অধ্য়ায়-৮

 স্কুলীয়া পাঠ্যত্ৰুমত জনসংখ্যা শিক্ষা

১/ জনসংখ্যা শিক্ষা পাঠ্যত্ৰুমৰ অৰ্থ কি?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ নিৰ্দ্ধাৰিত লক্ষ্যসমূহত উপনীত হবলৈ শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীসকলকলৈ আগবঢ়োৱা উপযুক্ত জ্ঞানমূলক বিষয়বস্তৰ সমষ্টিয়েই হল জনসংখ্যা শিক্ষা পাঠ্যত্ৰুম। জনসংখ্যাৰ লগত জড়িত বিভিন্ন ধৰণৰ আঁচনিও এনে পাঠ্যত্ৰুমত অন্তৰ্ভুক্ত কৰি তাক বাস্তৱত কাৰ্যকৰী কৰি তুলিবলৈ শিক্ষানুষ্ঠানসমূহত ব্যৱস্থানসমূহত ব্যৱস্থা গ্ৰহণ কৰা হয়। জনসংখ্যাৰ আঁচনি প্ৰয়োগৰ ক্ষেত্ৰত কেতিয়াবা বিদ্যালয়ৰ বাহিৰতো ছাত্ৰ - ছাত্ৰীসকলক লৈ যোৱা হয়। অৱশ্যে এনেধৰণৰ আঁচনিৰ সফল প্ৰয়োদৰ ক্ষেত্ৰত উপযুক্ত শিক্ষকৰ নিযুক্তি অপৰিহাৰ্য।

২/ জনসংখ্যা শিক্ষা পাঠ্যত্ৰুমৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুমৰ উদ্দেশ্যসমূহ হল -

(ক) জনসংখ্যাৰ লগত জড়িত বিবিধ সমস্যাৰ প্ৰতি শিক্ষাৰ্থীসকলৰ মনত উপযুক্ত মনোভংগী আৰু অনুৰাগ বৃদ্ধি কৰা।

(খ) পৰিয়ালৰ আকাৰ যে নিয়ন্ত্ৰত কৰি ৰাখিব পাৰি সেই সম্পৰ্কে ছাত্ৰ - ছাত্ৰীসকলক উপলব্ধি কৰিবলৈ সমৰ্থ কৰি তোলা।

(গ) আমাৰ দেশৰ জনসংখ্যা আঁচনিসমূহৰ বিষয়ে লৰা - ছোৱালীক অৱগত কৰোৱা।

(ঘ) ছাত্ৰ - ছাত্ৰীসকলক জনসংখ্যাৰ গতিশীলতা সম্পৰ্কে জ্ঞান প্ৰদান কৰা।

(ঙ) জীৱন নিৰ্বাহৰ মানদণ্ড উন্নয়ন আৰু সীমিত জনসংখ্যাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱা।

(চ) পৰিয়াল পৰিকল্পনা আৰু পৰিয়াল কল্যাণ সম্পৰ্কে শিক্ষাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টি কৰা।

(ছ) বৰ্দ্ধিত জনসংখ্যাই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক আদিকে ধৰি সৃষ্টি কৰা বিভিন্ন সমস্যাবোৰৰ প্ৰতি শিক্ষাৰ্থীসকলক সচেতন কৰি তোলা।

(জ) সৰু পৰিয়াল যে আৰ্থিক আৰু মানসিক সুখ - সম্ভোগৰ উৎস হব পাৰে সেই বিষয়ে বাস্তৱ জ্ঞান দিয়া। 

(ঝ) জনসংখ্যাৰ অৰ্থ,প্ৰকৃতি আদি সম্পৰ্কে উপযুক্ত জ্ঞান আহৰণ কৰাটোও জনসংখ্যা শিক্ষা পাঠ্যত্ৰুমৰ অন্যতম উদ্দেশ্য।

(ঞ) পৰিয়াল পৰিকল্পনাৰ বিজ্ঞানসন্মত পদ্ধতিসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

(ট) পৃথিৱীৰ উন্নত দেশ আৰু উন্নয়শীল দেশসমূহৰ মাজত ব্যক্তি জীৱনৰ গুণগত মানৰ তুলনামূলক বিশ্লেষণ আগবঢ়োৱা।

৩/ জনসংখ্যা শিক্ষা পাঠ্যত্ৰুমৰ পৰিধি বিষয়ে লিখা?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ লক্ষ্যসমূহত উপনীত হবলৈ হলে ইয়াৰ পৰিধি সুনিৰ্দিষ্ট হোৱাটো বাঞ্চনীয়। জনসংখ্যা শিক্ষা মানে পৰিয়াল পৰিকল্পনা বা যৌন শিক্ষা নহয়। অৱশ্যে পৰিয়াল পৰিকল্পনা আৰু যৌন শিক্ষাৰ কেইটামান দিশ জনসংখ্যা শিক্ষাত সামৰি লোৱা কথাটোও আমি অগ্ৰাহ্য কৰিব নোৱাৰো।

    এছিয়েন আঞ্চলিক কৰ্মশালাই জনসংখ্যা শিক্ষা পাঠ্যত্ৰুমত তিনিটা মূল দিশ অন্তৰ্ভুক্ত কৰিছে। সেইকেইটা হলঃ

১/ Determinats of Population growth ( জনসংখ্যা বৃদ্ধিৰ নিৰ্ণেয়ক)

২/ Demography (জনসংখ্যাৰ গাঁথন)

৩/ Consequences of population growth ( জনসংখ্যা বৃদ্ধিৰ পৰিণতি)

    আনহাতে জনসংখ্যা শিক্ষাক বহল দৃষ্টিৰে বিচাৰ কৰি তলত দিয়া ধৰণেও জনসংখ্যা শিক্ষা পাঠ্যত্ৰুমৰ পৰিধি নিৰ্দ্ধাৰণ কৰিব পাৰিঃ

 ১/ বৰ্দ্ধিত জনসংখ্যাৰ অবাঞ্চিত ফলাফল আৰু জনসংখ্যা সীমিত কৰাৰ বিষয়ে সচেতনতা বৃদ্ধি।

২/ জনসংখ্যা বৃদ্ধিৰ ধাৰা, বিশেষত্ব আৰু প্ৰকাৰ।

৩/ জনসংখ্যা বৃদ্ধিয়ে জীৱন - যাপনৰ মানদণ্ডৰ ওপৰত পেলোৱা প্ৰতিকূল প্ৰভাৱৰ বিষয়ে বাস্তৱবাদী মনোভঙ্গী সৃষ্টি কৰা।

৪/ প্ৰজনন সম্পৰ্কীয় শৰীৰতত্বৰ প্ৰাথমিক জ্ঞান আহৰণ।

৫/ পৰিয়ালৰ সংগঠন, স্বাস্থ্য, পুষ্টি আৰু জনসংখ্যাৰ গতিশীল ধৰ্মৰ লগত পৰিচিত হোৱা।

৬/ জনসংখ্যা আৰু আৰ্থ - সাংস্কৃতিক মানদণ্ডৰ মাজৰ সম্পৰ্ক। আৰ্থ-সামাজিক বিকাশৰ বাবে প্ৰমূল্য আহৰণত গুৰুত্ব।

৪/ জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুমৰ প্ৰয়োজনীয়তা বিষয়ে লিখা?

উত্তৰঃ সম্প্ৰতি সমগ্ৰ পৃথিৱীতে বিস্ফোৰণৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে আৰু দেশে দেশে এই সমস্যাৰ আশু সমাধানৰ কাৰণে ক্ষিপ্ৰগতিত প্ৰচেষ্টা চলোৱা দেখা গৈছে। কাৰণ জনসংখ্যাৰ বিস্ফোৰণৰ লগত দেশৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক আদি সকলো দিশৰে উন্নতি জড়িত হৈ আছে। আমাৰ দেশতো জনসংখ্যা বৃদ্ধিৰ সমস্যাই অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু শীঘ্ৰে এই সমস্যাৰ সমাধানৰ সূত্ৰ উলিয়াব নোৱাৰিলে দেশে অনতিপলমে ভয়ানক সংকটৰ সন্মুখীন হব বুলি অভিজ্ঞা ব্যক্তিসকলে মত প্ৰকাশ কৰিছে।

    আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হল নিৰক্ষৰতা আৰু অজ্ঞতা। দেশৰ প্ৰতিজন ব্যক্তিকে জনসংখ্যা বৃদ্ধিৰ কুফল সম্পৰ্কে অৱগত কৰি তুলিব পাৰিলে দেশৰ জনসংখ্যা বৃদ্ধি হ্ৰাস কৰিব পৰা যাব বুলি বহুতে মত প্ৰকাশ কৰে। জনসংখ্যাৰ লগত জড়িত প্ৰতিটো দিশ সামৰি প্ৰস্তত কৰা জনসংখ্যা শিক্ষা পাঠ্যত্ৰুম হল এই ক্ষেত্ৰত এক আৱশ্যকীয় মাধ্যম যাৰ জৰিয়তে লৰা - ছোৱালীক স্কুলীয়া স্তৰৰ পৰাই জনসংখ্যা সম্পৰ্কে জ্ঞান প্ৰদান কৰিব পাৰি। সৰুৰে পৰা ব্যক্তিসকলক জনসংখ্যা বৃদ্ধি পৰিমাণৰ বিষয়ে সজাগ কৰি তুলিব পাৰিলে ভৱিষ্যতে তেওঁলোকে জনসংখ্যা শিক্ষাক পাঠ্যত্ৰুমত অন্তভুক্ত অৰিহণা যোগাবলৈ সক্ষম হৈ উঠিব। সেই গতিকে স্কুলীয়া স্তৰত জনসংখ্যা শিক্ষাক পাঠ্যত্ৰুমত অন্তভুক্ত কৰাটো অতি প্ৰয়োজন। শিক্ষাৰ বহল দৃষ্টিকোণেৰে বিচাৰ কৰি চালে জনসংখ্যা শিক্ষাৰ প্ৰচাৰ আনুষ্ঠানিক মাধ্যমৰ জৰিয়তে হোৱাৰ লগতে অনানুষ্ঠানিক মাধ্যমটো ইয়াৰ বিস্তাৰ হোৱাটো আৱশ্যক।

৫/ জনসংখ্যা শিক্ষা পাঠ্য়ত্ৰুমৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰা?

উত্তৰঃ জনসংখ্যা শিক্ষা পাঠ্যত্ৰুমৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত উল্লেখ কৰা হল -

১/ উদ্দেশ্যৰ কাৰ্যসাধানঃ জনসংখ্যা শিক্ষাৰ উদ্দেশ্য নিৰ্দ্বাৰণ অবিহনে এনে শিক্ষা প্ৰদান কৰাটো সম্ভৱ নহয়। জনসংখ্যা শিক্ষাৰ নিৰ্দ্বাৰিত লক্ষ্যত উপনীত হলে উপযুক্ত প্ৰতিষ্ঠানৰো প্ৰয়োজন হব। পাঠ্যত্ৰুমত জনসংখ্যা শিক্ষাৰ লক্ষ্য নিৰ্দ্বাৰণ সুনিৰ্দিষ্ট আৰু সুপৰিকল্পিত হোৱা উচিত।

২/ উপযুক্ত শিক্ষকৰ বাচনিঃ পাঠ্যত্ৰুমৰ জৰিয়তে জনসংখ্যা শিক্ষা প্ৰদান কৰিবলৈ কেনেকুৱা গুণসম্পন্ন শিক্ষকৰ প্ৰয়োজন হব সেইবিষয়ে আমি জনা উচিত।

৩/ উপযুক্ত পদ্ধতিৰ বাচনিঃ উপযুক্ত শিক্ষা পদ্ধতি অবিহনে শিক্ষাদন প্ৰত্ৰুিয়া ফলপ্ৰসু নহয়। জনসংখ্যা শিক্ষা প্ৰদান কৰিবলৈ উপযুক্ত পদ্ধতি নিৰ্বাচনত শিক্ষকক জনসংখ্যাৰ পাঠ্যত্ৰুমে সহায় আগবঢ়ায়। কিয়নো শিক্ষাৰ্থীক কেনেকৈ শিকাব সেই কথাটো নিৰ্ভৰ কৰে শিক্ষকে কি শিকাব তাৰ ওপৰত।

৪/ পৰিৱৰ্তনশীল জনসংখ্যা শিক্ষাঃ জনসংখ্যাৰ শিক্ষা গতানুগতিক নহয়। ই সময়ৰ লগে লগে পৰিবৰিতন হয়। সেয়ে জনসংখ্যা শিক্ষাৰ উপযুক্ত পৰিবৰ্তনশীল পাঠ্যত্ৰুম থকা উচিত।

৬/ জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুমৰ সমস্যাসমূহ কি কি?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুমৰ সমস্যাসমূহ হল -

(ক) জনসংখ্যা শিক্ষাৰ ধাৰণাৰ নতুনত্ব।

(খ) জনসংখ্যা শিক্ষাক স্বাধীন পাঠ্যত্ৰুমত ৰুপ দিয়াত অসুবিধাৰ সন্মুখীন।

(গ) জনসংখ্যাৰ ক্ষেত্ৰত দক্ষতাসম্পন্ন পাঠ্যত্ৰুম প্ৰস্তত কৰোতাৰ অভাৱ।

(ঘ) শিক্ষক তথা সমূহ শিক্ষা পৰিচালনাৰ সদস্যবৃন্দৰ হেমাহি।

(ঙ) পাঠ্যত্ৰুম প্ৰস্ততকৰণত চৰকাৰী সহায় - সহযোগিতাৰ অভাৱ।

৭/ জনসংখ্যা শিক্ষা আৰু ছাত্ৰ - ছাত্ৰী সকলৰ বিষয়ে লিখা?

উত্তৰঃ আমাৰ স্কুলৰ লৰা - ছোৱালীবোৰে জনসংখ্যা শিক্ষা বুলি কলে একো বুজি নাপায়। তেওঁলোকক এনে শিক্ষা বাস্তৱভিত্তিকভাৱে প্ৰদান কৰা নহয় বাবেই হয়তো তেওঁলোকে এি বিষয়ে একো নাজানে। এতিয়া কথা হল জনসংখ্যা শিক্ষা প্ৰদান কৰা নহয় বাবেই হয়তো তেওঁলোকে এই বিষয়ে একো নাজানে। এতিয়া কথা হল জনসংখ্যা শিক্ষা প্ৰদান কৰাটো প্ৰয়োজনীয় হয়নে নহয়? - এই বিষয়টোক লৈ এতিয়াও বিতৰ্কৰ অৱসান ঘটা নাই। এচামে যদি সমৰ্থন কৰে এচামে আকৌ ইয়াৰ বিৰোধিতা কৰে।

    সাম্প্ৰতিক সময়ত জনসংখ্যাৰ হাৰ দ্ৰুতমাত্ৰাত বৃদ্ধি পোৱাটো আমি সকলোৱেই লক্ষ্য কৰিছো। জনসংখ্যাৰ হাৰ বৃদ্ধিৰ লগে লগে দেশত খাদ্যৰ নাটনি, নিবনুৱা সমস্যা, আশ্ৰয়হীনতা আদিকে ধৰি এশ একুৰি সমস্যাসমূহ নিৰ্মূলৰ বাবে জনসংখ্যা শিক্ষাৰ বহুল প্ৰচাৰৰ প্ৰয়োজনীয়তা নিশ্চয় নোহোৱা নহয়। এই দৃষ্টিৰে বিচাৰ কৰি চালে স্কুলীয়া লৰা - ছোৱালীকো যে জনসংখ্যা শিক্ষা প্ৰদান কৰাৰ আৱশ্যকতা আছে তাক আমি নুই কৰিব নোৱাৰো। জনসংখ্যা শিক্ষাৰ প্ৰথম নামাকৰণ কৰোঁতে ডেভিদ বাৰ্লছনে কৈছিল যে ''জনসংখ্যা শিক্ষাই জনগণক বৰ্ধিত জন্মৰ হাৰে সৃষ্টি কৰা সমস্যাৰ স্বৰূপ আৰু গুৰুত্ব হিদয়সংগ কৰিবলৈ সক্ষম কৰে। জনসংখ্যা শিক্ষা হল এনে শিক্ষা যি শিক্ষা ৰূপায়নৰদ্বাৰা শিক্ষাৰ্থীসকলে দেশৰ জনসংখ্যা পৰিস্থিতি সম্পৰ্কে আৰু পৰিয়াল, সমাজ আৰু জাতীয় জীৱনত ইয়াৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ - ছাত্ৰীসকলক জ্ঞান দিব পাৰে।'' গতিকে স্কুলীয়া স্তৰৰ পৰাই জনসংখ্যা শিক্ষা পৰিকল্পিতভাৱে আমাৰ লৰা - ছোৱালীসকলক দিয়া উচিত যাতে সিঁহতে ভৱিষ্যৎ পৰিয়াল পৰিকল্পনা সম্পৰ্কে আগতীয়াকৈ সতৰ্ক হব পাৰে। প্ৰাথমিক স্কলৰ ছাত্ৰ-ছাত্ৰীসকলক জনসংখ্যা বৃদ্ধি মানে কি, দেশত জনসংখ্যা বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, জনসংখ্যা বৃদ্ধিত পৰিয়ালত উদ্ভৱ হোৱা সমস্যা আদি সম্পৰ্কে বাস্তৱিক জ্ঞান প্ৰদান কৰিব লাগে। নিজৰ দেশৰ তুলনাত অন্য দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কম বা বেছি হোৱাৰ কাৰণসমূহ থূলমূলকৈ আলোচনা কৰিব পাৰিলেও তেওঁলোকে ভৱিষ্যত জীৱনত কামত আহিব। মাধ্যমিক স্তৰত জনসংখ্যাৰ শিক্ষণৰ এক বিশেষ বিভাগ হিচাপে পৰিগণিত যৌন শিক্ষাক স্কুলীয়া পাঠ্যত্ৰুমৰ অন্তৰ্ভুক্ত কৰা উচিত।  

৮/ প্ৰাথমিক স্তৰত জনসংখ্যা শিক্ষাৰ আৰম্ভণি কৰা প্ৰয়োজনীয়তাসমূহ লিখা?

উত্তৰঃ প্ৰাথমিক স্তৰত জনসংখ্যা শিক্ষাৰ আৰম্ভণি কৰা প্ৰয়োজনীয়তাসমূহ হল -

(ক) প্ৰাথমিক স্তৰত শিক্ষাৰ্থীৰ সংখ্যা অধিক।

(খ) কেৱল প্ৰাথমিক স্তৰতেই শিক্ষা গ্ৰহণ কৰি বিদ্যাৰ্থী জীৱনৰ ওৰ পেলোৱাসকলৰ বাবে সুবিধাযুক্ত।

(গ) প্ৰাথমিক স্তৰত এনে পাঠ্যত্ৰুমৰ সংযোজন কৰাটো সহজসাধ্য হোৱা।

(ঘ) জনসংখ্যা শিক্ষাৰ মূল ভেটিয়েই হল প্ৰাথমিক স্তৰ।

(ঙ) শিশুসকলেই হল ভৱিষ্যৎ নাগৰিক। 

(চ) প্ৰাথমিক স্তৰ শিক্ষাৰ উন্নতিৰ সোপন।

(ছ) উপযুক্ত চিন্তা চৰ্চাৰ সঠিক সময়।

(জ) পৰীক্ষাৰ ওপৰত হেঁচা প্ৰয়োগৰ সম্ভাৱনা কম।

(ঝ) শিক্ষাৰ্থীৰ মনৰ অসন্তোষ মনোভাৱৰ পৰিসমাপ্তি ঘটোৱাৰ কাৰণবশত।

৯/ মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষাৰ অন্তৰ্ভুক্তৰ প্ৰয়োজনীয়তাসমূহ কি কি?

উত্তৰঃ মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষাৰ অন্তৰ্ভূক্তৰ প্ৰয়োজনীয়তাসমূহ হল -

(ক) নতুন ৰূপত জনসংখ্যা শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰিবলৈ।

(খ) দক্ষশীল শিক্ষকৰ নিযুক্তিকৰণ।

(গ) জনসংখ্যা শিক্ষাৰ প্ৰস্ততকৰণত সুবিধা।

(ঘ) পাঠদান কৰিবলৈ উজু হোৱাটো।

(ঙ) জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা জ্ঞান প্ৰদান কৰাৰ উপযুক্ত সময়।

(চ) যৌন জীৱনৰ সৈতে শিক্ষাৰ্থীৰ পৰিচয় কৰোৱা।

(ছ) লৰা - ছোৱালীৰ আগ্ৰহশীল মনোভাৱ সৃষ্টি কৰা।

১০/ উচ্চ মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষাৰ অন্তৰ্ভুক্তিৰ প্ৰয়োজনীয়তাসমূহ লিখা?

উত্তৰঃ উচ্চ মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষাৰ অন্তৰ্ভুক্তৰ প্ৰয়োজনীয়তাসমূহ হল -

(ক) শিক্ষাৰ্থীসকলৰ বাবে বৈবাহিক জীৱনৰ কিছু কথা জনাৰ সময়সীমা।

(খ) পৰিয়াল পৰিকল্পনাৰ পদ্ধতিসমূহৰ বিষয়ে জ্ঞান আহৰণৰ আৱশ্যকতা।

(গ) সুস্থ যৌন জীৱন কটাবলৈ আৱশ্যকীয় জ্ঞান আহৰণৰ বাবে উচ্চ মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষাৰ অন্তৰ্ভুক্তি কৰা অতি প্ৰয়োজন।

১১/ NCRET ৰ অনুসৰি বিভিন্ন স্তৰত জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুমৰ প্ৰাথমিক স্তৰসমূহ কি কি?

উত্তৰঃ NCRET ৰ অনুসৰি বিভিন্ন স্তৰত জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুমৰ প্ৰাথমিক স্তৰসমূহ হল -

১/ নগৰত জনসংখ্যা বৃদ্ধি।

২/ জনসংখ্যা বিস্ফোৰণ।

৩/ অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা।

৪/ সামাজিক বিকাশত আৰু জনসংখ্যা বৃদ্ধি।

৫/ সুস্বাস্থ্যৰ আৱশ্যকতা।

৬/ ব্যক্তিগত স্বাস্থ্যবিধিৰ বাবে দায়ী উপাদানসমূহ।

৭/ বস্তি অঞ্চলত ব্যক্তি জীৱন।

৮/ ৰোগৰ নিয়ন্ত্ৰণ।

৯/ খাদ্যৰ মুখ্য প্ৰকাৰসমূহ।

১০/ জৈৱিক উপাদান আৰু জনসংখ্যা।

১২/ NCRET ৰ মাধ্যমিক স্তৰসমূহ কি কি ?

উত্তৰঃ NCRET ৰ মাধ্যমিক স্তৰসমূহ হল -

১/ জনসংখ্যা বৃদ্ধি।

২/ অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা।

৩/ সামাজিক বিকাশ জনসংখ্যা বৃদ্ধি।

৪/ স্বাস্থ্য, সুষম আহাৰ আৰু জনসংখ্যা বৃদ্ধি।

৫/ জৈৱিক উপাদানসমূহ আৰু জনসংখ্যা।

৬/ বৃদ্ধিৰ স্তৰসমূহ।

৭/ জনসংখ্যা বৃদ্ধিৰ জাতীয় গ্ৰাফৰ তুলনা।

১৩/ NCRET ৰ উচ্চ মাধ্যমিক স্তৰসমূহ কি কি?

উত্তৰঃ NCRET ৰ উচ্চ মাধ্যমিক স্তৰসমূহ হল -

১/ জনসংখ্যা বৃদ্ধি।

২/ অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা।

৩/ স্বাস্থ্য, সুষম আহাৰ আহাৰ আৰু জনসংখ্যা বৃদ্ধি।

৪/ সামাজিক বিকাশ আৰু জনসংখ্যা বৃদ্ধি।

৫/ জৈৱিক উপাদান আৰু জনসংখ্যা।

৬/ বস্তি অঞ্চলত ব্যক্তি জীৱন।

১৪/ স্কুলত জনসংখ্যা শিক্ষাক জনপ্ৰিয় কৰি তোলাৰ উপায়সমূহ উল্লেখ কৰা?

উত্তৰঃ স্কুলত জনসংখ্যা শিক্ষাক জনপ্ৰিয় কৰি তোলাৰ উপায়সমূহ তলত  উল্লেখ কৰা হল -

১/ এটি অনুকূল পৰিৱেশৰ সৃষ্টি কৰা।

২/ শিক্ষাৰ্থীক অভিৰোছিত কৰি তোলা।

৩/ শিক্ষকক প্ৰশিক্ষণৰদ্বাৰা উপযুক্ত কৰি তোলা।

৪/ অভিভাৱকৰ অংশগ্ৰহণ।

৫/ জনসংখ্যা শিক্ষাৰ বিভিন্ন বিষয়ৰ মাজত সমন্বয় সাধন।

৬/ দৰ্শন - শ্ৰৱণ সঁজুলিৰ ব্যৱহাৰ কৰা।

৭/ জনসংখ্যা শিক্ষাক বাস্তৱায়িক কৰি তোলা।

৮/ স্কুলত জনসংখ্যাৰ ওপৰত এখন আলোচনী প্ৰকাশ কৰি উলিওৱা।

১৫/ স্কুলৰ বিভিন্ন বিষয়ৰ জৰিয়তে জনসংখ্যা শিক্ষা প্ৰদান  কৰা বিষয়ে লিখা?

উত্তৰঃ ১/ গণিতঃ গণিত হল এক এনে বিষয় যত অমূৰ্ত চিন্তা - চৰ্চাৰ সমন্বয় ঘটে। আধুনিক জনজীৱনত এই বিষয়টোৰ এক প্ৰায়োগিক মূল্য/শিক্ষাগত মূল থকা দেধা যায়। বিভিন্ন ধৰণৰ পৰ্যালোচনাৰ ক্ষেত্ৰতো এনে বিষয়ৰ বিশেষ ভূমিকা থকা দেশা যায়। জনসংখ্যা শিক্ষাৰ বিভিন্ন দিশ গাণিতিক পদ্ধতিৰ জৰিয়তে বিশ্লেষণ কৰিব পাৰি। তলত সেই সম্পৰ্কে আলোচনা কৰা হল -

১ নং সমস্যাঃ পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৫৮.২ শতাংশ হল এচিয়া মহাদেশৰ জনসংখ্যা এই তথ্যখিনি এটা (বৃত্ত) পাইচিত্ৰ আঁকি এচিয়াৰ জনসংখ্যা শতাংশটো চিহিত কৰা।

২ নং সমস্যাঃ এটা দণ্ডচিত্ৰৰ জৰিয়তে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ তলত তালিকাখনৰ জৰিয়তে উপস্থাপন কৰা।

            বছৰ                                        জনসংখ্যা

            ১৯৫১                                      ৩৬.১০,৮৮,০৯০

            ১৯৬১                                        ৪৩,৯২,৩৪,৭৭

            ১৯৭১                                        ৫৪,৮১,৫৯,৬৫২

            ১৯৮১                                        ৬৮,৩৩,২৯,০৯৭

            ১৯৯১                                        ৮৪,৬৩,০২,৬৮৮

৩/ নং সমস্যাঃ এটা পৰিয়ালৰ মুঠ সদস্য সংখ্যা হল ১০ জন। তাৰে ভিতৰত কেৱল ২ জনহে উপাৰ্জনক্ষম। বাকী ৮ জন ব্যক্তিয়েই তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল। উপাৰ্জনক্ষম আৰু নিবনুৱা সদস্যৰ মাজত অনুপাতৰ হাৰ কিমান নিৰ্ণয় কৰা।

২/ সাহিত্যঃ সাহিত্য হল জনসংযোগৰ এক অন্যতম মাধ্যম। সাহিত্যৰ জৰিয়তেও জনসংখ্যা শিক্ষাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিব পাৰি। সাহিত্যৰ গদ্য, কবিতা, ৰচনা আদিৰ জৰিয়তে জনসংখ্যা শিক্ষাৰ বিভিন্ন সমস্যাৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়াব পাৰি। তলত সেই সম্পৰ্কে আলোচনা কৰা হল -

(i) গদ্য বা প্ৰবন্ধৰ জৰিয়তে

    (ক) জনসংখ্যা বৃদ্ধি আৰু সমস্যাসমূহ।

    (খ) জনসংখ্যা বৃদ্ধি আৰু জীৱনৰ গুণগত মান।

    (গ) জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশ প্ৰদূষণ।

(ii) ৰচনা

    (ক) জনসংখ্যা বৃদ্ধি আৰু সামাজিক অনুশাসনহীনতা।

    (খ) জনসংখ্যা বৃদ্ধি আৰু নিবনুৱা সমস্যা।

    (গ) জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশ

    (ঘ) আমাৰ অন্ধবিশ্বাস আৰু দ্ৰুত জন্মবৃদ্ধিৰ হাৰ।

    (ঙ) খাদ্যসমস্যা আৰু জনসংখ্যা বৃদ্ধি।

(iii) চিঠি লিখা

(ক) তোমাৰ বন্ধুক তোমাৰ নগৰৰ পাৰিপাৰ্শ্বিক সমস্যসমূহৰ বিষয়ে জনাই এখন চিঠি লিখা।

(iv) কবিতা 

(ক) সৰু পৰিয়াল, পৰিৱেশ, প্ৰদূষণ, আমি দুটা আমাৰ দুটা আদি বিষয় লৈ কবিতা ৰচনা কৰিলেও শিক্ষাৰ্থীসকলে জনসংখ্যা সম্পৰ্কে সচেতন হব বুলি আশা কৰিব পাৰি।

৩/ স্বাস্থ্য বিজ্ঞান

(i) গ্ৰন্থিসমূহৰ গঠন প্ৰণালী আৰু কাৰ্যসমূহ।

(ii) প্ৰদূষণ আৰু মানৱজীৱনত ইয়াৰ প্ৰভাৱ।

(iii) শৰীৰটো চাফ - চিকুনকৈ ৰাখা।

(iv) স্বাস্থ্যসন্মত আৰু স্বাস্থহীন পৰিৱেশ।

(v) জনসংখ্যা বৃদ্ধি আৰু স্বাস্থ্য সেৱাৰ অভাৱ।

৪/ ঘৰুৱা/গৃহবিজ্ঞানঃ গৃহ বিজ্ঞান হল আৰু বিজ্ঞানৰ সম্বয়। গৃহৰ ধাৰণাটো বৰ্তমান যুগত অতি তীব্ৰ গতিত সলনি হৈছে। গৃহ বিজ্ঞানৰ জৰিয়তেও জনসংখ্যা বৃদ্ধিৰ সমস্যা আৰু ইয়াৰ লগত সম্পৰ্কযুক্ত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিব পাৰি।

    (i) শিশুৰ বিকাশত মাতৃৰ বিকাশ।

    (ii) পাৰিবাৰিক জীৱন শিক্ষা।

    (iii) সুখাদ্য আৰু সুষম আহাৰ।

    (iv) ঘৰ আৰু পৰিৱেশ স্বাস্থ্যসন্মত কৰি গঢ়ি তোলা।

৫/ আৰ্ট আৰু পেইন্টিংঃ

    (i) পৰিৱেশ সংৰক্ষণ কৰা।

    (ii) পৰিয়াল পৰিকল্পনাৰ চিত্ৰ।

    (iii) সাক্ষৰতাৰ চিত্ৰ।

    (iv) সৰু পৰিয়াল, সুখী পৰিয়ালৰ নক্সা বা আৰ্ট।

    (v) উদ্যোগীকৰণ আৰু পৰিৱেশ প্ৰদূষণ।

৬/ সমাজ অধ্যয়নঃ সমাজ অধ্যায়নত বিভিন্ন ধৰণৰ বিষয় সম্পৰ্কে আলোচনা কৰা হয়। সমাজ অধ্যয়নে মানুহৰ সৈতে প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশৰ সম্পৰ্কে অধ্যয়ন কৰে। সমাজ অধ্যয়নৰ জৰিয়তে জনসংখ্যাৰ বিভিন্ন দিশ সম্পৰ্কে ব্যাখ্যা আগবঢ়াৱ পাৰি। তলত সেই আলোচনা কৰা হল -

(i) বুৰঞ্জী

    (ক) জনসংখ্যা বৃদ্ধি আৰু উদ্যোগিক বিপ্লৱ।

    (খ) ভাৰতবৰ্ষত আৰ্থ - সামাজিক ব্যৱস্থাৰ পৰিস্থিতি।

    (গ) জনসংখ্যা বৃদ্ধি আৰু স্বাধীনোত্তৰ কালত নগৰীকৰণ।

(ii) অৰ্থনৈতিক

    (ক) জনসংখ্যা বৃদ্ধি আৰু দাৰিদ্ৰতা।

    (খ) প্ৰব্ৰজন।

    (গ) জাতীয় আয়।

(iii) ভূগোল

    (ক) জনসংখ্যা বৃদ্ধি আৰু চহৰীয়া জীৱন।

    (খ) পৃথিৱীৰ মানচিত্ৰৰ বিৱৰণ।

    (গ) বিভিন্ন ৰাষ্ট্ৰৰ মাটিকালিৰ পৰিমাণ।

    (ঘ) বিভিন্ন ৰাষ্ট্ৰ বিৱৰণ আৰু জন্ম মৃত্যুৰ হাৰ।

১৬/ স্কুল কলেজৰ বাধ্যতামূলক বিষয়ৰ জৰিয়তে প্ৰদানকৰা সুবিধাসমূহ কি কি?

উত্তৰঃ স্কুল কলেজৰ বাধ্যতামূলক বিষয়ৰ জৰিয়তে প্ৰদান কৰা সুবিধাসমূহ হল -

(ক) সময় ৰাহি হোৱা।

(খ) খৰচ কম হোৱা।

(গ) শিক্ষকৰ পৰিশ্ৰম লাঘৱ হোৱা।

(ঘ) শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ আগ্ৰহশীন মনোভাৱৰ সৃষ্টি হোৱা।

(ঙ) অতিৰিক্ত বিষয় হিচাবে অধ্যয়ন কৰিব নালাগিলে শিক্ষাৰ্থীৰো মানসিক পৰিশ্ৰম কম হব।

১৭/ জনসংখ্যা বৃদ্ধি আৰু জীৱনৰ বিভিন্ন দিশৰ সমস্যাৰ ভিত্তিত পাঠ্যত্ৰুমৰ বিষয়বস্তসমূহৰ বিষয়ে লিখা?

উত্তৰঃ বৰ্তমান সময়ত গোটেই পৃথিৱীতে জনসংখ্যা সমস্যাটো এটা ভয়াবহ সমস্যাৰূপে দেখা দিছে। সংযুক্ত ৰাষ্ট্ৰ সংঘৰ এটা হিচাপ মতে পৃথিৱীৰ জনসংখ্যা দুই শতকৰা হাৰত প্ৰত্যেক বছৰে বৃদ্ধি পায়। এই সমীক্ষা মতে প্ৰতি ৩৫ বছৰত অন্তত ২ কোটি, ৭০ বছৰত ৪ কোটি আৰু ১০৫ বছৰত ৮ কোটি হবগৈ। এইটো হল সমগ্ৰ পৃথিৱীৰ এটা গড় হিচাবে মাত্ৰ। ইয়াৰ পৰা উন্নত দেশবোৰৰ হাৰ বাদ দিলে অকল উন্নয়নশীল দেশবোৰৰ সৰ্বাধিক জনসংখ্যা থকা দেশবোৰৰ হিচাব ললে দেখা যায় যে কোনো দেশত জনসংখ্যা দুণ্ডণ হবলৈ ৩৫ বছৰতকৈ কম সময়তে লাগিব।

    জনসংখ্যা বৃদ্ধিৰ এনে ভয়াবহতাই সমগ্ৰ পৃথিৱীৰ বাবে এটা সামগ্ৰীক সমস্যাৰূপে দেখা দিছে। ১৮৮৭ চনৰ ১১ জুলাইত প্ৰথমবাৰৰ বাবে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। আৰু ১৯৮৭ চনত বিশ্বৰ জনসংখ্যা আছিল ৫ বিলিয়ন আৰু বৰ্তমান সময়ত বিশ্বৰ জনসংখ্যা ৬ বিলিয়নতকৈ বেছি হৈছেগৈ। এনেদৰে পৃছিৱীৰ জনসংখ্যা বৃদ্ধি হৈ থাকিলে মানৱ জাতিৰ বাবে বিভিন্ন সমস্যাৰ আৱিৰ্ভাৱ হোৱা নিশ্চিত হৈ পৰিব। আৰু ই আমাৰ বাবে এক ভয়াবহ প্ৰত্যাহ্বান ৰূপে দেখা দিবহি। এই সমস্যাবিলাকৰ ভিতৰত বৰ্তমান সময়ত সৃষ্টি হোৱা বিভিন্ন সমস্যাবিলাক হৈছে -

(i) পৰিৱেশ প্ৰদূষণৰ সমস্যা।

(ii) বিশুদ্ধ খোৱাপানীৰ সমস্যা।

(iii) খাদ্য শস্যৰ নাটনি।

(iv) স্বাস্থ্যসন্মত বাসস্বানৰ অভাৱ।

(v)বৰ্দ্ধিত জনসংখ্যাৰদ্বাৰা পৰিৱেশ প্ৰদূষণৰ সমস্যা ইত্যাদি।

    এই সমস্যাবোৰে সমগ্ৰ বিশ্বতে এক ভয়াবহ পৰিস্থিতি সৃষ্টি কৰা দেখা গৈছে। তাৰোপৰি বিভিন্ন সামাজিক সমস্যাসমূহে দাঙি উঠিছে। যেনে - (i) নিবনুৱা সমস্যা (ii) জীৱন ধাৰণৰ নিম্ন মানৰ সমস্যা ইত্যাদি।

১৮/ ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি হৈ থকাৰ কাৰণসমূহ কি কি?

উত্তৰঃ ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি হৈ থকাৰ কাৰণসমূহ হল -

১/ জনসংখ্যাৰ প্ৰায় ৫০% ব্যক্তিয়ে ১৪ বছৰ বয়সৰ তলত।

২/ প্ৰায় সকলোৱে কম বয়সতে বিয়া কৰায়।

৩/ অশিক্ষিতৰ সংখ্যা সৰ্বাধিক।

৪/ ভাৰতবৰ্ষৰ বেছি সংখ্যক ব্যক্তিয়ে কিছুমান ধৰ্মীয় বাধ্যবাধকতা, কু - সংস্কাৰ আদি মানি চলে।

৫/ নিৱনুৱা সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে।

১৯/ ১৯৭৬ চনত হোৱা জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ ১৯৭৬ চনত হোৱা জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহ হল -

(i) পৰিয়ালত আকাৰ যে নিয়ন্ত্ৰত কৰিব পৰা যায়, সেই বিষয়ে ছাত্ৰ - ছাত্ৰীসকলক বোধগম্য কৰোৱা।

(ii) জনসংখ্যাৰ সীমা ধাৰ্যকৰণৰদ্বাৰা জাতীয় জীৱন উচ্চ মানৰ বাবে সূচল হয়।

(iii) এটা সৰু পৰিয়ালে ব্যক্তিগত জীৱনৰ মানৰ বাবে প্ৰকৃততে অৰিহণা যোগাব পাৰে।

(iv) পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে পৰিয়ালৰ অৰ্থনৈতিক স্থবিৰতা নিশ্চিত কৰিবৰ বাবে আৰু উত্তৰ পুৰুষসকলৰ উন্নতি ভৱিষ্যতৰ আশ্বাস দিবৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিয়ালসমূহ সৰু আৰু সংক্ষেপ হোৱা উচিত। সেই বিষয়ে প্ৰত্যেকে জনা দৰকাৰ।

(v) পৰিয়ালৰ আকাৰ আৰু জাতীয় জনসংখ্যাৰ পৰিৰ্বতনে ৰাজ্যিক আৰু দেশৰ ওপৰত কি প্ৰভাৱ পেলায় সেই বিষয়ে ছাত্ৰ - ছাত্ৰীক সম্যক জ্ঞান দিয়া, জাতীয় পৰিয়ালৰ আকাৰ আৰু জাতীয় জনসংখ্যাৰদ্বাৰা দেশৰ অৰ্থনৈতিক উন্নতিৰ বাবে মংগলজনক ফল আৰু ব্যক্তিগত পৰিয়ালৰ কল্যাণৰ জ্ঞানে উন্নতি সাধিব পাৰে। 

২০/ গণ - মাধ্যমৰ ভূমিকাৰ বিষয়ে লিখা?

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ হাৰ কমাবৰ বাবে আমি বিভিন্ন পদ্ধতি হিচাপ কিতাপ, জনসংযোগ মাধ্যম, অৰ্থাৎ টি ভি, ৰেডিঅ, বাতৰি কাকত, আলোচনী, বিভিন্ন ধৰণৰ প্ৰদৰ্শনী, আলোচনাচত্ৰু তথা চৰকাৰৰ প্ৰচাৰ মাধ্যম ইত্যাদিৰ উপযুক্ত ভূমিকাই বিশেষকৈ আমাৰ গাওঁ অঞ্চলৰ অশিক্ষিত ব্যক্তিসকলৰ মাজত পৰিয়াল সংকোচনৰ ধাৰণা সোমাই দিব পাৰে। এই প্ৰচাৰ মাধ্যমসমূহে সৰু পৰিয়ালৰ ধাৰণা, সৰু পৰিয়ালৰ সুবিধা ইত্যাদি সম্পৰ্কে জ্ঞাত কৰাব পাৰে। গাওঁ অঞ্চলৰ বহু সংখ্যক মানুহে এতিয়াও পৰিয়াল ভগৱানৰ দান বুলি ভাবে। গতিকে সন্তান নোহোৱা কৰা কাৰ্যটো তেওঁলোকৰ কাৰণে ভগৱানৰ ওচৰত গৰ্হিত কাম ৰূপে দেখা দিয়ে। 

২১/ জনসংখ্যা সমস্যা সম্পৰ্কে সজাগতা আনিবলৈ শিক্ষকৰ ভূমিকা বিষয়ে লিখা?

উত্তৰঃ জনসংখ্যা সমস্যা সম্পৰ্কে সজাগতা আনিবলৈ শিক্ষকৰ ভূমিকা বিষয়ে তলত আলোচনা কৰা হল -

১/ সচেতনতাৰ স্তৰঃ শিক্ষকসকলে স্কুল জনসংখ্যাৰ বিভিন্ন অৱস্থা সম্পৰ্কে ছাত্ৰ  - ছাত্ৰীসকলক বিভিন্ন ধৰণৰ বক্তৃিতা, আলোচনাচত্ৰু কৰ্মশালা আদি অনুষ্ঠিত কৰি সচেতনতাৰ দিশটোত অৰিহণা যোগাব পাৰে। ইয়াৰ উপৰিও জনমাধ্যমসমূহৰদ্বাৰাও বিভিন্ন খবৰ - বাতৰি জনসাধাৰণৰ মাজলৈ লৈ যোৱাত সহায় কৰিব পাৰে। 

২/ অনুৰাগৰ স্তৰঃ ছাত্ৰ - ছাত্ৰীসকলক নতুন প্ৰত্ৰুিয়া আৰু পৰিবৰ্তনৰ বাবে মনোবৈজ্ঞানিকভাৱে আকৃষ্ট কৰি এনে ক্ষেত্ৰত এওঁলোকক সচেতনভাৱে অন্তৰ্ভূক্ত কৰিব পাৰি আৰু অধিক খবৰৰ বাবে আগ্ৰহী কৰি তুলিব পাৰি।

৩/ মূল্যায়নৰ স্তৰঃ এই স্তৰত ছাত্ৰ - ছাত্ৰীসকলক নতুন প্ৰত্ৰুিয়া আৰু বিভিন্ন খবৰৰ তুলনামূলক মূল্যায়ন কৰিব দিব লাগে। এই ক্ষেত্ৰত ছাত্ৰ - ছাত্ৰীসকলে মনৰ শংকা, আকাংক্ষা ইত্যাদিৰ তুলনামূলক মূল্যায়ন কৰিব পাৰে।

৪/ প্ৰচেষ্টাৰ স্ততঃ এই স্তৰত শিক্ষকসকলে অভিভাৱকসকলৰ ওচৰলৈ গৈ নতুন প্ৰত্ৰুিয়াসমূহৰ বিষয়ে অৱগত কৰা পাৰে, মূল্যায়ন কৰিব পাৰে, পৰীক্ষা - নিৰীক্ষা কৰিব পাৰে।

৫/ গ্ৰহণৰ স্তৰঃ এই পৰ্যায়ত শিক্ষকে প্ৰতিজন ব্যক্তিকে শিক্ষিত কৰি তোলা উচিত। প্ৰত্যেকজন ব্যক্তিয়ে যাতে নিজস্বভাৱে এই সম্পৰ্কীয় মতামত ব্যক্ত কৰি কোনো ধৰণৰ সিদ্ধান্তত উপনীত হব পাৰে তাৰ প্ৰতি সচেষ্ট হব লাগে।

২২/ জনসংখ্যা শিক্ষা প্ৰদানৰ পদ্ধতিসমূহ উল্লেখ কৰা?

উত্তৰঃ জনসংখ্যা শিক্ষা প্ৰদানৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হল -

১/ ত্ৰুমাগত সম্প্ৰসাৰণ ব্যৱস্থাঃ এই ব্যৱস্থা মতে জনসংখ্যা শিক্ষা প্ৰদানৰ বাবে প্ৰথম কেইখনমান নিৰ্দ্দিষ্ট বিদ্যালয় - বাচি লব লাগে। তাৰ পিছত এই কেইখন বিদ্যালয়ত জনসংখ্যা শিক্ষা প্ৰদানৰ পৰা পোৱা অভিজ্ঞতাৰ ভিত্তিত ত্ৰুমাম্বয়ে অধিক বিদ্যালয়লৈ এই আঁচনি সম্প্ৰসাৰিত কৰিব লাগে।

২/ পদ্ধতিগত ব্যৱস্থাঃ এই পদ্ধতি মতে জনসংখ্যা শিক্ষা সম্পৰ্কীয় প্ৰাথমিক যা - যোগাৰ শেষ কৰাৰ পিছত সাধাৰণ শিক্ষা ব্যৱস্থাৰ এক অংশ হিচাবে জনসংখ্যা শিক্ষা প্ৰৱৰ্ত্তিত হব লাগে।

৩/ পদানুত্ৰুমিক ব্যৱস্থাঃ এই ব্যৱস্থা অনুযায়ী জনসংখ্যা শিক্ষা প্ৰদানৰ বাবে শিক্ষাৰ যি কোনো এটা পৰ্যায় নিৰ্ব্বাচন কৰি লব লাগে। প্ৰাথমিক পৰ্যায়তে হওঁক বা মাধ্যমিক পৰ্যায়তে হওঁক ইয়াৰ নিম্ন শ্ৰেণীৰ পৰা চুড়ান্ত বৰ্ষলৈকে জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুম প্ৰৱৰ্তন কৰা উচিত।

২৩/ ১৯৬৯ চনত হোৱা জনসংখ্যা শিক্ষাৰ পদ্ধতিসমূহ উল্লেখ কৰা?

উত্তৰঃ ১৯৬৯ চনত হোৱা জনসংখ্যা শিক্ষাৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হল -

(ক) গাইগুটীয়া অধ্যয়নত্ৰুম পদ্ধতিঃ কেৱল জনসংখ্যা শিক্ষাকে মূল শিক্ষণীয় বিষয় হিচাবে লৈ এটা নিৰ্দিষ্ট সময়ত শেষ হোৱাকৈ এই শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব পাৰি। কিন্ত বিদ্যালয়সমূহত আগৰে পৰা থকা অন্য বিষয়বোৰৰ পাঠদানৰ হেঁচা চম্ভালিব নোৱাৰা অৱস্থাত এনে এক অতিৰিক্ত বোজা লোৱাটো সম্ভৱ হৈ নুঠিব পাৰে। গতিকে বিদ্যালয়ৰ পাঠ্যত্ৰুমৰ সংশোধন ঘটাই অন্যান্য বাধ্যতামূলক বিষয়বোৰৰ দৰে জনসংখ্যা শিক্ষা বিষয়টোও সুমুৱাই লব পাৰি। গতিকে বিদ্যালয়ৰ পাঠ্যত্ৰুমৰ সংশোধন ঘটাই অন্যান্য বাধ্যতামূলক বিষয়বোৰৰ দৰে জনসংখ্যা শিক্ষা বিষয়টোও সুমুৱাই লব পাৰি। তেতিয়া হলেও এই বিষয়টো পঢ়াবলৈ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন হব।

(খ) এটা বিষয়ৰ একোটা গোট প্ৰণালীঃ জনসংখ্যা শিক্ষাক এটা বিষয়ৰ ভিতৰতে এটা গোট হিচাবে লব পাৰি। সেই গোটৰ পাঠদানৰ বাবে তিনিমাহ বা চাৰিমাহ সময় লৈ বাকী সময় বিষয়টোৰ অন্যান্য গোট অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে এই ক্ষেত্ৰতো প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাৱে অসুবিধাৰ সৃষ্টি নকৰাকৈ নাথাকে। সেয়ে জনসংখ্যা শিক্ষা ব্যৱস্থা ফলপ্ৰসূ কৰি তুলিবৰ বাবে শিক্ষক - প্ৰশিক্ষণৰ বিস্তাৰিত আঁচনি গ্ৰহণ কৰিব লাগে।

(গ) অন্তবৰ্তীকৰণঃ ১৯৬৯ চনত অনুষ্ঠিত জনসংখ্যা শিক্ষাৰ ৰাষ্ট্ৰীয় আলোচনা চত্ৰুই পৰামৰ্শ দিছিল যে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যত্ৰুমত আগতে উল্লেখ কৰাৰ দৰে বিষয়সমূহৰ ভিতৰত জনসংখ্যা শিক্ষাৰ বিষয়বস্ত অন্তৰ্ভূক্ত কৰা উচিত। এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ হলে সাধাৰণ পাঠ্যত্ৰুমৰ কোনবোৰ বিষয়ত জনসংখ্যা শিক্ষাৰ বিষয় - বস্ত অৰ্তৰ্ভূক্ত কৰা হব সেই সম্পৰ্কে পাঠ্যত্ৰুম বিশ্লেষণৰ প্ৰয়োজন হব।

(ঘ) সংযুক্ত প্ৰণালীঃ জনসংখ্যা শিক্ষাৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পাঠ্যত্ৰুমৰ ব্যৱস্থা কৰিব পাৰি। এই ব্যৱস্থা মতে প্ৰাথমিক আৰু নিম্ন মাধ্যমিক স্তৰৰ পাঠ্যত্ৰুমৰ বিষয় - বস্ত হিচাবে জনসংখ্যা শিক্ষা লাভ কৰাৰ পিছত মাধ্যমিক পৰ্যায়ৰ শেষত সপ্তাহত এঘন্টাকৈ প্ৰায় ১০ সপ্তাহত শিকাব পৰাকৈ জনসংখ্যা শিক্ষাৰ বিষয় - বস্ত নিৰ্দ্ধাৰণ কৰিব লাগে। এই বিষয় - বস্ত জনসংখ্যা সমস্যা সম্পৰ্কীয় হব লাগিব আৰু উচ্চ মাধ্যমিক তথা মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীক জনসংখ্যাৰ সমস্যা সমাধানৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণৰ চিন্তা কৰিবলৈ সুযোগ দিব লাগিব।

(ঙ) অনুসন্ধানমূলক পদ্ধতিঃ এই পদ্ধতিটো প্ৰধানতঃ অনুসন্ধানমূলক, আৱিষ্কাৰমূলক আৰু বিশ্লেষাত্মক ইত্যাদি দিশৰ ওপৰত প্ৰতিষ্ঠিত। এই পদ্ধতিৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ - ছাত্ৰীৰ অনুসন্ধানমূলক দক্ষতাৰ বিকাশ সাধন কৰা। এই দক্ষতা বিকাশ কৰিবলৈ পদ্ধতিগত অনুসন্ধানমূলক প্ৰশিক্ষণ দিয়া হয়। ইয়াত বিষয় - বস্ত সৰ্বশেষ লক্ষ্য নহয় বৰং বিষয়বস্তৰদ্বাৰা শেষত এটা গুৰুত্বপূৰ্ণ অৰ্থ সম্বন্নিত উদ্দেশ্যত উপনীত হোৱা যায়। এই পদ্ধতিয়ে অৰ্থপূৰ্ণ সামৰণিৰ ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰ - ছাত্ৰী উভয়কে যথেষ্ট সহায় কৰে।

(চ) আলোচনা চত্ৰুঃ আলোচনা চত্ৰু হৈছে হৈছে জনংখ্যা শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰোৱাৰ এক প্ৰকাৰৰ উত্তম পদ্ধতি। আলোচনাত এজন ব্যক্তিয়ে যুক্তি সহকাৰে তথা ফলপ্ৰসূভাবে নিজৰ মতামত আনৰ সম্মুখত উপস্থাপন কৰাৰ উত্তম উপায়। এনেধৰণৰ আলোচনাৰ চত্ৰুৰ মাজেৰে ইজনে ব্যক্তিয়ে সিজন ব্যক্তিৰ লগত সৰু পৰিয়ালৰ ধাৰণা, সুবিধা, যৌথ পৰিয়ালৰ সুবিধা - অসুবিধা জীৱনৰ গুণগত মানৰ বৰ্দ্ধন নগৰীকৰণ আদিৰদ্বাৰা জনসংখ্যাৰ বৰ্দ্ধনৰ কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হব পাৰে বা এইবিলাক কেনেদৰে সমাধান কৰিব পাৰি আদি আলোচনা কৰিব পাৰি।

    আলোচনা চত্ৰুত জনসংখ্যা শিক্ষাৰ কোনো এটা দিশ বা জনসংখ্যা সম্বন্ধীয় অন্যান্য দিশসমূহৰ ওপৰত যুক্তি দৰ্শাই এখন নিৰ্দিষ্ট পত্ৰিকাত উপস্থাপন কৰিব পাৰি। চেনেকুৱা উপস্থাপনৰ দ্বাৰা কোনো এটা সমস্যাৰ স্থায়ী সমাধানো কৰিব পাৰি। আলোচনা পদ্ধতিৰদ্বাৰা জনসংখ্যা শিক্ষাৰ তলত উল্লেখ কৰা দিশ কেইটাৰ বিকাশ কৰিব পাৰি।

(ক) কাৰণ আৰু ফলাফল সম্পৰ্কীয় জনসংখ্যা আৰু আৰ্থ - সামাজিক উপাদানৰ সম্পৰ্ক নিৰ্ণয়।

(খ) জনসংখ্যা নীতি আৰু পৰিকল্পনাসমূহৰ পৰ্যায়লোচনা।

(গ) জনসংখ্যা পৰিস্থিতিৰ বিশ্লেষণ কৰি উপযুক্ত কাৰ্যত্ৰুমনিকা গ্ৰহণ কৰা।

(ছ) আত্ম শিক্ষণ পদ্ধতিঃ আত্ম শিক্ষণ পদ্ধতিক পৰিকল্পিত শিক্ষণ পদ্ধতি হিচাবেও জনা যায়। আত্মশিক্ষণৰ বাবে শিকন যন্ত্ৰ নাইবা পৰিকল্পিত পাঠপুথিৰ প্ৰয়োজন হয়। এই পদ্ধতিৰদ্বাৰা শিকাৰুয়ে পাঠ্যপুথি বা যন্ত্ৰৰ সহায়ত নিজে নিজে শিক্ষা গ্ৰহণ কৰে। এই পদ্ধতিত শিকাৰুৰ আত্ম সংশোধনৰ ব্যৱস্থাও থাকে। মুঠতে, এই সহায়ত কোনো এজন ব্যক্তিয়ে জনসংখ্যা শিক্ষা দিয়াৰ ব্যৱস্থা আছে।

২৪/ জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুমৰ দৃষ্টিভঙ্গীসমূহ বিষয়ে আলোচনা কৰা?

উত্তৰঃ পাঠ্যত্ৰুম প্ৰস্ততিৰ বেলিকা জনসংখ্যা শিক্ষাৰ ক্ষেত্ৰত কি দৃষ্টি ভঙ্গী গ্ৰহণ কৰা হব সেইলৈ বিভিন্ন মতামত ব্যক্ত কৰা দেখা যায়। শিক্ষকৰ শিক্ষাদন কাৰ্যৰ সুবিধা অসুবিধা, ছাত্ৰৰ শিক্ষা গ্ৰহণ কাৰ্যৰ উদ্দেশ্য, প্ৰয়োজনীয়তা ইত্যাদি বিভিন্ন দিশৰ পৰা জনসংখ্যা শিক্ষাৰ পাঠ্যত্ৰুমৰ দৃষ্টিভঙ্গীক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে -

(১) এটা একক বিষয়মূলক দৃষ্টিভঙ্গী,

(২) এটা বিষয়ৰ কেইটামান ভাগৰ দৃষ্টিভঙ্গী,

(৩) কোনো বিষয় শিকোৱাৰ সময়ত প্ৰাসংগিকতা টনাৰ দৃষ্টিভঙ্গী।

(১) এটা একক বিষয়মূলক দৃষ্টিভঙ্গীঃ এইবিধ দৃষ্টিভঙ্গীত অধ্যয়নৰ সময়ত জনসংখ্যা শিক্ষাক এক স্বয়ং সম্পূৰ্ণ বিষয়স্বৰূপে শিক্ষকে ছাত্ৰক প্ৰদান কৰিব পাৰে। ইয়াৰ শিক্ষা কাল এক পূৰ্ণ শৈক্ষিক বছৰৰ বাবে প্ৰস্তত কৰি তোলা হয় আৰু পাঠ্যত্ৰুমৰ অন্যান্য বিষয়ৰ দৰে অধ্যয়নত সমানে গুৰুত্ব আৰোপ কৰা হয়। পাঠ্যপুথিৰ অধ্যায়বোৰো পৰ্যায়ত্ৰুমে সৰলৰ পৰা কঠিনতাৰ ভিত্তিত উপস্থাপন কৰা হয়। বিষয়বস্তৰ গভীৰতালৈ যাবলৈ বিশেষজ্ঞ শিক্ষকৰো প্ৰয়োজন হয়।

    এই দৃষ্টিভঙ্গীৰ সুবিধাবোৰ তলত উল্লেখ কৰা ধৰণৰ -

    (ক) শিক্ষকে ইয়াত বিষয়বস্তৰ শিক্ষাদনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে,

    (খ) তেওঁ বিষয় বস্তৰ অধ্যয়নৰ গভীৰতালৈ প্ৰৱেশ কৰিব পাৰে,

    (গ) এনে ধৰণৰ দৃষ্টিভঙ্গী উচ্চ পৰ্যায়ৰ বাবে বেছি সুবিধাজনক হয়,

    (ঘ) এই দৃষ্টিভঙ্গীত ছাত্ৰ - শিক্ষকে স্বীকৃতিপ্ৰাপ্ত আৰু স্বতন্ত্ৰ বিষয়স্বৰূপে অধ্যয়নৰ মৰ্যদা পায়,

    (ঙ) ছাত্ৰই বিষয় বস্তৰ অধ্যয়নত সামগ্ৰীক দৃষ্টি লাভ কৰিব পাৰে,

এই দৃষ্টিভঙ্গীৰ অসুবিধাবোৰঃ

    (ক) শিক্ষাৰ নিম্ন পৰ্যায়ৰ বাবে এইবিধ ব্যৱস্থা অনুপযোগী,

   (খ) পাঠ্যত্ৰুমৰ বিষয় বস্ত মাত্ৰাধিক্য হৈ উঠা অৱস্থাত এই দৃষ্টিভঙ্গীৰে শিক্ষা প্ৰদান কৰা অসুবিধাজনক হয়,

    (গ) বিশেষজ্ঞা শিক্ষক নোহোৱা অৱস্থাত এই দৃষ্টিভঙ্গীৰে শিক্ষা প্ৰদান কৰা অসুবিধাজনক হয়,

    (ঘ) বিষয়কেন্দ্ৰিক শিক্ষাই ছাত্ৰৰ মনত সামগ্ৰীক দৃষ্টিভঙ্গী প্ৰদান কৰিব নোৱাৰে,

    (ঙ) এইবিধ ব্যৱস্থাই শিক্ষা ব্যয় - বহুল আৰু অধিক সময় - সাপেক্ষে কৰি তুলিব পাৰে।

(২) এটা বিষয়ৰ কেইটামান ভাগৰ দৃষ্টিভঙ্গীঃ এইবিধ পাঠ্যত্ৰুম ব্যৱস্থাত বিষয়বস্তৰ সসকলোবোৰ উপাদান অধ্যয়নৰ বাবে লোৱাৰ পৰিবৰ্তে কেইটামান একক বা Unit হে লোৱা হয়, যাৰ অধ্যয়ন অনিবাৰ্য স্বৰূপে বিবেচনা কৰা হয়। এইবিধ অধ্যয়নত সমগ্ৰ বিষয়বস্তৰ অন্তনিৰ্হিত উপাদান অন্তৰ্ভূক্ত কৰা আৰু তাৰ খৰচি মাৰি আলোচনা - বিলোচনা কৰা নহয়। বিষয়বস্তৰ অৰ্তৰ্ভূক্ত কেইটামান বচা বচা অংশ বা এককহে ছাত্ৰৰ অধ্যয়নৰ বাবে লোৱা হয়। এনে অধ্যয়ন বিস্তৃত হোৱাৰ পৰিবৰ্তে মিতব্যয়ী আৰু কম সময় - সাপেক্ষ বিধৰ কৰি তোলা হয়।

এই দৃষ্টভঙ্গীৰ অধ্যয়নৰ কেতবোৰ গুণাগুণঃ

    (ক) এই ব্যৱস্থাই বিষয় অধ্যয়নৰ মাত্ৰাধিক্য হৈ উঠাত বাধা দিব পাৰে,

    (খ) এই ব্যৱস্থাৰে শিক্ষা দি শিক্ষকে সহ সম্বন্ধ পদ্ধতি প্ৰয়োগ কৰি পাঠদান আকৰ্ষণীয় কৰি তুলিব পাৰে,

    (গ) বিষয়বস্তৰ শিক্ষাত লগা সময়ৰ পৰিমাণ এই ব্যৱস্থাৰে কমাব পাৰি,

    (ঘ) শিক্ষকে নিজৰ সুবিধা - অসুবিধা আৰু প্ৰয়োজন মতে বিষয় বস্তৰ একক উপাদান নিৰ্ণয় কৰি লব পাৰে।

এই দৃষ্টিভঙ্গীৰ কিছুমান অসুবিধা আছেঃ

    (ক) এই একক ব্যৱস্থাৰ দিয়া বিষয়বস্তৰ শিক্ষাই অধ্যয়নৰ সমগ্ৰ বিষয়বস্ত সামৰি লব নোৱাৰে,

    (খ) শিক্ষাদানৰ বিষয়বস্তৰ ধাৰাবাহিকতা ৰক্ষা কৰাত খেলিমেলিৰ সৃষ্টি হৈ উঠিব পাৰে,

    (গ) নিৰ্বাচিত একক ব্যৱস্থাৰ পৃথকে শিক্ষা দিয়াৰ ক্ষেত্ৰত শিক্ষকৰ কঠিনতাৰ সৃষ্টি হব পাৰে,

    (ঘ) ইয়াত বিশেষজ্ঞ শিক্ষক নথকা বাবে শিক্ষকৰ একাগ্ৰতা নোহোৱা হৈ পৰে,

    (ঙ) এই ব্যৱস্থাত শিক্ষকৰ কামৰ বোজা বাঢ়িব পাৰে।

৩/ প্ৰৱেশমূলক বা বিস্তাৰিতকৰণ দৃষ্টিভঙ্গীঃ এইবিধ ব্যৱস্থাত শিক্ষাক সঞ্চাৰিত কৰা হয়। এই ব্যৱস্থা প্ৰয়োগৰ যোগেদি পাঠ্যত্ৰুমৰ কোনো এক নিৰ্দিষ্ট বিষয়ৰ শিক্ষাদান কাৰ্যৰ বেলিকা শিক্ষকে ছাত্ৰৰ মনত নতুন উৎসাহ - উদ্দীপনা আৰু মনোযোগ - আগ্ৰহৰ সঞ্চাৰ কৰিব পাৰে। এই দৃষ্টিভঙ্গী জনসংখ্যা শিক্ষাক এক একক বিষয়স্বৰূপে নাইবা শিক্ষা বিষয়ৰ এক বিশেষ গোটস্বৰূপে গ্ৰহণ কৰা নহয়। শিক্ষণীয় বিষয়বস্তৰ শিক্ষাদান কালত জনসংখ্যা শিক্ষাৰ প্ৰৱেশ ঘটাই অৱতাৰণাৰ কৰা হয়। এনেবিধ ব্যৱস্থাত জনসংখ্যা শিক্ষা বিষয়টোৰ উপাদান প্ৰয়োজন সাপেক্ষে আৰু যুক্তিসংগতভাৱেহে মূল বিষয়ৰ শিক্ষাৰ সহায়ক স্বৰূপে প্ৰয়োগ কৰা হয় ফলত মূল বিষয়ৰ লগতে প্ৰাসংগিক বিষয়ৰ শিক্ষা শিক্ষাৰ্থীয়ে অধিক উৎসাহ আৰু আগ্ৰহেৰে গ্ৰহণ কৰি উঠিব পাৰে। উল্লেখযোগ্য যে জনসংখ্যা - শিক্ষা সম্বন্ধে ১৯৬৯ চনত বোম্বেত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আলোচনা চত্ৰুতো এইবিধ ব্যৱস্থাৰ অনুমোদন জনোৱা হৈছিল।

এই দৃষ্টিভঙ্গীৰ কেতবোৰ শক্তিশালী দিশ আছেঃ

    (ক) বৰ্তমান শিক্ষা ব্যৱস্থাত দেখা দিয়া পাঠ্যত্ৰুমৰ বিষয়বোৰ মাত্ৰাধিক্য ই নোহোৱা কৰিব পাৰে,

    (খ) শিক্ষকে পাঠ্যত্ৰুমৰ সহ সম্বন্ধ নীতি ইয়াৰদ্বাৰা ৰূপায়ন কৰিব পাৰে,

    (গ) ছাত্ৰ - শিক্ষক সকলে দুটা বিষয়ৰ শিক্ষা একে সময়তে গ্ৰহণ আৰু প্ৰদান কৰি শ্ৰমৰ মিতব্যয়িতা লাভ কৰিব পাৰে,

    (ঘ) এই ব্যৱস্থাৰে শিক্ষকসকলে তেওঁলোকৰ জ্ঞান - অভিজ্ঞতাৰ পৰিসৰ বঢ়াই তুলিব পাৰে,

    (ঙ) ভিন্ ভিন্ বিষয়ৰ শিক্ষকৰ মাজত ভাব - অনুভূতি আৰু ত্ৰুিয়াৰ সহযোগিতা ই বৃদ্ধি কৰি তুলিব পাৰে।

এই দৃষ্টিভঙ্গীৰ কেতবোৰ দুৰ্বলতা আছেঃ

    (ক) শিক্ষকৰ জ্ঞান - অভিজ্ঞতা বিস্তৃত বিধৰ নহলে এইবিধ ব্যৱস্থা সফল কৰি তুলিব পৰা নাযায়,

    (খ) উচ্চ শিক্ষা ব্যৱস্থাত এইবিধ দৃষ্টিভঙ্গীৰ ব্যৱহাৰ সম্ভৱ নহয়,

    (গ) পাঠ্যত্ৰুমৰ সকলোবোৰ বিষয়ৰ লগতে এই প্ৰৱেশমূলক ব্যৱস্থাৰ সমানে প্ৰয়োগ কৰাৰ সুবিধা নাই,

    (ঘ) অনভিজ্ঞ শিক্ষকসকলৰ বিষয় শিক্ষা প্ৰদানৰ বেলিকা এই ব্যৱস্থাই খেলিমেলিৰ সৃষ্টি কৰিব পাৰে,

    (ঙ) পূৰ্ব পৰিকল্পিত বিধৰ পাঠ্য আঁচনি শিক্ষকৰ হাতত নাথাকিলে ইয়াৰ সুফল পোৱা নাযায়। 

    


Type - Boby Bora