পাঠ নং ঃ ৪


পদাৰ্থসমূহৰ শ্ৰেণীবিভক্তকৰণ


১) কাঠেৰে তৈয়াৰী ৫ বিধ বস্তুৰ নাম লিকা ।

উত্তৰ - চকী , ডেস্ক , বেঞ্চ , বিছনা , আলমাৰী ।


২) তলত দিয়া বস্তুবোৰৰ কোনবোৰৰ উজ্জ্বলতা আছে বাছি উলিওৱা ।

কাচৰ বাটি , প্লাষ্টিকৰ পুতলা , ষ্টীলৰ চামুচ , কপাহী চোলা 

উত্তৰ - ষ্টীলৰ চামুচ , কাচৰ বাটি ।


৩) তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা , যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কতৰা হয় । মনত ৰাখিবা যে বস্তু এটা বা এবিধতকৈ বেঠি পদাৰ্থৰে গঠন হ'ব পাৰে আৰু এটা পদাৰ্থও বহুত বস্তু গঢ়িবলৈ ব্যৱহাৰ হ'ব পাৰে ।

উত্তৰ -  

    
 বস্তু পদাৰ্থ
কিতাপ কাগজ
 গিলাচ কাচ
 চকী কাঠ
 পুতলা প্ৰাষ্টিক
 জোতা চামৰা

 

৪ । তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰাঃ

( ক ) শিল স্বচ্ছ , কিন্তু কাচ অস্বচ্ছ ।

 উত্তৰঃ অশুদ্ধ

 ( খ ) টোকাবহীৰ উজ্জ্বলতা ( চিকমিকনি ) আছে কিন্তু ৰবৰৰ নাই ।

 উত্তৰঃ শুদ্ধ

( গ ) চকমাটি পানীত দ্ৰৱীভূত হয় ।

 উত্তৰঃ অশুদ্ধ

 ( ঘ ) কাঠৰ টুকুৰা এটা পানীত ওপঙে ।

উত্তৰঃ শুদ্ধ

 ( ঙ ) পানীত চেনি দ্ৰৱীভূত নহয় ।

উত্তৰঃঅশুদ্ধ

( চ ) পানীত তেল মিহলি হয় ।

 উত্তৰঃ অশুদ্ধ

( ছ ) বালি পানীত তললৈ যায় ।

উত্তৰঃশুদ্ধ

( জ ) পানীত ভিনেগাৰ দ্ৰৱীভূত হয় ।

উত্তৰঃ শুদ্ধ


৫ । তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে - 

পানী , বাকস্কেট বল , কমলা , চেনি , গ্লোব , আপেল আৰু মাটিৰ কলহ । 

নির্দেশনা মতে সেইবোৰ ভাগ কৰা  

( ক ) গোলাকৃতি আৰু অন্য আকৃতি । 

উত্তৰঃ গোলাকৃতি- বাকেট বল,কমলা, গ্লোব , আপেল

          অন্য আকৃতি-পানী , চেনি, মাটিৰ কলহ । 


( খ ) খোৱাৰ উপযোগী বস্তু আৰু খোৱাৰ অনুপযোগী বস্তু ।

উত্তৰঃ খোৱাৰ উপযোগী বস্তু-পানী , কমলা , চেনি , আপেল

          খোৱাৰ অনুপযোগী বস্তু-বাকেট বল,গ্লোব,মাটিৰ কলহ

 

তুমি জনা পানীত ওপঙা বস্তুবোৰ নাম লিখা । এইবোৰ তেল বা কেৰাচিন তেলত ওপঙেনে পৰ কৰা ।

উত্তৰঃ কাঠ,প্লাষ্টিক,ৰবৰ,গৰ পাত ǀ

          এই আটাবোৰ বস্তু তেলত ওপঙে ǀ

৭ । তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাছি উলিওৱাঃ 

( ক ) চকী , বিছনা , টেবুল , কেঁচুৱা , আলমাৰি । 

          উত্তৰঃ কেঁচুৱা

( খ ) গোলাপ , খৰিকাজাই , নাও , নার্জী , পদুম । 

          উত্তৰঃ নাও

( গ ) এলুমিনিয়াম , লো , তাম , ৰূপ , বালি । 

          উত্তৰঃ বালি

ঘ ) চেনি নিমখ বালি কপাৰ ছালফেট  ।

          উত্তৰঃ বালি



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------