দ্বিতীয় খণ্ড (ভূগোল) প্ৰথম অধ্যায় 

অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ 


1. আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ ব্যক্তিজন—

(A) ফেইড্রিক ৰাটজেল

(B) জর্জ ছিজহ’ম (C) কাৰ্ল ৰিখটাৰ (D) এলেকজেণ্ডাৰ ভন হাম্বোল্ট উত্তৰ : (B) জৰ্জ ছিজহ’ম 2. অনুসৰি সম্পদসমূহক বহুলভাৱে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। (A) জাৰণ প্ৰক্ৰিয়া (B) সৃষ্টি প্রক্রিয়া (C) ক্রিয়া-প্রক্রিয়া (D) এটাও নহয় ৷ উত্তৰ : (B) সৃষ্টি প্রক্রিয়া 3. যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক –বোলা হয়। (A) সম্পত্তি (B) সম্পদ (C) পণ্য (D) এটাও নহয়। উত্তৰ : (A) সম্পত্তি 4. পৃথিৱীত উপলভ্য সকলোবোৰ সম্পদক মালিকীস্বত্বৰ সম্পদ হিচাপে শ্রেণী বিভক্ত ভিত্তিত কৰিব পাৰি । (A) ব্যক্তিগত (B) আন্তর্জাতিক (C) জাতীয় (D) ওপৰৰ আটাইকেইটা । উত্তৰ : (D) ওপৰৰ আটাইকেইটা। 5. সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়— (A) ১ জানুৱাৰী তাৰিখে (B) ১৫ আগষ্ট তাৰিখে

(C) ৫ জুন তাৰিখে (D) এটাও নহয়। উত্তৰ : (C) ৫ জুন তাৰিখে

6. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় ? (A) কৃষি কাৰ্য (B) মাছ ধৰা (C) বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান (D) বনজ বা খনিজ সম্পদ আহৰণ উত্তৰ : (C) বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান 7. সকলো প্ৰকাৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মীসকল কোন খণ্ডৰ জীৱিকাৰ অন্তৰ্ভুক্ত— (A) প্রাথমিক খণ্ডৰ
(B) দ্বিতীয়ক খণ্ডৰ
(C) তৃতীয়ক খণ্ডৰ (D) চতুৰ্থক খণ্ডৰ উত্তৰ : (B) দ্বিতীয়ক খণ্ডৰ । ৪. তলৰ কোন বিধ তৃতীয়ক শ্ৰেণীৰ বৃত্তি? (A) কৃষিকার্য (B) বয়ন কার্য (C) চিকাৰ (D) বেপাৰ-বাণিজ্য উত্তৰ : (D) বেপাৰ-বাণিজ্য । 9. তলৰ কোনবিধ দ্বিতীয়ক বৃত্তিৰ কাম-কাজ নহয় ? (A) লো-গলন কার্য (B) বোৱা-কটা (C) ৰেডিমেড কাপোৰ তৈয়াৰী (D) মাছ ধৰা উত্তৰ :(D) মাছ ধৰা ।

10. দিল্লী, মুম্বাই, কোলকাতা, চেন্নাই আদি মহানগৰীবোৰত তলৰ কোনবিধ বৃত্তিৰ সৰ্বাধিক সুবিধা পোৱা যায়। 
 
(A) প্রাথমিক

(B) দ্বিতীয়ক 
 
(C) চতুৰ্থক 

(D) সেৱা কাৰ্য 
 
উত্তৰ : (C) চতুৰ্থক। 

11. তলৰ কোনবিধ জীৱিকা চতুৰ্থক শ্ৰেণীৰ অন্তৰ্গত? 

(A) গৃহনির্মাণ কর্মী 
 
(B) কম্পিউটাৰ নিৰ্মাণকাৰী 

(C) বিশ্ববিদ্যালয়ৰ শিক্ষক 
 
(D) প্রকাশক 
 
উত্তৰ : (গ) বিশ্ববিদ্যালয়ৰ শিক্ষক। 
 
12. তলৰ কোনটো দ্বিতীয়ক বৃত্তিৰ অন্তৰ্গত? 
 
(A) শিল্পোৎপাদন প্রক্রিয়া 
 
(B) যাতায়াত 

(C) প্ৰচাৰ মাধ্যম 
 
(D) প্রশাসন 
 
উত্তৰ : (A) শিল্পোৎপাদন প্রক্রিয়া 
 
13. তলৰ কোনটো অজীবীয় সম্পদ 
 
(ক) বায়ু 
 
(খ) গছ-গছনি 
 
(গ) জীৱ-জন্তু 
 
(ঘ) ভেঁকুৰ 
 
উত্তৰঃ (ক) বায়ু 

14.তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী 
 
(ক) এশিঙিয়া গড় 

(খ) নল গাহৰি 
 
(গ) জিৰাফ 
 
(ঘ) মেথুন 
 
উত্তৰঃ (খ) নল-গাহৰি 
 
15. IUCN সংস্থাটো কোন আন্তৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত 
 
(i) UNESCO
 
(ii) UNDP 
 
(iii) WWF 
 
(iv) UNEP 
 
উত্তৰঃ (i) UNESCO 

16. ভূগোল বিষয়টো মূলতঃ ২টা / ৩টা শাখাত বিভক্ত। 
 
উত্তৰ : ২টা 
 
17. অর্থনৈতিক ভূগোল মানৱ ভূগোল / প্রাকৃতিক ভূগোলৰ এটা প্ৰধান শাখা । 

উত্তৰ : মানৱ ভূগোল । 

18. কৃষিকার্য প্রাথমিক / দ্বিতীয়ক / তৃতীয়ক বৃত্তি। 
 
উত্তৰ : প্ৰাথমিক বৃত্তি 
 
19. দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ হ'ল খনিজ সম্পদ আহৰণ | পর্যটন | চেনী উদ্যোগৰ কৰ্মী। 
 
উত্তৰ : চেনী উদ্যোগৰ কৰ্মী। 
 
20. উদ্ভিদ/ সোণ / ৰাসায়নিক সাৰ এবিধ জৈৱিক সম্পদৰ উদাহৰণ 

উত্তৰ : উদ্ভিদ

21. উদ্ভিদ / মাটি/পানী হ'ল এটা জীৱীয় সম্পদৰ উদাহৰণ- 
 
উত্তৰ : উদ্ভিদ 

22. শিল / মাছ / চৰাই হ'ল এটা অজীবীয় সম্পদৰ উদাহৰণ। 
 
উত্তৰ : শিল । 

23. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ | উদ্ভিদ সম্পদ/ নবীকৰণ সম্পদ। 

উত্তৰ : জাতীয় সম্পদ। 

24. স্থানিক সম্পদৰ এটা উদাহৰণ হ'ল কয়লা / বায়ু / উদ্ভিদ। 

উত্তৰ : কয়লা। 
 
25. ভাৰতীয় বন গবেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল ১৯৮৬/১৯৮৭/১৯৮৮ চনত। 
 
উত্তৰ : ১৯৮৬ চনত । 
 
26. বিশ্ব পৰিবেশ দিৱস পালন হয় ৫ জুন /৫ জুলাই/৫ আগষ্ট তাৰিখে। 

উত্তৰ : ৫ জুন তাৰিখে।