উৰন্ত মেঘৰ অভিশাপ 

আজি মই আপোনালোকৰ ওচৰত এটা কাহিনীৰ বিষয়ে কবলৈ ওলাইছো কাহিনীটো মই পঢ়ি খুউব ভাল পাইছিলো । কাহিনীটো বিখ্যাত লিখক ৰঞ্চু হাজৰিকাদেৱৰ উৰন্ত মেঘৰ অভিশাপ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে । এই কাহিনীটোত তিনিজন ব্যক্তিৰ নাম আছিল অতিকৈ উল্লেখযোগ্য । কাহিনীটো হল এনেধৰণৰ ইয়াত ৰাজেশ নামৰ এজন ব্যক্তিৰ কথা কোৱা হৈছে ৰাজেশ নামৰ ব্যক্তিজনে এটা কোম্পানীত চীফ একাউন্টেন্ট হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । তাতে তেওঁৰ চিনাকী হৈছিল কোম্পানীটোৰ মালিকৰ ছোৱালী হেমাৰ লগত । হেমা আছিল দেখিবলৈ বৰ ধুনীয়া আৰু আকৰ্ষণীয় ক্ষমতাৰ অধিকাৰী । হেমা আছিল মাক দেউতাকৰ একমাত্ৰ সন্তান । মাক-দেউতাকৰ মৃত্যু হোৱাৰ পাছত সকলো সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী আৰু ব্যৱসায়ৰ অধিকাৰী হেমাই হৈ পৰিছিল । হেমাৰ মাক-দেউতাকৰ মৃত্যুও আছিল আকস্মিক । হেমা কেনেকৈ ৰক্ষা পৰিল আশ্চৰ্যজনক ।

হেমাৰ দেউতাক জীয়াই থকাৰ অৱস্থাতে ৰাজেশে হেমাহতৰ কোম্পানীত কাম কৰিছিল । ৰাজেশ অবিবাহিত লোক । ৰাজেশ আছিল অত্যন্ত পৰিশ্ৰমী আৰু স্বভাৱৰ ক্ষেত্ৰতো বৰ সৎ ব্যক্তি আছিল । ৰাজেশক যিদিনা হেমাই প্ৰথম দেখিছিল সেইদিনাই হেমা ৰাজেশৰ প্ৰেমত পৰিছিল । হেমাই কেৱল ৰাজেশৰ পৰিশ্ৰম কৰাৰ ক্ষমতা আৰু স্বভাৱৰ বাবে নহয় , ৰাজেশৰ সৌন্দৰ্য আৰু আকৰ্ষণীয় কৰিব পৰা চেহেৰাটোৰ বাবে হেমা ৰাজেশৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল ।
সেয়াও এটা কাহিনী আছিল । এবাৰ ব্যৱসায়ৰ কামত হেমা কলিকতালৈ যাব লগা হোৱাত হেমাই লগত ৰাজেশকো লৈ গৈছিল । তেতিয়া ৰাজেশে গম পোৱা নাছিল যে হেমাই তাক ভাল পায় । কলিকতাত থকা সময়তে হেমাই ৰাজেশক প্ৰেমিকৰ নিচিনা ব্যৱহাৰ কৰিছিল । এইবোৰ দেখি ৰাজেশ আচৰিত হৈ পৰিছিল । ৰাজেশে এইবোৰ কল্পনা কৰিব পৰা নাছিল । হেমা হৈছে এগৰাকী আঢ্যৱন্ত নাৰী আৰু ৰাজেশ হৈছে তিনি চাৰি হাজাৰ টকা পোৱা এজন কৰ্মচাৰী । কলিকতাত থাকোতে হেমাই ৰাজেশক বিবাহৰ প্ৰস্তাৱ দিছিল । হেমাৰ মুখত বিবাহৰ প্ৰস্তাৱ শুনি ৰাজেশৰ মুখৰ মাত নাইকিয়া হৈ পৰিল । প্ৰথমতে ৰাজেশে ভাবিছিল হেমাই ধেমালি কৰা বুলি । এনেকৈয়ে হেমা আৰু ৰাজেশৰ বিয়া হৈ গল । হেমা-ৰাজেশৰ বিয়া অতি ধুমধামেৰে হোৱাত এদিন হেমাই তেওঁলোকৰ বিবাহ বাৰ্ষিকী অনুষ্ঠান পাতিছিল আৰু সেই অনুষ্ঠানটোতে ৰাজেশে প্ৰথম হেমাৰ অতিকৈ প্ৰিয় বান্ধবী বিন্দুক লগ পাইছিল । বিন্দুক প্ৰথম দেখাৰ লগে লগে ৰাজেশ বিন্দুৰ প্ৰেমত পৰিছিল । তাৰ পিছৰ পৰা দুয়োৰে মাজত  ভালপোৱা আৰম্ভ হৈছিল । এই কথা হেমাই এলপো গম পোৱা নাছিল । ৰাজেশে মনতে ভাবিছিল তেওঁ হেমাক ডিভোৰ্চ দিব কিন্তু তেওঁ অজস্ৰ সা-সম্পত্তি হেমাৰহে । সেয়েহে তেওঁ হেমাক ডিভোৰ্চ দিব নোৱাৰে । সেইকাৰণে তেওঁ হেমাক হত্যা কৰাৰ কথা ভাবিলে । পৰিকল্পনা মতে কাম কৰিলে । কিন্তু শেষত হেমাৰ মৃত্যু নহল । মৃত্যু হল হেমাৰ প্ৰিয় বান্ধবী বিন্দুৰ আৰু ৰাজেশৰ প্ৰেমিকাৰ । 
এই কাহিনীটোৰ পঢ়ি মই ইয়াকে বুজিলো যে মানুহে নিজকে ইমান চালাক-চতুৰ বুলি ভাবিব নালাগে । কাৰণ আমাতকৈ চতুৰ লোক এই পৃথিৱীখনত আছে । 

DABP007424