জীৱন প্ৰক্ৰিয়াসমূহ

 অধ্য়ায়- 6 


A.অতি চমু প্রশ্নাৱলীঃ মূল্যাংক : 1 1. শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) চর্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে- [HSLC '15] (a) ট্রিপচিনে (b) পেপছিনে (c) পিত্ত লৱণে (d) এমাইলেজে (ii) অবাত শ্বসন সম্পন্ন হয়— [HSLC '16, '20] (a) মাইট'কন্দ্ৰিয়াত (b) ক্ল'ৰ'প্লাষ্টত (c) কোষকেন্দ্ৰত (d) চাইট’প্লাজমত 2. শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল— [HSLC ' 17] (a) এমাইলেজ (b) লাইপেজ (c) পেপচিন (d) টিপচিন 3. যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীবৰ কাৰ্বন আৰু শক্তিৰ প্রয়োজনীয়তা পূৰ্ণ কৰা হয় তাক— [HSLC 18] (a) সালোক সংশ্লেষণ বোলে (b) বাষ্পমোচন বোলে (c) স্থানান্তৰণ বোলে (d) দীপ্তফচফ'ৰিলীকৰণ বোলে 4. ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল -[HSLC' 18] (a) প্রমস্তিষ্ক (b) মধ্যমস্তিষ্ক (c) পশ্চাৎমস্তিষ্ক (d) হাইপ'থেলামাছ 5. আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয় [HSLC '19] (i) এমাইলেজ (iii) ট্রিপ্‌চিন (ii) লাইপেজ (iv) পেপ্‌চিন B. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ মূল্যাংক : 2/3/4/5 1. জীবৰ গ্লুক'জৰ পৰা নিৰ্গত শক্তিৰ বিভিন্ন পদ্ধতি বর্ণনা কৰা । [HSLC 15] 2. উদ্ভিদত কেনেকৈ পানী, খাদ্য আৰু আন দ্রব্য সমূহ পৰিবাহিত হয় ? [HSLC 15] 3. মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালীৰ মাজেৰে হোৱা তেজৰ প্রবাহ এটা চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা। [HSLC '16] 4. মানুহৰ খাদ্যনলীৰ বিভিন্ন অংশত হোৱা পাচন প্রক্রিয়া বর্ণনা কৰা ৷ [HSLC '16]


5. মানুহৰ উশাহ-নিশাহ প্ৰক্ৰিয়া বৰ্ণনা কৰা ৷ জলচৰ প্ৰাণীৰ শ্বাস প্রশ্বাস হাৰ স্থলচৰ প্ৰাণীত কৈ কিয় বেছি? [HSLC'17]


6. সালোক সংশ্লেষণ কি? সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনা সমূহ কি? উদ্ভিদে কেনেকৈ CO, শোষণ কৰে লিখা ।[HSLC 17, 19]


7. মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা । মূত্র উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা । [HSLC '18]


8. উচ্চ মাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় ? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণত বাষ্পমোচন প্ৰক্ৰিয়াৰ ভূমিকা কি? [HSLC ' 18]


9. আমাৰ তেজত থকা শ্বাসকণাবিধৰ নাম লিখা । কণাবিধৰ কাৰ্য উল্লেখ কৰা [HSLC '19] 10. মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দৈৰ্ঘ্যচ্ছেদৰ চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰৱাহিত হোৱা তেজৰ ধাৰাৰ দিশ কাঁড় চিনৰ দ্বাৰা দেখুওৱা আৰু হৃদযন্ত্ৰটোৰ মাজেৰে হোৱা তেজ সংবহনৰ এটি চমু বিৱৰণ দিয়া । [HSLC 19] 11. এখিলা পাতৰ প্ৰস্থচ্ছেদ আঁকা আৰু তাক সঠিকভাৱে চিহ্নিত কৰা ৷ [HSLC '20] 12. পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা। এইবোৰে কি কাৰ্য প্ৰদৰ্শন কৰে ? [HSLC '20] 13. ‘জৈৱ অনুঘটকবোৰ' কি? এনে দুটা অনুঘটকৰ নাম লিখাআমাৰ শৰীৰত এইবোৰে গ্ৰহণ কৰা ভূমিকাৰ আলোচনা কৰা। পাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰ'ক্লৰিক এছিডৰ কাৰ্য কি? [HSLC 20] 14. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে? জাইলেম আৰু ফ্ৰ’ৱেম দ্ৰৱ্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি ? [HSLC '20]


Type by- Bikul Mandal