অধ্য়ায় ৭


                                         পুৰণি খেল-ধেমালি 


আৰ্হি প্ৰশ্ন ঃ

১) চমু উত্তৰ দিয়া-

(ক) বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিয়া হৈছিল ?

উত্তৰঃ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি ছু-চু আখ্যা দিয়া হৈছিল ।

খ) প্ৰথম আহোম ৰজাজনৰ নাম লিখা ।

উত্তৰঃ প্ৰথম আহোম ৰজাজনৰ নাম হল- চ্যুকাফা ।

গ) চীনত ছু-চু খেলাৰ প্ৰচলন থকাৰ সময়ত অসমত কিকি খেলৰ প্ৰচলন আছিল ?

উত্তৰঃ চীনত ছু-চু খেলাৰ প্ৰচলন থকাৰ সময়ত অসমত কণী যুঁজ, কড়ী যুঁজ আদি খেলৰ প্ৰচলন আছিল।

ঘ) ক্ৰীড়া কি ?

উত্তৰঃ ক্ৰীড়া হল এক আনন্দ, শাৰীৰিক আৰু মানসিক ক্ষমতাৰ চূড়ান্ত প্ৰকাশ ।

ঙ) ' বিহু আকৌ আহিল ' গ্ৰন্থখন কোনে ৰছনা কৰিছিল ?

উত্তৰঃ  ' বিহু আকৌ আহিল ' গ্ৰন্থখন হেম বৰগোহাঞিয়ে ৰছনা কৰিছিল ।

চ) শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি কৰবালৈ গুচি যায়, তেন্তে শেনৰ গৰাকীক কি কৰা হৈছিল ? 

উত্তৰঃ শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি কৰবালৈ গুচি যায়, তেন্তে শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হৈছিল ।

ছ) কণুৱা চৰাইৰ প্ৰিয় খাদ্য কি ?

উত্তৰঃ কণুৱা চৰাইৰ প্ৰিয় খাদ্য হল - মাছ ।

জ) ধেমনা খেল কেতিয়া অনুষ্ঠিত হয় ?

 উত্তৰঃ ধেমনা খেল শীতকালত অনুষ্ঠিত হয় ।

২) আহোম যুগৰ কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল তাৰ এটি চমু বৰ্ণনা দিয়া ।

উত্তৰঃআহোম যুগৰ ৰুদ্ৰসিংহৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল । আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্ৰীড়াৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল। অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্ৰকাশ কৰিছিল ।

৩) বিহু আৰু ক্ৰীড়াৰ মাজত সম্পৰ্ক আছেনে ? অসমীয়া জাতীয় জীৱনৰ সৈতে ক্ৰীড়াৰ ঐতিহাসিক সম্পৰ্ক কেনেকুৱা- এই সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ

৪) শেন মেলা কেতিয়া অনুষ্ঠিত হয় । সেই মেলাৰ বিশেষত্ব কি তাৰ বৰ্ণনা দিয়া ।

উত্তৰঃ মাঘ মাহৰ পৰা বহাগ মাহলৈ শেন মেলা অনুস্থিত হয় । এই মেলাত শেন চৰাইসমূহে পলকতে গৈ কণুৱা চৰাইৰ জাকত সোমাই যুজঁ কৰিবলৈ ধৰে। এই যুঁজত শেন চৰাই কিমান সফল হয় সেয়া শেনচোৱা বৰুৱা অথবা শেনচোৱা বৰাৰ ওপৰত নিৰ্ভৰ কৰে। পাকৈত শেন চৰাইয়ে কেতিয়াবা কেইবাটাও কণুৱা চৰাই মাৰি পেলাই। কণুৱা চৰাই আকাশৰ পৰা ধপচকৈ মাটিত পৰিলে, এই খেল চাই থকা ৰজা-প্ৰজাৰ আনন্দৰ সীমা নোহোৱা হৈছিল। এইদৰে কেতিয়াবা শেনটোৱে যুঁজি যুঁজি এটা মৰা কণুৱাক ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দৰে তললৈ নামি আহে। এনে সময়তে দুজন শেনচোৱাই এখন কাপোৰ মেলি ধৰে আৰু শেন আৰু প্ৰাণহীন কণুৱাটো কাপোৰত পৰে। এই শেন মেলাত কৃতিত্ব দেখুওৱা শেনৰ গৰাকীক বঁটা দিয়াৰ ব্যৱস্থা কৰা হয়। এই শেন মেলাত যদি শেন চৰাইটোৱে কণুৱাৰ সৈতে যুঁজ নকৰি কৰবালৈ পলাই যায় তেন্তে শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হৈছিল। 

৫) অসমৰ কোনবিধ খেল ভাৰতৰ আন ৰাজ্যত আন নামেৰে প্ৰচলিত ?

উত্তৰঃ হাউগুদু খেল ভাৰতৰ আন ৰাজ্যত আন নামেৰে প্ৰচলিত ।

৬) ঢোপ খেলৰ প্ৰচলন কত, কেনেকৈ হৈছিল বৰ্ণন কৰা ।

উত্তৰঃ ঢোপ খেলৰ জন্ম কত হৈছিল সেয়া কোনেও কব নোৱাৰে। এইবিধ খেল যে আহোম যুগতো জনপ্ৰিয় আছিল তাৰ অলেখ উদাহৰণ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। পিছত কোকৰাঝাৰৰ বিনোদ ব্ৰক্ষ নামৰ এগৰাকী খেলুৱৈয়ে এইবিধ খেল জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰয়াস কৰিলেও ই সফল নহল ।


Answered By : Leena Kakati