোলিয়নৰ ইটালী অভিযান ( italian Expedition of Napoleon) 

উত্তৰঃ নেপোলিয়নে এক বিশাল সৈন্যবাহিনী লৈ ইটালী অভিযান আৰম্ভ কৰে । অতি সোনকালেই নেপোলিয়নৰ সৈন্যবাহিনী চাৰ্ডিনিয়াৰ টুৰিনত উপস্থিত হয় । ইয়াৰ পাছত নেপোলিয়নে অষ্ট্ৰিয়া, চাৰ্ডিনিয়া আৰু বৃটেইনৰ সৈন্যবাহিনীক ওফৰাই পেলাই চেভয় আৰু নাইচ হস্তগত কৰে । ইয়াৰ পাছত ক্ৰমে অষ্ট্ৰিয়াৰ সৈন্যবাহিনীৰ প্ৰচণ্ড বাধা নেওচি মিলান, লেম্বাৰডিআৰু মন্টুৱা দখল কৰে । নেপোলিয়নে বাটোন, আৰকোলা আৰু ৰিভলিত অষ্ট্ৰিয়াৰ সৈন্যবাহিনীক পৰাস্ত কৰাৰ পাছত অতি সহজে ভেনিচ দখল কৰে । অষ্ট্ৰিয়াৰ উপায়ান্তৰ হৈ নেপোলিয়নৰ লগত কেম্পফৰ্মিও চুক্তিত স্বাক্ষৰিত কৰিবলৈ বাধ্য হয় । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নেপোলিয়নে অষ্ট্ৰিয়ান নেডাৰলেণ্ড আৰু আয়নিয়ান দ্বীপসমূহ ফ্ৰান্সৰ ভিতৰুৱা কৰে । 

নেপোলিয়নে পোপৰ ৰাজ্যতো আক্ৰমণ আৰম্ভ কৰে । এই আক্ৰমণত ভয় খাই নেপোলিয়নৰ লগত সন্ধি কৰে । পোপৰ অধীনৰ সৰু সৰু ৰাজ্যবোৰ লগ-লগাই নেপোলিয়নে চিজাল পাইন প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰে । এই সাফল্যৰ পাছত নেপোলিয়নে ভিয়েনা অভিমুখে অগ্ৰসৰ হোৱাত অষ্ট্ৰিয়াৰ সম্ৰাট দ্বিতীয় ফ্ৰেন্সিচে ভয় খাই নেপোলিয়নৰ লগত কেম্পফৰ্মিও চুক্তিখন স্বাক্ষৰিত কৰিছিল । এই চুক্তিৰ চৰ্তমতে নেপোলিয়নে লাভ কৰা সুবিধাবোৰ হল 

ক) এই চুক্তিৰ দ্বাৰা ফ্ৰান্সৰ সীমা ৰাইন  আৰু এলপলৈ বিস্তাৰিত হয় ।

খ) অষ্ট্ৰিয়ান, নেদাৰলেণ্ড, চেভয় আৰু নাইন ফ্ৰান্সৰ অধীন হয় ।

গ) আয়নিয়ান দ্বীপসমূহ ফ্ৰান্সে লাভ কৰাৰ ফলত ইজিপ্ত আৰু আফ্ৰিকালৈ ফ্ৰান্সৰ দুৱাৰ মুকলি হয় । 

ঘ) এই যুদ্ধই প্ৰথম ইউৰোপীয় মিত্ৰশক্তিক ধ্বংস কৰে ।

৫। ফ্ৰান্স অধিকৃত অঞ্চলসমূহত নেপোলিয়নে নতুনকৈ গৱৰ্ণৰ নিযুক্তি দি সেই অঞ্চলসমূহৰ শাসনৰ দায়িত্ব দিয়ে । 

১০। মহাদেশীয় নিৱদ্ধ ( Contiuental System) 

উত্তৰ ঃ  নেপোলিয়ন বোনাপাৰ্ট আছিল এজন বিশ্ববিখ্যাত বীৰ । আলেকজেণ্ডাৰ, জুলিয়াচ চিজাৰ আদিৰ দৰে নেপোলিয়নেও বিশ্ববিজয় কৰাৰ সপোন দেখিছিল । নেপোলিয়নৰ তীক্ষ্ন বুদ্ধি, সমৰ কৌশল, আৰু সময়োপযোগী বাস্তৱ সিদ্ধান্তই তেওঁক বিশ্বৰ অন্যতম বীৰ-যোদ্ধাসকলৰ শাৰীত স্থান পাবলৈ সক্ষম কৰি তুলিছিল । ফৰাচী বিপ্লৱৰ সময়তে ফ্ৰান্সত নেপোলিয়নৰ উত্থান ঘটিছিল । তেওঁৰ সমগ্ৰ জীৱন-যুজ-বাগৰৰ মাজেদিয়েই অতিক্ৰম কৰিছিল । ১৬ বছৰ বয়সতে ফৰাচী সামৰিক বাহিনীৰ ছেকেণ্ড লেফটেনেন্ট পদত যোগদান কৰা নেপোলিয়নে ফৰাচী বিপ্লৱৰ সময়ত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । এই বিপ্লৱৰ সময়তে ১৭৯৩ চনত তুলন বন্দৰৰ পৰা ইংৰাজ সৈন্যবাহিনীক খেদি পঠাই তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ বীৰত্বৰ পৰিচয় দিছিল । ১৭৯৪ চনত তেওঁ পেৰিচৰ উন্মত্ত জনতাক দমন কৰিবলৈ সক্ষম হৈছিল । নেপোলিয়নৰ এনেবোৰ সফল কাৰ্যৰ বাবে তেওঁ উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ হৈছিল । ২২ বছৰ বয়সত নেপোলিয়ন বোনাপাৰ্ট ডাইৰেক্টৰ কাৰণেই ইটালিয়ান সেনাধ্যক্ষৰ পতাৰ পাছৰ পৰাই তেওঁৰ বিজয় অভিযান আৰম্ভ কৰে। তেতিয়াৰ পৰা ১৮১৫ চনৰ ১৮ জুনত ৱাৰ্টাৰলু  যুদ্ধত হাৰি চেইন্ট হেলেনা দ্বীপত নিৰ্বাসন পোৱালৈকে নেপোলিয়নৰ জীৱনটো আছিল যুদ্ধ-বিগ্ৰহেৰে ভৰা । 

১১। ভিয়েনা কংগ্ৰেছ ( ণদলুীােে দি গাললো) 

উত্তৰঃ ভিয়েনা কংগ্ৰেছ বা ভিয়েনা মহাসভাক বিশ্বৰ প্ৰথমখন আন্তৰ্জাতিক সন্মিলন হিচাপে আখ্যা দিব পৰা যায় । নেপোলিয়নৰ পতনৰ পাছত ইউৰোপীয় দেশসমূহে  বিভিন্ন সমস্যা সমাধানৰ বাবে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত মিলিত হৈছিল । এই ভিয়েনা কংগ্ৰেছ বা মহাসভাৰ মূল উদ্দেশ্য আছিল 

ক) ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।

খ) ফৰাচী বিপ্লৱৰ বৈপ্লৱিক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা । 

গ) ফৰাচী বিপ্লৱৰ সময়ত প্ৰতিষ্ঠিত গণতন্ত্ৰক সম্পূৰ্ণৰূপে নিৰ্মূল কৰি তাৰ ঠাইত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা ।

ঘ) ইউৰোপৰ পুনৰ নিৰ্মাণ কৰি নেপোলিয়নে জয় কৰা ৰাজ্যসমূহ নিজৰ মাজত ভগাই লৈ পূৰ্বৰ স্থিতি বাহাল ৰখা ইত্যাদি ।

নেপোলিয়নৰ দ্বিগিজয়সমূহে ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহৰ প্ৰতি বিভীষিকাৰ সৃষ্টি কৰিছিল । এই শক্তিসমূহে বাবে বাৰে একগোট হৈও নেপোলিয়নক পৰাভূত কৰিবলৈ অসমৰ্থ হৈছিল । কিন্তু লিপজিগৰ যুদ্ধই তেওঁলোকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে । এই যুদ্ধৰ পাছৰ পৰা পুনৰ তেওঁলোকে একগোট হৈ নেপোলিয়নৰ পতনৰ বাবে গোপনে চেষ্টা আৰম্ভ কৰে । নেপোলিয়নৰ ১৮১৪ চনৰ ১৩ এপ্ৰিলত ইউৰোপীয় চতুৰ্থ মিত্ৰ শক্তিৰ হাতত হোৱা পৰাজয়ৰ পাছত ফন্টেইনব্লুৰ সন্ধিমতে তেওঁক এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হয় । এই চুক্তি অনুসৰি বুৰবন বংশৰ অষ্টাদশ লুইক ফ্ৰান্সৰ সম্ৰাট হিচাপে ঘোষণা কৰা হয় ।  এই সন্ধিৰ স্বৰত অনুসৰি ভিয়েনা কংগ্ৰেছৰ আলোচনা আৰম্ভ হৈছিল । নেপোলিয়নৰ পতনত মুখ্য বা প্ৰধান ভূমিকা লৈছিল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটাৰনিকে । 

১২। নেপোলিয়নৰ পতন  ( Fall of Napoleon ) 

উত্তৰঃ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বীৰসকলৰ ভিতৰত অন্যতম আছিল নেপোলিয়ন বোনাপাৰ্ট । তেওঁ আছিল এজন সুদক্ষ যোদ্ধা , সু-শাসক, সু-সংস্কাৰক, তথা চতুৰ ৰাজনীতিবিদ । নিজৰ ব্যক্তিত্ব, দক্ষতা আৰু যোগ্যতাৰ বলত তেওঁ অতি কম সময়ৰ ভিতৰতে ফ্ৰান্সৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈছিল । নেপোলিয়নৰ প্ৰধান লক্ষ্য আছিল ফ্ৰান্সক ইউৰোপৰ ভিতৰতে আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰত পৰিণত কৰা আৰু ফৰাচী জাতিক এক শক্তিশালী জাতি হিচাপে গঢ়ি তোলা । কম সময়ৰ ভিতৰতে তেওঁ নিজৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হৈছিল । ইংলেণ্ডৰ বাহিৰে প্ৰায় সকলোবোৰ ইউৰোপীয় ৰাষ্ট্ৰই নেপোলিয়নৰ স্বাধীনতা মানি লবলৈ বাধ্য হৈছিল । কিন্তু অত্যাধিক উচ্চাকাংক্ষা, ক্ষমতালিপ্সা, স্বজনপ্ৰীতি আৰু বিভিন্ন নীতিৰ প্ৰয়োগৰ ফলত উত্থানৰ দৰেই সমানেই তেওঁৰ পতনো আৰম্ভ হৈছিল । মহাদেশীয় নিবন্ধ নীতিৰ ফলত  ইউৰোপৰ প্ৰায়বোৰ দেশ নেপোলিয়নৰ শত্ৰু হৈ পৰিছিল । স্পেনিচ যুদ্ধত পৰাজয়ে তেওঁৰ এই পতন অধিক দ্ৰুততৰ কৰি তুলিছিল । তদুপৰি মস্কো অভিযান আছিল  নেপোলিয়নৰ আটাইতকৈ এটা ডাঙৰ ভূল সিদ্ধান্ত ।  ৰাছিয়াৰ ভৌগোলিক অৱস্থিতিৰ ভালদৰে অধ্যয়ন নকৰাকৈ ফৰাচী বাহিনী ৰাছিয়াৰ মাজভাগলৈ সোমাই গৈ চৰম পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছিল । ফৰাচী সৈন্যবাহিনী বা আন বিজয়ী দেশসমূহৰ সৈন্য মকৰল কৰাৰ ফলতো বহুতৰ মতে ফৰাচী সৈন্যবাহিনীৰ শক্তি হ্ৰাস পাইছিল । 

ৰচনাধৰ্মী প্ৰশ্ন( Essay type Questions) 

১। ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীৰ সংকটসমূহ আলোচনা কৰা ।

( Discuss the Crisis of the Ancient regime  of France ) 

উত্তৰঃ  ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীৰ সংকটসমূহ হল 

ক) ৰাজনৈতিক অৱস্থা ঃ ফ্ৰান্সৰ শাসনব্যৱস্থা দৈৱ অধিকাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল । তেওঁলোকে ৰজাক ইশ্বৰপ্ৰেৰিত দূত হিচাপে বিশ্বাস কৰাৰ লগতে ৰজাৰ ইশ্বৰপ্ৰদত্ত ক্ষমতাক মানি লৈছিল । সেই শাসন ব্যৱস্থাত ৰজা আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী । আনহাতে, শাসনৰ কোনো নিৰ্ধাৰিত নীতি নাছিল । ৰজাই নিজ ইচ্ছামতে শাসনব্যৱস্থা পৰিচালিত কৰিছিল । ফ্ৰান্সৰ বুৰবন বংশৰ ৰজাসকল প্ৰথম অৱস্থাত সুদক্ষ শাসক আছিল । কিন্তু চতুদৰ্শ লুইৰ পাছৰ ফ্ৰান্সৰ বুৰবন বংশৰ ৰজাসকল ক্ৰমে দুৰ্বল আৰু অকামিলা হৈ আহিবলৈ আৰম্ভ কৰে ।  এই শাসকসকলৰ অকৰ্মণ্যতা আৰু দুৰ্বলতাৰ সুবিধা লৈ ফ্ৰান্সৰ আমোলাতান্ত্ৰিক শাসনব্যৱস্থা দুৰ্নীতিগ্ৰস্ত হৈ পৰে । বহুবছৰ ধৰি ফ্ৰান্সত শাসনৰ নামত শোষণ আৰু অত্যাচাৰ চলি থকা পৰিলক্ষিত হয় । ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে পুৰণি শাসন প্ৰণালীত ফ্ৰান্সৰ লোকসকল ৰাজনৈতিকভাৱে দুটা ভাগত ভাগ হৈ পৰা যেন পৰিলক্ষিত হয় ।

ক) সুবিধা পোৱা লোকসকল ।

খ) সুবিধাৰ পৰা বঞ্চিতসকল 

খ) অত্যাচাৰী শাসন ঃ ফৰাচী বিপ্লৱৰ প্ৰাক-মুহুৰ্তত ফৰাচী শাসকসকল অত্যন্ত অত্যাচাৰী হৈ উঠিছিল । ফ্ৰান্সৰ বুৰবন বংশৰ সম্ৰাট চতুদৰ্শ লুইৰ মৃত্যুৰ পাছৰ পৰা ফৰাচী ৰাজতন্ত্ৰৰ অৱনতি ঘটিছিল । পঞ্চদশ লুইৰ ৰাজত্বকাল বিভিন্ন দুৰ্নীতি আৰু সামৰিক অ-কৃতকাৰ্যতাৰে ভৰি পৰিছিল । তদুপৰি নিজৰ দুৰ্বলতা আৰু অক্ষমতাক ঢাকিবৰ বাবে চতুদৰ্শ লুইৰ পাছৰ ফৰাচী সম্ৰাটসকলে নিজৰ ইশ্বৰ প্ৰেৰিত দূত মতবাদৰ সুবিধা ল নিজ ইচ্ছামতে শাসন তৈয়াৰ কৰি অত্যাচাৰী হৈ উঠিছিল । ফৰাচী সম্ৰাটসকলৰ এনে দুৰ্বলতা আৰু অকৰ্মণ্যতাৰ সুবিধা লৈ যাজক আৰু অভিজাত শ্ৰেণীও অত্যাচাৰী তথা সুবিধাবাদী হৈ পৰিছিল । সম্ৰাট পঞ্চদশ লুই আৰু ষষ্ঠদশ লুইয়ে আমোলাতন্ত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণ অসমৰ্থ হোৱা দেখা গৈছিল । ফলত এই দুয়োজন সম্ৰাট প্ৰজাৰ অপ্ৰিয়ভাজন হৈ পৰিছিল । সম্ৰাট ষষ্ঠদশ লুই তেওঁৰ পত্নী মেৰী এন্টনিয়েটৰ প্ৰতি অত্যন্ত আনুগত্য আছিল আৰু ৰাণীয়েও সম্ৰাটৰ  প্ৰতি বিশ্বাসভাজন হৈ ৰাজশক্তিৰ অপব্যৱহাৰ কৰিছিল ।

গ) সামাজিক বৈষম্য ঃ প্ৰাচীন শাসন প্ৰণালীত ফ্ৰান্সৰ সমাজখন তিনিটা সম্প্ৰদায়েৰে গঠিত হোৱা পৰিলক্ষিত হয় । ইয়াৰ প্ৰতিটো সম্প্ৰদায়ক একোটা এষ্টেট বুলি কোৱা হৈছিল । ইয়াৰ প্ৰথম এষ্টেটত আছিল যাজকসকল, দ্বিতীয় এষ্টেটত আছিল অভিজাতসকল। মধ্যবিত্ত লোকসকল, কৃষক, শ্ৰমজীৱী লোক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল । ইয়াৰে প্ৰথম দুটা এষ্টেট আছিল সুবিধাভোগী শ্ৰেণী আৰু তৃতীয় সম্প্ৰদায়টো আছিল অধিকাৰবিহীন শ্ৰেণী । ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ মাত্ৰ লোক প্ৰথম আৰু দ্বিতীয় এষ্টেটৰ লোক আছিল , এই যাজক আৰু অভিজাতসকলে সমাজৰ সকলো সুবিধা লাভ কৰিছিল । দেশৰ সকলোবোৰ উচ্চপদবী তেওঁলোকে লাভ কৰিছিল । েই দুই সম্প্ৰদায়ৰ লোকসকল আছিল দেশৰ অজস্ৰ সম্পত্তিৰ গৰাকী । তদুপৰি যাজকসকল ধৰ্মীয় আধিপত্যৰ বাবে সমাজত উচ্চ স্থান আৰু সকলো ক্ষেত্ৰতে উচ্চ অগ্ৰাধিকাৰ লাভ কৰিছিল । ইয়াৰ শতকৰা নিৰানব্বৈ ভাগ জনসংখ্যাৰে গঠিত তৃতীয় এষ্টেটৰ লোকসকল সকলো সুবিধাৰ পৰা বঞ্চিত হৈছিল । 

ঘ) প্ৰশাসনীয় খেলিমেলি ঃ ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত প্ৰশাসনৰ সকলো ক্ষেত্ৰতে ডূড়ান্ত খেলিমেলি হোৱা দেখা গৈছিল । ধৰ্মই শাসনৰ সকলো ক্ষেত্ৰত বিশেষ নিয়ন্ত্ৰণ কৰা দেখা গৈছিল । তদুপৰি আইন, বিচাৰ, শিক্ষা, সামৰিক আদি বিভাগসমূহৰ যথেষ্ট বি-শৃংখলতা আছিল । এই বিভাগসমূহৰ মাজত কোনো ধৰণৰ সমন্বয় নাছিল আৰু শাসকৰ দুৰ্বলতাৰ সুবিধা লৈ প্ৰতিটো বিভাগে নিজৰ ইচ্ছামতে নীতি-নিৰ্ধাৰণ কৰা আৰম্ভ কৰিছিল । আনহাতে একোটা বিভাগৰে নীতিসমূহ বেলেগ-বেলেগ ঠাইত ভিন্ন ধৰণৰ হোৱা দেখা গৈছিল । কৰ-কাটল আৰু শুল্ক ব্যৱস্থাৰ কোনো নিৰ্ধাৰিত নীতি আছিল । কোষ ব্যৱস্থা আৰু মুদ্ৰা ব্যৱস্থা যথেষ্ট বিসংগতিপূৰ্ণ হৈ পৰিছিল । ফলত প্ৰশাসনিক ক্ষেত্ৰত সমগ্ৰ ফ্ৰান্সত এক অৰাজকতা আৰু বিশৃংখলতাই বিৰাজমান কৰিছিল । 

ঙ) সম্ৰাটৰ দুৰ্বলতা ঃ চতুদৰ্শ লুইৰ পাছৰ ফ্ৰান্সৰ বুৰবন বংশৰ সম্ৰাটসকল অতিশয় দুৰ্বল আৰু অকামিলা আছিল । তেওঁলোকে ৰাজকাৰ্যৰ ফালে পিঠি দি এক আৰামদায়ক আৰু বিলাসী জীৱন যাপন কৰা দেখা গৈছিল । তদুপৰি তেওঁলোক আছিল সম্পূৰ্ণৰূপে উচ্চশ্ৰেণীৰ নিয়ন্ত্ৰণাধীন । ফৰাচী বিপ্লৱ সংঘটিত হোৱাৰ সময়ত ফ্ৰান্সত শাসন কৰি থকা বুৰবন বংশৰ সম্ৰাট ষষ্ঠদশ লুই আছিল অত্যন্ত অকৰ্মণ্য আৰু দুৰ্বল । তদুপৰি তেওঁৰ প্ৰশাসনিক কাৰ্যত সকলো ক্ষেত্ৰতে ৰাণী মেৰী এন্টনিয়েয়ে হস্তক্ষেপ কৰা দেখা গৈছিল । ষষ্ঠদশ লুইৰ এনে তিৰোতাসেৰুৱা স্বভাৱৰ বাবে তেওঁৰ জীৱনলৈ চৰম বিপৰ্যয় নামি আহিছিল । সম্ৰাট ষষ্ঠদশ লুইৰ দুজন সুদক্ষ মন্ত্ৰী আছিল টাৰ্গো আৰু নেকাৰ । কিন্তু ফ্ৰান্সৰ হিত চিন্তা কৰিবলৈ গৈ এই সুদক্ষ ব্যক্তি দুজন ৰাজকোষত পৰি প্ৰশাসনৰ পৰা খেদা খাব লগা অৱস্থা হৈছিল । মন্ত্ৰী টাৰ্গোৱে ফ্ৰান্সৰ অৰ্থনৈতিক অৱস্থা বিশ্লেষণ কৰি বাস্তৱ কাৰ্যপন্থা হিচাপে এক নতুন কৰ ব্যৱস্থা তৈয়াৰ কৰিছিল । 

চ) দুৰ্বল অৰ্থনীতি ঃ ফ্ৰান্সৰ পুৰণি শাসন ব্যৱস্থাত অৰ্থনৈতিক দিশত বিভিন্ন বিসংগতি দেখা পোৱা গৈছিল । সমাজৰ যাজক আৰু অভিযাত শ্ৰেণীয়ে সকলো সুবিধা লাভ কৰিছিল । যাজকসকল আছিল সম্পূৰ্ণ কৰমুক্ত । আনহাতে, অভিজাতসকলে নামমাত্ৰহে কৰ দিব লাগিছিল । দেশৰ প্ৰায়বোৰ সম্পদ এই শ্ৰেণীটোৰ নিয়ন্ত্ৰণত আছিল । এই উচ্চশ্ৰেণীৰ লোকসকল আছিল অজস্ৰ সম্পত্তিৰ গৰাকী । অথচ তেওঁলোকে কোনো গঠনমূলক কাম কৰাৰ বিপৰীতে সম্পূৰ্ণ বিলাসী আৰু আড়ম্বৰপূৰ্ণ জীৱন-যাপনত ব্যস্ত হৈ পৰিছিল । ইয়াৰ বিপৰীতে দেশৰ নিৰানব্বৈ শতাংশৰে ভৰা সাধাৰণ প্ৰজাৰ আৰ্থিক অৱস্থা অত্যন্ত দুখলগা আছিল । সাধাৰণ খেতিয়ক, শ্ৰমিক আৰু মধ্যবিত্তসকলে বিভিন্ন প্তত্যক্ষ আৰু পৰোক্ষ কৰ দিবলগীয়া হৈছিল । সেই সময়ত প্ৰচলিত প্ৰধান কৰসমূহ আছিল ৰজাক দিবলগীয়া কৰ, ধৰ্মীয় কৰ, ভূ-স্বামী বা অভিজাতসকলক দিবলগীয়া কৰ, নিত্য ব্যৱহাৰ্য বস্তুৰ ওপৰত কৰ ইত্যাদি । 

২। ফৰাচী বিপ্লৱত বুদ্ধিজীৱীৰ প্ৰবাহে কেনেদৰে প্ৰভাৱ পেলাইছিল বৰ্ণনা কৰা ।

( Describe How the Intellectual Currents influenced French Revolution ) 

উত্তৰঃ ফৰাচী বিপ্লৱত বুদ্ধিজীৱীৰ প্ৰবাহে ইন্ধনৰ কাম কৰিছিল । চতুদৰ্শ লুইৰ ৰাজত্বকালৰ পাছৰ পৰাই ফ্ৰান্সৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক , ধৰ্মীয় আদি সকলো ক্ষেত্ৰতে চৰম বিশৃংখলতা আৰু অৰাজকতাই দেখা দিছিল । অকৰ্মণ্য আৰু দুৰ্বল শাসকসকলৰ সুবিধা লৈ ফ্ৰান্সৰ আমোলাতান্ত্ৰিক ব্যৱস্থা স্বেচ্ছাচাৰী আৰু দুৰ্নীতিপৰায়ণ হৈ পৰিছিল । সুবিধাভোগী যাজক আৰু অভিজাতসকলৰ অত্যাচাৰ আৰু দুৰ্নীতিৰ ফলত সাধাৰণ লোকৰ অৱস্থা শোচনীয় হৈ পৰিছিল । অত্যাধিক কৰৰ বোজা , সামাজিক অসমতা., ধৰ্মীয়-গোড়ামি, অন্ধবিশ্বাস আদিৰ ফলত সাধাৰণ শ্ৰেণী বা তৃতীয় এষ্টেটৰ লোকসকলৰ পানীত হাহ নচৰা অৱস্থা হৈছিল । এনে সময়তে শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱে এই তৃতীয় এষ্টেটৰ লোকসকলৰ মনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল । এই মধ্যবিত্ত তথা শিক্ষিত লোকসকলক বুদ্ধিজীৱীসকলে সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিছিল । 

ফ্ৰান্সত ফৰাচী বিপ্লৱ সংঘটিত হোৱাৰ আগমূহুৰ্তত হোৱা বুদ্ধিজীৱীৰ প্ৰৱাহে ফৰাচী লোকসকলৰ বৈপ্লৱিক চেতনা জাগ্ৰত কৰি তুলিছিল । ফৰাচী দাৰ্শনিক আৰু বিদেশী দাৰ্শনিকসকলৰ লিখনিসমূহে ফৰাচীসকলৰ মাজত এক আলোড়নৰ ভাব সৃষ্টি কৰা পৰিলক্ষিত হয় । এই চিন্তাবিদসকলৰ উচ্চমানবিশিষ্ট সাহিত্য আৰু বৈপ্লৱিক ভাৱধাৰাই জনসাধাৰণক বিপ্লৱৰ জৰিয়তে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ধৰ্মীয় পৰিৱৰ্তন অনাৰ বাবে যথেষ্ট অনুপ্ৰাণিত কৰি তুলিছিল । অষ্টাদশ শতিকাৰ এই ফৰাচী চিন্তাবিদ আৰু লেখকসকলে ফ্ৰান্সৰ প্ৰচলিত ৰাজনীতি, অৰ্থনীতি, আৰু সমাজনীতিৰ কটু সমালোচনা কৰি সেইবোৰৰ প্ৰতি সাধাৰণ প্ৰজাৰ দৃষ্টি আকৰ্ষণ কৰিছিল । ফৰাচী বুদ্ধিজীৱীসকলৰ এনে লিখনিসমূহত ফ্ৰান্সৰ সৰ্বসাধাৰণ লোকৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োধৰণেই প্ৰভাৱ পেলাইছিল । ইয়াৰ দ্বাৰা ফৰাচী জনসাধাৰণে মনৰ ভাব মুকলিভাৱে প্ৰকাশ কৰাৰ লগতে বহুদিনৰ পৰা তেওঁলোকৰ মনত পুঞ্জীভূত হৈ থকা ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটি বিপ্লৱ সংঘটিত হোৱাত সহায় কৰিছিল । ফৰাচী বিপ্লৱৰ প্ৰাক-মূহুৰ্তত ফ্ৰান্সত হোৱা এই দাৰ্শনিকৰ প্ৰবাহে ফৰাচী লোকসকলক বিপ্লৱৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তুলিছিল । এই দাৰ্শনিকসকলৰ লিখনীয়ে ফৰাচী বিপ্লৱত পথ-প্ৰদৰ্শকৰ কাম কৰিছিল বুলি কব পাৰি । ফৰাচী বিপ্লৱৰ আগমূহুৰ্তত ফ্ৰান্সত বুদ্ধিজীৱীৰ যি প্ৰবাহ পৰিলক্ষিত হৈছিল, সেই সময়ৰ কেইজনমান উল্লেখযোগ্য দাৰ্শনিক হল ভল্টেয়াৰ, ডিডেৰ' মন্টেস্কু, ৰুছো, টাৰ্গো, হলবাক,কুৱেজানে ইত্যাদি । আনহাতে বিদেশী দাৰ্শনিক আডাম স্মিথ, বেনহাম আদি বুদ্ধিজীৱীৰ লিখনিয়েও ফ্ৰান্সৰ লোকসকলক প্ৰভাৱিত কৰিছিল । 

৩। ফৰাচী বিপ্লৱত সামাজিক শ্ৰেণীৰ অংশগ্ৰহণৰ ওপৰত এটি চমু আলোচনা কৰা ।

( Give a Short discussion on the participation of Social classes on French Revolution ) 

উত্তৰঃ প্ৰাচীন শাসন প্ৰণালীত ফ্ৰান্সৰ সমাজখন তিনিটা সম্প্ৰদায়েৰে গঠিত হোৱা পৰিলক্ষিত হয় । ইয়াৰ প্ৰতিটো সম্প্ৰদায়ক একোটা এষ্টেট বুলি কোৱা হৈছিল । ইয়াৰ প্ৰথম এষ্টেটত আছিল যাজকসকল, দ্বিতীয় এষ্টেটত আছিল অভিজাতসকল। মধ্যবিত্ত লোকসকল, কৃষক শ্ৰমজীৱী লোক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল । ইয়াৰে প্ৰথম দুটা এষ্টেট আছিল সুবিধাভোগী শ্ৰেণী আৰু তৃতীয় সম্প্ৰদায়টো আছিল অধিকাৰবিহীন শ্ৰেণী । ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ মাত্ৰ লোক প্ৰথম আৰু দ্বিতীয় এষ্টেটৰ লোক আছিল, এই যাজক আৰু অভিজাতসকলে সমাজৰ সকলো সুবিধা লাভ কৰিছিল । দেশৰ সকলোবোৰ উচ্চপদবী তেওঁলোকে লাভ কৰিছিল । এই দুই সম্প্ৰদায়ৰ লোকসকল আছিল দেশৰ অজস্ৰ সম্পত্তিৰ গৰাকী আছিল । তদুপৰি যাজকসকলৰ ধৰ্মীয় আধিপত্যৰ বাবে সমাজত উচ্চ স্থান আৰু সকলো ক্ষেত্ৰতে উচ্চ অগ্ৰাধিকাৰ লাভ কৰিছিল । ইয়াৰ বিপৰীতে শতকৰা নিৰানব্বৈ ভাগ জনসংখ্যাৰে গঠিত তৃতীয় এষ্টেটৰ লোকসকল সকলো সুবিধাৰ পৰা বঞ্চিত হৈছিল । তেওঁলোকে বহুক্ষেত্ৰত শিক্ষা-দীক্ষাত আগবঢ়া আছিল যদিও সমাজত তেওঁলোকৰ কোনো ধৰণৰ স্থান বা সন্মান নাছিল । ফলত ফ্ৰান্সৰ সমাজৰ এই সুবিধাভোগী আৰু সুবিধাৰ পৰা বঞ্চিতসকলৰ মাজত ঘৃণাৰ ভাব সৃষ্টি হৈছিল । 

ফ্ৰান্সত সময়ৰ অগ্ৰগতিৰ লগে-লগে অধিকাৰৰ পৰা বঞ্চিত লোকসকলে নিজৰ অধিকাৰৰ দাবী তুলি বিপ্লৱৰ আৰম্ভণী কৰিছিল । ফ্ৰান্সৰ নিম্নশ্ৰেণীৰ লোকসকলে সমঅধিকাৰৰ দাবীত বিপ্লৱৰ প্ৰতি সহাৰি জনাইছিল । এই লোকসকলে সামন্তবাদীয় আদৰ্শত চলা ফ্ৰান্সৰ এই সমাজ ব্যৱস্থাৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰিছিল । সেয়েহে তেওঁলোকৰ মূল বাণী আছিল স্বাধীনতা সমতা আৰু ভাতৃত্ব । । ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত থকা এনে সামাজিক বৈষম্যৰ ফলত ফ্ৰান্সৰ সমাজখনত সম্পূৰ্ণৰূপে ঘুণে ধৰিছিল আৰু ই ফ্ৰান্সত বিপ্লৱৰ আৰম্ভণি হোৱাত অৰিহণা যোগাইছিল । মানৱ সভ্যতাৰ ঐতিহাসিক বিৱৰ্তন লক্ষ্য কৰিলে অতীতত নাৰী-পুৰুষৰ সামাজিক পাৰ্থক্য দেখিবলৈ পোৱা নাযায় । বান্দৰৰ পৰা ক্ৰমবিকাশ হৈ যেতিয়া স্তন্যপায়ীৰ এটা শাখাই মানুহৰ ৰূপ লৈছিল তেতিয়া পুৰুষ-নাৰীৰ সমতাৰ প্ৰশ্ন উঠা নাছিল । অন্য জীৱৰ লগত একেলগে গছৰ ডালত বাস কৰি, চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি স্থায়ী বসতি স্থাপন কৰি সামাজিক জীৱনৰ পাতনি মেলাৰ সময়তো নাৰী-পুৰুষৰ প্ৰভেদকলৈ কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হোৱা নাছিল । 

৪। ফ্ৰান্সত কিয় সন্ত্ৰাসৰ ৰাজত্ব হৈছিল ?  ইয়াৰ গুৰুত্ব কি আছিল ?

( Give a Short discussion on the participation of Social classes on French Revolution )

উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট ষষ্ঠদশ লুইৰ মৃত্যুদণ্ড দিয়াৰ পাছত ফ্ৰান্সত আভ্যন্তৰীণ বিশৃংখলতাই দেখি দিছিল । তদুপৰি ৰাজতন্ত্ৰ প্ৰচলিত থকা বিদেশী ৰাষ্ট্ৰসমূহেওঁ ফ্ৰান্সত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে সংগঠিত হয় । অষ্ট্ৰিয়াৰ সম্ৰাট লিওঁ পল্ডে প্ৰুছিয়াৰ সম্ৰাট দ্বিতীয় ফ্ৰেডাৰিক উইলিয়ামৰ লগ-লাগি পিলনিষ্ট নগৰত ঘোষণা কৰিছিল যে ফ্ৰান্সৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা আৰু শান্তি স্থাপন ইউৰোপৰ সকলো ৰজাৰ উদ্দেশ্য । বিদেশী ৰাষ্ট্ৰসমূহৰ এই পিলনিষ্ট ঘোষণাই দেশপ্ৰেমিক ফৰাচীসকলৰ মনত দেশপ্ৰেমৰ ভাব অধিক জাগ্ৰত কৰি তোলে । ফ্ৰান্সৰ স্বাধীনতা তথা প্ৰজাতন্ত্ৰ বিপদাতন্ত্ৰ হোৱাৰ এনে পৰিস্থিতিত ফ্ৰান্সৰ বিপ্লৱীসকলে তথা জেকবিনসকলে ক্ষমতা অধিগ্ৰহণ কৰি সন্ত্ৰাসৰ যোগেদি জনসাধাৰণক ঐক্যবদ্ধ কৰি বিদেশী আক্ৰমণ প্ৰতিৰোধ কৰিব বিচাৰিছিল । ফ্ৰান্সত নতুনকৈ পতা নিৰ্বাচন মতে যিখন নতুন সংসদ গঠিত হল এই সংসদ জাতীয় অভিৱৰ্তন । হিচাপে পৰিচিত বা জনাজাত । ফ্ৰান্সৰ আভ্যন্তৰীণ বিশৃংখলতাৰ নিয়ন্ত্ৰণ আৰু বাহিৰা শত্ৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে জাতীয় অভিৱৰ্তনে জন নিৰাপত্তা সমিতিৰ হাতত কাৰ্যপালিকাৰ সম্পূৰ্ণ ক্ষমতা অৰ্পণ কৰিছিল । ১২ জনীয়া সদস্যৰে গঠিত হোৱা এই সমিতিৰ হাতত ফ্ৰান্সৰ প্ৰতিৰক্ষা, শাসনআৰু প্ৰগতিৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছিল ।

জন নিৰাপত্তা সমিতিৰ কঠোৰ শাসনক সন্ত্ৰাসৰাজ বা সন্ত্ৰাসৰ ৰাজত্ব হিচাপে অভিহিত কৰা হয় । এই সমিতিৰ প্ৰধান অংগসমূহ আছিল ।

ক) সাধাৰণ নিৰাপত্তা সমিতি ।

খ) বিপ্লৱী আদালত ।

গ) সংসদ মিছন । 

সন্ত্ৰাসৰাজৰ সময়ছোৱাত জাতীয় অভিৱৰ্তনৰ সদস্যসকলে কঠোৰ নীতি নিৰ্ধাৰণ কৰি ফ্ৰান্সৰ শাসন পৰিচালনা কৰিছিল । এই জাতীয় অভিৱৰ্তনত সোঁ আৰু বাও দুই পক্ষৰ সদস্য আছিল জেকবিনসকলৰ উল্লেখযোগ্য নেতা আছিল ডেন্টেন, মেৰেট, ৰবছপিয়েৰ, কাৰণো, চেইন্ট জষ্ট ইত্যাদি । এই লোকসকলে নিম্ন মধ্যবিত্ত শ্ৰেণী আৰু কৃষকৰ প্ৰতিনিধিত্ব কৰিছিল । ফ্ৰান্সৰ আভ্যন্তৰীণ আৰু বৈদেশিক সমস্যাৰ পৰা ৰক্ষা কৰিবৰ বাবে এই সাধাৰণ শ্ৰেণীৰ প্ৰতিনিধিসকলে কঠোৰ, সময়োপযোগী, আৰু বাস্তৱ কাৰ্যপন্থা গ্ৰহণ কৰিছিল । জন নিৰাপত্তা সমিতিৰ অন্তৰ্গত সাধাৰণ নিৰাপত্তা সমিতিয়ে এক বিৰাট সৈন্যদল গঠন কৰিছিল ।

৫। ফ্ৰান্সৰ ইতিহাসত বাষ্টিলৰ পতনৰ গুৰুত্ব আলোচনা কৰা ।

(Discuss the importance of Fall of the Bastille in the History of France.) 

উত্তৰঃ ষষ্ঠদশ লুইয়ে ষ্টেটচ জেনেৰেলৰ আহ্বান কৰাৰ পাছৰ পৰাই বিভিন্ন লোকৰ পেৰিচত সমাগম হৈছিল । এনেদৰে হোৱা বিভিন্নজনৰ উপস্থিতিয়ে পেৰিচৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছিল । সম্ৰাটৰ কাৰ্যাৱলীয়ে ইতিমধ্য সৰ্বসাধাৰণ লোকসকলক বিদ্ৰোহী কৰি তুলিছিল । পেৰিচ আৰু ভাৰ্চাইৰ চাৰিওকাষে সৈন্যবাহিনী মোতায়েন কৰাৰ পাছত ৰজাৰ কাৰ্যাৱলীৰ ওপৰত সাধাৰণ জনতাৰ সন্দেহ ঘণীভূত হবলৈ আৰম্ভ কৰে ।  সম্ৰাটে সৈন্যবাহিনীৰ হতুৱাই সংবিধান সভাসন বন্ধ কৰি দিব বুলি আৰু জাতীয় সভাৰ সদস্যসকলক বন্দী কৰিব বুলি সকলোৰে মনত সন্দেহৰ উদ্ৰেক হয় । ইফালে জনসাধাৰণৰ আশ্ৰয়ৰ স্থান আছিল সম্ৰাটৰ ভতিজাক ডিউক অৱ অৰ্লেন্সৰ বাসগৃহ । অৰ্লেন্সে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বিপ্লৱীসকলক সমৰ্থন কৰিছিল । এনে পৰিস্থিতি চলি থাকোতেই বিখ্যাত বিপ্লৱী নেতা ডেচমুলিনচনে ৰয়েল পেলেচলৈ গৈ সকলো লোককে অস্ত্ৰ-শস্ত্ৰ গোটাবলৈ আহ্বান জনায় । পেৰিচ চহৰত থকা কিছুমান ৰাজকীয় সৈনিকেও সৰ্বসাধাৰণৰ পক্ষ অৱলম্বন কৰে । পেৰিচৰ জাতীয় সভাই সৈন্য অপসাৰণৰ বাবে সম্ৰাটক অনুৰোধ জনাইছিল যদিও সম্ৰাটে েই অনুোৰোধ প্ৰত্যাখ্যান কৰে । তদুপৰি আনৰ পৰোচনাত পৰি সম্ৰাটে মন্ত্ৰী নেকাৰকো বৰ্খাস্ত কৰে । সম্ৰাটৰ একে কাৰ্যত অতীষ্ঠ হৈ ফ্ৰান্সৰ জনতাই সম্ৰাটৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লবলৈ বাধ্য হয় । তেওঁলোকে ১৭৮৯ চনৰ ১৯ জুলাইৰ দিনা ৰজাৰ স্বেচ্ছাচাৰিতাৰ প্ৰতীক তথা ৰাজনৈতিক বন্দী ৰখা ববেষ্টিল দুৰ্গ আক্ৰমণ কৰি ধ্বংস কৰে আৰু তাৰ সকলো বন্দীক মুক্ত কৰি দিয়ে । ফ্ৰান্সৰ সৰ্বসাধাৰণ জনতাই এই বাষ্টিল দুৰ্গটো বুৰবন বংশৰ স্বেচ্ছাচাৰিতাৰ প্ৰতীক হিচাপে গণ্য কৰিছিল । সেয়েহে, এই দুৰ্গৰ পতন ফৰাচী বিপ্লৱৰ এক সফল পদক্ষেপ তথা ফ্ৰান্সৰ এক উল্লেখযোগ্য ঘটনা । বাষ্টিলৰ পতনত ফৰাচীবাসী অতিকৈ আনন্দিত হৈ উঠাৰ লগতে ১৪ জুলাই দিনটো ফ্ৰান্সৰ জাতীয় দিৱস হিচাপে পালন কৰা হয় ।

৬। নেপোলিয়নৰ আভ্যন্তৰীণ সংস্কাৰসমূহৰ এটা বিশ্লেষণ আগবঢ়োৱা ।

( Analyse the internal reforms of Napoleon ) 

উত্তৰঃ  নেপোলিয়নৰ আভ্যন্তৰীণ সংস্কাৰসমূহ হল 

১। প্ৰশাসনিক সংস্কাৰ ।

২। শিক্ষাৰ সংস্কাৰ ।

৩। ধৰ্মীয় সংস্কাৰ ।

৪। অৰ্থনৈতিক সংস্কাৰ ।

৫। অন্যান্য সংস্কাৰ ।

১। প্ৰশাসনিক সংস্কাৰ ঃ প্ৰশাসনিক ক্ষেত্ৰত নেপোলিয়ন বোনাপাৰ্টে কিছু নতুনত্ব আনিব বিচাৰিছিল । তেওঁৰ সংস্কাৰৰ প্ৰধান লক্ষ্য আছিল দেশৰ শান্তি-শৃংখলা প্ৰতিষ্ঠাৰ দ্বাৰা সৰ্বাংগীন উন্নয়ন তথা নিজকে দেশৰ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰা । নেপোলিয়নে প্ৰশাসনিক দিশত কৰা সংস্কাৰবোৰ হল 

ক) কেন্দ্ৰীভূত শাসনব্যৱস্থা ঃ নেপোলিয়নে ফ্ৰান্সত কেন্দ্ৰীভূত শাসন প্ৰতিষ্ঠা কৰিছিল । স্থানীয় প্ৰশাসন আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতিৰ তেোঁ বিৰোধী আছিল । মেয়ৰ, চাব-মেয়ৰ প্ৰিফেক্ট, আদি সকলো স্থানীয় প্ৰশাসনক তেওঁ নিজেই নিযুক্তি দিছিল । নেপোলিয়নৰ মতে এক সৰল কেন্দ্ৰীভূত শাসনেহে ফ্ৰান্সৰ স্থিৰতা আনিব পাৰিব । অৱশ্যে নেপোলিয়নৰ এই নীতি ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক নীতিৰ সম্পূৰ্ণ বিৰোধী আছিল ।

খ) সমতা ঃ নেপোলিয়নে ফৰাচী বিপ্লৱৰ এক মূল নীতি সমতাৰ নীতিক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছিল । তেওঁৰ মূল আদৰ্শ আছিল আইনৰ ওচৰত সকলো সমান, সকলোৱে সমান সুবিধা ভোগ কৰিব লাগে । তেওঁ সামাজিক শ্ৰেণী, ধৰ্ম, বংশ, আদিৰ বৈষম্য একেবাৰে মানি লোৱা নাছিল । তেওঁৰ প্ৰধান নীতি আছিল জন্মগত বা বংশগত উচ্চ-নীচৰ সলনি যোগ্যতাক সন্মান প্ৰদৰ্শন কৰা । বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত তেওঁ সামাজিক উচ্চ-নীচৰ বিচাৰ নকৰি সম্পূৰ্ণ প্ৰতিভা আৰু মেধাৰ ভিত্তিত নিযুক্তি দি আছিল ।  শিক্ষিত প্ৰতিভাৱান লোকসকলে বিশেষকৈ জাতীয় বীৰ, সাহিত্যিক ,শিল্পী, বৈজ্ঞানিক আদিৰ প্ৰতিভাক সামাজিক স্বীকৃতি দি তেওঁলোকক সমাজৰ এক সন্মানিত তথা আগশাৰীৰ সম্প্ৰদায় হিচাপে পৰিগণিত কৰিছিল । 

২। শিক্ষাৰ সংস্কাৰ ঃ নেপোলিয়নে এক জাতীয় শিক্ষানীতি গ্ৰহণ কৰিছিল । তেওঁ শিক্ষাৰ দায়িত্ব পূৰ্বৰ গীৰ্জাৰ হাতৰ পৰা চৰকাৰৰ হাতলৈ আনিছিল । তেওঁৰ মতে শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত নৈতিক আদৰ্শ, আৰু কঠোৰ শৃংখলা । শিক্ষা বিস্তাৰৰ উদ্দেশ্যে তেওঁ বহুতো মহাবিদ্যালয়, বিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰিছিল । 

৩। ধৰ্মীয় সংস্কাৰ ঃ  নেপোলিয়নে ফ্ৰান্সৰ ধৰ্মীয় ক্ষেত্ৰটো সংস্কাৰ সাধন কৰিছিল । তেওঁৰ মতে ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিৰাপদ ব্যৱস্থা । তেওঁ ধৰ্মক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল । ১৮০২ খ্ৰীঃত তেওঁ পোপ আৰু সপ্তম পীউৰ লগত এক চুক্তিত স্বাক্ষৰ কৰিছিল । এই চুক্তিক ধৰ্মচুক্তি বা কনকৰ্দা হিচাপে জনা যায় । এই চুক্তিৰ প্ৰধান চৰ্তসমূহ আছিল 

ক)  কেথলিক ধৰ্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মৰূপে স্বীকৃতি হয় ।

খ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধৰ্মোত্তৰ মাটি সম্পত্তিসমূহ ঘুৰাই দিয়া নহব ।

গ) গীৰ্জাই ধৰ্মৰ নামত কৰ লগাব নোৱাৰিব ।

ঘ) ধৰ্মযাজকসকলে ৰাষ্ট্ৰৰ পৰা দৰমহা পাব ।

ঙ) শিক্ষাক ধৰ্মীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা হয় ইত্যাদি ।

৪। অৰ্থনৈতিক সংস্কাৰ ঃ নেপোলিয়নৰ অৰ্থনৈতিক সংস্কাৰসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল 

ক) ব্যৱসায় আৰু শিল্পীসকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে বেংক প্ৰতিষ্ঠা 

খ) মুদ্ৰানীতিৰ সংস্কাৰ ।

গ) ৰাজহ নিৰ্ধাৰণ আৰু কৰ সংগ্ৰহৰ ক্ষেত্ৰত সংস্কাৰ ইত্যাদি । 

৫। অন্যান্য সংস্কাৰ ঃ নেপোলিয়নে কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰতে সীমাবদ্ধ হৈ থকা নাছিল । তেওঁ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰটো বিভিন্ন সংস্কাৰমূলক কাম কৰিছিল । তেওঁ বহুতো নতুন ৰাস্তা, ঘাট, দলং নিৰ্মাণ কৰিছিল । ৰাস্তাৰ কাষত গছ ৰুই শোভা বঢ়োৱাৰ লগতে বাটৰুৱাৰ সুবিধা কৰি দিছিল ।   তেওঁ পেৰিচ নগৰখন অতি সুন্দৰকৈ সজাই তুলিছিল । শিল্পী সাহিত্যিকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁলোকক সমাজত আগস্থান বা প্ৰথমস্থান দিছিল । তেওঁ আনকি সৈনিকসকলৰ লগত শিল্পী ৰখাৰো ব্যৱস্থা কৰিছিল । ইটালী, ইজিপ্ত আদি আক্ৰমণৰ সময়ত তাৰ স্থাপত্য আৰু ভাস্কৰ্যসমূহ যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছিল  । তেওঁ বিভিন্ন দেশৰ শিল্পকলাৰ নমুনা সংগ্ৰহ কৰি আনি সেইবোৰ নিজ দেশত সযত্নে ৰাখিছিল । এই কাৰ্যসমূহৰ জৰিয়তে তেওঁৰ মনৰ সাংস্কৃতিক আৰু বৌদ্ধিক দিশটোৰ প্ৰতিফলন ঘটিছিল । 

৭। মহানিবন্ধীয় নীতিৰ ওপৰত এটি ব্যাখ্যা আগবঢ়োৱা ।

( Describe briefly the contiuental System .)

উত্তৰঃ নেপোলিয়ন বোনাপাৰ্ট আছিল এজন বিশ্ববিখ্যাত বীৰ । আলেকজেণ্ডাৰ, জুলিয়াচ চিজাৰ আদিৰ দৰে নোপোলিয়ন বোনাপাৰ্টেও বিশ্বখন জয় কৰাৰ সপোোন দেখিছিল । নেপোলিয়ন প্ৰখৰ বুদ্ধি, সমৰ কৌশল আৰু সময়োপযোোগী বাস্তৱ সিদ্ধান্তই তেওঁক বিশ্ৰ অন্যতম বীৰ-যোদ্ধাসকলৰ শাৰীত স্থান পাবলৈ সক্ষম কৰি তুলিছিল । ফৰাচী বিপ্লৱৰ সময়তে ফ্ৰান্সত নেপোলিয়নৰ উত্থান ঘটিছিল । তেওঁৰ সমগ্ৰ জীৱন যুজ-বাগৰৰ মাজেদিয়েই অতিক্ৰম কৰিি আছিল । ১৬ বছৰৰ বয়সতে ফৰাচী সামৰিক বাহিনীৰ ছেকেেণ্ড লেফটেনেন্ট পদত যোগদান কৰা নেপোলিয়নে ফৰাচী বিপ্লৱৰ সময়ত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । সেই বিপ্লৱৰ সময়ত ১৭৯৩ চনত তুলন বন্দৰৰ পৰা ইংৰাজ সৈন্যবাহিনীক খেেদি পঠাই তেওঁ প্ৰথমবাৰৰ বাবে নিজকে বীৰত্বৰ পৰিচয় দিছিল । ১৭৯৫ চনত তেওঁ পেৰিচৰ উন্মত্ত জনতাক দমন কৰিবলৈ সক্ষম হৈছিল । নেপোলিয়নৰ এনেবোৰ সফল কামৰ বাবে তেওঁ উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ হৈছিল । ২২ বছৰ বয়সত নেপোলিয়ন বোনাপাৰ্টত ডাইৰেক্টৰ কাৰণেই ইটালিয়ান সেনাধ্যক্ষ পতাৰ পাছৰ পৰাই তেওঁৰ বিজয় অভিযান আৰম্ভ কৰে । তেতিয়াৰ পৰা ১৮১৫ চনৰ ১৮ জুনত ৱাৰ্টাৰলু যুদ্ধত হাৰি চেইন্ট হেলেনা দ্বীপত নিৰ্বাসন পোৱালৈকে নেপোলিয়নৰ জীৱনটোো আছিল বহু যুদ্ধ-বিগ্ৰহেৰে ভৰা । নেপোলিয়নৰ যুদ্ধসমূহক পৰ্যায়ক্ৰমে তলত দিয়া ধৰণে ভাগ কৰিব পৰা যায় 

ক) প্ৰথম ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ( ১৭৯৩-৯৭ খ্ৰীঃ) 

খ)  দ্বিতীয় ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৭৯৮-১৯০১ খ্ৰীঃ)

গ) তৃতীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ( ১৮০৫-১৮০৭ খ্ৰীঃ) 

ঘ) ইংলেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধী ১৮০৬-১৮১৩ খ্ৰীঃ)

ঙ) স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ ১৮০৮-১৮১৪ খ্ৰীঃ 

চ) ৰাছিয়াৰ লগত হোৱা যুদ্ধ ১৯১২ খ্ৰীঃ 

৭) চতুৰ্থ মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৮১৩-১৮১৫ খ্ৰীঃ ।

প্ৰথম ইটালী অভিযান ঃ নেপোলিয়নে এটা বিশাল সৈন্যবাহিনী লৈ ইটালী ্ভিযান আৰম্ভ কৰে । অতি সোনকালেই নেপোলিয়নৰ সৈন্যবাহিনী চাৰ্ডিনিয়াৰ টুৰিনত উপস্থিত হয় । ইয়াৰ পাছত নেপোলিয়নে অষ্ট্ৰিয়া চাৰ্ডিনিয়া আৰু বৃটেইনৰ সৈন্যবাহিনীক ওফৰাই পেলাই চেভয় আৰু নাইনচ হস্তগত কৰে । ইয়াৰ পাছত ক্ৰমে অষ্ট্ৰিয়াৰ সৈন্যবাহিনীৰ প্ৰচণ্ড বাধা নেওচি মিলান, লেম্বাৰডি আৰু মন্টুৱা দখল কৰে । নেপোলিয়নে বাচোন, আৰকোলা, ৰিভলিত অষ্ট্ৰিয়াৰ সৈন্যবাহিনীক পৰাস্ত কৰাৰ পাছত অতি সহজে ভেনিচ দখল কৰে । অষ্ট্ৰিয়া উপায়ন্তৰ হৈ নেপোলিয়নৰ লগত কেম্পফৰ্মিও চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয় । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নেপোলিয়নে অষ্ট্ৰিয়ান নেডাৰলেণ্ড আৰু আয়নিয়ান দ্বীপসমূহ ফ্ৰান্সৰ ভিতৰুৱা কৰে । নেপোলিয়নে পোপৰ ৰাজ্যতো আক্ৰমণ কৰে । এই আক্ৰমণত ভয় খাই নেপোলিয়ন ৰ লগত সন্ধি কৰে ।  পোোপৰ অধীনৰ সৰু সৰু ৰাজ্যবোোৰ লগ-লগাই নেপোলিয়নে চিজাল পাইন প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰে । এই সাফল্যৰ পাছত নেপোলিয়ে ভিয়েনা অভিমুখে অগ্ৰসৰ হোৱাত অষ্ট্ৰিয়াৰ সম্ৰাট দ্বিতীয় ফ্ৰান্সিছে ভয় খাই নেপোলিয়নৰ লগত কেম্পফৰ্মিও চুক্তিখন স্বাক্ষৰ কৰিছিল । এই চুক্তিৰ স্বৰ্তমতে নেপোলিয়নে লাভ কৰা সুবিধাসমূহ হল 

ক) এই চুক্তিৰ দ্বাৰা ফ্ৰান্সৰ সীমা ৰাইন আৰু এলপলৈ বিস্তাৰিত হয় ।

খ) অষ্ট্ৰিয়ান, নেদাৰলেণ্ড, চেভয় আৰু নাইন ফ্ৰান্সৰ অধীন হয় ।

গ) আয়নিয়ান দ্বীপসমূহ ফ্ৰান্সে লাভ কৰাৰ পাছত ইজিপ্ত আৰু আফ্ৰিকালৈ ফ্ৰান্সৰ দুৱাৰ মুকলি হয় । 

ঘ) এই  যুদ্ধই প্ৰথম ইউৰোপীয় মিত্ৰশক্তিক ধ্বংস কৰে ।

ঙঙ) ফ্ৰান্স অধিকৃত অঞ্চলসমূহত নেপোলিয়নে নতুনকৈ গৱৰ্ণৰ নিযুক্তি দি সেই অঞ্চলসমূহৰ শাসনৰ দায়িত্ব দিয়ে । 

নেপোলিয়নৰ ইটালী অভিযানৰ সাফল্যই পৰোক্ষভাৱে ইটালীকো সহায় কৰিছিল । এই জয়ৰ পাছত ইটালীৰ লোকসকলে এক উন্নতমানৰ আৰু সু-শৃংখল শাসন ব্যৱস্থা কৰিছিল । 

ইজিপ্ত অভিযান ঃ ইটালী অভিযানৰ সাফল্যৰ পাছত নেপোলিয়নে ইজিপ্ত অভিযান চলায় । এই অভিযানত তেওঁ ইংলেণ্ড অধিস্থিত মাল্টাদ্বীপ দখল কৰাৰ পাছত পিৰামিডৰ যুদ্ধত ইজিপ্তৰ সৈন্যবাহিনীক পৰাস্ত কৰে । তেওঁ এই বিজয়ৰ পাছত নীল নদীৰ অৱবাহিকা অঞ্চলত পুৰণি শাসন আতৰাই নতুন শাসন প্ৰৱৰ্তন কৰে । কিন্তু নীল নদীৰ পাৰত হোৱা যুদ্ধত ইংৰাজ নৌ সেনাপতি নেলচনৰ হাতত নেপোলিয়ন পৰাাস্ত হয় । এই পৰাজয়ৰ সুবিধা লৈ ইজিপ্তৰ লোকসকলে নেপোলিয়নৰ বিৰুদ্ধে বিদ্ৰোহ কৰে ।নেপোলিয়নৰ এই ইজিপ্ত অভিযানত পাচহাজাৰ ফৰাচী সৈনিকৰ মৃত্যু হোৱাৰ লগতে ৩০০০ ফৰাচী সৈনিক বন্দী হয় । উপায় নাপাই ১৭৯৯ চনৰ ২১ আগষ্টত নেপোলিয়নে কোনোমতে প্ৰাণৰক্ষা কৰি পেৰিচত আহি উপস্থিত  হয় । 

৮। নেপোলিয়নৰ যুদ্ধসমূহৰ বৰ্ণনা কৰা ।

( Give a Brief Description of Napoleon Waীs.) 

উত্তৰঃ নেপোলিয়নৰ যুদ্ধসমূহ হল 

ক) তৃতীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৮৯৫-১৮০৭ খ্ৰীঃ  এমিয়েনৰ চুক্তিয়ে ফ্ৰান্সৰ লগত অন্য ইউৰোপীয় শক্তিসমূহৰ শত্ৰুতা অন্ত কৰিব পৰা নাছিল । ইতিমধ্যে ইটালী স্পেইন আৰু হলেণ্ডত ফ্ৰান্সৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল ।  আনহাতে, এইবোৰ দেশত বৃদ্ধি হোৱা ফ্ৰান্সৰ প্ৰভাৱো বৃটিছ ব্যৱসায়-বাণিজ্যৰ ওপৰত ওলোটা প্ৰভাৱ পেলাইছিল । বৃটেইনৰ ব্যৱসায়ত লোকচান হবলৈ আৰম্ভ কৰিছিল । সেইবাবে ১৮০৩ চনত ইংলেণ্ডে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । এইবাৰ ফ্ৰান্স আৰু স্পেইনৰ যুটীয়া বাহিনীয়ে ইংলেণ্ডৰ বাহিনীৰ মুখা-মুখি হয় । বহুদিন ধৰি যুদ্ধ চলাৰ সময়তে ইংলেণ্ডে অষ্ট্ৰিয়া , ৰাছিয়া আৰু চুইডেনৰ লগ-লাগি তৃতীয় মিত্ৰসংঘ গঠন কৰে । ১৯০৫ চনত ফ্ৰান্স তৃতীয় মিত্ৰসংঘৰ আক্ৰমণৰ মুখামুখি হয় । মিত্ৰসংঘৰ আক্ৰমণৰ খবৰ পাই নেপোলিয়নে অতৰ্কিতে অষ্ট্ৰিয়া আক্ৰমণ কৰে । এনে অতৰ্কিতে কৰা আক্ৰমণত তিষ্ঠি থাকিব নোৱাৰি অষ্ট্ৰিয়াই ৫০,০০০ সৈন্যৰে ফ্ৰান্সৰ ওচৰত আত্মসমৰ্পণ কৰে । এই বিজয়ৰ পাছদিনা ১৮০৫ চনৰ ২১ অক্টোবৰত ফ্ৰান্সে ট্ৰেফেলগাৰত ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । কিন্তু এইবাৰ ফ্ৰান্স আৰু স্পেইনৰ যুটীয়া বাহিনী ইংলেণ্ডৰ নৌসেনাপতি নেলচনৰ হাতত বৰ বেয়াকৈ পৰাস্ত হয় । তথাপিও এই পৰাজয়ে নেপোলিয়ননক হতাশ কৰিব পৰা নাছিল । ১৮০৫ চনৰ ডিচেম্বৰত ফ্ৰান্সে অষ্টাৰলিজৰ যুদ্ধত অষ্ট্ৰিয়া আৰু ৰাছিয়াৰ মিলিত বাহিনীক আক্ৰমণ কৰে । 

অষ্টাৰলিজৰ যুদ্ধত পৰাস্ত হোৱাৰ পাছত অষ্ট্ৰিয়াই প্ৰেছবাৰ্গৰ সন্ধি তৃতীয় মিত্ৰসংঘ পৰিত্যাগ কৰি ওলাই আহে । অষ্টাৰলিজৰ যুদ্ধৰ ফলত নেপোলিয়নে ইউৰোপৰ এটা ডাঙৰ অংশ লাভ কৰাৰ লগতে ইউৰোপৰ একছত্ৰী সম্ৰাট হিচাপে মুৰ ডাঙি উঠে । এই যুদ্ধৰ ফলাফলসমূহ আছিল 

ক) লেনোলিয়ন ইটালীৰ শাসক হয় ।

খ) হলেণ্ডত গণতন্ত্ৰ ঠাইত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰে । লেপোলিয়নৰ ককায়েক লুই নেপোলিয়ন হলেণ্ডৰ ৰজা হয় । 

গ) নেপোলচত বুৰবন বংশৰ সম্ৰাটক আতৰাই নেপোলিয়নৰ ভাতৃ জোচেফক ৰজা পতা হয় ।

ঘ) ১৮০৬ চনত পৱিত্ৰ ৰোমান সাম্ৰাজ্যৰ পৰিৱৰ্তে ৰাইন যুক্তৰাষ্ট গঠন কৰ াহয় । েই সংগঠিত যুক্তৰাষ্ট্ৰৰ অধ্যক্ষ নেপোলিয়ন নিজেই হয় । 

অষ্ট্ৰাৰলিজৰ যুদ্ধৰ পাছত প্ৰুছিয়াই ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখে । কিন্তু শেষত জেবা আৰু ঔৰেষ্টাপটত হোৱা যুদ্ধত ফ্ৰান্সৰ হাতত প্ৰুছিয়া পৰাস্ত হয় । ফলত প্ৰুছিয়াৰ বহু অংশ নেপোলিয়নৰ সাম্ৰাজ্যখনৰ ভিতৰুৱা হয় । এই অঞ্চলত তেওঁ ৱেষ্টফেলিয়া ৰাজ্য গঠন কৰি ভায়েক জেৰোমক এই ৰাজ্যখনৰ দায়িত্ব অৰ্পণ কৰে । 

অষ্ট্ৰিয়া আৰু প্ৰুছিয়া আঁতৰি যোৱাৰ পাছতোো মিত্ৰসংঘৰ অন্য এখন দেশ ৰাছিয়াই নেপোলিয়ন তথা ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখে । অঅৱশেষত ১৮০৭ চনত ফিনলেণ্ডত হোৱা যুদ্ধত ফ্ৰান্সৰ হাতত ৰাছিয়া পৰাস্ত হয় । জাৰে নেপোলিয়নৰ লগত টিলচিটৰ সন্ধিত স্বাক্ষৰ কৰে । এনেদৰে তৃতীয় মিত্ৰসংঘৰ অস্তিত্ব ম্লান হৈ পৰে । 

স্পেনিচ বা উপসাগৰীয় যুদ্ধ ঃ  স্পেনিচ বা উপসাগৰীয় যুদ্ধ ১৮০৮ চনত হৈছিল । স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ নেপোলিয়নৰ জীৱনৰ এটা অতি উল্লেখযোগ্য ঘটনা । এই যুদ্ধই নেপোলিয়নৰ জীৱনৰ গতি সলনি কৰি পেলাইছিল । ফৰাচী বিপ্লৱৰ সময়ৰ পৰা নেপোলিয়নৰ ফ্ৰান্স তথা ইউৰোপত যি অবিৰত জয়যাত্ৰা আৰম্ভ হৈছিল, এই যুদ্ধৰ পাছৰ পৰাই তেওঁৰ সেই গতি স্তিমিত হৈ পৰিছিল । প্ৰকৃত অৰ্থত কবলৈ গলে েই যুদ্ধখনৰ পাছৰ  পৰা নেপোলিয়নৰ সাম্ৰাজ্যৰ পতন হৈছিল ।  েই যুদ্ধ আছিল স্বাধীনতাপ্ৰিয় স্পেইনবাসীৰ বাবে বিদেশী শাসনৰ বিৰুদ্ধে কৰা স্বাধীনতা যুদ্ধ । এই যুদ্ধত স্পেইনে ইংলেণ্ডক সহায় কৰিছিল । 

১৯০৭ চনত ফৰাচী সৈন্যই স্পেইন দখল কৰাৰ পাছত তাৰ পৰা বুৰবন  বংশৰ ৰজাক আতৰাই নেপোলিয়নৰ ককায়েক যোচেফক ৰজা পাতি মহাদেশীয় নিবন্ধ নীতিৰ প্ৰয়োগ কৰে । কিন্তু স্পেইনৰ জনসাধাৰণে এনে বিদেশী শাসনৰ বিৰুদ্ধে সৰৱ হৈ যুদ্ধ  ঘোষণা কৰে । স্পেইনক সহায় কৰিবৰ বাবে ১৮০৮ চনৰ আগষ্টত বৃটিছ সেনাপতি আৰ্থাৰ ৱেললেচলিৰ নেতৃত্বত এটা ইংৰাজ বাহিনী আহি স্পেইনত উপস্থিত হয় । স্পেইন আৰু নেপোলিয়নৰ মাজৰ এই যুদ্ধ ১৮০৮ চনৰ পৰা ১৮১৩ চনলৈ চলিছিল । প্ৰথম অৱস্থাত ফৰাচী সৈন্যই ইংৰাজ সৈন্যক স্পেইনৰ পৰা বাহিৰ কৰি দিবলৈ সক্ষম হৈছিল । কিন্তু খ্ৰীঃ ১৮১২ ত বেলেচলিয়ে চেলামানকাৰ যুদ্ধত ফৰাচী সৈন্যক পৰাস্ত কৰি স্পেইনৰ ৰাজধানী মাদ্ৰিছ চহৰ ফৰাচীসকলৰ কবলৰ পৰা উদ্ধাৰ কৰে । ইয়াৰ পাছত কেইবাখনো যুদ্ধত স্পেইনৰ হাতত নেপোলিয়ন পৰাস্ত হয় । স্পেইনৰ কৃতকাৰ্যতাই ইউৰোপৰ অন্যান্য স্বাধীনতাপ্ৰিয় লোকসকলৰো নেপোলিয়নৰ বিৰুদ্ধে যুজিবলৈ অনুপ্ৰেৰণা যোগালে । ফলত নেপোলিয়নৰ বিশাল সাম্ৰাজ্য ধ্বংসৰ গৰাহৰ ফালে আগবাঢ়ে । 

৯। নেপোলিয়নৰ সফলতাসমূহ বিশ্লেষণ কৰা । 

(Analyse the Success of Napoleon ) 

উত্তৰঃ ফৰাচী বিপ্লৱৰ সফলতাৰ প্ৰথম পদক্ষেপ হিচাপে ১৭৯২ খ্ৰীঃৰ ২২ ছেপ্তেম্বৰত ফ্ৰান্সৰ জাতীয় অভিৱৰ্তনে পোনপ্ৰথমবাৰৰ বাবে ফ্ৰান্সৰ পৰা ৰাজতন্ত্ৰ উচ্চেদ কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰে । ফ্ৰান্সৰ বুৰবন বংশৰ স্ৰাট ষষ্ঠদশ লুইক প্ৰাণদণ্ড দিয়াৰ পাছত ফ্ৰান্সত যি গণতন্ত্ৰৰ ভেটি প্ৰতিষ্ঠা কৰা হয় । সেই গণতন্ত্ৰ শাসকসকলে ফ্ৰান্সৰ আভ্যন্তৰীণ আৰু বৈদেশীক নীতিৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন কৰি ফ্ৰান্সৰ উন্নয়নৰ পৰিকল্পনা কৰিছিল । ১৭৯৫ চনত এই নেচনেল কনডেনচনে এখন নতুন সংবিধান ৰচনা কৰি ফ্ৰান্সত এক নতুন শাসনব্যৱস্থা প্ৰৱৰ্তন কৰে । ফ্ৰান্সৰ এই নতুন সংবিধান অনুসৰি পাচজন সদস্যৰে গঠিত ডাইৰেক্টৰী নামৰ এখন সমিতিৰ হাতত কাৰ্যনিৰ্বাহক ক্ষমতা প্ৰদান কৰা হয় । এই ডাইৰেক্টৰীৰ সদস্যসকলক বিধানমণ্ডলে নিৰ্বাচন কৰে । ডাইৰেক্টৰীৰ কাৰ্যকাল পাচবছৰ কৰি প্ৰতিবছৰে একোজন সদস্য সলনি কৰাটো স্থিৰ কৰা হয় । কিন্তু ফ্ৰান্ত মাত্ৰ চাৰিবছৰৰ বাবেহে এই ডাইৰেক্টৰীৰ শাসন বৰ্তি থাকিবলৈ সক্ষম হয় ।

ফ্ৰান্স সন্ত্ৰাসৰ ৰাজত্বৰ অন্ত পেলোৱা আৰু ৰাজতন্ত্ৰৰ সমৰ্থকসকলক সম্পূৰ্ণৰূপে দমন কৰি দেশত শান্তি -শৃংখলা বজাই ৰখাটোৱেই ডাইৰেক্টৰীৰ মূল লক্ষ্য আছিল যদিও বৈদেশীক নীতিৰ ক্ষেত্ৰত লোৱা কিছুমান ভূল সিদ্ধান্তই ডাইৰেক্টৰীৰ শাসনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে । বৈদেশীক শক্তিসমূহ ফ্ৰান্সৰ বিপক্ষে একত্ৰিত হোৱৰ উমান পাই ফৰাচীসকলে ফ্ৰান্সক ৰক্ষাৰবাবে এজন যোগ্য নেতাৰ সন্ধান কৰে । সেইছোৱা সময়ত ফ্ৰান্সৰ ভিতৰে ভিতৰে সকলো ক্ষেত্ৰতে সফল হোৱা আৰু জনপ্ৰিয়তা লাভ কৰা একমাত্ৰ ব্যক্তিজন হৈ উঠিছিল নেপোলিয়ন বোনাপাৰ্ট । সেয়েহে বাস্তৱ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৭৯৯ খ্ৰীঃৰ নৱেম্বৰ মাহত ডাইৰেক্টৰীৰ অন্যতম সদস্য আবে চিয়ে আৰু ভাতৃ লুচিয়েনৰ সহায়ত নেপোলিয়নে ডাইৰেক্টৰীৰ শাসনৰ অন্ত পেলাই নিজকে কনচুল হিচাপে প্ৰতিষ্ঠা কৰে । ১৭৯৯ চনৰ ১৮০৪ চনলৈ ফ্ৰান্সত কনচুলৰ শাসন চলিছিল । কনচুলৰ শাসনকালত ফ্ৰান্সত যি সংবিধান ৰচনা কৰা হৈছিল সেই সংবিধান কনষ্টিটিউচন অব দা ইয়েৰ এইট হিচাপে জনা গৈছিল । এই সংবিধান অনুসৰি তিনিজন কনচুলৰ হাতত ফ্ৰান্সৰ শাসনৰ দায়িত্ব দিয়া হৈছিল । এই তিনিজন কনচুলৰ ভিতৰত আছিল মুখ্য কনচুল । কনচুলসকলে চিনেটৰ সদস্যসকলক নিৰ্বাচন কৰিব পাৰে আৰু চিনেটৰ সদস্যসকলে তৰ্কসভা আৰু বিধানসভাৰ সদস্যসকলক নিৰ্বাচন কৰিব পাৰে । মুখ্য কনচুলজনে প্ৰস্তুত কৰা আইনৰ প্ৰস্তাৱসমূহ তৰ্কসভাই আলোচনা কৰাৰ পাছত বিধানসভাই তাক অনুমোদন জনালেহে আইন হিচাপে গৃহীত হোৱাৰ ব্যৱস্থা আছিল । 

১০। নেপোলিয়নৰ পতন কেনেদৰে হৈছিল আলোচনা কৰা ।

( Discuss t About the Fall of Napoleon ) 

উত্তৰঃ  বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বীৰসকলৰ ভিতৰত নেপোলিয়ন বোনাপাৰ্ট অন্যতম । তেওঁ আছিল এজন সুদক্ষ সেনাপতি , যোদ্ধা, সু-শাসক, সু-সংস্কাৰক আৰু চতুৰ ৰাজনীতিবিদ । নিজৰ ব্যক্তিত্ব, দক্ষতা, আৰু যোগ্যতাৰ বলত তেওঁ অতি কম সময়ৰ ভিতৰতে ফ্ৰান্সৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈছিল । নেপোলিয়নৰ প্ৰধান লক্ষ্য আছিল ফ্ৰান্সক ইউৰোপৰ ভিতৰতে আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰত পৰিণত কৰা আৰু ফৰাচী জাতিক এটা শক্তিশালী জাতি হিচাপে গঢ়ি তোলা । কম সময়ৰ ভিতৰতে তেওঁ নিজ লক্ষ্যত উপনীত হবলৈ সক্ষম হৈছিল । ইংলেণ্ডৰ বাহিৰে প্ৰায় সকলোবোৰ ইউৰোপীয় ৰাষ্ট্ৰই নেপোলিয়নৰ অধীনতা মানি লবলৈ বাধ্য হৈছিল । কিন্তু অত্যাধিক উচ্চাকাংক্ষা, ক্ষমতালিপ্সা, স্বজনপ্ৰীতি আৰু বিভিন্ন নীতিৰ প্ৰয়োগৰ ফলত উত্থানৰ দৰে সমানেই তেওঁৰ পতনো আৰম্ভ হৈছিল । মহাদেশীয় নিবন্ধ নীতিৰ ফলত ইউৰোপৰ প্ৰায়বোৰ দেশ নেপোলিয়নৰ শত্ৰু হৈ পৰিছিল । স্পেনিচ যুদ্ধত পৰাজয়ে তেওঁৰ এই পতন অধিক দ্ৰততৰ কৰি কৰি তুলিছিল । তাৰোপৰি মস্কো অভিযান আছিল নেপোলিয়নৰ আটাইতকৈ এটা ভূল সিদ্ধান্ত । ৰাছিয়াৰ ভৌগোলিক অৱস্থিতি ভালদৰে অধ্যয়ন নকৰাকৈ ফৰাচী বাহিনী ৰাছিয়াৰ মাজভাগলৈ সোমাই গৈ চৰম পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছিল । ফৰাচী সৈন্যবাহিনী অন্য বিজয়ী দেশসমূহৰ সৈন্য মকৰল কৰাৰ ফলতো বহুতৰ মতে ফৰাচী সৈন্যবাহিনীৰ শক্তি হ্ৰাস পাইছিল । ইউৰোপৰ বিভিন্ন দেশ জয় কৰাৰ পাছতো সেই দেশসমূহত স্থানীয় লোকৰ সকলনি নিজৰ পৰিয়ালৰ লোকক শাসনৰ মুৰব্বী পতাৰ ফলত নেপোলিয়নক তেনে অঞ্চলৰ লোকসকলে সহজভাৱে মানি লব পৰা নাছিল । পোপৰ লগত শত্ৰুতাইও নেপোলিয়নৰ পতন মানি আনিছিল । ফৰাচী বিপ্লৱৰ মূল নীতি, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ প্ৰতি তেওঁ সম্পূৰ্ণ আওকাণ কৰা পৰিলক্ষিত হৈছিল । ফৰাচী বিপ্লৱৰ মূল লক্ষ্য গণতন্ত্ৰ সলনি তেওঁ নিজকে সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল । এনেবোৰ কাৰণতে মিত্ৰসংঘৰ হাতত তেওঁ পৰাস্ত হৈ চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসিত হব লগা হয় । নিজৰ এনে অসীম উচ্চাকাংক্ষাৰ বাবে মহান যোদ্ধা নেপোলিয়ন বোনাপাৰ্টৰ পতন হৈছিল । 

১১। ভিয়েনা মহাসভাৰ সন্মুখত উপস্থিত হোৱা প্ৰধান সমস্যাসমূহ কি আছিল আৰু এই সমস্যাসমূহ সমাধানৰ বাবে ভিয়েনা মহাসভাই কি ব্যৱস্থা গ্ৰহণ কৰিছিল ?

( WHat were the main problems befor the Congress of Vienna and What meatures it adopted to solve there problem ?) 

উত্তৰঃ  ভিয়েনা কংগ্ৰেছ বা ভিয়েনা মহাসভাক বিশ্বৰ প্ৰথমখন আন্তৰ্জাতিক সন্মিলন হিচাপে ব্যাখ্যা দিব পৰা যায় । নেপোলিয়নৰ পতনৰ পাছত ইউৰোপীয় দেশসমূহে বিভিন্ন সমস্যা সমাধানৰ বাবে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত মিলিত হৈছিল । এই ভিয়েনা মহাসভাৰ মূল উদ্দেশ্য আছিল 

ক) ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।

খ) ফৰাচী বিপ্লৱৰ বৈপ্লৱিক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা ।

গ) ফৰাচী বিপ্লৱৰ সময়ত প্ৰতিষ্ঠিত গণতন্ত্ৰৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰি তাৰ ঠাইত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা ।

ঘ) ইউৰোপৰ পুনৰ নিৰ্মাণ কৰি নেপোলিয়নে জয় কৰা ৰাজ্যসমূহ নিজৰ মাজত ভগাই লৈ পূৰ্বৰ স্থিতি বাহাল ৰখা ইত্যাদি । 

নেপোলিয়নৰ দ্বিগিজয়সমূহে ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহৰ প্ৰতি বিভীষিকাৰ সৃষ্টি কৰিছিল । এই শক্তিসমূহে বাৰে বাৰে একগোট হৈ নেপোলিয়নক পৰাভূত কৰিবলৈ অসমৰ্থ হৈছিল । কিন্তু লিপজিগৰ যুদ্ধই তেওঁলোকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে । এই যুদ্ধৰ পাছৰ পৰাই পুনৰ তেওঁলোক একগোট হৈ নেপোলিয়নৰ পতনৰ বাবে গোপনে চেষ্টা আৰম্ভ কৰে । নেপোলিয়নৰ ১৮১৪ চনৰ ১৩ এপ্ৰিলত িউৰোপীয় চতুৰ্থ মিত্ৰশক্তিৰ হাতত হোৱা পৰাজয়ৰ পাছত ফন্টেইনব্লুৰ সন্ধিমতে তেওঁক এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হয় । এই চুক্তি অনুসৰি বুৰবন বংশৰ অষ্টাদশ লুইক ফ্ৰান্সৰ সম্ৰাট হিচাপে ঘোষণা কৰা হয় । এই সন্ধিৰ চৰ্তৰ আধাৰতে ভিয়েনা মহাসভাৰ আলোচনা আৰম্ভ হৈছিল । নেপোলিয়নৰ পতনত মুখ্য ভূমিকা লৈছিল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটাৰনিকে । সেয়েহে তেওঁৰ কাৰ্যাৱলীৰ প্ৰতি সন্মতি জনাই অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত এই মহাসভাৰ আয়োজন কৰা হৈছিল । ভিয়েনা মহাসভা চলি থকা অৱস্থাতে নেপোলিয়ন এলবাৰ পৰা পলাই আহি অষ্টাদশ লুইক অপসাৰিত কৰি পুনৰ ফ্ৰান্সৰ সিংহাসন অধিকাৰ কৰে । এই বাতৰি পাই মিলিত বাহিনীয়ে পুনৰ নেপোলিয়নৰ লগত যুদ্ধ কৰি ১৮১৫ চনৰ ১৮ জুনত ৱাৰ্টাৰলু যুদ্ধত সসম্পূৰ্ণৰূপে নেপোলিয়নক পৰাস্ত কৰে । এই পৰাজয়ৰ পাছত নেপোলিয়নক চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দি ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহ ভিয়েনা মহাসভাত আলোচনাৰ বাবে লগ হৈছিল । 

ভিয়েনা কংগ্ৰেছ বা ভিয়েনা মহাসভাত ইউৰোপৰ বিভিন্ন দেশৰ সম্ৰাট , ৰাজপ্ৰতিনিধি, দাৰ্শনিক, পণ্ডিত, ৰাজনীতিক, সেনাধ্যক্ষ আদিয়ে যোগদান কৰিছিল । েই মহাসভাত যোগদান কৰা কেইজনমান উল্লেখযোগ্য প্ৰতিনিধি আছিল ।

ক) অষ্ট্ৰিয়াৰ সম্ৰাট প্ৰথম ফ্ৰেন্সিচ, আৰু মেটাৰনিক ।

খ) অষ্ট্ৰিয়াৰ সম্ৰাট প্ৰথম আলেকজেণ্ডাৰ ।

গ) প্ৰুছিয়াৰ ৰজা তৃতীয় ফ্ৰেডাৰিক উইলিয়াম আৰু তেওঁৰ মন্ত্ৰী ৱাৰ্ডেনবাৰ্গ ।

ঘ) ইংলেণ্ডৰ লৰ্ড কেষ্টলৰীগ আৰু এলিংটনৰ ডিউক ।

ঙ) ফ্ৰান্সৰ টেলিৰা । 

ভিয়েনা মহাসভাৰ আলোচনাৰ প্ৰধান বিষয়বস্তু আছিল ইউৰোপৰ পুনৰ গঠন তথা ১৭৯২ খ্ৰীঃৰ পূৰ্বৰ যি সীমা আছিল সেই সীমালৈ ফ্ৰান্স উভতি যোৱা ।  ইতিপূৰ্বে ইউৰোপৰ প্ৰধান চাৰিশক্তি ইংলেণ্ড, ৰাছিয়া, প্ৰুছিয়া, আৰু ৰাষ্ট্ৰিয়া । ১৮১২ চনৰ পৰ ১৮৫ চনলৈ বিভিন্ন স্থানত গোপনে মিলিত হৈ আলোচনা অনুষ্ঠিত কৰি আছিল । এই সময়ছোৱাত তেওঁলোকে ছয়খন গোপন চুক্তিত স্বাক্ষৰ কৰিছিল । ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য চুক্তিখন আছিল পেৰিচ চুক্তি । এই চুক্তিসমূহৰ আধাৰতে ভিয়েনা মহাসভাৰ প্ৰতিনিধিসকলে আলোচনা আৰম্ভ কৰিছিল । এই মহাসভা প্ৰচণ্ড বাক-বিতণ্ডাৰ মাজেৰে অনুষ্ঠিত হৈছিল কাৰণ মিত্ৰজোটৰ প্ৰতিখন দেশেই ইউৰোপীয় শান্তি-শৃংখলাতকৈ নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু লাভালাভৰ ওপৰতহে গুৰুত্ব দিছিল । 

১২। ভিয়েনা মহাসভাৰ কাৰ্যাৱলী বিশ্লেষণ কৰা । 

Critically analyse the words of the congress of Vienna ) 

উত্তৰঃ ভিয়েনা মহাসভাৰ আলোচনাৰ প্ৰধান বিষয়বস্তু আছিল ইউৰোপৰ পুনৰ গঠন কৰা । ১৭৯২ খ্ৰীঃৰ পূৰ্বৰ ফ্ৰান্স মহাদেশৰ যি সীমা আছিল সেই সীমালৈ ফ্ৰান্স উভতি যোৱা । ইতিপূৰ্বে ইউৰোপৰ প্ৰধান চাৰিশক্তি ইংলেণ্ড ৰাছিয়া, প্ৰুছিয়া আৰু অষ্ট্ৰিয়া । ১৮১২ চনৰ পৰা ১৮১৪ চনলৈ বিভিন্ন স্থানত গোপনে মিলিত হৈ আলোচনা অনুষ্ঠিত কৰি আছিল । এই সময়ছোৱাত তেওঁলোকে ছয়খন গোপন চুক্তিত স্বাক্ষৰ কৰিছিল । ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য চুক্তিখন আছিল পেৰিচ চুক্তি । েই চুক্তিসমূহৰ আধাৰতে ভিয়েনা মহাসভাৰ প্ৰতিনিধিসকলে আলোচনা আৰম্ভ কৰিছিল । এই মহাসভা প্ৰচণ্ড বাক-বিতণ্ডাৰ মাজেৰে অনুষ্ঠিত হৈছিল কাৰণ মিত্ৰগোটৰ প্ৰতিখন দেশেই ইউৰোপীয় নিজৰ শান্তি-শৃংখলতাকৈ নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু লাভালাভৰ ওপৰতে গুৰুত্ব দিছিল । ভিয়েনা মহাসভাৰ প্ৰতিনিধিসকলে কেইটামান নীতি গ্ৰহণ কৰিছিল । সেই মৌলিক নীতিসমূহ আছিল ।

ক) নায্য অধিকাৰৰ নীতি ।

খ) শক্তি ভাৰসাম্য নীতি ।

গ) ক্ষতিপূৰণৰ নীতি ।

ক) নায্য অধিকাৰৰ নীতি ঃ এই নীতিৰ মূল লক্ষ্য নেপোলিয়নে যিবোৰ ঠাইৰ শাসকক উচ্ছেদ কৰিছিল । সেইবোৰ ঠাইত পুনৰ সেইসকল শাসকক প্ৰতিষ্ঠিত কৰিব লাগে । ফ্ৰান্সৰ বৈদেশীক মন্ত্ৰী তথা প্ৰতিনিধি টেলোৰাই এই নীতি আগবঢ়াইছিল । ভিয়েনা মহাসভাই সৰ্বসিদ্ধান্তমূলক এই নীতি গ্ৰহণ কৰিছিল । এই নীতি অনুসৰি তলৰ অঞ্চলসমূহত পূৰ্বৰ এৱস্থা ঘুৰাই অনা হৈছিল ।

ক) স্পেইন, চিচিলি আৰু নেপোলচত পূৰ্বৰ বুৰবন ৰাজবংশ প্ৰতিষ্ঠা কৰা হয় ।

খ) হলেণ্ডত অৰেঞ্জ ৰাজবংশক পুনৰ প্ৰতিষ্ঠা কৰা হয় ।

গ) চাৰ্ডিনিয়া আৰু পীডমন্টত চেভয় ৰাজবংশ প্ৰতিষ্ঠা কৰা হয় ।

ঘ) পোপৰ ৰাজ্যত পোপক পুনৰ প্ৰতিষ্ঠা কৰা হয় । 

ঙ) নেপোলিয়নে প্ৰতিষ্ঠা কৰা জাৰ্মান যৌথতন্ত্ৰ ভাঙি এই সৰু সৰু ৰাজ্যবোৰ পূৰ্বৰ ৰজাসকলক ঘুৰাই দিয়া হয় । 

চ) লম্বাৰ্দী আৰু ভেলেচিয়াত অষ্ট্ৰিয়াৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰা হয় ।

ছ) ষষ্ঠদশ লুইৰ ভাতৃ অষ্টাদশ লুইক বুৰবন বংশৰ উত্তৰাধিকাৰী হিচাপে ফ্ৰান্সৰ সিংহাসনত বহুওৱা হয় ।

খ) শক্তি ভাৰসাম্য নীতি ঃ এই নীতিৰ মূল উদ্দেশ্য আছিল ইউৰোপীয় দেশসমূহৰ শক্তিৰ সমতা স্থাপন কৰা । প্ৰতিখন দেশেই সমানে শক্তিশালী হলেহে অন্য দেশক আক্ৰমণ কৰিব নোৱাৰিব তথা অন্য আক্ৰমণৰ পৰা নিজকে প্ৰতিৰক্ষা দিব পাৰিব । সেয়েহে নেপোলিয়নে জয় কৰা অঞ্চলসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি সকলো ৰাষ্ট্ৰকে সমানে শক্তিশালী কৰাৰ চেষ্টা কৰা হৈছিল । এই নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তলৰ পদক্ষেপসমূহ লোৱা হৈছিল ।

১। পীডমেণ্ড, আৰু চেভয়ক চাৰ্ডিনিয়াৰ লগত লগ লগোৱা হয় ।

২। বেলজিয়ামক হলেণ্ডৰ  লগত লগ লগোৱা হয় ।

৩। প্ৰুছিয়াৰ শক্তি বৃদ্ধি কৰা হয় ।

৪। ইটালীত অষ্ট্ৰিয়াৰ প্ৰাধান্য পুনৰ প্ৰতিষ্ঠা কৰা হয় । 

গ) ক্ষতিপূৰণৰ নীতি ঃ এই  নীতি অনুসৰি নেপোলিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰা দেশসমূহক পুৰস্কৃত কৰাৰ আৰু নেপোলিয়নৰ লগত সহযোগিতা কৰাসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা  হৈছিল । এই নীতিৰ দ্বাৰা পুৰস্কৃত কৰা দেশসমূহ হল 

ক) ইংলেণ্ডে নেপোলিয়নৰ বিৰুদ্ধে কৰা যুদ্ধৰ ক্ষতিপূৰণ লাভ কৰে । ইংলেণ্ডে কেপ কলনি, সিংহল, দক্ষিণ আফ্ৰিকা, গিয়েনা, আইনীয়ান দীপপুঞ্জ আৰু কৰাচী আৰু স্পেনিচ বাণিজ্যিক কুঠিসমূহ লাভ কৰে ।

গ) ৰাছিয়াই বেচেৰেবীয়া, ফিনলেণ্ড, আৰু গ্ৰেন্ত দাবি অৱ বাৰৰ্চ লাভ কৰে ।

গ) প্ৰুছিয়াই উত্তৰ চেস্কণী, দানজিগ, পোজেন, ৰাইন অঞ্চল, থৰ্ণ আৰু পশ্চিম পমেৰ'নিয়া লাভ কৰে । 

ঘ) হলেণ্ডে  অষ্ট্ৰিয়ান নেডাৰলেণ্ড লাভ কৰে ।

ঙ) নেডাৰলেণ্ডৰ পৰিৱৰ্তে ্ষ্ট্ৰিয়াক উত্তৰ ইটালীৰ লোম্বাৰ্ডি আৰু ভেনেচিয়া দিয়া হয় । পশ্চিম ইটালীৰ পাৰ্খা, মডেনা, আৰু টাচকাণিত অষ্ট্ৰিয়াৰ হেবচবাৰ্গ বংশৰ লোকক ৰজা পতা হয় ।

চ) চুইডেনে নৰৱেক লাভ কৰে । এই অঞ্চলটো ডেনমাৰ্কৰ পৰা কাঢ়ি অনা হয় ।

ছ) ছুইডেনৰ পমেৰনিয়াক ৰাছিয়া আৰু প্ৰুছিয়াৰ মাজত ভগাই দিয়া হয় । 

১৩। ভিয়েনা মহাসভাৰ প্ৰধান লক্ষ্যসমূহ কি আছিল ? ই সেই লক্ষ্যত উপনীত হোৱাত সফল হৈছিলনে ?

( What were the main aims of the congress of  Vienna ? Was the congress able to achieve these aims ?

উত্তৰ ঃ  ভিয়েনা মহাসভাৰ প্ৰধান লক্ষ্যসমূহ হল 

ক) ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।

খ) ফৰাচী বিপ্লৱৰ বৈপ্লৱিক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা ।

গ)  ফৰাচী বিপ্লৱৰ সময়ত প্ৰতিষ্ঠিত গণতন্ত্ৰক সম্পূৰ্ণৰূপে নিৰ্মূল কৰি তাৰ ঠাইত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা ।

ঘ) িউৰোপৰ পুনৰ নিৰ্মাণ কৰি নেপোলিয়নে জয় কৰা ৰাজ্যসমূহ নিজৰ মাজত ভগাই লৈ পূৰ্বৰ স্থিতি বাহাল ৰখা ইত্যাদি । 

নেপোলিয়নৰ দ্বিগিজয়সমূহে ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহৰ প্ৰতি বিভীষিকাৰ সৃষ্টি কৰিছিল । এই শক্তিসমূহে বাৰে বাৰে একগোট হৈও নেপোলিয়নক পৰাভূত কৰিবলৈ অসমৰ্থ হৈছিল । কিন্তু লিপজিগৰ যুদ্ধই তেওঁলোকৰ মনলৈ আশাৰ বতৰা কঠিয়াই আনে । এই যুদ্ধৰ পাছৰ পৰাই পুনৰ তেওঁলোক একগোট হৈ নেপোলিয়নৰ পতনৰ বাবে গোপনে চেষ্টা আৰম্ভ কৰে । নেপোলিয়নৰ ১৮১৪ চনৰ ১৩ এপ্ৰিলত ইউৰোপীয় চতুৰ্থ মিত্ৰ শক্তিৰ হাতত হোৱা পৰাজয়ৰ পাছত ফন্টেইনব্লৰ সন্ধিমতে তেওঁক এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হয় । এই চুক্তি অনুসৰি বুৰবন বংশৰ অষ্টাদশ লুইক ফ্ৰান্সৰ সম্ৰাট হিচাপে ঘোষণা কৰা হয় । এই সন্ধিৰ চৰ্তৰ আধাৰতে ভিয়েনা মহাসভাৰ আলোচনা আৰম্ভ হৈছিল । নেপোলিয়নৰ পতনত মুখ্য ভূমিকা লৈছিল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটাৰনিকে । সেয়েহে তেওঁৰ কাৰ্যাৱলীৰ প্ৰতি সহাৰি জনাই অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত এই মহাসভাৰ আয়োজন কৰা হৈছিল । ভিয়েনা মহাসভা চলি থকা অৱস্থাতে নেপোলিয়ন এলবাৰ পৰা পলাই আহি অষ্টাদশ লুইক অপসাৰিত কৰি পুনৰ ফ্ৰান্সৰ সিংহাসন অধিকাৰ কৰে । এই বাতৰি পাই মিলিত বাহিনীয়ে পুনৰ নেপোলিয়নৰ লগত যুদ্ধ কৰি ১৮১৫ চনৰ ১৫ জুনত ৱাৰ্টাৰলু যুদ্ধত সম্পূৰ্ণভাৱে নেপোলিয়নক পৰাস্ত কৰে । এই পৰাজয়ৰ পাছত নেপোলিয়নক চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দি ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহ ভিয়েনা মহাসভাত আলোচনাৰ বাবে মিলিত হয় ।

ভিয়েনা মহাসভাত ইউৰোপৰ বিভিন্ন দেশৰ সম্ৰাট, ৰাজপ্ৰতিনিধি, দাৰ্শনিক, পণ্ডিত, ৰাজনীতিজ্ঞ, সেনাধ্যক্ষ আদিয়ে যোগদান কৰিছিল । এই মহাসভাত যোগদান কৰা কেইজনমান উল্লেখযোগ্য প্ৰতিনিধি আছিল ।

ক) অষ্ট্ৰিয়াৰ সম্ৰাট প্ৰথম ফ্ৰেন্সিচ আৰু মেটাৰনিক ।

খ) ৰাছিয়াৰ সম্ৰাট প্ৰথম আলেকজেণ্ডাৰ ।

গ) প্ৰুছিয়াৰ ৰজা দ্বিতীয় ফেডাৰিক উইলিয়াম আৰু তেওঁৰ মন্ত্ৰী হাৰ্ডেনবাৰ্গ ।

ঘ) ইংলেণ্ডৰ লৰ্ড কেষ্টলৰীগ আৰু ৱেলিংটনৰ ডিউক ।

ঙ) ফ্ৰান্সৰ টেলিৰা ।

ভিয়েনা মহাসভাৰ আলোচনাৰ প্ৰধান বিষয়বস্তু আছিল ইউৰোপৰ পুনৰ গঠন তথা ১৭৯২ খ্ৰীঃৰ পূৰ্বৰ ফ্ৰান্সৰ যি সীমা আছিল সেই সীমালৈ ফ্ৰান্স উভতি যোৱা । ইতিপূৰ্বে ইউৰোপৰ প্ৰধান চাৰিশক্তি ইংলেণ্ড, ৰাছিয়া, প্ৰুছিয়া আৰু অষ্ট্ৰিয়া ১৮১২ চনৰ পৰা ১৮১৪ চনলৈ বিভিন্ন স্থানত গোপনে মিলিত হৈ আলোচনা অনুষ্ঠিত কৰি আছিল । এই সময়ছোৱাত তেওঁলোকে ছয়খন গোপন চুক্তি স্বাক্ষৰিত কৰিছিল । ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য চুক্তিখন আছিল পেৰিচ চুক্তি । এই চুক্তিসমূহৰ আধাৰতে ভিয়েনা মহাসভাৰ প্ৰতিনিধিসকলে আলোচনা আৰম্ভ কৰিছিল । এই মহাসভা প্ৰচণ্ড বাক-বিতণ্ডাৰ মাজেৰে অনুষ্ঠিত হৈছিল কাৰণ মিত্ৰগোটৰ প্ৰতিখন দেশেই ইউৰোপীয় শান্তি-শৃংখলতাকৈ নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু লাভৰ ওপৰতহে গুৰুত্ব দিছিল । 

Author- Ali rani kakati ( Ba in History Major)