Chapter - 2

তাত্ত্বিত পৰিপ্ৰেক্ষ

ভাগ (গ) সমসাময়িক তত্ত্বসমূহ

Very Short Question :

1. F. W. Riggs এ লিখা এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ R. W Riggs এ লিখা এখন গ্ৰন্থৰ নাম হল --The Ecology of Public Administration (1961) ।

2. তলৰ কোনটো প্ৰিজমীয় সমাজৰ বৈশিষ্ট্য নহয় ?

(ক) বিবিধতা      (খ) অধিক্ৰমনতা      (গ) আংগিক সৰ্বস্বতা    (ঘ) ধৰ্মনিৰপেক্ষতা

উত্তৰঃ (ঘ) ধৰ্মনিৰপেক্ষতা প্ৰিজমীয়া সমাজৰ বৈশিষ্ট নহয়।

3. একীকৃত আৰু বিচ্ছুৰিত সমাজৰ মাজত অৱস্থান কৰা সমাজখনৰ নাম কি ?

উত্তৰঃ একীকৃত আৰু বিচ্ছুৰিত সমাজৰ মাজত অৱস্থান কৰা সমাজখনৰ নাম হল---প্ৰিজমীয় সমাজ।

4. পৰিচালনাৰ ব্যৱস্থাৰ আধুনিক পিতৃ বুলি কাক জনা যায়।

উত্তৰঃ পৰিচালনাৰ ব্যৱস্থাৰ আধুনিক পিতৃ বুলি পিটাৰ ড্ৰাকাৰ (Peter Drukers) ক জনা যায়।

5. Innovation and Enterpteneurship গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ  Innovation and Enterpteneurship গ্ৰন্থখনৰ লিখক হল পিটাৰ ড্ৰাকাৰ ।

Short notes Questions : 

1. ফ্ৰেড ৰিগছৰ পৰিৱেশ তত্ত্ব।

উত্তৰঃ পৰিৱেশগত তত্ত্বই প্ৰশাসনীয় ব্যৱস্থাৰ লগত সামাজিক, ৰাজনৈতিক সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিৱেশৰ সম্পৰ্কক অধ্যয়ন কৰে।এই তত্ত্ব অনুসৰি প্ৰশাসনীয় ব্যৱস্থাটো সমাজৰ বহুতো উপ ব্যৱস্থাৰ এটা অংশ।

                লোক প্ৰশাসন অধ্যয়ন পৰিৱেশগত তত্ত্বটো প্ৰথমে সূচনা কৰিছিল ১৯৪৭ চনত ৰবাৰ্ট দল নামৰ এজন চিন্তাবিদে আৰু ১৯৬১ চনত ফ্ৰেড্ ৰিগ্ছে এই তত্ত্বটো সম্পৰ্কে বহল ব্যাখ্যা দাঙি ধৰিছিল আৰু সেয়ে ফ্ৰড্ ৰিগ্ছক লোক প্ৰশাসনৰ পৰিৱেশগত তত্ত্বৰ প্ৰসিদ্ধ সমৰ্থক আৰু বিশ্লেষক হিচাপে জনা যায়। ৰিগ্ছে তেওঁৰ গ্ৰন্থ "The Ecology of Public Administration" ত লোক প্ৰশাসন আৰু ইয়াৰ বাহ্যিক পৰিৱেশৰ মাজত থকা সম্পৰ্ক আৰু মত বিনিময় ব্যৱস্থাক আঙুলিয়াই দিয়ে। তেওঁ কৈছে যে গাঁথনিগত কাৰ্যগত দৃষ্টিভংগীয়ে প্ৰশাসনীয় ব্যৱস্থাক পৰিৱেশগত দৃষ্টিভংগীৰ পৰা বৰ্ণনা কৰে।

                                                                        

2. একীকৃত সমাজ।

উত্তৰঃ 

3. বিশেষীকৃত সমাজ।

উত্তৰঃ

4. অভিযোজনৰ নীতিসমূহ।

উত্তৰঃ অভিযোজনৰ নীতিসমূহ হল---

(i) সুবিধা সৃষ্টিৰ বাবে অভিযোজনৰ উৎসসমূহৰ বিশ্লেষণ কৰা।

(ii) গ্ৰাহকৰ প্ৰয়োজন, ইচ্ছা-আকাংক্ষাসমূহক চিনাক্ত কৰা।

(iii) অভিযোজন সৰল আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব লাগে।

(iv) অভিযোজন সৰুৰ পৰা আৰম্ভ কৰিব লাগে।

(v) শেষত অভিযোজন নেতৃত্বত লক্ষ্য স্থিৰ কৰিব লাগে ।

5. অভিযোজনৰ সুবিধাৰ উৎসসমূহ।

উত্তৰঃ ড্ৰকাৰৰ মতে, শৃংখলাবদ্ধ অভিযোজন হল যিয়ে 'অভিযোজন সুবিধাৰ সাতটা ৎস'ক নিৰীক্ষণ আৰু পৰিদৰ্শন কৰিব পাৰে। এই সাতটা উৎসৰ প্ৰথম চাৰিটা উদ্যোগ এটা (ব্যৱসায় বা লোক সেৱা অনুষ্ঠান)ৰ ভিতৰচ'ৰাত থাকে। সেয়ে উদ্যোগটোৰ ভিতৰৰ মানুহে এই ৎসকেইটা দেখা পায়। এই ৎসসমূহ মূলতঃ কিছুমান লক্ষণ। এই চাৰিটা ৎস হল--- 

(i) অপ্ৰত্যাশিত (The unexpected) -- ইয়াত অপ্ৰত্যাশিত সফলতা বা বিফলতা বা অপ্ৰত্যাশিত বাহিৰৰ কোনো ঘটনাক বুজোৱা হৈছে।

(ii) অপ্ৰাসংগিক  (The uncongruity)--- ইয়ো আচল অৰ্থত বাস্তৱতা আৰু কাল্পনিক বাস্তৱতাৰ মাজত অপ্ৰাসংগিকতাক বুজাইছে।

(iii) অভিযোজন, যি প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ ওপৰত ভিত্তিশীল, (Process need) ।

(iv) উদ্যোগৰ গাঁথনি বা বজাৰ গাঁথনিৰ পৰিৱৰ্তন। (Industry and Market Structure)

বাকী থকা তিনিটা উৎস উদ্যোগ বা প্ৰতিষ্ঠানৰ বাহিৰত দেখা যায়। সেইকেইটা হল----

(i) জনগাঁথনি পৰিৱৰ্তণ

(ii) অনুভূতি, মেজাজ আৰু অৰ্থ পৰিৱৰ্তন

(iii) নতুন জ্ঞান--- বৈজ্ঞানিক বা অবৈজ্ঞানিক ।

Essay type Question :

1. ফ্ৰেড ৰিগছৰ পৰিৱেশগত তত্ত্বটো আলোচনা কৰা।

উত্তৰঃ পৰিৱেশগত তত্ত্বই প্ৰশাসনীয় ব্যৱস্থাৰ লগত সামাজিক, ৰাজনৈতিক সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিৱেশৰ সম্পৰ্কক অধ্যয়ন কৰে।এই তত্ত্ব অনুসৰি প্ৰশাসনীয় ব্যৱস্থাটো সমাজৰ বহুতো উপ ব্যৱস্থাৰ এটা অংশ।

                লোক প্ৰশাসন অধ্যয়ন পৰিৱেশগত তত্ত্বটো প্ৰথমে সূচনা কৰিছিল ১৯৪৭ চনত ৰবাৰ্ট দল নামৰ এজন চিন্তাবিদে আৰু ১৯৬১ চনত ফ্ৰেড্ ৰিগ্ছে এই তত্ত্বটো সম্পৰ্কে বহল ব্যাখ্যা দাঙি ধৰিছিল আৰু সেয়ে ফ্ৰড্ ৰিগ্ছক লোক প্ৰশাসনৰ পৰিৱেশগত তত্ত্বৰ প্ৰসিদ্ধ সমৰ্থক আৰু বিশ্লেষক হিচাপে জনা যায়। ৰিগ্ছে তেওঁৰ গ্ৰন্থ "The Ecology of Public Administration" ত লোক প্ৰশাসন আৰু ইয়াৰ বাহ্যিক পৰিৱেশৰ মাজত থকা সম্পৰ্ক আৰু মত বিনিময় ব্যৱস্থাক আঙুলিয়াই দিয়ে। তেওঁ কৈছে যে গাঁথনিগত কাৰ্যগত দৃষ্টিভংগীয়ে প্ৰশাসনীয় ব্যৱস্থাক পৰিৱেশগত দৃষ্টিভংগীৰ পৰা বৰ্ণনা কৰে।

                     পৰিৱেশ বিদ্যাৰ সৈতে লোক প্ৰশাসনক  সম্পৰ্কযুক্ত কৰি ৰিগ্ছে তুলনামূলক লোক প্ৰশাসনৰ এটা সঠিক পথৰ লক্ষ্য মানুহক উপহাৰ দিছে। ৰিগ্ছে বিভিন্ন ধৰণে ক'ব বিচাৰিছে যে পৰিৱেশক আওকান কৰি অথবা ইয়াৰ ভূমিকাক সৰু কৰি দেখুৱাই লোক প্ৰশাসনৰ ভূমিকা আৰু ইয়াৰ গুৰুত্বপূৰ্ণ দিশ বিশ্লেষণ কৰা সম্ভৱ নহয়।

                       দ্বিতীয় মহাযুদ্ধৰ পিছত তৃতীয় বিশ্বৰ দেশবোৰত লোক প্ৰশাসনৰ ভূমিকাক অধ্যয়ন কৰি ৰিগ্ছে পৰিৱেশ বিদ্যাৰ সৈতে লোক প্ৰশাসনক জড়িত কৰি তেওঁ নিঃসন্দেহে বাস্তৱ বৃদ্ধিৰ পৰিচয় দিছে। পৰিৱেশৰ সৈতে উন্নত বোৰতকৈ তৃতীয় বিশ্বৰ দেশবোৰৰ লোক প্ৰশাসন বেছি সম্পৰ্কযুক্ত। তদুপৰি ৰিগ্ছে লক্ষ্য কৰিছিল যে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়ে ৰাজনৈতিক ব্যৱস্থাৰ জনগণক আনটো ৰাজনৈতিক ব্যৱস্থাৰ জনগণৰ ওচৰ চপাই আনিছে আৰু এনেধৰণৰ পাৰম্পৰিক আদান-প্ৰদানে সকলোবোৰ ৰাজনৈতিক ব্যৱস্থাৰ জনগণৰ আচাৰ-আচৰণ, দৃষ্টিভংগী  আদিৰ পৰিৱৰ্তন ঘটাইছে।

2. প্ৰিজমীয়া সমাজৰ পুনৰ্দৰ্শন গ্ৰন্থখনত ৰিগছে পৰিৱেশগত সম্পৰ্কে কৰা ব্যাখ্যাৰ সমালোচনামূলক আলোচনা কৰা ।

উত্তৰঃ ফ্ৰেড ৰিগছে ১৯৭২ চনত তেওঁৰ আন এখন উল্লেখনীয় গ্ৰন্থ 'Prismatic Revisited' প্ৰকাশ কৰে। এইখন গ্ৰন্থত তেওঁ নিজৰ প্ৰিজমীয় সমাজৰ কিছু সংসোধন কৰিছিল। এই সংশোধনত তেওঁ প্ৰশাসনক পৃথকীকৰণৰ লগে লগে সংহতিৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিলে। ইয়াত তেওঁ প্ৰিজমীয় সমাজক একমাত্ৰিক দৃষ্টিভংগীৰ পৰিৱৰ্তে দ্বি-মাত্ৰিক দৃষ্টিভংগীৰ ভিত্তিত ব্যাখ্যা কৰিলে। অৰ্থাৎ সংহতিৰ ওপৰত নতুন গুৰুত্বৰে তেওঁ সমগ্ৰ পৰিৱৰ্তন প্ৰক্ৰিয়াক একমুখী কৰি ৰখাৰ সলনি দ্বি-মুখী কৰি তুলিলে।  

3. পিটাৰ ড্ৰাকাৰৰ অভিযোজন আৰু উদ্যমিতা তত্ত্বটো ব্যাখ্যা কৰা।  

উত্তৰঃ অভিযোজন আৰু উদ্যমিতা সম্পৰ্কে নিজৰ ধাৰণা আগবঢ়াই পিটাৰ ড্ৰাকাৰে উদ্যমিতাৰ সংজ্ঞা এনেদৰে দিছে--- উদ্যমিতা বিজ্ঞানো নহয়, কলাও নহয়, ই হৈছে এক অনুশীলন। এই নীতিৰ জড়িয়তে ১৯৭০চনলৈ আমেৰিকান পুঁজিবাদত আধিপত্য বিস্তাৰ কৰি থকা ব্যৱস্থাপক অৰ্থনীতিৰ ঠাইত বৰ্তমানে উদ্যমী অৰ্থনীতি প্ৰতিষ্ঠা হৈছে। অভিযোজন আৰু উদ্যমিতা দৃষ্টিভংগীৰ বিষয়ে বহলকৈ জনাৰ পূৰ্বে 'অভিযোজন' আৰু 'উদ্যমিতা' ধাৰণা দুটাৰ বিষয়ে জনাটো প্ৰয়োজন। ড্ৰাকাৰৰ মতে, অভিযোজন হৈছে এক বিশেষ কৌশল বা উপায় যাৰ জৰিয়তে  উদ্যমীসকলে পৰিৱৰ্তনক সুবিধালৈ ৰূপান্তৰ কৰে আৰু নিজৰ ব্যৱসায়ক এক নৱ গতি প্ৰদান কৰে।

                    অভিযোজন হৈছে এক কাৰ্য যাৰ জৰিয়তে মানৱিক আৰু পাৰ্থিৱ সম্পদসমূহক নতুন আৰু অধিক উৎপাদনৰ সমৰ্থৱান কৰি তুলিব পাৰি। ড্ৰাকাৰে স্পষ্ট কৰি দিছে যে অভিযোজন মানে আৱিস্কাৰ নহয়। ই অৰ্থনীতিৰ এক ধাৰণা।

                       উদ্যমিতা ধাৰণাটো উদ্যমী 'Enterpreneur' শব্দটো প্ৰথমে Jean Baptise Say নামৰ এগৰাকী চিন্তাবিদে 1800ৰ দশকত ব্যৱহাৰ কৰিছিল। ফৰাচী শব্দ 'undertaker' ৰ পৰা উদ্যমী শব্দটোৰ  ৎপত্তি হৈছে যাৰ অৰ্থ হল নিজাকৈ  কিবা এটা নতুন ব্যৱসায় কৰা। ইয়াত নতুন ব্যৱসায় মানে আৱিষ্কাৰ বুজোৱা নাই।পূৰ্বৰ পৰা চলি থকা ক্ষেত্ৰ এটাত নতুন ধাৰণা আৰু কৌশলৰ সংযোজন কৰি সেই ক্ষেত্ৰটো নতুনকৈ সৃষ্টি কৰাটোকে বুজোৱা হৈছে। অৰ্থাৎ উদ্যমী ধাৰণাটোৰ লগত নিজস্ব, নতুন আৰু সৰু ধাৰণাকেইটা জড়িত হৈ থাকে।

                        ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে অভিযোজন আৰু উদ্যমিতাৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। উদ্যমিতা হবলৈ হলে ব্যক্তি বা অনুষ্ঠান বা নিগম এটাই অভিযোজনত গুৰুত্ব দিবই লাগিব।

             অভিযোজনৰ প্ৰকাৰ সম্পৰ্কত ড্ৰাকাৰে কৈছে যে ব্যৱসায় এটাই কেৱল অৰ্থনৈতিক সামগ্ৰী আৰু সেৱা যোগান ধৰাই যথেষ্ট নহয়, ই ভাল আৰু অধিক মিতব্যয়ী হব লাগিব। তেওঁ আঙুলিয়াই দিছে যে সকলোতকৈ উৎপাদনশীল অভিযোজন হৈছে এক বিশেষ ৎপাদন বা সেৱা যিয়ে পূৰ্বতকৈ উন্নত হোৱাৰ লগতে সন্তুষ্টি প্ৰদান কৰে।

4. পিটাৰ ড্ৰাকাৰে আগবঢ়োৱা অভিযোজনৰ নীতি আৰু উৎসসমূহ আলোচনা কৰা।

উত্তৰঃ পিটাৰ ড্ৰাকাৰে আগবঢ়োৱা অভিযোজনৰ নীতিসমূহ হল---

(i) সুবিধা সৃষ্টিৰ বাবে অভিযোজনৰ উৎসসমূহৰ বিশ্লেষণ কৰা।

(ii) গ্ৰাহকৰ প্ৰয়োজন, ইচ্ছা-আকাংক্ষাসমূহক চিনাক্ত কৰা।

(iii) অভিযোজন সৰল আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব লাগে।

(iv) অভিযোজন সৰুৰ পৰা আৰম্ভ কৰিব লাগে।

(v) শেষত অভিযোজন নেতৃত্বত লক্ষ্য স্থিৰ কৰিব লাগে ।

                     ড্ৰকাৰৰ মতে, শৃংখলাবদ্ধ অভিযোজন হল যিয়ে 'অভিযোজন সুবিধাৰ সাতটা ৎস'ক নিৰীক্ষণ আৰু পৰিদৰ্শন কৰিব পাৰে। এই সাতটা উৎসৰ প্ৰথম চাৰিটা উদ্যোগ এটা (ব্যৱসায় বা লোক সেৱা অনুষ্ঠান)ৰ ভিতৰচ'ৰাত থাকে। সেয়ে উদ্যোগটোৰ ভিতৰৰ মানুহে এই ৎসকেইটা দেখা পায়। এই ৎসসমূহ মূলতঃ কিছুমান লক্ষণ। এই চাৰিটা ৎস হল--- 

(i) অপ্ৰত্যাশিত (The unexpected) -- ইয়াত অপ্ৰত্যাশিত সফলতা বা বিফলতা বা অপ্ৰত্যাশিত বাহিৰৰ কোনো ঘটনাক বুজোৱা হৈছে।

(ii) অপ্ৰাসংগিক  (The uncongruity)--- ইয়ো আচল অৰ্থত বাস্তৱতা আৰু কাল্পনিক বাস্তৱতাৰ মাজত অপ্ৰাসংগিকতাক বুজাইছে।

(iii) অভিযোজন, যি প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ ওপৰত ভিত্তিশীল, (Process need) ।

(iv) উদ্যোগৰ গাঁথনি বা বজাৰ গাঁথনিৰ পৰিৱৰ্তন। (Industry and Market Structure)

বাকী থকা তিনিটা উৎস উদ্যোগ বা প্ৰতিষ্ঠানৰ বাহিৰত দেখা যায়। সেইকেইটা হল----

(i) জনগাঁথনি পৰিৱৰ্তণ

(ii) অনুভূতি, মেজাজ আৰু অৰ্থ পৰিৱৰ্তন

(iii) নতুন জ্ঞান--- বৈজ্ঞানিক বা অবৈজ্ঞানিক ।


Answer By Himashri Kakati