👉Chapter 4 Question and Answer
    👉Download Book PDF Free
    👉Click Here Online Exam
    👉Chapter 4 MCQs Answer

পাঠ ৪

পদাৰ্থৰ শ্ৰেণী বিভাজন


New Update 2022


১।  কাঠেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ কাঠেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম হ'ল- চকী, টেবুল, বেঞ্চ আৰু আলমাৰি।


২। তলত দিয়া বস্তুবোৰৰ কোনবোৰৰ উজ্জ্বলতা আছে বাছি উলিওৱা-

কাচৰ বাটি, প্লাষ্টিকৰ পুতলা, ষ্টীলৰ চামুচ, কপাহী চোলা।

উত্তৰঃ উজ্জ্বলতা থকা বস্তুবোৰ হ'ল- কাচৰ বাটি আৰু ষ্টীলৰ চামুচ।


৩। তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা, যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়। মনত ৰাখিবা যে বস্তু এটা এবিধতকৈ বেছি পদাৰ্থৰে গঠন হ'ব পাৰে আৰু এটা পদাৰ্থও বহুত বস্তু গঢ়িবলৈ ব্য়ৱহাৰ হ'ব পাৰে।

কিতাপ - কাগজ

গিলাচ - কাচ

চকী - কাঠ

পুতলা - প্লাষ্টিক

জোতা - চামৰা


৪। তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰাঃ

(ক) শিল স্বচ্ছ কিন্তু কাচ অস্বচ্ছ।

উত্তৰঃ অশুদ্ধ।


(খ) টোকাবহীৰ উজ্জ্বলতা আছে কিন্তু ৰবৰৰ নাই।

উত্তৰঃ অশুদ্ধ।


(গ) চকমাটি পানীত দ্ৰৱীভূত হয়।

উত্তৰঃ শুদ্ধ।


(ঘ) কাঠৰ টুকুৰা এটা পানীত উপঙে।

উত্তৰঃ শুদ্ধ।


(ঙ) পানীত চেনি দ্ৰৱীভূত নহয়।

উত্তৰঃ অশুদ্ধ।


(চ) পানীত তেল মিহলি হয়।

উত্তৰঃ অশুদ্ধ।


(ছ) বালি পানীত তললৈ যায়।

উত্তৰঃ শুদ্ধ।


(জ) ভিনেগাৰ পানীত দ্ৰৱীভূত হয়।

উত্তৰঃ শুদ্ধ।


৫। তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে-

পানী, বাচকেট বল, কমলা, চেনি, গ্লোব, আপেল আৰু মাটিৰ কলহ।

নিৰ্দেশনা মতে সেইবোৰ ভাগ কৰা-

(ক) গোলাকৃতিৰঃ বাচকেট বল, কমলা, গ্লোব, আপেল আৰু মাটিৰ কলহ।

অন্য় আকৃতিৰঃ পানী আৰু চেনি।


(খ) খোৱাৰ উপযোগীঃ পানী, কমলা, চেনি আৰু আপেল।

খোৱাৰ অনুপযোগীঃ বাচকেট বল, গ্লোব আৰু মাটিৰ কলহ।


৬। তুমি জনা পানীত উপঙা বস্তুবোৰৰ নাম লিখা।

উত্তৰঃ মই জনা পানীত উপঙা বস্তুবোৰৰ নাম হ'ল- কাঠ, বাঁহ, প্লাষ্টিক, গছৰ পাত, চৰাইৰ পাখি, তেল, কাগজ, বল, বেট ইত্য়াদি।


৭। তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাছি উলিওৱাঃ

(ক) চকী, বিচনা, টেবুল, কেঁচুৱা, আলমাৰি।

উত্তৰঃ কেঁচুৱা।


(খ) গোলাপ, খৰিকাজাই, নাওঁ, নাৰ্জী, পদুম।

উত্তৰঃ নাওঁ।


(গ) এলুমিনিয়াম, লো, তাম, ৰূপ, বালি।

উত্তৰঃ বালি।


(ঘ) চেনি, নিমখ, বালি, কপাৰ ছালফেট।

উত্তৰঃ কপাৰ ছালফেট।


-শ্ৰী হিৰু মনি বৰা



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------