বায়ুমণ্ডল গঠনঃ

        ইতিমধ্যে উল্লেখ কৰা হৈছে যে বায়ুমণ্ডল পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ , জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত । উল্লেখযােগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ঠ্য বেলেগ বেলেগ হয় । সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবােৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব , চাপ আৰু উত্তাপৰ পৰিৱর্তন ঘটে । তালিকা 

২.১ঃবায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ



গেছৰ নাম

ৰাসায়নিক সংকেত

শতাংশ হিচাপে আয়তন

নাইট্ৰজেন

অক্সিজেন

আৰ্গন

কাৰ্বন ডাই- অক্সাইড

অন্যান্য গেছ

( নিয়ন, হিলিয়াম, মিথিন,)

ক্ৰিপ্টন, হাইড্ৰজেন জেনন,

অজন ইত্যাদি )

N2

O2

Ar

Co2


Ne, He, CH4, Kr

H2, Xe, O3

78. 08

20. 98


0. 93


0. 036

0.014


    বায়ুমগুলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি । বায়ুমগুলত থকা গেছৰ মুঠ আয়তনৰ 78.08 শতাংশ নাইট্ৰজেন আৰু 20.94 শতাংশ অক্সিজেন ( তালিকা 2.1) । অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন (0.93 শতাংশ), কাৰ্বন ডাই- অক্সাইড ( 0..36 শতাংশ) আৰু নিয়ন, হিলিয়াম মিথেন, ক্ৰপ্টন, হাইড্ৰজেন অজন, জেনন ইত্যাদি উল্লেখযোগ্য ( 0.014 শতাংশ) ।

   তালিকা 2.1ত উল্লেখ কৰা গেছসমূহৰ পৰিমাণ প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত বায়ুমগুলৰ সকলো উচ্চতাৰ পৰ্যায়তে একে নাথাকে । বায়ুমগুলত অপৰ্যাপ্ত পৰিমাণে থকা গধূৰ গেছসমূহৰ যেনে- নাইট্ৰজেন অক্সিজেন আৰ্গন কাৰ্বন ডাই - অক্সাইড আদি 80- 100 কিলোমিটাৰ উচ্চতালৈ পোৱা যায় । এই উচ্চতাৰ পৰা ওপৰলৈ বায়ুমগুলৰ গেছবোৰ সেৰেঙা হবলৈ ধৰে অৰ্থাৎ বায়ুমণ্ডলত অধিক উচ্চতাত হিলিয়াম হাইড্ৰজেন আদি অতি পাতল গেছ পোৱা যায় । বায়ুমগুলতথকা জলীয় বাষ্প আৰু ধূলিকণাও ইয়াৰ নিম্নস্তৰতে সীমাবদ্ধ । সেয়েহে ভূ- পৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমগুলত থকা গেছীয় আৰু অন্যান্য উপাদানৰ সংখ্যা আৰু সিবিলাকৰ মাত্ৰা আৰু ঘনত্ব হ্ৰাস পায় ।

    বায়ুমণ্ডলত সর্বাধিক পৰিমাণে থকা নাইট্রজেন এবিধ নিষ্ক্রিয় গেছ । অৱশ্যে মাটিত থকা কিছুমান বেক্টেৰিয়াই আন উদ্ভিদৰ ব্যৱহাৰৰ বাবে অলপ পৰিমাণে নাইট্র’জেন নিষ্কাসন কৰি লয় । আনহাতে , অক্সিজেন এবিধ ৰাসায়নিকভাৱে অতি সক্রিয় গেছ । ই অন্য মৌলৰ লগত অতি সহজে জাৰণ প্রক্রিয়াৰ দ্বাৰা সংযােজিত হয় । সকলাে প্ৰকাৰৰ জীৱ - জন্তু তথা উদ্ভিদে অক্সিজেনৰ পৰাই প্রয়ােজনীয় শক্তি লাভ কৰে । বায়ুমণ্ডলৰ ১ শতাংশতকৈ কিছু কম পৰিমাণে থকা আর্গন গেছাে ৰাসায়নিকভাৱে নিষ্ক্রিয় । বৈদ্যুতিক বাল্ব প্রস্তুত , জ্বালাই কার্য আদিত আর্গন গেছ ব্যৱহৃত হয় । বায়ুমণ্ডলত কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ অতি সামান্য হলেও ই বায়ুমণ্ডলীয় প্রক্রিয়া আৰু ভূ - পৃষ্ঠৰ জলবায়ু নিয়ন্ত্রণত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । কার্বন ডাই - অক্সাইডৰ তাপ শােষণ ক্ষমতাৰ বাবে ভূ - পৃষ্ঠৰ পৰা প্রতিফলিত সৌৰ শক্তিৰ কিছু বায়ুমণ্ডলত থকা কার্বন ডাই অক্সাইডে শোষণ কৰি পৃথিৱীত জীৱ - জন্তু তথা উদ্ভিদ বৰ্তি থাকিবলৈ প্রয়ােজনীয় উষ্ণতাৰ ( গড় হিচাপে ১৫ ° চেণ্টিগ্রেড ) পৰিৱেশ সৃষ্টি কৰে । মন কৰিবলগীয়া যে মানুহ আৰু অন্য প্রাণীয়ে উশাহত বায়ুমণ্ডলৰ অক্সিজেন গ্রহণ কৰি নিশাহত কার্বন ডাই - অক্সাইড এৰি দিয়ে । আনহাতে , উদ্ভিদসমূহে কার্বন ডাই - অক্সাইড ব্যৱহাৰ কৰি সালােক সংশ্লেষণ প্রক্রিয়াৰ জৰিয়তে খাদ্য প্রস্তুত কৰি অক্সিজেন ত্যাগ কৰে । এইদৰেই উদ্ভিদ - প্রাণীসমূহে প্রাকৃতিকভাৱে বায়ুমণ্ডলত থকা অক্সিজেন আৰু কার্বন ডাই - অক্সাইডৰ আনুপাতিক পৰিমাণৰ সমতা ৰক্ষা কৰে । কিন্তু সম্প্রতি সমগ্র বিশ্বতে দ্রুতগতিত বৃদ্ধি পােৱা কয়লা , পেট্রলিয়াম আদি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু নির্বনীকৰণৰ ফলত বায়ুমণ্ডলত ক্রমান্বয়ে কার্বন ডাই - অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব ধৰিছে আৰু লগে লগে বায়ুমণ্ডলৰ উষ্ণতাও বৃদ্ধি পাই আহিছে । ইয়াকে গােলকীয় উত্তাপ বৃদ্ধি ( Global warming ) বােলা হয় ।

    আকৌ অ'জন গেছৰ পৰিমাণে বায়ুমণ্ডলত তেনেই কম হলেও ইয়া| ৰ গুৰুত্ব লক্ষণীয় । বায়ুমণ্ডলৰ প্রায় ৪০-৫০ কিলােমিটাৰ উচ্চতাত থকা অজন গেছে উদ্ভিদ - প্ৰাণীৰ বাৰে অতি মাৰাত্মক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শােষণ কৰি জীৱজগতক সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰি আছে । তদুপৰি বায়ুমণ্ডলৰ নিম্ন উচ্চতাত থকা জলীয় বাষ্পই সৌৰশক্তি শােষণ কৰি পৃথিৱীপৃষ্ঠ অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ হােৱাৰ পৰা ৰক্ষা কৰি জীৱজগতৰ বাবে প্রয়ােজনীয় এক উষ্ণতাৰ ভাৰসাম্য বজাই ৰাখিছে । বায়ুমণ্ডলৰ কম উচ্চতাত উৰি ফুৰা ধূলিকণাবােৰাে গুৰুত্বহীন নহয় । দৰাচলতে বায়ুমণ্ডলত থকা জলীয় বাষ্পবােৰে এই ধূলিকণাবােৰকে আশ্রয় কৰি ঘনীভূত হৈ ডাৱৰ সৃষ্টি কৰি বৰষুণ দিয়ে ।

Social Science Geography 9,

Type Sumit Patar



Post ID : DABP006516