বুৰঞ্জীৰ দৌৰাত্ম্য

1. বুৰঞ্জীৰ দৌৰাত্ম্য গদ্যটো কোনে লিখিছিল ?

ক)জ্যোতিপ্ৰসাত আগৰৱালা

খ)লক্ষ্মীনাথ বেজবৰুৱা

গ)
আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰঃ খ)লক্ষ্মীনাথ বেজবৰুৱা

2. তেখেতৰ জন্ম কিমান চনত হৈছিল ? 

ক)১৮৫৬ চনত

খ)
১৮৬৪ তচন

গ)১৮৬৭ চনত

উত্তৰঃ 
খ)১৮৬৪ তচন

3. ভাৰতীয়সকলৰ Historical Sense অৰ্থাৎ বুৰঞ্জী জ্ঞানৰ অভাৱ।- কথাষাৰ কোনে কৈছিল?

ক)কবিয়ে

খ)ভাৰতীয়সকলে

গ)বিদেশীসকলে

উত্তৰঃ গ)বিদেশীসকলে

4. জোনাকী যুগৰ বিখ্যাত কিহৰ অন্যতম ?

ক)সাহিত্যৰ

খ)গীতিকাৰ

গ)ত্ৰিমূৰ্তিৰ

উত্তৰঃ গ)ত্ৰিমূৰ্তিৰ

5. তেখেতক কি উপাধিৰে বিভূষিত কৰা হৈছে ?

ক)ৰসৰাজ

খ)ত্ৰিমূৰ্তিৰ

গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক)ৰসৰাজ

6. পুৰাণ বুৰঞ্জী হয়নে ?

ক)হয়।

খ)নহয়।

উত্তৰঃ খ)নহয়।

7. আধুনিক অসমীয়া সাহিত্যৰ প্ৰতিটো শাখাতে সাহিত্য ৰচনা কৰি বাট পোনোৱা কাৰণে অসমীয়াৰ মাজত তেওঁ কি ৰূপে সমাদৃত ?

ক)গীতিকাৰ

খ)সাহিত্যৰথী

গ)সাহিত্যিক

উত্তৰঃ খ)সাহিত্যৰথী

8. বেজবৰুৱা কিহৰ চুটিগল্পৰ বাটকটীয়া ?

ক)অসমীয়া

খহিন্দী

গ)ইংৰাজী


উত্তৰঃ 
ক)অসমীয়া

9. অসমীয়া বুৰঞ্জী আহোমসকলৰ দান। কথাষাৰ সচাঁনে মিছা ?

ক)সচাঁ

খ)মিছা

উত্তৰঃ ক)সচাঁ

10. তেখেতে ৰচনা কৰা উপন্যাস খনৰ নাম কি ?

ক)পাৰিজাত হৰণ

খ)ৰাম বিজয়

গ)পদুম কুঁৱৰী

উত্তৰঃ 
গ)পদুম কুঁৱৰী

11. তেখেতৰ গল্প পুথি কেইখন ?

ক)চাৰিখন

খ)তিনিখন

গ)দুখন

উত্তৰঃ ক)চাৰিখন

12. ৰামায়ন কি?

ক)বুৰঞ্জী

খ)ৰচনা

গ)মহাকাব্য

উত্তৰঃ গ)মহাকাব্য

13. তেখেতৰ শিশু সাহিত্য কেইখন ?

ক)পাঁচখন

খ)সাতখন

গ)ছয়খন

উত্তৰঃ 
গ)ছয়খন

14. তেখেতৰ আত্মজীৱনী খনৰ নাম  ?

ক)মোৰ জীৱন সোঁৱৰণ

খ)ককাদেউতা আৰু নাতিল'ৰা

গ)জুনুকা


উত্তৰঃ 
ক)মোৰ জীৱন সোঁৱৰণ

15. তেখেতৰ কবিতাপুথি কেইখন ?

ক)এখন

খ)দুখন

গ)তিনিখন


উত্তৰঃ 
খ)দুখন

16. কলিকতাৰ পৰা কি কাকত প্ৰকাশ কৰাত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ?

ক)প্ৰতিদিন কাকত

খ)জোনাকী কাকত

গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ 
খ)জোনাকী কাকত

17. কিমান চনত তেখেতে প্ৰকাশিত 'বাঁহী' আলোচনী  সম্পাদনা কৰিছিল ? 

ক)১৯০৭ চনত

খ)১৯০৩ চনত

গ)১৯০৯ চনত

উত্তৰঃ গ)১৯০৯ চনত

18. ইংৰাজী কিমান চনত ডিচেম্বৰ মাহত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনৰ তেখেত সভাপতি আছিল ?

ক)১৯২৪ চনত

খ)১৯৬৫ চনত

গ)১৯৪৫ চনত

উত্তৰঃ ক)১৯২৪ চনত

19. তেখেতৰ কিমান চনত মৃত্যু হৈছিল ? 

ক)১৯৩৪ চনত

খ)১৯০৮ চনত

গ)১৯৩৮ চনত

উত্তৰঃ গ)১৯৩৮ চনত

20. ৰামায়ন কোনে ৰচনা কৰিছিল ?

ক)বাল্মীকিয়ে

খ)ভট্টদেৱে

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)বাল্মীকিয়ে