উভতি নহাৰ কবিতা

ক) অতি চমু প্ৰশ্নাৱলীঃ

১। উভতি নহাৰ  কবিতা কবিতাটি কোন খন কাব্য-সংকলনৰ পৰা লোৱা হৈছে?

 উত্তৰঃ উভতি নহাৰ কবিতা কবিতাটি দলঙত তামীঘৰা নামৰ কাব্য-সংকলনৰ পৰা লোৱা হৈছে।

২। নৱকান্ত বৰুৱাই ৰচনা কৰা যি কোনো এখন কাব্যগ্ৰন্থৰ নাম লিখা?

উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰা এখন কাব্যগ্ৰন্থৰ নাম হৈছে সম্ৰাট।

৩। তামীঘৰা শব্দটোৰ অৰ্থ লিখা?

উত্তৰঃ তামীঘৰা শব্দটোৰ অৰ্থ হৈছে তম্বু।

৪। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ- ইয়াত জীয়াৰ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ জীয়াৰ শব্দটো অৰ্থ হৈছে জীৱন যুদ্ধ ।

৫। নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ নৱকান্ত বৰুৱাই ১৯২৬ চনত জন্মগ্ৰহণ কৰিছিল।

৬। কবিৰ জীয়াই থকা মন্ত্ৰ কি?

উত্তৰঃ কবি জীয়াই থকা মন্ত্ৰ হৈছে যন্ত্ৰণা ।

৭। উভতি নহাৰ কবিতাটি কোন শ্ৰেণী কবিতা?

উত্তৰঃ উভতি নহাৰ কবিতাটি আধুনিক কবিতা।

খ) চমু প্ৰশ্নাৱলীঃ 

১। নৱকান্ত বৰুৱা কাব্যকৃতি  চমুকৈ আলোচনা কৰা?

উত্তৰঃ নৱকান্ত বৰুৱা উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ হল- হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাৱণ, সম্ৰাট, যতি আৰু কেইটিমান স্কেচ, মোৰ আৰু পৃথিৱী, ৰত্নাকৰ, ৰাতি জিলমিল, আৰু দলঙত তামীঘৰা। তেওঁৰ উপন্যাস সমূহৰ ভিতৰত কপিলপৰীয়া সাধু, ককাদেউতাৰ হাড়, গৰমা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ উল্লেখযোগ্য। শিশু আৰু চেমনীয়াৰ উপযোগীকৈ লিখা গ্ৰন্থৰাজি হল আখৰৰ জখলা, শিয়ালী পালেগৈ ৰতনপুৰ, ভত উকাৰে ভু, আদি। 

২। কবি নৱকান্ত বৰুৱা তিনিখন কবিতা পুথিৰ নাম লিখা?

উত্তৰঃ কবি নৱকান্ত বৰুৱা তিনিখন কবিতা পুথিৰ নাম হৈছে ৰাৱন, সম্ৰাট, ৰত্নাকৰ।

৩। নৱকান্ত বৰুৱা দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা?

উত্তৰঃ নৱকান্ত বৰুৱা দুখন উল্লেখযোগ্য উপন্যাসৰ নাম হৈছে কপিলপৰীয়া সাধু, ককাদেউতাৰ হাড়।

৪। নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম লিখা?

উত্তৰঃ নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম হৈছে জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়। 

৫। বকুল তলৰ ফুল কোনে বুটলিব বুলি কবিয়ে ভাবিছে?

উত্তৰঃ বকুল তলৰ ফুল কোনোবাই বুটলিব বুলি ভাবিছে।

১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উত্তৰঃ মৃত্যুয়ে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে । পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায় । তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয় । কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে । তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক উভতাই আনিব নোৱাৰে । সেয়ে এবাৰ গুচি যোৱাৰ পিছত কবি পুনৰ উভতি নাহে, ই প্ৰকৃতিৰ চিৰন্তন ৰীতি যাক কবিয়ে মানিবই লাগিব ।


২। ‘উভতি নহাৰ কবিতা’টিৰ মূলভাব লিখা ।

উত্তৰঃ  আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা । কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে ।

         মৃত্যুয়ে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়,কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে। পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায়। তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয়। কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে। তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক উভতাই আনিব নোৱাৰে ।

        যন্ত্ৰণাকো আকোৱালী লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালী বুলি কৈছে। এই ধেমালী কবিয়ে এবাৰেই খেলিলে। মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে। কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব। নতুন প্ৰজন্মই হʼব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হʼব নতুন দিন ।

     মৃত্যুৰ পিছত কোনোৱেই দুনাই এই পৃথিৱীলৈ উভটি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্রত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে।


৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।

উত্তৰঃ মানুহ মৰণশীল।মানুহ এজনৰ মৃত্যুৰ লগে লগে  সকলো শেষ হৈ যায়। কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব। ইতিমধ্যে আতৰি যোৱা কবিৰ জীৱনৰ লগত নতুন প্ৰজন্মৰ কোনো চিনাকি আৰু সম্পৰ্ক নাথাকিব। কবিৰ চিন্তা-চৰ্চা,  ধ্যান-ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আৰু অপ্ৰাসংগিক হৈ পৰিব । অৰ্থাৎ পুৰণি যুগৰ কোনো চিন নতুন যুগত নাথাকিব।


৪। 'উভতি নহাৰ কবিতা'ত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ সৃষ্টিৰ নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জনম লৈছে। সেয়েহে পৃথিৱীখন কবিৰ অতিকে আপোন। তেওঁ বাস কৰা পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই কবিৰ প্ৰিয়। জাবৰৰ মাজৰ পৰা এপাহ বকুল বুটলিবলৈ পাই কবি সন্তুষ্ট। পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে। যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি পাহৰি যায়। পৃথিৱীৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয় । পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায় । কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে-             

  ʼʼমাথোন এই পৃথিৱীখনক ভালপাই গʼলোঁ

  এই কথাটোকে কিমানবাৰ যে কʼলোঁ

  কিমান ভাৱেৰে কʼলোঁ………।”


৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক)যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ

  সেই মন্ত্ৰকে গালোঁ

জীয়াই থকাৰ ধেমালিটো মই

 এবাৰেই খেলি গ'লোঁ ।


উত্তৰঃ উক্ত  কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ʼউভতি নহাৰ কবিতাʼ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে ।

      দুখ-যন্ত্রণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্রসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ  অৱতাৰণা কৰিছে।

        পৃথিৱীখনত জন্ম গ্রহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্রণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্রেৰণা লাভ কৰিছে। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্রেৰণা । তেওঁৰ সৃষ্টিকর্মৰ মাজেদি সেই যন্ত্রনাৰ মন্ত্রকেই বাৰে বাৰে গাইছে। কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ ক্ষন্তেকীয়া । এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব। সেয়ে যন্ত্ৰণাত দগ্ধ হৈ ক্ষন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে। যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে। তেওঁ এবাৰেই এই জীৱনৰ খেল-ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাইছে।


(খ) কোনোবা আহিব মোৰ দৰে কোনো দিনা ?

      মোৰ সুৰতে বাজিব নতুন বীণা ?

   ওহোঁ সেয়া হʼব নতুন মানুহ

  সেই দিনো হʼব নতুন দিন

   মোৰ তাত একো নাথাকে চিন ।


উত্তৰঃ উক্ত  কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ‘উভতি নহাৰ কবিতা’শীৰ্ষক কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।

            কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসঙ্গত এই কবিতাফাঁকি উল্লেখ কৰিছে ।

            প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে । পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে । কিন্ত কবি বাস্তৱত বিশ্বাসী । কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে । সংসাৰত তেওঁ বহু কাম কৰি গৈছে, জীৱন কালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে । তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব । তথাপি, তেওঁৰ চিন তাত নাথাকিব, থাকিব মাথো নতুন ধ্যাণ-ধাৰণা আৰু এক নতুন দিনৰ বা যুগৰ সূচনা হ’ব ।

  Author Geetanjali Bora