জনসংখ্য়া আৰু জীৱনৰ গুণগত মান

অধ্য়ায় - সপ্তম

১/ ''গুণগত মানৰ'' অৰ্থ কি?

উত্তৰঃ সাম্প্ৰতিক যুগত জীৱনৰ প্ৰতিটো খোজতে বহুলভাৱে ব্যবহিত শব্দটো হল  ''গুণগত মানৰ'' । গুণগত মান শব্দৰ অৰ্থই ব্যাপক পৰিধি সামৰি লৈছে। আজিকালি শিক্ষা-দীক্ষা, ব্যৱসায়, শিল্প বাণিজ্য আদিকে ধৰি সকলো ক্ষেত্ৰতে গুণগত মানৰ ব্যৱহাৰ দেখা গৈছে। অক্সফোৰ্ড অভিধান Oxford Dictionary ৰ মতে 'Quality is a degree of excellence, relatvie nature, general excellence, attributes, traits, faculty etc'.গুণ হৈছে শ্ৰেষ্ঠতাৰ মাত্ৰা, সাধাৰণ শ্ৰেষ্ঠতা গুণ সংলক্ষণ দক্ষতা আদিৰ সম্বন্ধসূচক প্ৰকৃতি।'Quality refers to something good beautiful and valuable' - গুণগতই সুন্দৰ, শ্ৰেষ্ঠ আৰু মূল্যবান বস্তক বুজায়।

২/ জীৱনৰ গুণগত মানৰ কেইটামান সংজ্ঞা দিয়া?

উত্তৰঃ জীৱনৰ গুণগত মানৰ কেইটামান সংজ্ঞা তলত দিয়া হল -

১/ জীৱনৰ গুণগত মান হল মানৱীয় সম্পৰ্ক, মূল্যবোধ অথবা চিন্তাধাৰাৰে উৎকৰ্যৰ সৈতে সম্পৰ্কিত প্ৰয়োজনবিলাকৰ অংশ নিৰূপণ।

২/ মানুহৰদৈহিক তথা পাৰ্থিক, আৱেগিক আৰু আধ্যাত্মিক আশা আকাংক্ষা পূৰণৰ সীমা হিচাপে গুণগত মানক অভিহিত কৰিব পাৰি।

৩/ বৰ্তমান সময়ত physical quality of life ক জীৱনৰ গুণগত মান বুজিবলৈ ব্যৱহাৰ কৰা হয়। ই তিনিটা কাৰকেৰে গঠিত। সেয়া হল - শিক্ষা, আয় আৰু ব্যয়ৰ লক্ষ্য।

৩/ জনমূৰি আয়ৰ হ্ৰাসৰ মূল কাৰণসমূহ কিখা?

উত্তৰঃ জনমূৰিআয়ৰ হ্ৰাসৰ মূল কাৰণসমূহ হল -

১/ জনসংখ্যাৰ তীব্ৰ বৃদ্ধি।

২/ জাতীয় আয়ৰ পৰিমাণ কম।

৩/ অধিকাশংই কৃষিজীৱি।

৪/ শিল্প উদ্যোগৰ বিকাশত মন্থৰতা ইত্যাদি।

৪/ ভাৰতবৰ্ষৰ জীৱনৰ গুণগত মানৰ কেইটামান বিশেষ দিশ কেইটা বিষয়ে লিখা?

উত্তৰঃ ভাৰতবৰ্ষত জীৱনৰ গুণগত মানৰ কেইটামান বিশেষ দিশৰ বিষয়ে তলত আলোচনা কৰা হল -

জীৱনৰ গুণগত মান আৰু জনসংখ্যা বৃদ্ধিঃ জীৱনৰ গুণগত মানৰ সৈতে জনসংখ্যা বৃদ্ধি হাৰৰ এক সুন্দৰ সম্পৰ্ক আছে। আনহাতে জনসংখ্যা বৃদ্ধিয়ে আকৌ ব্যক্তিৰ অৰ্থনৈতিক দিশত প্ৰভাৱ পেলায়। পূৰ্বৰ মালথুছিয়েন তত্ব অনুসৰি জনসংখ্যা বৃদ্ধিয়ে অৰ্থনৈতিক বিকাশত বাধা প্ৰদান কৰে। কিয়নো অতিৰিক্ত জনসংখ্যা বৃদ্ধিয়ে সকলো প্ৰকাৰ উৎসৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। যাৰ ফলত জীৱনৰ গুণগত মানৰ অৱক্ষয়তা দৃষ্টি গোচৰ হয়। বৰ্তমান এইটো প্ৰমাণিত হৈছে যে শিক্ষিত ব্যক্তিসকলে বৈজ্ঞানিক আহিলাপাতিৰ প্ৰয়োগকৰণৰ জৰিয়তে উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিব। ভাৰতবৰ্ষত জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে ভাৰতীয়সকলৰ জীৱনৰ গুণগত মানত প্ৰভাৱ পেলাইছে। বৰ্দ্ধিত জনসংখ্যাই দেশত বিভিন্নধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে যাৰ ফলস্বৰূপে ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে উচ্চ মানবিশিষ্ট জীৱন ধাৰণ কৰাৰ পৰা বঞ্চিত হৈছে। পৃথিৱীৰ জনসংখ্যাৰ ৬০ শতাংশই ভাৰতৰ ২ শতাংশ ভূমিত বসবাস কৰি আছে। প্ৰতিবছৰতে ভাৰতবৰ্ষত ৭০,০০০ প্ৰাথমিক বিদ্যালয় নিৰ্মাণৰ প্ৰয়োজন হয় যাৰ বিপৰীতে বছৰত ৬,০০০ বিদ্যালয়ৰহে নিৰ্মাণ হয়।

জীৱনৰ গুণগত মান আৰু আহাৰৰ আৱশ্যকীয় পৰিমাণঃ সুষম আহাৰ আৰু ভিটামিনযুক্ত আহাৰৰ উপযুক্ত আহৰণে গুণগত মানক প্ৰভাৱিত কৰি তোলে। আমাৰ ভাৰতবৰ্ষত বেছিসংখ্যক লোকেই উপযুক্ত পৰিমাণৰ আহাৰ খাবলৈ নাপায় যাৰ ফলত তেওঁলোক দূৰ্বল আৰু ৰুগীয়া হৈ পৰে। আমাৰ ভাৰতত চৰকাৰী বিতৰণ ব্যৱস্থাটোক নতুনকৈ সংগঠন কৰিব লাগিব যাতে অতি কম মূল্যতেই দৰিদ্ৰ লোকসকলেও আৱশ্যকীয় পৰিমাণৰ আহাৰ খাবলৈ সুবিধা লাভ কৰে। দেশত সুপৰিকল্পিত Public distribution system ৰ স্থাপন কৰাটো নিতান্তই আৱশ্যক।

জীৱনৰ গুণগত মান আৰু নগৰীকৰণঃ জীৱনৰ গুণগত মানক নগৰীকৰণে বিশেষভাৱে প্ৰভাৱিত কৰি তোলে। সাম্প্ৰতিক কালত দ্ৰুত নগৰীকৰণে দেশত এক বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে। দ্ৰুত নগৰীকৰণৰ ফলত নগৰত বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হয় যেনে বিশুদ্ধ খোৱাপানীৰ অভাৱ, স্বাস্থ্যসন্মত পৰিৱেশৰ অভাৱ, যানজটৰ সমস্যা, প্ৰদূষণ ইত্যাদি। যাৰ ফলত ভাৰতীয়সকলে এক উচ্চ মানবিশিষ্ট জীৱন যাপন কৰাত বিফল হোৱাটো পৰিলক্ষিত হয়।

৫/ জনসংখ্যাৰ আঁচনিৰ প্ৰয়োগকৰণৰ সময়ত উল্লেখ কৰা দিশসমূহ কি কি?

উত্তৰঃ জনসংখ্যাৰ আঁচনিৰ প্ৰয়োগকৰণৰ সময়ত উল্লেখ কৰা দিশসমূহ তলত আলোচনা কৰা হল-

১/ জনসংখ্যা আৰু দৰিদ্ৰতাঃ দাৰিদ্ৰতাই দেশৰ সকলোধৰণৰ বিকাশত প্ৰতিবন্ধক হিচাপে থিয় দিয়ে। দাৰিদ্ৰতাৰ সমস্যাৰ সৃষ্টিত অৰিহণা যোগোৱা মূল উৎসমূহ হল - নিৰক্ষৰতা, নিবনুৱা সমস্যা, মহিলাৰ মৰ্যাদাহীনতা, স্বাস্থ্যসেৱাৰ নিম্নতম ব্যৱস্থা ইত্যাদি। এই সকলোবোৰেই অৰ্থনৈতিক উৎপাদন ক্ষমতা হ্ৰাস কৰে। জনসংখ্যা বেছি হলে দাৰিদ্ৰতা বৃদ্ধি পায়। জনসংখ্যা বৃদ্ধি কম হলে দাৰিদ্ৰতা নিয়ন্ত্ৰিত হয়। এই সকলোবোৰেই ব্যক্তিৰ জীৱনৰ মানৰ নিৰ্দ্ধাৰণত ধনাত্মক প্ৰভাৱ পেলায় পৰিলক্ষিত হয়।

৩/ জনসংখ্যা হিচাপে শিশু আৰু কিশোৰঃ জনসংখ্যাৰ এক বৃহৎ অংশ শিশু আৰু যুৱচাম কেন্দ্ৰ কৰি গঢ় লৈ তুলিবলৈ সাম্প্ৰতিক যুগৰ কেইবাখনো উন্নয়নশীল দেশে এতিয়াও প্ৰদেষ্টাহে কৰি আছে। শিশুৰ স্বাস্থ্যৰক্ষা আৰু কল্যাণৰ ক্ষেত্ৰত দাৰিদ্ৰতাই যথেষ্ট কু - প্ৰভাৱ পেলোৱা দেখা গৈছে। বৰ্তমান আৰু ভৱিষ্যতৰ যুৱচাম প্ৰয়োজনীয় চাহিদাসমূহ পূৰণ কৰাটো এক বৃহৎ সমস্যাৰূপে থিয় দিয়াৰ লগে লগে ই তেওঁলোকৰ পৰিয়ালৰ, সমাজ তথা দেশৰ দায়িত্ববোধলৈ দৃষ্টি নিক্ষেপ কৰাইছে। দেশৰ প্ৰতিজন লৰা-ছোৱালীক সমভাৱে সকলোধৰণৰ সা - সুবিধা প্ৰদান কৰা উচিত। প্ৰতিটো শিশুকে এইটো অনুভৱ কৰিবলৈ দিব লাগে যে তেওঁ দেশৰ বাবে এক মূল্যবান সম্পদস্বৰূপ। গতিকে দেশৰ প্ৰতিজন শিশুকে উপযুক্তভাৱে জীৱনধাৰণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব লাগে।

৪/ জনসংখ্যাৰ আঁচনি আৰু নাৰী সৱলীকৰণঃ জনসংখ্যাৰ পৰিকল্পনা নীতিৰ এক নতুন দৃষ্টিভংগী হল নাৰী সবলীকৰণ। নাৰী সৱলীকৰণ অবিহনে জনসংখ্যা আঁচনি প্ৰয়োগ ফলপ্ৰসু হোৱাটো অসম্ভৱ। আৰু জনসংখ্যা আঁচনি প্ৰয়োগ অবিহনে মানুহৰ গুণগত মানৰ উন্নতি হব নোৱাৰে। গতিকে দেশৰ প্ৰতিজন মহিলাক আৱশ্যকীয় সকলোধৰণৰ সা - সুবিধা প্ৰাদন কৰা উচিত। স্ত্ৰী - শিক্ষাৰ বিস্তাৰ এই ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ। তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলা উচিত। তেওঁলোকক স্বাস্থ্যৰক্ষাৰ শিক্ষা প্ৰদান কৰিব লাগিব। জনসংখ্যাৰ আঁচনি প্ৰস্তকৰণত আৰু প্ৰয়োগকৰণত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ অগ্ৰাধিকাৰ দিয়া উচিত। 

৬/ জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ মাজৰ সম্বন্ধ আৰু অৰ্থনৈতিক বিকাশত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱৰ বিষয়ে লিখা?

উত্তৰঃ জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশ এই দুয়োটা বিষয়ৰ মাজত এক গভীৰ প্ৰভাৱ বিস্তাৰ কৰে। মানুহৰ উৎপাদনৰ ক্ষমতা বিভিন্ন কাৰক যেনে শিক্ষা - দীক্ষা, প্ৰশিক্ষণ, সুস্বাস্থ্য, সুখাদ্য ইদ্যাদিৰ লগত অৰ্থনৈতিক বিকাশৰ সম্বন্ধ থকা দেখা যায়। অৰ্থনৈতিক বিকাশে উচ্চমানৰ জীৱন যাপনৰ বাবে ব্যক্তিমনত আগ্ৰহৰ সৃষ্টি কৰি জনসংখ্যা হ্ৰাস কৰাত সহায় কৰে। কোনো কোনো ক্ষেত্ৰত অৰ্থনৈতিক বিকাশে জীৱনৰ মান উন্নত কৰি আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰি জনসংখ্যা বৃদ্ধিতহে অৰিহণা আগবঢ়ায়। জনসংখ্যাৰ দ্ৰততৰ বৃদ্ধিয়ে অৰ্থনৈতিক বিকাশত প্ৰতিবন্ধক হিচাপে থিয় দিয়ে। আমাৰ ভাৰতবৰ্ষত জনসংখ্যাৰ ভয়াবহ বৃদ্ধিয়ে অৰ্থনৈতিক দিশত এক বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে। জনসংখ্যাৰ আকাৰ বৃদ্ধিৰ ফলত খৰছৰ পৰিমাণ বাঢ়ি যায় আৰু প্ৰতিজন ব্যক্তিয়ে পাবলগা খাদ্যৰ পৰিমাণ, কাপোৰ আশ্ৰয়স্থল আদিৰ অভাৱ ঘটে। জনসংখ্যাৰ বৰ্ধিত আকাৰে জনমূৰি আয় নিম্নগামী কৰে। অৱশ্যে জনসংখ্যাৰ আকাৰতকৈ জাতীয় আয় অধিক হলে ই প্ৰভাৱিত নহয়। জনসংখ্যা বৃদ্ধিয়ে খাদ্যবস্তৰ যোগানতো প্ৰভাৱ পেলায়। যদি উৎপাদন জনসংখ্যাতকৈ কম হয় জনমূৰি খাদ্য যোগানো কমি যায়। জনসংখ্যা বৃদ্ধিৰ হাৰে মানুহৰ জমা সঞ্চয়তো প্ৰভাৱ পেলায়। পৰিয়ালত জনসংখ্যা বৃদ্ধিৰ হলে শিক্ষাৰ মান নিম্নগামী হয়। একোটা পৰিয়ালত কেইবাটাও লৰা-ছোৱালী জন্ম হলে মধ্যবিত্ত পৰিয়ালৰ অভিভাৱকে বিশেষকৈ লৰাটোকহে উচ্চ শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰে। জনসংখ্যা বৃদ্ধিয়ে ভয়াবহভাৱে নিবনুৱা সমস্যাৰ সৃষ্টি কৰাটো আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে। জনসংখ্য়া বৃদ্ধিয়ে দেশৰ প্ৰতিজন ব্যক্তিক আৰ্থিকভাৱে স্বচ্ছল হোৱাত বাধা প্ৰদান কৰা দেখা গৈছে। জনসংখ্য়াৰ বিতৰণে অৰ্থনৈতিক বিকাশত দুই প্ৰকাৰে প্ৰভাৱিত কৰে। জনসংখ্যাই শ্ৰমিকৰ চাহিদা আৰু শ্ৰমিকৰ যোগানৰ মাজত সামঞ্জস্য আনে। আকৌ জনসংখ্যাৰ কম হলে চাহিদা, যোগান আৰু শ্ৰমিকৰ যোগানত সমস্যাৰ উদ্ভৱ হয়। তাৰ ফলত উৎপাদনৰ পৰিমাণ কমি যায়। আৰু অৰ্থনৈতিক বিকাশৰ পথ ৰুদ্ধ হৈ পৰে।

    এনেদৰে আলোচনা কৰি বুজি পোৱা যায় যে জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশৰ মাজত এক সু - সমন্বয় আছে। আনহাতে জনসংখ্যা বৃদ্ধিৰদ্বাৰা অৰ্থনৈতিক বিকাশও প্ৰভাৱিত হয়।

৭/ জন্মনিয়ন্ত্ৰণত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা আৰু জীৱনৰ গুণগত মানৰ বিষয়ে লিখা?

উত্তৰঃ প্ৰতিজন ব্যক্তিৰ সুস্থ ব্যক্তিত্ব গঠন হোৱাত তেওঁলোকৰ যৌনতা সম্বন্ধে দৃষ্টিভংগী আৰু সমাজৰ গ্ৰহণযোগ্য নীতি নিয়মৰ লগত সমাযোজন কৰিব পৰাৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে। সামাজিক ব্যক্তিস্বৰূপে সমাজত নিজকে ভালদৰে খাপ খুৱাই লবৰ বাবে তেওঁলোকে বিপৰীত লিংগৰ প্ৰতি সুস্থ, সুন্দৰ আৰু সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত হব লাগে। তেনে এটা অৱস্থাইছে তেওঁলোকৰ সামাজিক যোগ্যতা ফুটাই তোলাৰ লগে লগে জীৱনৰ মানো ত্ৰুমে উন্নত কৰি তুলিবলৈ ষৌন জীৱন সউল কৰিবলৈ হলে আমি যৌন জীৱনকো উপযুক্তভাৱে বুজি পাব লাগিব।

    জন্মনিয়ন্ত্ৰিণত আৰু জীৱনৰ মান উন্নতকৰণত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। ষৌন শিক্ষা অবিহনে কোনো ব্যক্তিয়ে সুখময় জীপন - যাপন কৰিব নোৱাৰে কিয়নো বহুত সময়ত দেখা গৈছে যে বহুসংখ্যক ব্যক্তিৰ বৈবাহিক, আৱেগিক আৰু মানসিক সমস্যাৰ মূল কাৰণ হল যৌন প্ৰবৃত্তি সম্পৰ্কত তেওঁলোকৰ ভূল ধাৰণা আৰু ভূল নিদৰ্শন। যৌন শিক্ষাই ব্যক্তিমনৰ পৰা যৌনজীৱনৰ ভূল ধাৰণাসমূহ আঁতৰাই তাৰ ঠাইত বাস্তৱিক ধাৰণাৰ সৃষ্টি কৰে। শৈশৱৰ পৰাই ব্যক্তিয়ে যৌন প্ৰবৃত্তিত আগ্ৰহ প্ৰকাশ কৰা দেখা যায়। যৌনজীৱনৰ জ্ঞান প্ৰদান কৰাটো কোনো দোষণীয় কাৰ্য নহয়। যৌন শিক্ষা প্ৰদান কৰিবলৈ নিৰ্দিষ্ট পিৰিষদ বা শিক্ষকৰ প্ৰয়োজন নাই। শ্ৰেণীৰ বিভিন্ন ধৰণৰ বিষয় যেনে - বিজ্ঞান, জীৱবিদ্যা, স্বাস্থ্যবিজ্ঞান, সমাজবিজ্ঞান আদিৰ জৰিয়তে যৌন জীৱনৰ জ্ঞান প্ৰদান কৰিব পাৰি। লৰা - ছোৱালীয়ে সৰুৰে পৰা যৌন জীৱনৰ জ্ঞান পালে ভৱিষ্যতে তেওঁলোকে এক সুখী যৌন জীৱন কটাবলৈ সুবিধা পাব। এনে জ্ঞানে তেওঁলোকক জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সচেতন কৰি তোলাৰ লগতে তেওঁলোকৰ জীৱনৰ মানো উন্নত কৰি তুলিব পাৰিব।

    স্কুলীয়া পাঠ্যত্ৰুমত যৌনশিক্ষা প্ৰৱৰ্তনৰ সম্পৰ্কত কবি, সাহিত্যিক হৰেকৃষ্ণ ডেকাই তেখেতৰ বাতৰি কাকতত প্ৰকাশিত প্ৰৱন্ধ এটাত এনেদৰে মন্তব্য কৰিছিল - '' যৌনশিক্ষা মূলতঃ বেয়া নহয়। কিন্ত কথা হল সেয়া কেনেদৰে শিকোৱা হয়। যৌনতা হল প্ৰকৃতিজাত ধাৰণা। এই সম্পৰ্কীয় কথাবোৰ লুকুৱাই ৰাখিলে শিশুসকল বেয়াৰ প্ৰতিহে আগ্ৰহী হয়। শিশুসকলে ভাবিবলৈ লয় যে যৌনতা এক অত্যন্ত বেলেগ ধৰণৰ বস্ত আৰু ডাঙৰ সকলে আমাক ইয়াৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। যৌনতাৰ যিখিনি জ্ঞান সেইখিনি দিয়াতো মই একো বেয়া নেদেখোঁ। কিন্ত এই শিক্ষা এটা নিৰ্দিষ্ট বয়স অৰ্থাৎ বয়সন্ধি কালৰ পৰাহে দিবলৈ আৰম্ভ কৰিব লাগে। প্ৰথম, দ্বিতীয় শ্ৰেণীৰ লৰা এটাই এনেবোৰ ধাৰণা বুজি নাপায়।''

৮/ জীৱনৰ গুণগত মান বৃদ্ধিত জনসংখ্যা শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ জীৱনৰ গুণগত মান বৃদ্ধিত জনসংখ্যা শিক্ষাৰ ভূমিকা সম্পৰ্কে তলত আলোচনা কৰা হল -

১/ জীৱন নিৰ্বাহৰ মানৰ উন্নয়ন আৰু সীমিত জনসংখ্যাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে উঠি অহা নাগৰিকসকলক অৱগত কৰোৱা।

২/ সৰু পৰিয়াল এটি যে আৰ্থিক আৰু মানসিক সুখ সম্ভোগৰ উৎ স হব পাৰে সেই বিষয়ে বাস্তৱ জ্ঞান দিয়া।

৩/ জনসংখ্যা বৃদ্ধিৰ লগে লগে যে নাগৰিক সা - সুবিধাৰ অভাৱ, লৰা - ছোৱালীৰ বাবে খেল পথাৰৰ অভাৱ, সমাজ - কল্যাণমূলক নাটনিৰ সৃষ্টি হৈ সমূহ জনসাধাৰণৰ জীৱনৰ মান নিম্নগামী হয় সেই বিষয়ে ছাত্ৰ - ছাত্ৰীক অৱগত কৰোৱা।

৪/ জনসংখ্যা বৃদ্ধিয়ে যে শিক্ষাৰ মান নিম্নাগামী কৰে সেই বিষয়ে জ্ঞান প্ৰদান কৰা। কিয়নো শিক্ষাৰ নিম্নগামী গতিয়েও জীৱনৰ মানৰ অৱনতি ঘটোৱা পৰিলক্ষিত হয়।

৫/ পৰিয়াল পৰিকল্পনা আৰু পৰিয়াল কল্যাণ সম্পৰ্কে সমাজত সজাগ অৱস্থাৰ সৃষ্টি কৰা।

৯/ প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশৰ ওপৰত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱৰ বিষয়ে লিখা?

উত্তৰঃ এখন দেশৰ অৰ্থনৈতিক উন্নতি সেই দেশৰ জনসংখ্যাৰ গুণগত মানদণ্ড আৰু প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱহাৰ বা অব্যৱহাৰৰ ওপৰত দেশখনৰ পৰিবেশৰ ভল - বেয়া নিৰ্ভৰ কৰে। যদি কোনো অঞ্চলৰ মানুহে সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰে তেতিয়া সেই অঞ্চলৰ পৰিবেশ সুন্দৰ হৈ থাকে। আনহাতে, কোনো অঞ্চলৰ মানুহে যদি প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ কৰে তেতিয়া সেই অঞ্চলৰ পৰিবেশ সকলো পিনে বিনষ্ট হয়। উন্নয়নশীল ৰাষ্ট্ৰ্যৰ এটা বৈশিষ্ট্য হৈছে জনসংখ্যাৰ বৃদ্ধি হোৱা। কাৰণ, এই দেশবিলাকত চিকিৎসা বিজ্ঞানৰ উন্নতি, শিশু মৃত্যুৰ নিম্নমানৰ হাৰ আৰু প্ৰব্ৰজন ইত্যাদিৰ ফলত জনসংখ্যাৰ অভূতপূৰ্ব বৃদ্ধি হয়। ইপিনে বৰ্দ্ধিত জনসংখ্যাই উপযুক্ত বৈজ্ঞানিক শিক্ষাৰ অভাৱত প্ৰাকৃতিক সম্পদৰ যধেমধে ব্যৱহাৰ কৰে। ফলত প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ হয়। প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ প্ৰাকৃতিক পৰিবেশৰ অৱনয়ন কৰে।

    বৰ্দ্ধিত জনসংখ্যাৰ বাবে ভূভাগৰ নাচনি হয়। কাৰণ, জনসংখ্যা বৃদ্ধি হলেও ভূমি ভাগ একে হৈ থাকে।একে ডোখৰ ভূমিতে বহুবাৰ খেতি - বাতি কৰাৰ ফলত ভূমিৰ উৰ্বৰতা কমি যায়। জনসংখ্যাৰ তুলনাত  মূলধন আৰু প্ৰাকৃতিক সম্পদৰ পৰিমাণ কম হলে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয়। বিভিন্ন সমস্যাৰ ভিতৰত নিবনুৱা সমস্যাই উৎকট ৰূপ ধাৰণ কৰে। ফলত মানৱ শক্তিৰ অপচয় হয়। সাধাৰণতে এনেকুৱা ৰাষ্ট্ৰ্যবোৰত মানৱ শক্তিৰ যোগান মানৱ শক্তিৰ চাহিদাৰ তুলনাত অতি বেছি হয়। বৰ্দ্ধিত জনসংখ্যাক উদ্ধৃত সামগ্ৰীৰে ভোৰণ - পোষণ দিব লগা হোৱা বাবে চৰকাৰে প্ৰাকৃতিক সম্পদ উদঘাটন কৰাত মূলধন ব্যয় কৰিব নোৱাৰে। আনহাতে বৰ্দ্ধিত জনসংখ্যাই জীৱন ধাৰণৰ বাবে যধে - মধে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি নষ্ট কৰে। প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু পৰিবেশৰ অৱনয়ন বা ধ্বংস ইটোৰ সিটোৰ সম্পৰ্ক থকা বিষয়।

    অৰ্থনৈতিবিদসকলে উৎপাদনৰ উপাদানসমূহক অৰ্থনৈতিক প্ৰগতিৰ মূল অৰ্থনৈতিক শক্তি আখ্যা দিছে। অৰ্থনৈতিক প্ৰগতিৰ এই শক্তিবিলাকৰ পৰিবৰ্তন হলে প্ৰগতিৰ হাৰ কম বা বেছি হয়। এই উপাদানবিলাকৰ ভিতৰত এটা বিশেষ উপাদান হল প্ৰাকৃতিক পৰিবেশ। শিল্প উদ্যোগৰ প্ৰসাৰ আৰু আৰ্থিক তথা সামাজিক উন্নতিৰ বাবে আমাক জীয়াই থাকিবলৈ সুবিধা দিয়া এটি ধুনীয়া পৰিবেশক আমি ধ্বংস কৰি পেলালে আমাৰ উন্নয়নৰ উপাদান বিনষ্ট হয়। মানুহৰ অভূতপূৰ্ব বৃদ্ধিয়ে দৈনন্দিন জীৱনৰ নানাধৰণৰ কাৰ্যকলাপ বিশেষকৈ শিল্প উদ্যোগ আৰু কৃষিকাৰ্য আদিৰে পাৰিপাৰ্শ্বিকতা ধ্বংস কৰি মানুহে নিজৰ বিপদ নিজে মাতি আনিছে। মানৱজাতিৰ বৰ্দ্ধিত জনসংখ্যা আৰু বিচাৰ - বিবেচনাহীন কাৰ্যকলাপে পৃথিৱীখনক আজি বৃহৎ আবৰ্জনাৰ দমলৈ পৰিণত কৰিছে। এইবিলাকে আমাৰ দৈনন্দিন জীৱন ধাৰণ প্ৰত্ৰুিয়াত বাধাৰ সৃষ্টি কৰিছে। উদ্যোগীকৰণ, কৃযিকাৰ্যৰ সম্প্ৰসাৰণ আৰু হাবি - বননিৰ ওপৰত মানুহে চলোৱা অত্যাচাৰৰ ফলত নিৰ্গত হোৱা কাৰ্বন - ডাই - অস্কাইড, মিথেন, নাইট্ৰাছ অক্সাইড বা লাফিং গেছ ক্লৰফ্লিৰ কাৰ্বন আৰু অন্যান্য গেছবোৰে পৃথিৱীখনৰ গাতে লাগি থকা বায়ুমণ্ডল নিম্নস্তৰ ট্ৰপয়মণ্ডলত জমা হবলৈ ধৰিছে। এনেধৰণৰ ত্ৰুিয়াই পৃথিৱীখনত জীৱৰ বসবাসৰ পৰিবেশ অনুপযোগী কৰি তুলিব ধৰিছে। কাৰণ এনেধৰণৰ কাৰ্যই মানুহক ৰক্ষা কৰা বায়ুমণ্ডলৰ প্ৰহৰী অজন স্তৰত ফুটা ওলালে অতি বেগুণীয়া ৰশ্মি নিৰ্দিষ্ট পৰিমাণতকৈ অধিক পৰিমাণে ধৰা পৃষ্ঠলৈ আহি পৃথিৱীৰ উত্তাপ বেছি কৰি পেলায়। ইয়াৰ ফলত বৰফাবৃত অঞ্চলৰ বৰফ গলি সমতল অঞ্চলত বানপানী ছুনামি আদি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগসমূহ সৃষ্টি কৰিব পাৰে। তাৰোপৰি, সূৰ্যৰ পৰা অহা এই অতি বেগুণীয়া ৰশ্মিয়ে চালৰ কৰ্কট ৰোগ আৰু চকুৰ অসুখ আদিৰ সৃষ্টি কৰি ধৰাপৃষ্ঠাত বিশৃংঙলতাৰ সৃষ্টি কৰি পেলাব পাৰে।

Type - Boby Bora