ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহৰ ?  (Rights In Indian Constitution ) অধ্যায় ২ | Chapter ২ | Class 11 Political Science Question Answer | HS 1st Year Political Science Solution | Question Answer Assam Board | Assamese Medium | Free Political Science Answer and Model | Higher Secondary First Year Political Science Suggestion | উচ্চতৰ মাধ্যমিক ৰাজনীতি বিজ্ঞানৰ উত্তৰ | একাদশ শ্ৰেণীৰ ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহৰ |

Chapter 2

ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহৰ 

প্রশ্নাৱলী ( ৰচনাধর্মী প্রশ্ন :)

১। ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ আলােচনা কৰা ।

২। মৌলিক অধিকাৰৰ অৰ্থ ব্যাখ্যা কৰা ।

৩। মৌলিক অধিকাৰ কি ? ইয়াৰ প্ৰয়ােজনীয়তা আলােচনা কৰা । 

৪। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ গুৰুত্ব ব্যাখ্যা কৰা । 

৫। আমাৰ সংবিধানত উল্লেখ থকা অধিকাৰসমূহৰ বৈশিষ্ট্য ব্যাখ্যা কৰা । 

৬। মৌলিক অধিকাৰ সংশােধন কৰিব পাৰি নে ? যুক্তি দিয়া ।

৭ | স্বাধীনতাৰ অধিকাৰৰ ১৯ নং অনুচ্ছেদত উল্লেখ থকা ছয়টা স্বাধীনতা কি কি ? যিকোনাে এটা বহলাই লিখা ।

৮ | ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহৰ বিৱৰণ দিয়া । সেইবােৰক কিয় মৌলিক বুলি কোৱা হয় ?

৯। ভাৰতীয় সংবিধানত দিয়া মৌলিক অধিকাৰসমূহৰ প্রকৃতি আৰু তাৎপর্য ব্যাখ্যা কৰা । 

১০। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক কর্তব্যসমূহৰ বিষয়ে আলােচনা কৰা ।

১১। মৌলিক অধিকাৰৰ পাঁচটি সীমাৱদ্ধতা ব্যাখ্যা কৰা ।

১২। ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশক নীতি বুলিলে কি বুজা ? নির্দেশক নীতি অৱজ্ঞা কৰিলে নিৰাময়ৰ বাবে ন্যায়ালয়ৰ সহায় ল'ব পাৰি নে ? 

১৩। আদৰ্শৰ ভিত্তিত নির্দেশক নীতিসমূহ ভাগ কৰি যিকোনাে এটা বর্ণনা কৰা ।

১৪। গান্ধীবাদী নীতি বুলিলে কি বুজা ? সেইবােৰ কি কি ? 

১৫। নির্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত থকা পার্থক্যসমূহ চমুকৈ আলােচনা কৰা । 

১৬। তােমাৰ মতে কোনটো মৌলিক অধিকাৰ আটাইতকৈ গুৰুত্বপূর্ণ ? ইয়াৰ ব্যৱস্থাবােৰ সংক্ষেপ কৰা আৰু যুক্তি আগবঢ়াই দেখুওৱা কিয় এইটো আটাইতকৈ গুৰুত্বপূর্ণ । 

১৭। দুখীয়া মানুহৰ মাজত কাম কৰা এজন কর্মীয়ে কৈছে যে দুখীয়া মানুহক মৌলিক অধিকাৰৰ প্ৰয়ােজন নাই । তেওঁলােকৰ বাবে প্রয়ােজনীয় ৰাষ্ট্ৰৰ নির্দেশক নীতিক আইনগতভাৱে বান্ধ খুওৱা । তুমি এই ক্ষেত্ৰত একমত নে ? যুক্তি আগবঢ়োৱা ।

চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Questions ): 

১। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰাৰ উদ্দেশ্য কি ? 

২। সাংবিধানিক নিৰাময়ৰ অধিকাৰ কেতিয়া আৰু কি পদ্ধতিৰে স্থাপিত কৰিব পাৰি ?

৩। তলৰ অৱস্থাৱােৰ পঢ়া । প্রত্যেক ক্ষেত্ৰত কোনবােৰ মৌলিক অধিকাৰ ব্যৱহাৰ কৰা হৈছে আৰু কোনটো খর্ব কৰা হৈছে ?

( ক ) ৰাষ্ট্রীয় বিমান সেৱা বিভাগত ওজন বৃদ্ধি ( শকত ) হােৱা পুৰুষ কেবিন কৰ্মীসকলক পদোন্নতি দিয়া হয় কিন্তু তেওঁলােকৰ সহকর্মী মহিলাসকল শকত হ'লে তেওঁলােকক শাস্তি প্রদান কৰা হয় ।

( খ ) এখন অর্থমূলক চলচ্চিত্ৰৰ নির্দেশকে ( Director ) চৰকাৰৰ নীতিক সমালােচনা কৰে । 

গ ) এটা বৃহৎ নদী বান্ধ নিৰ্মাণৰ ফলত সংস্থানহীন লােকসকলে পুনঃসংস্থাপনৰ দাবী কৰি এক সমদল উলিয়ায় ।

 ( ঘ ) মাৰাঠা সমাজে মহাৰাষ্ট্ৰৰ বাহিৰত মাৰাঠী মাধ্যমৰ স্কুল পৰিচালনা কৰে ।

৪। তলৰ কোনবােৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ শুদ্ধ ব্যাখ্যা কৰা ।

( ক ) সংখ্যালঘু লােকে খােলা স্কুলত কেৱল সংখ্যালঘু ছাত্ৰ - ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰে ।

( খ ) চৰকাৰী স্কুলসমুহে নিশ্চিতি দিব লাগিব যে তাত পঢ়া সংখ্যালঘু সম্প্রদায়ৰ ল'ৰা - ছােৱালীয়ে তেওঁলােকৰ নিজা বিশ্বাস আৰু সংস্কৃতি সম্বন্ধে জানিব পাৰিব ।

( গ ) ভাষিক আৰু ধর্মীয় সংখ্যালঘু লােকসকলে তেওঁলােকৰ সন্তানসকলৰ বাবে নিজাববীয়াকৈ শিক্ষানুষ্ঠান পাতিব পাৰিব আৰু সেইবােৰ কেৱল তেওঁলােকৰ ল'ৰা - ছােৱালীৰবাবে সংৰক্ষিত থাকিব ।

( ঘ ) ভাষিক আৰু ধর্মীয় সংখ্যালঘু লােকসকলে দাবী কৰিব পাৰে যে তেওঁলােকৰ ল'ৰা - ছােৱালীয়ে তেওঁলােকে ভােলা শিক্ষানুষ্ঠানৰ বাহিৰে আনত শিক্ষাগ্রহণ নকৰে ।

৫। তলত উল্লেখ কৰা কোনটোত মৌলিক অধিকাৰ ভংগ হৈছে আৰু কিয় ? 

( ক ) ন্যূনতম মজুৰি প্ৰদান নকৰা ,

( খ ) এখন গ্ৰন্থৰ প্ৰচলন বন্ধ কৰা ,

( গ ) নিশা ৯ বজাৰ পিছত শব্দবিবর্ধক ( Loudspeaker ) বন্ধ কৰি দিয়া ।

( ঘ ) এটা বক্তৃতা দিয়া

৬। ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদত সন্নিৱিষ্ট অধিকাৰকেইটা উল্লেখ কৰা । এই অনুচ্ছেদৰ পৰা কোনটো অধিকাৰ উঠাই দিয়া হৈছে ? 

৭। ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ চমুকৈ লিখা ।

৮। মৌলিক অধিকাৰৰ ওপৰত বাধা আৰােপ কৰিব পৰা দুটা পৰিস্থিতি ব্যাখ্যা কৰা ।

৯। অধিকাৰ বিষয়ক বিধেয়ক ।

১০। মানৱ অধিকাৰৰ বিষয়ে কি জানা লিখা ।

১১। নির্দেশক নীতিৰ লক্ষ্যসমূহ উল্লেখ কৰা ।

১২। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ দুটা লক্ষ্য উল্লেখ কৰা । 

১৩। সংবিধানৰ ৩২ নং অনুচ্ছেদ মতে উচ্চতম আৰু উচ্চ ন্যায়ালয়ে কিমান লেখ জাৰিকৰিব পাৰে ?

১৪। ভাৰতীয় সংবিধানত কিয় মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে ? চাৰিটা কাৰণ দিয়া । 

১৫। দুটা কাৰণ প্ৰদৰ্শন কৰা যে মৌলিক অধিকাৰ চুড়ান্ত নহয় । 

১৬। মৌলিক অধিকাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

১৭। মৌলিক কর্তব্যৰ তাৎপর্য ব্যাখ্যা কৰা ।

১৮। ভাৰতীয় নাগৰিকে উপভােগ কৰা স্বাধীনতাৰ অধিকাৰ ব্যাখ্যা কৰা ।

১৯। নির্দেশক নীতি আৰু মৌলিক অধিকাৰৰ তুলনামূলক আলােচনা কৰা । 

২০। নির্দেশক নীতিৰ সাংবিধানিক তাৎপর্য ব্যাখ্যা কৰা ।

( Very short answer questions ) : 

১। অধিকাৰসমূহ কিয় প্রয়ােজনীয় দুটা কাৰণ লিখা ।

২। স্বতন্ত্রতা আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ এটা উল্লেখ কৰা ।

৩। মৌলিক অধিকাৰ কি ? 

৪। সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ উল্লখ আছে ? 

৫। দুটা সমতাৰ অধিকাৰৰ নাম লিখা ।

৬। সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজৰ দুটা পার্থক্য লিখা ।

৭। দক্ষিণ আফ্রিকাৰ সংবিধানত উল্লেখিত দুটা অধিকাৰ লিখা । 

 ৮। নিবাৰক নিৰােধ মানে কি বুজা ? 

৯। ধর্মীয় স্বাধীনতাৰ অধিকাৰ ।

১০। তিনিটা নির্দেশক নীতি উল্লেখ কৰা ।

১১। মৌলিক অধিকাৰৰ গুৰুত্ব বুলিলে কি বুজা ?

১২। মৌলিক অধিকাৰ আৰু নির্দেশক নীতিৰ মাজৰ দুটা পার্থক্য উল্লেখ কৰা ।

১৩। পেটৰ অধিকাৰ মানে কি বুজা ? 

১৪। নির্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত তিনিটা পার্থক্য লিখা ।

১৫। মানৱ অধিকাৰ আয়ােগৰ ওপৰত এটা টোকা লিখা ।

১৬। নির্দেশক নীতিত থকা গান্ধীৰ নীতিৰ ওপৰত টোকা লিখা ।

১৭। সংখ্যালঘুক প্ৰদান কৰা দুটা মৌলিক নীতি লিখা ।

১৮। ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কর্তব্য উল্লেখ কৰা । 

১৯। মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা । 

বস্তুনিষ্ঠ প্রশ্নাৱলী ( Objective type questions )  

১। ভাৰতীয় সংবিধানৰ কোনটো অধ্যয়ত ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিসমূহ অন্তর্ভুক্ত কৰা হৈছে ? 

২। ভাৰতীয় সংবিধানত কিমানবিধ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে ? 

৩। ভাৰতীয় সংবিধানে নাগৰিকক বাকস্বাধীনতাৰ অধিকাৰ দিছে নে ? 

৪। কোনটো অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে ? 

৫। ভাৰতীয় সংবিধানৰ কোনটো সংশােধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল ? 

৬। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কোনটো মৌলিক অধিকাৰক সংবিধানৰ ‘ হৃৎপিণ্ড আৰু আত্মা ’ বুলি বিবেচনা কৰা হয় ? ৭। ২২৬ নং অনুচ্ছেদৰ অধীনত ভাৰতৰ কোনখন ন্যায়ালয়ে মৌলিক অধিকাৰ বলৱ কৰাৰ কাৰণে পৰােৱানা জাৰি কৰিব পাৰে ? 

৮। ভাৰতৰ ৰাজধর্ম বা ৰাষ্ট্রধর্ম কিবা আছে নে ? 

৯। মৌলিক অধিকাৰৰ ধাৰণাটো বিশ্বৰ কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছিল ? 

১০। সম্পত্তিৰ অধিকাৰ এটা মৌলিক অধিকাৰ নে ? 

১১। সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ পৰা অস্পৃশ্যতা উঠাই দিয়া হৈছে ? 

১২। সংবিধানত মৌলিক কর্তব্যৰ ধাৰা কোন সংশােধনী মতে সন্নিৱিষ্ট কৰা হৈছে ?

১৩। ভাৰতৰ সংবিধানত সন্নিবিষ্ট নির্দেশক নীতিৰ অধ্যায়টো কোন সংবিধানৰ পৰা আহৰণ কৰা হৈছে ?

১৪। সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰৰ উল্লেখ আছে ?

১৫। মৌলিক অধিকাৰ কোনে স্থাপিত ৰাখিব পাৰে ?

১৬। মৌলিক অধিকাৰবােৰ চুড়ান্ত নে ? 

১৭। নির্দেশক নীতিবােৰ গ্রহণযােগ্য নে ?

১৮। মৌলিক অধিকাৰ কোনে সংশােধন কৰিব পাৰে ? 

১৯। মৌলিক অধিকাৰবােৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ । ( হয় বা নহয় লিখা )   

২০। মৌলিক অধিকাৰবােৰ অসীম । ( সত্য নে অসত্য লিখা ) 

শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answers ) :

১। প্রত্যেকটো উক্তিৰ বিপৰীতে শুদ্ধ নে অশুদ্ধ লিখা 

( ক ) এখন অধিকাৰ বিষয়ক বিধেয়কত এখন দেশৰ জনসাধাৰণে উপভােগ কৰা অধিকাৰসমূহ উল্লেখ আছে । 

( খ ) এখন অধিকাৰ বিষয়ক বিধেয়কে এজন ব্যক্তিৰ স্বতন্ত্রতাক সুৰক্ষা দিয়ে ।

( গ ) বিশ্বৰ প্রত্যেক ৰাষ্ট্রৰ একোখন অধিকাৰ বিষয়ক বিধেয়ক আছে ।

( ঘ ) অধিকাৰ উলংঘাৰ বিৰুদ্ধে সংবিধানে নিৰাময় নিশ্চিত কৰে ।

২। তলৰ কোনবােৰ মৌলিক অধিকাৰ সম্পর্কে উত্তম বর্ণনা ।

( ক ) এজন ব্যক্তিৰ সকলাে অধিকাৰ থকা উচিত ।

( খ ) আইনে নাগৰিকক সকলাে অধিকাৰ দিয়ে ।

( গ ) সংবিধানে অধিকাৰ প্ৰদান কৰে আৰু সুৰক্ষাও দিয়ে । 

( ঘ ) সংবিধানপ্রদত্ত অধিকাৰসমূহক কেতিয়াও সীমিত কৰিব নােৱাৰি ।

৩। মৌলিক অধিকাৰৰ আৰ্হি লােৱা হৈছে ।

( ক ) গ্রেট ব্রিটেইনৰ পৰা

( খ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা 

( গ ) কানাডাৰ পৰা 

( ঘ ) আয়াৰলেণ্ডৰ পৰা 

৪। তলৰ কোনটো মৌলিক অধিকাৰ নহয় ?

( ক ) সমতাৰ অধিকাৰ 

( খ ) সম্পত্তিৰ অধিকাৰ 

( গ ) স্বাধীনতাৰ অধিকাৰ

( ঘ ) শােষণৰ বিৰুদ্ধে অধিকাৰ

৫। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্ত্তব্য তলত দিয়া সংবিধানৰ কোনটো সংশােধনীত সংযােগ কৰা হৈছে ? 

( ক ) ৪২ নং সংশােধনী 

( খ ) ৪৪ নং সংশাধনী 

( গ ) ৪৫ নং সংশােধনী

( ঘ ) ৭৩ নং সংশােধনী

৬। সম্পত্তিৰ অধিকাৰ কোনটো সংশােধনীয়ে মৌলিক অধিকাৰৰ তালিকাৰ পৰা উলিয়াই দিছে ?

( ক ) ৪২ নং সংশােধনী

( খ ) ৪৫ নং সংশাধনী

( গ ) ৪৪ নং সংশােধনী

( ঘ ) ৪৩ নং সংশােধনী

৭। অস্পৃশ্যতা বর্জন কৰা এক সমতা অধিকাৰ / ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ শােষণৰ বিৰুদ্ধে অধিকাৰ । ( শুদ্ধ উত্তৰটো বাছি উলিওৱা ) 

Type Sumit Patar .



Post ID : DABP005909