ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল 

ষষ্ঠ অধ্য়ায়


১। ভাৰতৰ ভূখণ্ড কেনেকৈ বৈচিত্ৰপূৰ্ণ?

উত্তৰঃ পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ-প্ৰকৃতিৰে ভাৰতৰ ভূখণ্ড বৈচিত্ৰপূৰ্ণ।


২। এই দেশৰ ঐতিস্য় কি?

উত্তৰঃ ঐক্য় আৰু সংহতি এই দেশৰ ঐতিস্য়।


৩। ভাৰতবৰ্ষ ক'ত অৱস্থিত?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়াৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত।


৪। ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ আৰু পূৱা-পশ্চিমাকৈ কৰ পৰা কলৈ বিস্তৃত?

উত্তৰঃ ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিলৈকে আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত।


৫।  ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ আৰু পূৱা-পশ্চিমাকৈ  কিমান কিল'মিটাৰলৈ বিস্তৃত?

উত্তৰঃ ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ ৩,২১৪ কিল'মিটাৰ আৰু পূৱা-পশ্চিমাকৈ ২৯৩৩ কিল'মিটাৰ বিস্তৃত।


৬। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য় কিমান?

উত্তৰঃ ১৫,২০০ কিল'মিটাৰ। 


৭। এই দেশ আকাৰত কেই নম্বৰ স্থানত আছে?

উত্তৰঃ সপ্তম স্থানত আছে।


৮। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ভাৰতৰ মুঠ মাটিকালি ৩,২৮৭,২৬৩ বৰ্গ কিল'মিটাৰ।


৮। ভাৰতবৰ্ষ কেইখন ৰাষ্ট্ৰ আৰু কেইটা কেন্দ্ৰীয় শাসিত অঞ্চলেৰে গঠিত?

উত্তৰঃ ভাৰতবৰ্ষ ২৮ খন ৰাজ্য় আৰু ৭ টা কেন্দ্ৰীয় শাসিত অঞ্চলেৰে গঠিত। 


৯। ভাৰতৰ মুঠ মাটিকালিৰ কিমান কিমান শতাংশ কিহেৰে গঠিত?

উত্তৰঃ ভাৰতৰ মুঠ মাটিকালিৰ ১০.৭ শতাংশ পৰ্বতেৰে, ১৮.৬ শতাংশ পাহাৰ আৰু টিলাৰে, ২৭.৭ শতাংশ মালভূমিৰে আৰু ৪৩.৩ শতাংশ সমভূমিৰে আবৃত হৈ আছে।


১০। উত্তৰ-ভাৰতৰ প্ৰধান নদী কি?

উত্তৰঃ উত্তৰ-ভাৰতৰ প্ৰধান নদী গংগা আৰু ব্ৰহ্মপুত্ৰ।


১১। ভাৰতক কেইটা ভূ-প্ৰকৃতি ভাগত ভাগাব পাৰি আৰু কি কি?

উত্তৰঃ ভাৰতক মুঠ চাৰিটা ভূ-প্ৰকৃতিত ভগাব পাৰি।যেনে- ক) উত্তৰৰ হিমালয় পাৰ্বত্য় অঞ্চল খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল গ) দাক্ষিণাত্য় মালভূমি অঞ্চল আৰু ঘ) উপকূল অঞ্চল।


১২। হিমালয় পৰ্বত মালাই কিমান বৰ্গ কিল'মিটাৰ মাটিকালি আগুৰি আছে।

উত্তৰঃ ৫,০০,০০০  বৰ্গ কিল'মিটাৰ মাটিকালি আগুৰি আছে।


১৩। ইয়াৰ উচ্চতা কিমান?

উত্তৰঃ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৮,০০০ মিটাৰৰো অধিক।


১৪। হিমালয় পৰ্বতমালা কি যুগত সৃষ্টি হৈছে বুলি ভূ-বিজ্ঞানীসকলে ঠাৱৰ কৰিছে?

উত্তৰঃ টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল বুলি  ভূ-বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।


১৫। এই সমভূমি অঞ্চলটো কৰ পৰা কলৈ কিমান কিল'মিটাৰ বিস্তৃত?

উত্তৰঃ এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২,৪০০ কিল'মিটাৰ বিস্তৃত।


১৬। উত্তৰ ভাৰতৰ সমভূমি অঞ্চটোৱে কিমান মাটি আগুৰি আছে?

উত্তৰঃ এই সমভূমি অঞ্চলটোৱে ৭,০০,০০০ বৰ্গ কিল'মিটাৰ আগুৰি আছে।


১৭। ব্ৰহ্মপুত্ৰ নদী কৰ পৰা সৃষ্টি হৈছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী চীনদেশৰ তিব্বত মালভূমিত থকা চেমা-য়ুংদুং নামৰ হিমবাহৰ পৰা উৎপত্তি হৈছে।


১৮। ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰত বছৰি গড় কিমান চেন্টিমিটাৰ বৰষুণ হয়?

উত্তৰঃ ৫০ চেন্টিমিটাৰৰো কম বৰষুণ হয়।


১৯। ভাৰতত বছৰটোৰ ভিতৰত কেইটা ঋতু অনুভূত হয়? আৰু কি কি?

উত্তৰঃ  ভাৰতত বছৰটোৰ ভিতৰত চাৰিটা ঋতু অনুভূত হয়। যেনে- শীতকাল, প্ৰাক বৰ্ষাকাল, বৰ্ষাকাল, প্ৰাক শীতকাল।


২০। প্ৰাকৃতিক পৰিৱেশৰ অন্য়তম প্ৰধান উপাদান কি?

উত্তৰঃ মাটি।


২১। ভাৰতবৰ্ষত পোৱা মাটিবোৰক প্ৰধানকৈ কেই ভাগত ভাগ কৰিছে? আৰু কি কি?

উত্তৰঃ ছয় ভাগত ভাগ কৰিছে। যেনে- পাৰ্বত্য় অঞ্চলৰ মৃত্তিকা, সিন্ধু-গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ মৃত্তিকা, মৰু অঞ্চলৰ মৃত্তিকা, লাভা মৃত্তিকা, দাক্ষিণাত্য় মাভূমিৰ মৃত্তিকা আৰু উপকূল অঞ্চলৰ মৃত্তিকা।


২২। হিমবাহজনিত মৃ্ত্তিকা বুলিলে কি বুজা?

উত্তৰঃ পৰ্বতৰ তুষাৰ ৰেখাৰ নামনি অঞ্চলত হিমবাহবোৰে বালি আৰু বোকা জাতীয় পদাৰ্থ পৰিবহন কৰি জমা কৰে আৰু পাছত মৃত্তিকাৰ সৃষ্টি হয়। এনে মৃত্তিকাকে হিমবাহজনিত মৃত্তিকা বুলি কোৱা হয়।


২৩। সিন্ধু-গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলত পোৱা মৃত্তিকা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ দুই প্ৰকাৰৰ, যেনে- নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি।


২৪। মৰু মৃত্তিকা ক'ত ক'ত পোৱা যায়?

উত্তৰঃ মৰু মৃত্তিকা ভাৰতৰ থৰ মৰুভূমি অঞ্চল, ৰাজস্থান, সৌৰাষ্ট্ৰ আৰু কচ্চ উপসাগৰীয় অঞ্চলত পোৱা যায়।


২৫। কি মৃত্তিকাক সাধাৰণতে কৃষ্ণ ( ক'লা ) মৃত্তিকা বুলি জনা যায়?

উত্তৰঃ লাভা মৃত্তিকাক।


২৬। ভাৰতত পোৱা উদ্ভিদবোৰক কেই ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ ভাৰতত পোৱা উদ্ভিদবোৰক ছয় ভাগত ভাগ কৰিব পাৰি। যেনে- চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ ( মেনগ্ৰ'ভ ), আৰু পাৰ্বত্য় উদ্ভিদ।


২৭। চিৰসেউজীয়া উদ্ভিদ কেনেকুৱা অঞ্চলত পোৱা যায়?

উত্তৰঃ যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চেন্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তপ ২৫০   চেঃ ৰ পৰা ২৭০  চেঃ তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভইদ দেখা যায়।


২৮। ২০০১ চনৰ লোকপিয়ল মতে সমগ্ৰ ভাৰতৰ জনসংখ্য়া কিমান আছিল?

উত্তৰঃ ১,০২,৭০,১৫,২৮৯ জন আছিল।


২৯। ভাৰতবৰ্ষত কি কি কাৰণত জনসংখ্য়া বৃদ্ধি পাইছে?

উত্তৰঃ ভাৰতবৰ্ষত জনসংখ্য়া বৃদ্ধি হোৱা দুটা কাৰণ হ'ল জন্মৰ হাৰৰ তুলনাত মৃত্য়ু হাৰ কম আৰু বেলেগ দেশৰ পৰা এই দেশলৈ হোৱা জন প্ৰব্ৰজনৰ ফলত ভাৰতবৰ্ষত জনসংখ্য়া বৃদ্ধি পাইছে। 


৩০। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্য়াৰ ঘনত্ব কিমান?

উত্তৰঃ প্ৰতি বৰ্গ কিল'মিটাৰত ৩২৪ জন।


৩১। ভাৰতৰ কেইখনমান জনবহুল চহৰৰ নাম লিখা?

উত্তৰঃ মুম্বাই, কলকতা, দিল্লী, চেন্নাই আদি।


৩২। জনসংখ্য়াৰ ভিত্তিত ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি?

উত্তৰঃ মুম্বাই।


৩৩। অসমৰ সৰ্বপ্ৰধান মহানগৰীখনৰ নাম কি?

উত্তৰঃ গুৱাহাটী।


৩৪। দেশখনৰ ভিতৰতে সৰ্বনিম্ন ঘনত্ব ৰাজ্য় কোনখন?

উত্তৰঃ অৰুণাচল প্ৰদেশ।


৩৫। দেশৰ সবাতোকৈ জনবহুল ৰাজ্য় কোনখন?

উত্তৰঃ উত্তৰ প্ৰদেশ।


৩৬। ভাৰতৰ আটাইতকৈ কম জনসংখ্য়াৰ ৰাজ্য় কোনখন?

উত্তৰঃ লাক্ষাদ্বীপ।


৩৭। ভাৰতীয়সকলৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ কৃষি। 


৩৮। ভাৰতৰ অৰ্থনীতি কিহৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল।


৩৯। ভাৰতৰ কোন অঞ্চল কপাহ খেতিৰ বাবে বিখ্য়াত?

উত্তৰঃ ভাৰতৰ দাক্ষিণাত্য় মালভূমিৰ উত্তৰ-পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্য়াত।


৪০। বস্ত্ৰশিল্পৰ প্ৰধান কেন্দ্ৰসমূহ কি কি?

উত্তৰঃ মুম্বাই, ভিলে পাৰলে, থানে, ভানদুপ আৰু পুণা।




Type By-Jatin Nath