Class 5 Environment 

পৰিৱেশ প্ৰদূষণ 

পাঠঃ ৯

১) বায়ু, পানী, মাটি, গছ-গছনি, প্ৰাণী চৰাই আদি লগ লাগি কি গঠিত হৈছে ?

(ক) পৰিৱেশ 

(খ) ঘৰ 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) পৰিৱেশ 

২) এইবোৰৰ অবিহনে আমি জীয়াই থাকিবলৈ পাৰোঁনে ?

(ক) পাৰোঁ

(খ) নোৱাৰোঁ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নোৱাৰোঁ

৩) যিবোৰ অলাগতিয়াল বা নাথাকিবলগীয়া পদাৰ্থৰ বাবে পৰিৱেশ প্ৰদুষিত হয় সেইবোৰক কি বুলি কয় ?

(ক) তলৰ এটাও নহয় 

(খ) পৰিৱেশ

(গ) প্ৰদূষক 

উত্তৰঃ (গ) প্ৰদূষক 

৪) মাটি প্ৰদূষণৰ প্ৰধান কাৰণটো কি ?

(ক) ৰাসায়নিক সাৰৰ প্ৰয়োগ।

(খ) কেঁচু সাৰৰ প্ৰয়োগ।

(গ) গোবৰ সাৰৰ প্ৰয়োগ।

উত্তৰঃ (ক) ৰাসায়নিক সাৰৰ প্ৰয়োগ।

৫) উদ্য়োগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰ মাটিত দ’ম কৰাৰ ফলত মাটিৰ কি নষ্ট হয় ? 

(ক)  মাটি সাৰুৱা গুণ নষ্ট হয়।

(খ) মাটিৰ উৰ্বৰতা নষ্ট হয়।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) মাটিৰ উৰ্বৰতা নষ্ট হয়।

৬) কম দূৰত্ব হ'লে কিহেৰে যাত্ৰা কৰিব লাগে ?

(ক) তলৰ এটাও নহয় 

(খ) গাড়ীৰে

(গ) চাইকেলেৰে

উত্তৰঃ (গ) চাইকেলেৰে

৭) বিদ্য়ালয়ৰ খোৱা পানীৰ উৎস আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখা নে ?

(ক) ৰাখো 

(খ) নাৰাখো 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (ক) ৰাখো 

৮) পানীৰ ব্য়ৱস্থা নথকা বিদ্য়ালয়ত বৰষুণৰ পানী সংৰক্ষণৰ  ব্য়ৱস্থা কৰা নে ?

(ক) কৰো 

(খ) নকৰো 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (ক) কৰো 

৯) বিদ্য়ালয়ৰ বিভিন্ন কাম-কাজৰ বাবে যথা স্থানত পানী ৰখাৰ ব্য়ৱস্থা কৰা নে ?

(ক) কৰো 

(খ) নকৰো 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (ক) কৰো 

১০)  কেঁচুসাৰ প্ৰস্তুত কৰিবৰ বাবে প্ৰথমতে কিমান ছেণ্টিমিটাৰ গাঁত খান্দিব লাগে ?

(ক) ৩০ ছেণ্টিমিটাৰ

(খ) ২৫ ছেণ্টিমিটাৰ

(গ) ৫০ ছেণ্টিমিটাৰ 

উত্তৰঃ (ক) ৩০ ছেণ্টিমিটাৰ

১১) গাঁত খন্দা ঠাইখিনি কেনেকুৱা হ'ব লাগে ?

(ক) ৰ'দ পৰা 

(খ) চেচা পৰা

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (গ) ওপৰৰ দুয়োটা 

১৪) গাঁতটো কেতিয়া পৰ্যৱেক্ষণ কৰিব লাগে ?

(ক) ১-২ সপ্তাহৰ পিছত

(খ) ৫-৬ সপ্তাহৰ পিছত

(গ) ৩-৪ সপ্তাহৰ পিছত

উত্তৰঃ (গ) ৩-৪ সপ্তাহৰ পিছত

১৩) শব্দ প্ৰদূষণৰ প্ৰাৱল্য় কি যন্ত্ৰৰে জোখা হয় ?

(ক) থাৰ্ম'মিটাৰে

(খ) ডেচিবেল

(গ) ৰিখটাৰ

উত্তৰঃ (খ) ডেচিবেল

১৪) আমি বজাৰ কৰিবলৈ গ'লে কিহৰ মোনা লৈ জাব লাগে ?

(ক) কাপোৰৰ মোনা

(খ) মৰাপাটৰ মোনা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৫) প্ৰদূষণ ৰোধ কৰিবলৈ মিহলি নোহোৱা বস্তুবোৰ কি কৰিব লাগে ?

(ক) মাটিত পেলাব লাগে

(খ) পুৰি পেলাব লাগে

(গ) নৰ্দমাত পেলাব লাগে

উত্তৰঃ (খ) পুৰি পেলাব লাগে

১৬) ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ___সাৰ ব্যৱহাৰ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ক) ৰাসায়নিক 

(খ) জৈৱিক

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (খ) জৈৱিক

১৭) ___ এবিধ উৎকৃষ্ট জৈৱিক সাৰ। 

(ক) ৰাসায়নিক 

(খ) কেঁচু সাৰ 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (খ) কেঁচু সাৰ 

১৮) ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ ___ গেছ বাঢ়ি যায়।

(ক) কাৰ্বন-ডাই-অক্সাইড 

(খ) অক্সিজেন 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (ক) কাৰ্বন-ডাই-অক্সাইড 

১৯)  গছৰ পাতে বায়ুত থকা ___ ধৰি ৰাখি বায়ুৰ প্ৰদূষণ কমায়। 

(ক) তলৰ এটাও নহয় 

(খ) বালি 

(গ) ধূলিকণা

উত্তৰঃ (গ) ধূলিকণা

২০) বায়ুমণ্ডলত ____ গেছ বেছি হ’লে প্ৰাণীৰ বিস্তৰ ক্ষতিসাধন হয়।

(ক) তলৰ এটাও নহয়

(খ) অক্সিজেন 

(গ) কার্বন-ডাই-অক্সাইড

উত্তৰঃ (গ) কার্বন-ডাই-অক্সাইড


Type By Munmi Hazarika