তোমাৰ অস্পষ্ট মুখ 

কামাল আহমেদ নামৰ এজন নামজ্বলা মেজিষ্ট্ৰেট আছিল । তেওঁৰ ডাঙৰজনী ছোৱালী ৱাহিদা ভাৰতীয় বিমান বাহিনীৰ এজন পাইলট অফিচাৰ আনিছুৰ ৰহমানৰ লগত বিবাহপাশত আবদ্ধ হৈ পৰিছিল । ৱাহিদা দেখিবলৈ বৰ ধুনীয়া আছিল । বিয়াৰ অলপ দিনৰ আগতে উত্তৰ-পূব সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰি মিছ নৰ্থ-ইষ্ট খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল । মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাোঁতেই চিনাকী হৈছিল পাইলট অফিচাৰ আনিছৰ লগত ।  আনিছ আৰু ৱাহিদা দুদিনৰ বাবে আহিছে মাক-দেউতাকৰ ঘৰলৈ । মাক-দেউতাকৰ ঘৰত দুটা দিন থাকিয়েই আনিছৰ লগত যাব হনিমুন কৰিববাবে ছিমলালৈ । তাৰ পিছত দিল্লী, মুম্বাই, জয়পুৰ, চণ্ডীগড় আদি ।

ৱাহিদাই বিয়াৰ পাছত প্ৰথমবাৰ আহিছে মাকৰ ঘৰলৈ । ৱাহিদাৰ বাপেক কামাল আহমেদে খাবৰ সময়তে সদাই অফিচৰ কাগজ পত্ৰবোৰ উলিয়াই লয় । ৱাহিদাৰ মাক হাফিজাই সকলোৰে কাৰণে ৰাতি আহাৰৰ বাবে যোগাৰ কৰি আছে ।  মাক হাফিজাই ৰেহানালৈ চাই কলে  ৰেহানা তোৰ দৈ বাটিতো ল । এইবুলি ৰেহানাই দৈ বাটিতো লবলৈ ওলাওতে তৰকাৰীৰ বাটি এটা ভিনিয়েক আনিছৰ কোলাতে বাগৰি পৰিল ।       বাগৰি পৰা লগতে আনিছে বহাৰ পৰা জপিয়াই পৰিল । কিবা  সাংঘাতিক ঘটনা হোৱাৰ দৰে । সকলোৱে আনিছ আৰু ৰেহানাৰ মুবখলৈ কেৰাহিকৈ চালে ।    ৰেহানাৰ মুখৰ অৱস্থা কেহেৰাজ বনৰ নিচিনা হৈ পৰিল । কন্দনামুৱা হৈ ৰেহানাই ভিনীহীয়েকৰ মুখলৈ চাইছিল ।  মাক হাফিজাই খঙেৰে ৰেহানাৰ মুখলৈ চাই কলে এই ছোৱালীজনী সচায়ে অকামিলা দেই । কোনো এটা কামে এই ছোৱালীজনীৰ দ্বাৰা ভালকৈ নহয় ।  ৰেহানাৰ চকুৰে পানী বব ধৰা দেখি বায়েক ৱাহিদাই হাহি মাৰি কলে কি ডাঙৰ ঘটনা হল নো । অপল তৰকাৰী হৈ পৰিছে । বেলেগৰ কোলাত পৰা নাই নহয় ভিনিয়েকৰ কোলাহতে পৰিছে ।    ৰেহানাৰ ককায়েক ছাজিদে কলে চকুৰ পানীবোৰ মচি ল । সেইখিনি সময়তে বাহিৰত সিহতৰ এলচেচিয়ান কুকুৰটোৱে ভূকিবলৈ ধৰিলে । কুকুৰটোৱে ভুকাৰ লগে লগে ছাজিদে আধা খোৱাৰ পৰা উঠি গল বাহিৰলৈ । তাৰ পিছত কুকুৰটোৱে আৰ্তনাদ কৰি উঠাৰ নিচিনা এটা শব্দ হল । তাৰ পিছত সকলোৱে বাহিৰৰ দুৱাৰখনলৈ চাই থাকিল ।  ছাজিদে দুৱাৰখন খোলাৰ লগে লগে দেখা পালে তিনিজন লোক কলা কাপোৰ পৰিধান কৰি হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থিয় হৈ আছিল । 

তিনিজন উগ্ৰপন্থীয়ে ছাজিদৰ দেহাটো গুলীৰে থকা-সৰকা কৰি পেলালে । তেজেৰে লুতুৰি-পুতুৰি হৈ ছাজিদ দুৱাৰমুখতে বাগৰি পৰিল । তাৰ পিছত তিনিজন লোকে ৰেহানাক দেখি তাইৰ গালৈ গুলী কৰিলে । পিছত মাক হাফিজাই তৰকাৰীৰ এটা বাটি লৈ আহি আছিল পাকঘৰৰ পৰা । হাতত লৈ থকা তৰকাৰীৰ বাটিতো মজিয়াত বাগৰি পৰিছিল । কলা পোছাক পৰিধান কৰা এটা মূৰ্তিয়ে মাক হাফিজালৈ লক্ষ্য কৰি ষ্টেনগানটো চলালে । একেলগে ওলোৱা এজাক গুলীৰ আঘাতত হাফিজাৰ শৰীৰটো থকা-সৰকা হৈ পৰিল । কিন্তু তথাপিও মেজিষ্টেট কামাল আহমেদ সহায়ৰ হাত আগবঢ়াব নোৱাৰিলে নিজৰ পত্নী, পুত্ৰ, আৰু কন্যাক । এজন লোকে গুলীৰ ওপৰত লক্ষ্য কৰি কলে কোনো মানুহকে শাস্তি প্ৰদান কৰাৰ আগতে সকলো কথা চাই-চিন্তিহে শাস্তি প্ৰদান কৰা উচিত । আজিৰ পৰা চাৰি বছৰৰ আগতে তই মোৰ দাদাক মৃত্যু প্ৰদান কৰিছিলি । তাকো অলপ দোষত বহুত শাস্তি । দাদাৰ মৃত্যু হোৱাৰ লগতে আমাৰ পৰিয়ালটো থানবান হৈ গৈছিল । মই সন্ত্ৰাসবাদী নাছিলো যদিও চৰকাৰে মোক সন্ত্ৰাদবাদী বুলি ভাৱি হুলস্থল লগাইছিল । আৰু আজি মই সচাকৈ সন্ত্ৰাসবাদী হৈ পৰিলো । 



DABP007423