ব্য়ৱহাৰিক ভূগোল

সপ্তম অধ্য়ায়


১। ভূগোল এটা কিহৰ বিষয়?

উত্তৰঃ ভূগোল এটা মৌলিক শিক্ষাৰ বিষয়।


২। ভূগোলৰ অধ্য়য়নে কিহৰ বিষয়ে আমাক আভাস দিয়ে?

উত্তৰঃ ভূগোলৰ অধ্য়য়নে আমাক আমি বাস কৰা 'ঘৰখন' অৰ্থাৎ পৃথিৱীখনৰ বিষয়ে জানিবলৈ দিয়ে।


৩। মানচিত্ৰ কি?

উত্তৰঃ পৃথিৱীৰ ভূ-পৃষ্ঠ বা ইয়াৰ কোনো এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকে মানচিত্ৰ বোলা হয়।


৪। ভূগোলৰ অধ্য়য়নৰ বাবে কিহৰ প্ৰয়োজন?

উত্তৰঃ মানচিত্ৰ প্ৰয়োজন।


৫। মানচিত্ৰ কিহৰ দৰে?

উত্তৰঃ মানচিত্ৰ এখন অভিধানৰ দৰে।


৬। মানচিত্ৰত অপৰিহাৰ্যভাৱে সন্নিবিষ্ট হোৱা উপাদান কেইটা কি কি?

উত্তৰঃ মানচিত্ৰত অপৰিহাৰ্যভাৱে সন্নিবিষ্ট হোৱা উপাদান কেইটা হ'ল- ক) মানচিত্ৰৰ নাম, খ) মানচিত্ৰৰ সীমাৰেখা, গ) মানচিত্ৰ মাপনী, ঘ) সাংকেতিক চিহ্ন,  ঙ) দূৰত্ব, চ) দিশ, ছ)  মাটিকালি আৰু জ) মানচিত্ৰৰ আকাৰ আৰু আকৃতি ।


৭। মানচিত্ৰৰ পৰা ভূপ্ৰাকৃতিক বৈশিষ্ট্য় সম্পৰ্কে জানিৱলৈ কি চিহ্নৰ সহায় লোৱা হয়?

উত্তৰঃ  মানচিত্ৰৰ পৰা ভূপ্ৰাকৃতিক বৈশিষ্ট্য় সম্পৰ্কে জানিবলৈ দুই প্ৰকাৰৰ চিহ্নৰ সহায় লোৱা হয়। ইয়াৰে এটা হৈছে ৰেখা চিহ্ন যাক কোৱা হয় সমোচ্চ ৰেখা আৰু আনটো হৈছে বিন্দু চিত্ৰ যাক উচ্চতা বিন্দু বুলি জনা যায়।


৮। সাংস্কৃতিক পৰিৱেশৰ উপাদান কি কি?

উত্তৰঃ সাংস্কৃৃতিক পৰিৱেশৰ উপাদানবোৰ হ'ল- বাট-পথ, ঘৰ-দুৱাৰ, বসতি, খেতিপথাৰ, গাঁও, নগৰ-চহৰ, বজাৰ, শিল্প-উদ্য়োগ ইত্য়াদি।


৯। মাপনী বা স্কে'ল বুলিলে কি বুজা?

উত্তৰঃ যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দৃৰত্বক মানচিত্ৰত কম  বা চুটি কৰি লোৱা হয়, তাকেই মানটিত্ৰ বিদ্য়াত মাপনী বা স্কে'ল বোলে।


১০। মানচিত্ৰত ব্য়ৱহাৰ কৰা মাপনী বা স্কে'ল কেই ধৰণে প্ৰকাশ কৰা হয়? আৰু কি কি?

উত্তৰঃ তিনি ধৰণে প্ৰকাশ কৰা হয়- ভাষাৰে, নিৰূপক ভগ্নংশৰে আৰু ৰেখাৰে।


১১। ভাষাৰ স্কে'ল বুলিলে কি বুজা? উদাহৰণ দি বুজোৱা?

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাইদুখনৰ মাজৰ প্ৰকৃত দূৰত্বক যেতিয়া ভাষাৰে প্ৰকাশ কৰা হয়, তাকে ভাষা বা উক্তিৰ মাপনী বা স্কে'ল বোলা হয়। 

উদাহৰণস্বৰূপে ১ চেন্টিমিটাৰ = ৫ কিল'মিটাৰ, ১ ইঞ্চি = ১০ মাইল, ২ চেন্টিমিটাৰ= ১ কিল'মিটাৰ।


১২। নিৰূপক ভগ্নাংশৰ স্কেল বুলিলে কি বুজা? ইয়াক কেনেদৰে প্ৰকাশ কৰা হয়?

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্ব অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা হয় তেতিয়া সেই মাপনীক নিৰূপক ভগ্নাংশৰ স্কে'ল বোলে। ইয়াক ১ ∶ ১০০০  বা ১/১০০০  হিচাপে প্ৰকাশ কৰা হয়।


১৩। ৰৈখিক মাপনী বুলিলে কি বুজা?

উত্তৰঃ মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল সৰল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় তাকে ৰৈখিক মাপনী বা লেখ মাপনী বোলা হয়।


১৪। লেখচিত্ৰ বুলিলে কি বুজা?

উত্তৰঃ ভূগোলত জলবায়ু, ভূমিৰ ব্য়ৱহাৰ, জনসংখ্য়া, উৎপাদন, আদি সমপৰ্কীয় বিভিন্ন তথ্য় যেতিয়া উপযুক্তভাৱে চিত্ৰৰ সহায়ত উপস্থাপন কৰা হয় তাকে লেখচিত্ৰ বোলে।


১৫। দণ্ডলেখচিত্ৰ  বুলিলে কি বুজা?

উত্তৰঃ যি লেখচিত্ৰত কোনো এখন ঠাইৰ জনসংখ্য়া বা উৎপাদনৰ এক দীঘলীয়া সময়ৰ ধাৰা বা কেইবাখনো ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ জনসংখ্য়া বা উৎপাদন আয়াতাকাৰ দণ্ডৰ সহায়ত দেখুওৱা হয় তাকে দণ্ড লেখচিত্ৰ বোলে।


১৬। ৰৈখিক লেখচিত্ৰ বুলিলে কি বুজা?

উত্তৰঃ যি লেখচিত্ৰত কোনো এখ ঠাইৰ জনসংখ্য়া, উৎপাদন আদিৰ এক দীঘলীয়া সময়ৰ ধাৰা ৰেখাৰ সহায়ত দেখুউৱা হয় তাকে ৰৈখিক লেখচিত্ৰ বোলে।


১৭। বৃত্ত লেখচিত্ৰ বুলিলে কি বুজায?

উত্তৰঃ যি লেখচিত্ৰত এখন ঠাইৰ যি কোনো এটা ভৌগোলিক উপাদানৰ অংশভিত্তিক মানবোৰ অনুপাতিক হিচাপে বৃত্তৰ সহায়ত দেখুউৱা হয় তাকে বৃত্ত লেখচিত্ৰ বোলে।


১৮। ৰৈখিক মাপনীৰ সহায়ত আমি কি জানিব পাৰো?

উত্তৰঃ ৰৈখিক মাপনীৰ সহায়ত অতি কমেও ভূপৃষ্ঠৰ ১ কিলোমিটাৰ পৰ্যন্ত দূৰত্ব নিৰ্ধাৰণ কৰিব পৰা যায়।


১৯। ৰৈখিক মাপনীৰ দুটা সুবিধা লিখা?

উত্তৰঃ ৰৈখিক মাপনীৰ দুটা সুবিধা হ'ল- ক) ৰৈখিক মাপনীৰ সহায়ত মানচিত্ৰত থকা যিকোনো দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্ব অতি সহজে নিৰ্ণয় কৰিব পাৰি।

খ) এনে মাপনী থকা মানচিত্ৰৰ আন এটা সুবিধা হ'ল যান্ত্ৰিক পদ্ধতিৰে যেতিয়া মানচিত্ৰ এখনক এটা অনুপাতত সৰু বা ডাঙৰ কৰা হয়, সেই একে অনুপাততেই ৰৈখিক মাপনীৰো দৈৰ্ঘ্য় চুটি বা দীঘল হয়।


২০। নিৰূপক ভগ্নাংশৰ স্কে'লৰ এটা বৈশিষ্ট লিখা?

উত্তৰঃ হৰৰ মান যিমানেই বেছি হয়, সিমানেই মানচিত্ৰ সৰু হয়। এই মাপনীত লব আৰু হৰ উভয়তে কোনো ধৰণৰ একক ব্য়ৱহাৰ কৰা নহয়। সেয়ে মানচিত্ৰ অংকনকাৰী বা অধ্য়য়নকাৰীয়ে নিজৰ সুবিধা অনুযায়ী ভগ্নাংশটোত একক বহুৱাই ল'লেও শুদ্ধ হৈ থাকে।


Type By- Jatin Nath