মানৱ ভূগোলৰ সংজ্ঞা , অৰ্থ, প্ৰকৃতি, পৰিসৰ , মুখ্য উপশাখা আৰু সমসাময়িক প্ৰাসংগিকতা

Chapter - 1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

1. ফেড্ৰিক ৰাট্জেল তলত উল্লখিত কোনখন দেশৰ নাগৰিক আছিল।

(১) গ্ৰীচ

(২) জাৰ্মানী 

(৩)ফ্ৰান্স

(৪) ইটালী

উত্তৰঃ (২) জাৰ্মানী।

 2. নিয়ন্ত্ৰণবাদৰ প্ৰৱৰ্তক হ'ল- 

i) এলেন চার্চিল।

ii) এলেন চেম্পল

iii) হান্টিংটন

iv) ৰাট্জেল ৷

উত্তৰঃ iv) ৰাট্জেল।


3. মানৱ ভূগোল অধ্যয়নৰ প্ৰাচীনতম ভাৱধাৰাটো হ'ল-

i) সম্ভাব্যবাদ

ii) প্রত্যক্ষবাদ

iii) পাৰিবেশিক নিয়ন্ত্রণবাদ

iv) নব্য নির্ণয়বাদ।

উত্তৰঃ  iii) পাৰিবেশিক নিয়ন্ত্ৰণবাদ।


4. ডাৰউইনৰ ‘Origin of species' নামৰ গ্ৰন্থখন প্ৰকাশ হৈছিল........

i) 1859 চনত

ii) 1849 চনত

iii) 1839 চনত

iv) 1829 চনত ।

Ans : i) 1859 চনত।


5. ‘মানৱ ভূগোল' নামে ভূগোলবিজ্ঞানৰ শাখাটো প্ৰতিষ্ঠা হৈছিল


i) ঊনবিংশ শতিকাত

ii) সোতৰ শতিকাত

iii) ওঠৰ শতিকাত

iv) বিংশ শতিকাত ।

Ans: i) ঊনবিংশ শতিকাত ৷

6. মানৱ ভূগোল অধ্যয়নত প্ৰাচীনতম ভাৱধাৰাটো হ'ল

i) প্রত্যক্ষবাদ

ii) সম্ভাব্যবাদ

iii) নব্য নির্ণয়বাদ

iv) পাৰিবেশিক নির্ণয়বাদ।

Ans: iv) পাৰিবেশিক নির্ণয়বাদ।

6. তলৰ কোন গৰাকীয়ে মানৱ ভূগোলক বিৰামহীন মানৱ আৰু অস্থি পৃথিৱীৰ মাজত হোৱা পৰিৱৰ্তনশীল সম্পর্কে অধ্যয়ন বুলি কৈছে?

i) এলেন চেম্পল

ii) গ্ৰীট টেইলৰ

iii) ভাইডেল-ডা-লা-রাছি।

iv) কাল ৰিটাৰ

Ans: i) এলেন চেম্পল

7.  আধুনিক মানৱ ভূগোলৰ জনক হ'ল—

i) হার্টছস্তর্ণ

ii) ফেড্রিক ৰাজেল

iii) কাল ৰিটাৰ

iv) ভাইডেল-ডা-লা-রাছি।

Ans: ii) ফেড্রিক ৰাজেল।

8. 'Anthropo Geography' নামৰ গ্ৰন্থখনৰ ৰচক আছিল........ 

i) ভাইডেল-ডা-লা-ব্লাছি

ii) কাৰ্ল ৰিটাৰ

iii) ফেড্রিক ৰাটজেল

iv) হান্টিংটন।

Ans: iii) ফেড্রিক ৰাট্জেল।

9. 'Human Geography is the study of changing relation between unresting man and the unstable earth' __ মানৱ ভূগোল সম্পর্কে এইটো সংজ্ঞা আগবঢ়াইছিল...........

(i) ৰাট্জেলে

ii) ভাইডেল-ডা-লা-রাছিয়ে

iii) এলেন চেম্পলে

iv) কার্ল ৰিটাৰে। 

উত্তৰঃ iii) এলেন চেম্পলে।

10. তলৰ কোনটো মানৱ ভূগোলৰ উপশাখা বুলি বিবেচনা কৰা নহয়?

i) ৰাজনৈতিক ভূগোল

ii) পর্যটন ভূগোল

iii) জনসংখ্যা ভূগোল

iv) পৰিবেশ ভূগোল ।

উত্তৰঃ iv) পৰিবেশ ভূগোল ।

11. তলৰ কোনটো মানৱ ভূগোলৰ বিষয়বস্তুৰ বাহিৰত ?

i) নগৰীকৰণ প্ৰক্ৰিয়া

ii) ভংগীল পর্বত উৎপত্তি প্রক্রিয়া

iii) ঔদ্যোগীকৰণ প্ৰক্ৰিয়া

iv) চিকাৰ বৃত্তি।

উত্তৰঃ ii) ভংগীল পর্বত উৎপত্তি প্রক্রিয়া।

12. তলৰ কোনটো বিষয় পাৰিবেশিক নিয়ন্ত্ৰণবাদৰ বিপৰীতধর্মী ?

i) এস্কিম'সকলৰ জীৱন ধাৰণ প্ৰণালী

ii) আফ্ৰিকাৰ পিগ্‌মিসকলৰ চিকাৰ বৃত্তি

iii) আৰবৰ বেডুইনসকলৰ অঘৰী জীৱন

 iv) হোৱাংহো উপত্যকাৰ উন্নতিকৰণ।

উত্তৰঃ iv) হোৱাংহো উপত্যকাৰ উন্নতিকৰণ।

13. মানুহ আৰু পৰিবেশৰ সম্পৰ্ক তলত কোনটোৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰকট?

i) এস্কিম'সকলৰ জীৱন যাত্ৰা

ii) মহাকাশ অভিযান

iii) মানুহৰ পৰস্পৰৰ মাজৰ মিলাপ্ৰীতি

iv) পঞ্জাৱৰ ঘেঁহু খেতি।

উত্তৰঃ i) এস্কিম'সকলৰ জীৱন যাত্ৰা।

14. তলৰ কোনটো মানৱ ভূগোল শাখা নহয় ?

i) সামাজিক ভূগোল

ii) অর্থনৈতিক ভূগোল

iii) ৰাজনৈতিক ভূগোল

iv) পৰিবেশ ভূগোল।

উত্তৰঃ iv) পৰিবেশ ভূগোল ।

15. গ্ৰীট টেইলৰ মানৱ ভূগোলৰ কোনটো ভাৱধাৰাৰ লগত জড়িত ?

 i) পাৰিবেশিক নির্ণয়বাদ

ii) সম্ভাব্যবাদ

iii) প্রত্যক্ষবাদ

iv) নব্য নির্ণয়বাদ।

উত্তৰঃ iv) নব্য নির্ণয়বাদ।

16. পাৰিবেশিক নিৰ্ণয়বাদ ফলশ্ৰুতিত হোৱা গোষ্ঠীটো হ'ল-

(i)স্থানিক গোষ্ঠী

(ii) আচৰণবাদী গোষ্ঠা

(iii) পৰিস্থিতিক গোষ্ঠী

(iv) প্ৰত্যক্ষবাদী গোষ্ঠী।

উত্তৰঃ (iv) প্ৰত্যক্ষবাদী গোষ্ঠী।

17. ডাৰউইনৰ 'Origin of Species' নামৰ গ্ৰন্থখন প্ৰকাশ হৈছিল................

(i) 1859 চনত

(ii) 1849 চনত

(iii) 1839 চনত

(iv) 1829 চনত

উত্তৰঃ (i) 1859 চনত

18. 'সামাজিক ভুগোল' তলত কোনটো শাখাত অন্তৰ্গত

(i) পৰিৱেশ ভূগোল

(ii) প্ৰাকৃতিক ভূগোল

(iii)পৰিসংখ্যা ভূগোল

(iv) মানৱ ভূগোল।

উত্তৰঃ (iv) মানৱ ভূগোল।

19. 'মানৱ ভূগোল' নামে ভূগোলবিজ্ঞানৰ শাখাটো প্ৰতিষ্ঠা হৈছিল............

(i) ঊনবিংশ শতিকাত

(ii) সোতৰ শতিকাত 

(iii) ওঠৰ শতিকাত 

(iv) বিংশ শতিকাত

উত্তৰ : i) ঊনবিংশ শতিকাত ।

20. মানৱ ভূগোল অধ্যয়নত প্ৰাচীনতম ভাৱধাৰাটো হ'ল

i) প্রত্যক্ষবাদ

ii) সম্ভাব্যবাদ

iii) নব্য নির্ণয়বাদ

iv) পাৰিবেশিক নির্ণয়বাদ।

উত্তৰ : iv) পাৰিবেশিক নির্ণয়বাদ।

21. মানৱ ভূগোলৰ অধ্যয়নৰ পৰ্যায়নুক্রমিক অগ্রগতিত উত্তৰ-আধুনিক যুগৰ (Post-modern age) সূত্রপাত হৈছিল—

i) 1950-70 দহকৰ সময়ছোৱাত

ii) 1960-80 দহকৰ সময়ছোৱাত

iii) 1980-90 দহকৰ সময়ছোৱাত

iv) 1990 পৰা বৰ্তমানলৈকে।

উত্তৰ : iv) 1990 পৰা বৰ্তমানলৈকে।

2. অতি চমু উত্তৰ দিয়াঃ

১. ভূগোলবিজ্ঞানৰ মূল শাখা দুটা কি?

উত্তৰঃ ভূগোলবিজ্ঞানৰ মূল শাখা দুটা হ'ল- প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল।

২. মানৱ ভূগোল অধ্যয়নৰ লগত জড়িত দুটা ভাৱধাৰা উল্লেখ কৰা।

উত্তৰঃ মানৱ ভূগোল অধ্যয়নৰ লগত জড়িত দুটা ভাৱধাৰা হ'ল- পৰিৱেশীয় নিৰ্ণয়বাদ আৰু সম্ভাব্যবাদ।

৩. মানৱ ভূগোলৰ লগত জড়িত দুগৰাকী প্ৰাচীন ভূগোলবিদৰ নাম লিখা?

উত্তৰঃ  মানৱ ভূগোলৰ লগত জড়িত দুগৰাকী প্ৰাচীন ভূগোলবিদৰ নাম হ'ল- ভ'ন হাম্বোল্ট আৰু কাৰ্ল ৰিটাৰ।

৪. মানৱ ভুগোলৰ অধ্যয়ন কৰা মুখ্য বিষয় দুটা কি কি ?

উত্তৰঃ মানৱ ভূগোলৰ বিশ্লেষণ কৰা মুখ্য বিষয় দুটা হ'ল-

(১) পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশ।
(২) মানৱ সমাজৰ ক্ৰিয়াকলাপ।

৫. মানৱ ভূগোলৰ উপশাখা দুটাৰ নাম লিখা।

উত্তৰঃ মানৱ ভূগোলৰ উপশাখা দুটাৰ নাম হ'ল-অৰ্থনৈতিক ভূগোল আৰু সামাজিক ভূগোল।

৬. ভাইডেল ডা-লা-ব্লাছিৰ দুগৰাকী অনুগ্ৰামী নাম লিখা।

উত্তৰঃ ভাইডেল ডা-লা-ব্লাছিৰ দুগৰাকী অনুগামী নাম হ'ল- মেকিণ্ডাৰ আৰু হান্টিংটন।

৭. সম্ভাব্যবাদৰ সমৰ্থনকাৰী দুগৰাকী প্ৰাচীন ভূগোলবিদৰ নাম লিখা।

উত্তৰঃ সম্ভাব্যবাদৰ সমৰ্থনকাৰী দুগৰাকী প্ৰাচীন ভূগোলবিদৰ নাম হ'ল- ভাইডেল ডা-লা-ব্লাছি আৰু জিন ব্ৰনছ।

৮. মানৱ ভূগোল অধ্যয়ন পদ্ধতি দুটা কি কি ?

উত্তৰঃ মানৱ ভূগোল অধ্যয়ন পদ্ধতি দুটা হ'ল- প্ৰণালীবদ্ধ পদ্ধতি আৰু আঞ্চলিক পদ্ধতি।    
৯. নব্য নিৰ্ণয়বাদৰ উদ্ভাৱকগৰাকীৰ নাম কি আৰু তেখেত কোন দেশৰ নাগৰিক ?

উত্তৰঃ নব্য নিৰ্ণয়বাদৰ উদ্ভাৱকগৰাকীৰ নাম হ'ল- গ্ৰীফট টেইলৰ। তেখেত ব্ৰিটিছ যুক্তৰাজ্যৰ নাগৰিক।

১০. সামাজিক ভূগোলৰ দুটা উপ-শাখাৰ নাম লিখা।

উত্তৰঃ সামাজিক ভূগোলৰ দুটা উফ-শাখাৰ নাম হ'ল-জনসংখ্যা ভূগোল আৰু জনবসতি ভূগোল।

১১. মানৱ ভূগোলৰ মুখ্য উপাদানবোৰ কি কি ?

উত্তৰঃ মানৱ ভূগোলৰ মুখ্য উপাদানবোৰ হ'ল- প্ৰাকৃতিক অবয়ব, মানৱ পৰিৱেশ, জীৱ-জগত আৰু মানুহৰ সঁহাৰি।

১২. সাম্ভাব্যবাদ কি ?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশক মানুহৰ জ্ঞান-বুদ্ধিৰে আৱশ্যক অনুসৰি সাল-সলনি কৰি লোৱাৰ সম্ভাৱনাৰত বিশ্বাসী মানৱ ভূগোল অধ্যয়নত উদ্ভৱ হোৱা ধাৰণাটোক সাম্ভাব্যবাদ বুলি জনা যায়।

১৩. ফ্ৰেডিক ৰাট্জেলে উত্থাপন কৰা মানৱ ভূগোলৰ সংজ্ঞাটো লিখা।

উত্তৰঃ ৰাট্জেলে আগবঢ়োৱা মানৱ ভূগোলৰ সংজ্ঞাটো হ'ল- 'মানুহৰ প্ৰসংগেৰে মানুহ আৰু পৃথিৱীৰ উপৰিভাগৰ সম্পৰ্ক বিশ্লেষণ কৰাকে মানৱ ভূগোল বোলে।'


3. চমু উত্তৰ দিয়াঃ

১. মানৱ ভূগোলৰ মুখ্য মতাদৰ্শকেইটা কি কি ?উত্তৰঃ মানৱ ভূগোলৰ মতাদৰ্শবোৰ ঃ ভূগোলবিজ্ঞানৰ এই উল্লেখযোগ্যশাখা হ'ল মানৱ ভূগোল বা Human Geography। মানৱ ভূগোলৰ ক্ৰমবিকাশ বিগত ১৯৭০ৰ পৰা ১৯৯০ দশকৰ সময়ছোৱাত এহাতে যিদৰে পৰিসংখ্যিক কৌশলৰ প্ৰয়োভৰৰ সংকোচন ঘটিছিল আনহাতে সামাজিক তথা ৰাজনৈতিক বাস্তৱতা পুষ্ট প্ৰাসংগিক চিন্তাধাৰাৰ আধাৰত মানৱ ভূগোলত তিনিটা সমান্তৰাল মতাদৰ্শন উত্থাপন হৈছিল। এই তিনিটা মতাদৰ্শন হ'ল- পাৰিৱেশিক নিৰ্ণয়বাদ, সম্ভাব্যবাদ আৰু নব্য নিৰ্ণয়বাদ।
    
    মানৱ ভূগোলৰ অধ্যয়নৰ লগত জড়িত এই মতাদৰ্শ তিনিটাৰ ভিতৰত শেহতীয়া মতাদৰ্শটো হ'ল 'নব্য নিৰ্ণয়বাদ'। নব্য নিৰ্ণয়বাদৰ উদ্ভাৱক আছিল ব্ৰিটিছ ভূগোলবিদ গ্ৰীফিট টেইলৰ।

২. সামাজিক ভূগোল সম্পৰ্কে লিখা।

উত্তৰঃ অধ্যয়নৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি মানৱ ভূগোলক মূলতঃ তিনিটা শাখাত বিভক্ত কৰা হৈছে। এই শাখা তিনিটা ভিতৰত এটা হ'ল সামাজিক শাখা। মানৱ ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা হ'ল সামাজিক ভূগোল। মানৱ ভূগোলৰ এই গুৰুত্বপূৰ্ণ শাখাটোত মূলত  মানুহৰ জীৱনৰ ওপৰত গুৰুত্ব প্ৰধান কৰা হৈছে। বিশেষকৈ ধৰাৰ বুকুৰ ভিন্ন ভিন্ন প্ৰাকৃতিক পৰিৱেশত মানুহে কি ভাৱে সম্বন্ধ স্থাপন কৰিবলৈ লৈছে একো একোটা পৰিৱেশত বসবাস কৰা লোকৰ সংখ্যাৰ ঘনত্ব, আৰ্হি, সাংস্কৃতিক জীৱন, বিতৰণ, লোক বসতি বিস্তাৰ, গৃহ নিৰ্মাণ আৰ্হি , মানুহৰ আচৰণ বিধি, আদি  বিষয়ে ভালদৰে আলোচনা কৰা হয়। বিষয়বস্তুৰ তৰফৰ পৰা চাবলৈ গ'লে সামাজিক ভূগোলত মানৱৰ ওপৰত সৰ্বাধিক প্ৰাধ্যন্যতা দিয়া হয়। ইয়াৰ উপৰিও মানুহৰ নানা প্ৰকাৰৰ সামাজিক সমস্যাসমূহৰ বিষয়েও সামাজিক ভূগোলত প্ৰত্যক্ষভাৱে আলোচনা কৰা হয়। বিষয়বস্তৰ ভিন্নতাৰ বাবে সামাজিক ভূগোলক আকৌ জনসংখ্যা ভূগোল, জনবসতি ভূগোল, পৌৰ ভূগোল, আচৰণ ভূগোল, কল্যাণ ভূগোল, সাংস্কৃতিক ভূগোল, ঐতিহাসিক ভূগোল আদি উপ-শাখাত বিভক্ত কৰা হৈছিল।

 ৩. নব্য নিৰ্ণয়বাদ সম্পৰ্কে লিখা।

উত্তৰঃ গ্ৰীফিট টেইলৰ নামৰ ব্ৰিটিছ ভূগোলবিদ এজনে উপস্থাপন কৰা মানৱ আৰু পৰিৱেশৰ মাজত সম্পৰ্ক অধ্যয়ন তৃতীয়টো দৃষ্টিভংগীক নব্য নিৰ্ণয়বাদ নামেৰে জনা যায়। টেইলৰৰ মতানুসৰি এখন ৰাষ্ট্ৰ অথবা অঞ্চল একোটা উন্নয়নৰ পৰিক্ৰমাটো প্ৰধানভাৱেই প্ৰাকৃতিক দৃশ্যপটৰ ওপৰত নিৰ্ভৰশীল  হৈ থাকে। আনহাতে প্ৰকৃতিসৃষ্ট এই উন্নয়নৰ সম্ভাৱনাক মানুহে গতি দান কৰে আৰু অথবা স্থবিৰ অৱস্থাত ধৰি ৰেহৰূপ সলনি কৰিব পাৰে। প্ৰযুক্তিৰ অতি প্ৰয়োগৰ ফলত প্ৰকৃতিৰ অনিষ্টঘটিলে অৱশেষত মানুহৰ উন্নতিৰ অন্তৰায় ঘটে। ইফাসে প্ৰকৃতিৰ মানৱৰ হস্তক্ষেপৰ পৰা সম্পূৰ্ণ একাষৰীয়া কৰি ৰাখিলে উন্নয়ন সম্ভৱ নহয়। সেয়েহে টেইলৰৰ এই দৃষ্টিভংগীটোক মাধ্যম মাৰ্গ অথবা যতি আৰু গতিধৰ্মী নিৰ্ণয়বাদ নামেৰে জনা যায়। অৰ্থাৎ এই গতিভংগী অনুসৰী মানৱ আৰু পৰিৱেশৰ মাজত প্ৰতিষ্ঠিত সম্পৰ্কৰ গতিধাৰাত একানুক্ৰমিকভাৱে মানুহ পৰিৱেশৰ দ্বাৰা পৰিচালিত হোৱাৰ লগে লগেই মানৱীয় প্ৰযুক্তিৰ দ্বাৰাও প্ৰাকৃতিক পৰিৱেশ পৰিচালিত হোৱাত পৰ্যায়সমূহ আদুৱাই গৈ থাকে।


৪. মানৱ ভূগোলৰ লক্ষ্য।

উত্তৰ : আধুনিক ভূগোলবিজ্ঞানৰ মূল লক্ষ্য হ'ল ধৰাপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ জীৱনৰ বৈশিষ্ট্যসমূহৰ লগত ইয়াৰ সম্বন্ধ বিশ্লেষণ কৰা। মানুহৰ অর্থনৈতিক, সামাজিক তথা সাংস্কৃতিক বিষয় আদিক প্রাকৃতিক পৰিৱেশৰ প্ৰভাৱৰ পৰা কোনো প্ৰকাৰে সম্পূৰ্ণভাৱে পৃথক কৰিব পৰা নাযায় । ধৰাৰ বুকুৰ মানৱৰ বিভিন্ন প্ৰকাৰৰ কাৰ্যাৱলীৰ লগত প্ৰাকৃতিক পৰিৱেশৰ লগত এক ঘনিষ্ঠ সম্বন্ধ স্থাপন হোৱা দেখা যায় । মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ লগত স্থাপন হোৱা সংহতিৰ লগত জড়িত সকলোবোৰ কাৰ্যাৱলী মানৱ ভূগোলৰ মুখ্য বিষয়বস্তু। মানুহৰ দৈনন্দিন কাম-কাজত উদ্ভৱ হোৱা আটাইবোৰ পৰিদৃশ্যমান সমস্যাকে প্রাকৃতিক পৰিৱেশৰ লগত সম্বন্ধ ৰাখি বিশ্লেষণ কৰাটোৱে হ'ল মানৱ ভূগোলৰ মূল লক্ষ্য। সহজভাৱে ব্যাখ্যা কৰিবলৈ হ'লে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত গঢ় লৈ উঠা সম্বন্ধ অধ্যয়ন কৰি ইয়াৰ যথাযথ কাৰণ বিশ্লেষণ কৰাটোৱে বৰ্তমান সময়ত মানৱ ভূগোলৰ প্ৰধান লক্ষ্য বুলি বিবেচিত হৈছে।

৫. পাৰিবেশিক নির্ণয়বাদ কি?

উত্তৰঃ পাৰিপাৰ্শ্বিক নির্ণয়বাদ সূত্ৰৰ মতে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা ধৰাৰ জীৱজগত নিয়ন্ত্ৰিত হৈ আহিছে। দেখা যায় যে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্রিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্রভেদ দেখা যায়। তাৰ মূলতে প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ। এই চিন্তা- চৰ্চাৰ ধাৰাটোক পাৰিপাৰ্শ্বিক নির্ণয়বাদ (Environmental Determinism) বোলে৷ এই মতবাদ অনুসৰি উন্নতিৰ মূলতে প্ৰকৃতি বা পৰিৱেশ ৷ প্ৰাকৃতিক পৰিৱেশ মানে বন্ধুতা, জলবায়ু, নদ-নদী, প্রাকৃতিক সম্পদ ইত্যাদি। প্রখ্যাত মনীষী এৰিষ্টটলে তাহানিতে কৈছে যে— এখন দেশৰ নাগৰিকসকলে উন্নতি কৰাৰ মূলতে সুন্দৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা। ঠিক তেনেদৰে ভূগোলবিদ ষ্ট্ৰেব’, ৰাজনীতিবিজ্ঞানৰ গৱেষক মন্টেস্কু, হান্টিংটন আৰু কাণ্ট আদি পণ্ডিতসকলেও প্রাকৃতিক পৰিৱেশক মানৱৰ উন্নতিৰ মূল বুলি স্বীকাৰ কৰি গৈছে। ঠিক তেনেদৰে মেকিণ্ডাৰ, ডেভিছ, ৰবাৰ্ট মিল আদি ভূগোলবিদসকলেও এই মতবাদক সমৰ্থন কৰি গৈছে। 
৬. মানৱ ভূগোলৰ উপাদান

উত্তৰঃ  মানৱ জীৱনৰ নানা প্ৰকাৰৰ কাৰ্যাৱলীৰ লগত প্ৰাকৃতিক পৰিৱেশৰ ওতপ্রোত সম্বন্ধ আছে। পৰিৱেশ আৰু মানুহৰ মাজত স্থাপিত হোৱা সম্বন্ধবোৰ আলোচনা কৰাটোৱে হৈছে মানৱ ভূগোলৰ মূল অধ্যয়নৰ বিষয়। সেই বাবে মানৱ ভূগোলৰ বিষয়বস্তুৰ উপাদান বহুতো। ভূগোলবিজ্ঞানৰ এই বিভাগটোত ধৰাৰ বুকুত বসবাস কৰি অহা মানৱ সমাজৰ নানা প্ৰকাৰৰ জটিল সমস্যাসমূহ অধ্যয়ন কৰাটোৱে হৈছে মূল উদ্দেশ্য। গতিকে পৃথিৱীৰ সকলোবিলাক পৰিদৃশ্যমান সাংস্কৃতিক আৰু মানুহে সৃষ্টি কৰা অৱয়ববোৰেই হৈছে মানৱ ভূগোলৰ মূল উপাদান। এনেকুৱা উপাদানবোৰৰ ভিতৰত আছে জনসংখ্যাৰ বিতৰণ, বসতিৰ আৰ্হি, বিতৰণৰ ধৰণ, গৃহনির্মাণ পদ্ধতি, কৃষিকার্য, খননকার্য, শিল্পকাৰ্য, যাতায়াত- পৰিবহণ তথা ব্যৱসায়-বাণিজ্য আদিবোৰেই অন্যতম ৷মানৱ ভূগোলৰ লগত ওতপ্রোতভাৱে জড়িত বিখ্যাত ভূগোলবিদ হান্টিংটনে মানৱ ভূগোলৰ উপাদানসমূহক তলত দিয়া ধৰণে শ্ৰেণীবিভাজনো কৰিছে।তেখেতৰ মতে মানৱ ভূগোলৰ উপাদানবোৰক মূলতঃ চাৰিটা ভাগত ভাগ কৰি দেখুৱাইছে। এই ভাগ চাৰিটা হ'ল—

(ক) প্রাকৃতিক অৱয়ব 

(খ) জীৱ জগত 

(গ) মানুহৰ সঁহাৰি 

(ঘ) মানৱ পৰিৱেশ।


৪. ৰচনাধৰ্মী প্ৰশ্নঃ

১. মানৱ ভূগোল বুলিলে কি বুজা? মানৱ ভূগোলৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰা।

উত্তৰঃ ভূগোলবিজ্ঞানৰ এক অন্যতম শাখা হ'ল মানৱ ভূগোলৰ বা Human geography। সাধাৰণতে ধৰাপৃষ্ঠত আমি দেখিবলৈ পোৱা নানা প্ৰকাৰৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট অৱয়ববোৰৰ উৎপত্তি, অৱস্থিতি, আঞ্চলিক বিতৰণ, ক্ৰমবিৱৰ্তন আদিৰ বিষয়ে তন্ন তন্নকৈ পর্যালোচনা কৰাটোৱে হৈছে ভূগোলবিজ্ঞানৰ মুখ্য আলোচ্য বিষয়।
এই ভূগোলবিজ্ঞানৰে এক অন্যতম শাখা হিচাপে বিবেচনা কৰি প্রাকৃতিক পৰিৱেশৰ লগত মানুহে কি ধৰণে সম্বন্ধ স্থাপন কৰিছে এই বোন সামাজিক তথা সাংস্কৃতিক ক্ষেত্রসমূহ কিদৰে প্রভাৱান্বিত হৈছে শাখাত পৃথিৱীৰ বিভিন্ন ভৌগোলিক পৰিৱেশৰ দ্বাৰা মানুহৰ অৰ্থনৈতিক কথাৰ বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰা হয়, সেই শাখাটোকে 'মানৱ ভূগোল' বুলি ক'বলৈ লৈছোঁ। সেয়েহে প্রকৃততে মানৱ ভূগোলত গতিশীল মানৱ সমাজ আৰু পৰিৱৰ্তনশীল প্রাকৃতিক পৰিৱেশৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা হয়। মূলতঃ ধৰা পৃষ্ঠত বসবাস কৰি অহা মানৱ সমাজ আৰু বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক পৰিৱেশকে মানৱ ভূগোল মুখ্য আলোচ্য বিষয় বুলি বিবেচনা কৰা হৈছে।

মানৱ ভূগোলৰ লগত জড়িত প্রাচীন ভূগোলবিদসকল : প্রাচীন কালত ইউৰোপৰ গ্ৰীচ দেশতেই যে ভৌগোলিক চিন্তা-চৰ্চাৰ আৰম্ভ হৈছিল ইয়াত কোনো দ্বি-মত নাই। গ্রীকসকলে দেখুওৱা চিন্তা-চৰ্চাৰ বাবেই তেওঁলোককে ভূগোলবিজ্ঞানৰ গুৰিধৰোঁতা বুলিও আখ্যা দিয়া হৈছে। প্ৰাকৃতিক ভূগোলৰ লগতে মানৱ ভূগোলৰ চিন্তাৰ শুভাৰম্ভ হৈছিল। গ্ৰীচ দেশতে। এই ক্ষেত্ৰত তিনিগৰাকী বিশিষ্ট প্রাচীন ভূগোলবিদৰ ভিতৰত বিশেষ উল্লেখযোগ্য আছিল—

(ক) এলেকজেণ্ডাৰ ভ'ন হাম্বোল্ট (১৭৬২-১৮৫৯)

(খ) কাৰ্ল ৰিটাৰ (১৭৭৯-১৮৫৯)

(গ) ফেড্ৰিক ৰাটজেল (১৮৪৪-১৯০৪)

মানৱ ভূগোলৰ লক্ষ্য আৰু উদ্দেশ্য (Aims and Objectives of Human Geography) : প্রাচীন কালত গ্ৰীচ দেশত যে ভৌগোলিক চিন্তা-চৰ্চাৰ আৰম্ভ হৈছিল ইয়াৰ কোনো দ্বি-মত নাই। গ্রীকসকলৰ চিন্তা- চৰ্চাতে ভূগোলবিজ্ঞানৰ অংকুৰণ হৈছিল সেই দেশতেই। প্রাকৃতিক ভূগোলৰ লগতে মানৱ ভূগোলৰ চিন্তাৰ শুভাৰম্ভও হৈছিল গ্ৰীচত। বিশেষকৈ এলেকজেণ্ডাৰ ভ'ন হাম্বোল্ট, কার্ল ৰিটাৰ, ফেড্ৰিক ৰাজেল আদি দাৰ্শনিকৰ মনৰ পৰা মানৱ ভূগোলৰ বিষয়বস্তুৰ বিষয়ে উদ্ভাসিত হ'বলৈ পাইছিল। মানৱ ভূগোলৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল ধাপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ জীৱনৰ বৈশিষ্ট্যসমূহৰ লগত সম্বন্ধ বিশ্লেষণ কৰা । মানুহৰ অৰ্থনৈতিক, সামাজিক তথা সাংস্কৃতিক বিষয় আদিক প্রাকৃতিক পৰিৱেশৰ প্ৰভাৱৰ পৰা কোনো প্ৰকাৰে সম্পূৰ্ণভাৱে পৃথক কৰিব পৰা নাযায়। মানুহৰ দৈনন্দিন কাম-কাজত উদ্ভৱ হোৱা আটাইবোৰ পৰিদৃশ্যমান সমস্যাক প্ৰাকৃতিক পৰিৱেশৰ লগত সম্বন্ধ ৰাখি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰাটোৱে হ'ল মানৱ ভূগোল মূল লক্ষ্য তথা উদ্দেশ্য। সহজাৰ্থত ব্যাখ্যা কৰিবলৈ হ'লে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত ওতপ্রোতভাৱে গঢ় লৈ উঠা সম্বন্ধ অধ্যয়ন কৰি ইয়াৰ যথাযথ কাৰণ বিশ্লেষণ কৰাটোৱে বৰ্তমান সময়ত মানৱ ভূগোলৰ প্ৰকৃত উদ্দেশ্য বুলি বিবেচিত হৈছে। মানৱ ভূগোলৰ অধ্যয়নৰ জৰিয়তেহে আমি পৃথিৱীৰ ভিন্ন ভিন্ন প্রাকৃতিক পৰিৱেশত মানুহে কি ভাবে সম্বন্ধ গঢ়িবলৈ প্ৰয়াস কৰিছে এই সকলো প্ৰকাৰৰ কথাৰ এক সুস্পষ্ট আভাস পাবলৈ সক্ষম হ'ব পাৰি ।


২. মানৱ ভূগোলৰ বিকাশত দার্শনিক ভাইডেল ডা-লা-ব্লাছিৰ অৱদান ব্যাখ্যা কৰা ।

 উত্তৰঃ ভাইডেল ডা-লা-ব্লাছি এগৰাকী ফ্ৰান্সৰ নাগৰিক আছিল। ১৮৪৫ চনত দক্ষিণ ফ্ৰান্সত তেখেতৰ জন্ম হৈছিল। ১৮৬৫ চনত পেৰিচৰ পৰা তেখেতে ভূগোল আৰু বুৰঞ্জী বিষয়সহ স্নাতক ডিগ্রী লাভ কৰিছিল। প্ৰথম অৱস্থাত ভাইডেল ডা-লা-ব্লাছিৰ পুৰাতত্ত্ব বিভাগত বিশেষ পাৰদৰ্শিতা লাভ কৰিছিল যদিও University of Nancyত ১৮৭২ৰ পৰা ১৮৭৭ চনলৈ ভূগোলৰ বিশেষ শিক্ষা লাভ কৰাৰ পাছৰে পৰা তেখেতে ভূগোলৰ বিষয়ে বিশেষভাৱে আকৃষ্ট হৈছিল। উল্লেখযোগ্য যে ভাইডেল ডা-লা-ব্লাছিৰ  এ Franch School of Geographyৰ প্ৰতিষ্ঠা কৰিছিল। Ecole University ভূগোল বিভাগত তেখেতে অধ্যাপক হিচাপে কাম আৰম্ভ কৰিছিল। কিন্তু ১৮৯৬ চনৰ পৰা তেখেতৰ মৃত্যুলৈকে (১৯১৮) Vidal de la Blache- এ Sorbonne Universityত ভূগোলৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৮৯১ চনত Franch School of Geographyৰ জৰিয়তে তেখেতে ‘Annales de geography' নামৰ এখনি পুস্তিকা প্রকাশ কৰিছিল। তাৰ পাছত ১৮৯৪ চনত 'Atlas Generale Viddal- Lablach'ৰ প্ৰথম সংখ্যা প্রকাশ কৰিবলৈ সক্ষম হয়।

Sorbonne Universityত ভূগোলৰ অধ্যাপক হিচাপে অংশগ্রহণ কৰাৰ পাছত তেখেতে সৰ্বপ্ৰথমে ছাত্ৰ-ছাত্ৰীলৈ যিটো ভাষণ আগবঢ়াইছিল সেই ভাষণত তেখেতে মানুহ আৰু তাৰ চৌপাশে থকা নানা প্ৰকাৰৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ মাজৰ সম্বন্ধৰ বিষয়ে একুেৱা তাত্ত্বিক বিশ্লেষণ আগবঢ়াইছিল যে তেখেতেৰ ভাষণে ছাত্ৰ-ছাত্ৰীৰ মনত বিশেষ ধৰণে প্ৰতিক্ৰিয়া ঘটাবলৈ সক্ষম হৈছিল। এই ভাষণত তেখেতে ফ্ৰান্সৰ একো একোখন সৰু সৰু ঠাইৰ উদাহৰণেৰে তেখেতৰ বক্তব্য অতিকৈ সুমধুৰ আৰু বাস্তৱমুখী কৰি তুলিবলৈ সক্ষম হৈছিল। তেখেতৰ সমগ্ৰ জীৱনতে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত কি ধৰণে সম্বন্ধ স্থাপন কৰিবলৈ লৈছিল এই কথা বিভিন্ন লেখনিৰ মাধ্যমেৰে প্ৰকাশ কৰি মানৱ ভূগোলক অতিকৈ জনপ্ৰিয় কৰিবলৈ যত্ন কৰিছিল।

মানৱ ভূগোলত গতানুগতিকভাৱে চলি অহা পাৰিৱেশিক নিয়ন্ত্ৰণবাদৰ বিপক্ষেহে ভাইডেল ডা-লা-ব্লাছিৰএ সদায়ে যুক্তি প্রদর্শন কৰি আহিছিল। বিশেষকৈ তেখেতেৰ আগন বাটজেলৰ প্ৰতিটো লিখনিয়ে তেখেতক এই ক্ষেত্ৰত বিশেষ আকর্ষিত কৰিছিল। বাটজেলৰ লিখনিৰ পৰা অনুপ্ৰাণিত হৈ Vidal de la Blache এ পাৰিৱেশিক নিয়ন্ত্ৰণবাদৰ বিৰুদ্ধে পাৰিৱেশিক সম্ভাৱনাবাদ, (Environmental possibilism)ৰ জন্ম দিবলৈ সক্ষম হৈছিল। পৰিবে সম্ভাৱনাবাদত Vidal de la Blache আৰু তেখেতৰ অনুগামীসকলে বিশ্বাস কৰিছিল যে মানুহে নিজৰ জ্ঞান-বুদ্ধিৰ দ্বাৰা প্ৰকৃতিৰ সকলো প্ৰকাৰৰ বাধা-নিষেধ অতিক্ৰম কৰি আৰু নিজকে পৰিৱেশৰ প্ৰভাৱৰ পৰা মুক্ত কৰি আৰ্থ-সামাজিক অৱস্থা গঢ় দিব পৰা সম্ভাৱনা আছে।

মানৱ ভূগোলৰ বিকাশৰ ক্ষেত্ৰত এইগৰাকী মহান ভূগোলবিদে কৰা সর্বোৎকৃষ্ট কাম হ'ল তেখেতে লিখা 'Human Geography' নাম কিতাপখন। তেখেতৰ জীৱিত কালত প্ৰকাশ হৈ নুঠিলেও ১৯১৮ চনত আকস্মিকভাৱে মৃত্যু হোৱাৰ পাছত তেখেতৰ অনুগামীয়ে ১৯২১ চনত মানৱ ভূগোলৰ এই মহান গ্ৰন্থখনি প্ৰকাশ কৰি তেখেতৰ সকলো প্ৰকাৰৰ চিন্তা-চৰ্চাৰ কথা মানুহৰ আগত দাঙি ধৰিছিল। এই গ্ৰন্থত ভাইডেল ডা-লা-ব্লাছি-এ মানৱ ভূগোলৰ অৰ্থ, লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰিও মানুহ যে পৰিৱেশৰ সবাতোকৈ উল্লেখযোগ্য উপাদান এই কথা স্পষ্টভাবে লিখি থৈ গৈছে। মানৱ ভূগোলৰ ক্ষেত্ৰত দি যোৱা এইবোৰ চিন্তা-চৰ্চাই এই মহান পণ্ডিতগৰাকীক চিৰকাল অমৰ কৰি ৰাখিব।

৩. সপ্তবাবাদৰ পোষকতা কৰা দুগৰাকী ভূগোলবিদৰ নাম লিখা আৰু সম্ভব্যবাদ সম্পর্কে বহুলাই লিখা।

উত্তৰঃ মানৱ ভূগোল হ'ল ভূগোল বিজ্ঞানৰ এক অন্যতম শাখা। মানুহ অকি বিভিন্ন পৰিবেশৰ মাজত সংঘটিত হ'বলৈ পোৱা সম্বন্ধৰ বিশ্লেষ কৰাটোৱে হ'ল মানৱ ভূগোল বা Human Geography সময়ৰ সোঁতত মানৱ ভূগোলৰ চিন্তা-চৰ্চাৰ কিছু পৰিৱৰ্তন ঘটিবলৈ পাইছে। মানৱ ভূগোলৰ ক্রমবিকাশত উদ্ভাসিত হোৱা এক গুৰুত্বপূৰ্ণ চিন্তাধাৰা হ'ল সম্ভাব্যাপ বা Possibilism । এই সম্ভাব্যবাদৰ পোষকতা কৰা দুগৰাকী ভূগোলবিদ হ'ল-

(১) ভাইডেল-ডা-লা-মাছি

(২) ইমানুৱেল ডি মার্টিন। 

সম্ভাৱনাবাদ (Possibilism) : মানৱ ভূগোলৰ বিকাশত উদ্ভৱ হোৱা দ্বিতীয়টো দৃষ্টিভংগী হ'ল সম্ভাৱনাবাদ। তুলনামূলকভাৱে সম্ভাৱনাবাদ, পাৰিৱেশিক নির্ণয়বাদতকৈ কিছু নতুন তথা বাস্তৱমুখী চিন্তাধাৰা। উল্লেখযোগ্য যে পৃথিৱীৰ ভালেমান চিন্তাশীল ব্যক্তিক পাৰিৱেশিক নিৰ্ণয়বাদে স্পৰ্শ কৰিব পৰা নাছিল। সেয়েহে পাৰিৱেশিক নিয়ন্ত্ৰণবাদৰ পৰৱৰ্তী সময়ত উদ্ভৱ হৈছিল পাৰিৱেশিক সম্ভাৱনাবাদৰ। সম্ভাৱনাবাদত বিশ্বাসীসকলৰ মতে মানুহ সকলো ক্ষেত্ৰতে পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰণ নহয়। তেওঁলোকে বিশ্বাস কৰিছিল যে, মানুহে নিজে আহৰণ কৰা জ্ঞান- বুদ্ধিৰ আৰু আধুনিক প্রযুক্তি বিদ্যাৰ দ্বাৰা প্ৰকৃতিৰ সকলো প্ৰকাৰৰ বাধা অতিক্ৰম কৰি নিজকে পৰিৱেশৰ প্ৰভাৱৰ পৰা মুক্ত কৰি আৰ্থ-সামাজিক অৱস্থা- গঢ় দিব পৰা সম্ভাৱনা থাকে। অর্থাৎ ধাপৃষ্ঠত বসবাস কৰা মানুহৰ সকলো ক্ষেত্ৰতে পৰিৱেশে তেওঁলোকৰ আৰ্থ-সামাজিক কাম- কাজ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয়। কিয়নো মানুহৰ নিজা জ্ঞান-বুদ্ধি আৰু আদব-কায়দাৰে একো একোটা প্রতিকূল পৰিৱেশক নিজৰ আয়ত্তলৈ আনি ইয়াত এক অনুকূল বাতাবৰণ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। মানুহে আজি প্রতিকূল পৰিৱেশতো নিজকে খাপ-খুৱাই সেই পৰিৱেশৰ ৰূপান্তৰ ঘটাই মানুহৰ বসবাসৰ উপযোগী কৰি তোলাৰ
বহুতো উদাহৰণ আমি জানিব পাৰিছোঁ। উল্লেখযোগ্য যে নিৰক্ষীয় অঞ্চল মূলতঃ মানুহৰ বসবাস বা কৃষিকার্যৰ বাবে তেনেই প্রতিকূল। কিন্তু বর্তমান মানুহে এনেকুৱা প্ৰতিকূল পৰিৱেশৰ ঠাইবোৰত ৰবৰ, কল, কফি আদি নানা প্ৰকাৰৰ ৰোপণ শস্যৰ বাগিচা পাতি এইবোৰক যেনেকে শস্য শ্যামলা কৰি তুলিছে তেনেদৰে ঠাইবোৰত অকল মানুহৰ বসবাসেই নিহয় ডাঙৰ ডাঙৰ নগৰ তথা বাণিজ্য কেন্দ্রও গঢ়ি উঠিছে। তেনেদৰে মধ্য এছিয়াৰ ষ্টেপ অঞ্চল, অষ্ট্ৰেলিয়াৰ ডাউনচ অঞ্চলত বিস্তান অঞ্চল জুৰি অকল ঘাঁহনিৰে পৰিপূৰ্ণ আছিল আৰু অঘৰী পশুপালনেই সেইবোৰ অঞ্চলৰ অধিবাসীসকলৰ মুখ্য জীৱিকা বুলি জনা গৈছিল। কিন্তু আজি মানুহে নিজৰ জ্ঞানেৰে এইবোৰ শুকান মরুময় অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা কৰি নানা প্ৰকাৰৰ শস্যৰ খেতিৰ বাবে উপযোগী কৰি পৃথিৱী এক বিখ্যাত কৃষিভূমিলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে। অর্থাৎ পাৰিৱেশিক নিয়ন্ত্ৰণবাদ বিপৰীত চিন্তাত উদ্ভৱ হোৱা পাৰিৱেশিক সম্ভাৱনাবাদৰ পৰিপ্ৰেক্ষিততে ধৰাৰ বুকুত এনেকুৱা পৰিৱৰ্তনৰ সম্ভৱপৰ হৈ উঠিছে। পাৰিৱেশিক সম্ভাৱনাবাদে প্রতিকূল পৰিৱেশক ৰূপান্তৰিত কৰি সেইবোৰক অনুকূল অৱস্থালৈ অনাৰ সপক্ষে সদায়ে মত পোষণ কৰি আহিছে। অৱশ্যে তেওঁলোকে পাৰিৱেশিক নিয়ন্ত্ৰণবাদক একেবাৰে অস্বীকাৰো

নকৰে। উল্লেখযোগ্য যে পাৰিৱেশিক নিয়ন্ত্ৰণবাদৰ তুলনাত পাৰিৱেশিক সম্ভাৱনাবাদৰ জন্ম কিছু পলমকৈ হৈছিল। বিশেষকৈ কুৰি শতিকাৰ চতুৰ্থ দশকত পাৰিৱেশিক সম্ভাৱনাবাদৰ বিশেষ প্ৰতিক্ৰিয়া হৈছিল। এই ভাৱধাৰাত পূৰ্ণ সমর্থন দিয়া ভূগোলবিদসকলৰ ভিতৰত ভাইডেল ডা- লা-ব্লাছি, আইচাহ ব’মেন, ব্ৰনহি, গ্রিফিট টেইলৰ আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। বিশেষকৈ আধুনিক মানৱ ভূগোলৰ জন্মদাতাস্বৰূপ ভাইডেল- ডা-লা-ব্লাছি নামৰ ভূগোলবিজ্ঞানীগৰাকীয়ে পাৰিৱেশিক সম্ভাৱনাবাদৰ মুখ্য গুৰি ধৰোঁতা বুলি জনা যায়।







Question and Answer Type : Himashree Bora.