আধুনিকীকৰণৰ পথত (Paths to Modernisation) | অধ্যায় ১১ | Lesson 11 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী ড° অজিত কুমাৰ দত্ত | High Secondary First Year History Notes

অধ্যায় ১১ 

আধুনিকীকৰণৰ পথত

অনুশীলনী

১। অতি চমু উত্তৰ লিখা ঃ


ক) কোন শতিকাত পূব এছিয়াত চীনদেশে আধিপত্য বিস্তাৰ কৰিছিল।

উত্তৰঃ ১৯ শতিকাত পূৱ এছিয়াত চীনদেশে আধিপত্য় বিস্তাৰ কৰিছিল। 


খ) প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম বুৰঞ্জীবিদ হিচাপে কৰা নাম প্ৰথমে লোৱা হয়?

উত্তৰঃ প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম বুৰঞ্জীবিদ হিচাপে চিমা চিয়ানক প্ৰথমে লোৱা হৈছিল। 


গ) গেঞ্জীকথা কি?

উত্তৰঃ গেঞ্জীকথা মানে হ'ল  কাল্পনিক ডায়েৰী । 


ঘ) গেঞ্জীকথা কোনে লিখিছিল?

উত্তৰঃ গেঞ্জীকথা মুৰাচাকী চিকিবুয়ে লিখিছিল। 


ঙ) জাপানী চৰকাৰে কি নীতিৰ দ্বাৰা অৰ্থব্যৱস্থাৰ বিকাশ ঘটাবলৈ প্ৰয়াস কৰিছিল?

উত্তৰঃ জাপানী চৰকাৰে 'ফুককো কিউহে' নীতিৰ দ্বাৰা অৰ্থব্য়ৱস্থাৰ বিকাশ ঘটাবলৈ প্ৰয়াস কৰিছিল। 


চ) জাপানত কেতিয়াৰ পৰা নতুন বিদ্যালয় ব্যৱস্থা আৰম্ভ হৈছিল?

উত্তৰঃ জাপানত ১৮৭০ দশকৰ পৰা নতুন বিদ্য়ালয় ব্য়ৱস্থা আৰম্ভ কৰিছিল। 


ছ) জাপানৰ প্ৰথম ৰেলপথে কোন দুখন  চহৰক সংযোগ ঘটাইছিল?

উত্তৰঃ জাপানৰ প্ৰথম ৰেলপথ ষ্টনকটন আৰু দালিংটন চহৰক সংযোগ ঘটাইছিল। 


জ) জাপানৰ জনবাদী অধিকাৰ আন্দোলনৰ নেতা কোন আছিল?

উত্তৰঃ জাপানৰ জনবাদী অধিকাৰ আন্দোলনৰ নেতা আছিল টানাকাচ'জো। 


ঝ) চীনদেশৰ প্ৰাৰম্ভিক কালৰ সংস্কাৰকজনৰ নাম লিখা।

উত্তৰঃ চীনদেশৰ প্ৰাৰম্ভিক কালৰ সংস্কাৰকজনৰ নাম হ'ল কাং য়ুৱেই বা লিয়াং কিছাও। 


ঞ) প্ৰথম কানিযুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ প্ৰথম কানিযুদ্ধ ১৯৩৯-৪২ চনত হৈছিল। 


ট) আধুনিক চীনৰ নিৰ্মাতা বুলি কাক কোৱা হয়?

উত্তৰঃ আধুনিক চীনৰ নিৰ্মাতা বুলি চান য়াৎ সেনক কোৱা হয়।  


ঠ) চীন কমিউনিষ্ট পাটি কেতিয়া প্ৰতিস্থা হৈছিল?

উত্তৰঃ চীনৰ কমিউনিষ্ট পাটি ১৯২১ চনত প্ৰতিষ্ঠা হৈছিল। 


ড) কোন চনত বৃটইনে চীনক হংকং ঘূৰাই দিয়ে?

উত্তৰঃ ১৯৯৭ চনত বৃটেইনে চীনক হংকং ঘূৰাই দিছিল। 


২। চমুকৈ উত্তৰ দিয়া ।


 ( ক ) মেইজী পুনৰুত্থানৰ আগতে এনে কি ঘটনা ঘটিছিল যি জাপানৰ ক্ষিপ্র উন্নতিকৰণ সম্ভৱ কৰিছিল ?

উত্তৰঃ মেইজী পুনৰুত্থানৰ আগতে ইউৰোপীয়া দেশে ভাৰত আৰু অন্য়ান্য় দেশত উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল। চীন দেশ ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল। সেই ঘটনাই জাপানৰ ক্ষিপ্ৰ উন্নতিকণত সম্ভৱ কৰি তুলিছিল। 


 ( খ ) জাপানৰ উন্নতিৰ লগে লগে কেনেকৈ ইয়াৰ দৈনন্দিন জীৱনলৈ পৰিৱৰ্তন আহিছিল লিখা ।

উত্তৰঃ জাপানৰ উন্নতিৰ লগে লগে ইয়াৰ দৈনন্দিন জীৱনলৈ পৰিৱৰ্তন আহিছিল যেনে-

১) কৃষকসকলক নিয়ন্ত্ৰণ কৰা আৰু চামোৰাই সকলে অস্ত্ৰ ৰখাৰ নিয়ম কৰা হ'ল। 

২) ডাইম্য়ো বিলাকক নিজ ভূ-ক্ষেত্ৰৰ ৰাজধানীত থাকি স্বাধীনভাৱে শাসন কৰিবলৈ দিয়া হৈছিল। 

৩) ভূ-জৰীপৰ যোগেদি মাটিৰ গৰাকী চিনাক্ত কৰা হৈছিল। লগতে মাটিৰ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ শ্ৰেণীবিভাগ কৰা হৈছিল।


 ( গ ) কেনেকৈ চীং ৰাজবংশই পশ্চিমীয়া শক্তিৰ পৰা অহা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ?

উত্তৰঃ চীন ৰাজবংশই পশ্চিমীয়া শক্তিৰ পৰা অহা প্ৰত্য়াহ্বানৰ কেনেদৰে সন্মূখীন হৈছিল তলত আলোচনা কৰা হ'ল

    চীন দেশৰ আধুনিকীকৰণৰ পথ বেলেগ আছিল। পশ্চিমীয়া আৰু জাপানী এই দুয়ো বিদেশী সাম্ৰাজ্য়বাদে চীনৰ সকলো চৰকাৰী নিয়ন্ত্ৰণ দুৰ্বল কৰি তুলিছিল। ৰাজনৈতিক আৰু সামাজিক ব্য়ৱস্থা ধ্বংস কৰিবলৈ গৈছিল আৰু তেওঁলোকে ধ্বংস কৰিবলৈ গৈ স্থানীয় লোকসকলৰ মাজলৈ দূৰ্দশা মাতি আনিলে। সেই যুদ্ধ, সামন্তবাদে ডকাইত আৰু গৃহযুদ্ধই বহুত মানুহৰ মৃত্য়ু হৈছিল। 

    চীন কমিউনিষ্ট পাৰ্টি আৰু ইয়াৰ সমৰ্থক সকলে পৰম্পৰা ধ্বংসযজ্ঞতা কামত আগবাঢ়ি গৈছিল। তেওঁলোকৰ মতে পৰম্পৰাই মানুহক দূখীয়া কৰি তুলিছিল।  দেশ অনুন্নত হৈ আছিল। চীন কমিউনিষ্ট দলে বৰ্তমান বজাৰ সম্পৰ্কীয় সংস্কাৰ কৰি চীনক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিছিল।  


 ( ঘ ) চান য়াৎ সেনৰ তিনিটা সূত্র কি কি ?

উত্তৰঃ চান য়াৎ সেনৰ তিনিটা সূত্ৰ হ'ল 

১) জাতীয়ত্ব- বিদেশী মাঞ্চু ৰাজবংশ আৰু আন বিদেশী সাম্ৰাজ্য়বাদী লোকক উচ্ছেদ কৰিব লাগে। 

২) গণতন্ত্ৰ- গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগে। 

৩) সমাজবাদ- ভূমিস্বত্ব সমান কৰিব লাগে আৰু পুঁজি নিয়ন্ত্ৰণ কৰিব লাগে। 


৩। ৰচনাধর্মী প্রশ্ন  ঃ


( ক ) জাপানৰ ক্ষিপ্র উদ্যোগীকৰণে ইয়াৰ প্রতিবেশীৰ লগত যুদ্ধ হােৱাত ইন্ধন যােগাইছিল নেকি আৰু পৰিৱেশ ধ্বংস কৰিছিলনে ?

উত্তৰঃ জাপান এখন উদ্য়োগৰ  ফালৰ পৰা উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিছিল। কিন্তু সাম্ৰাজ্য় প্ৰতিষ্ঠা ফলত যুদ্ধ হৈছিল। আমেৰিকান শক্তিৰ হাতত জাপান পৰাস্ত হৈছিল। ১৯৭০ চনলৈ জাপানৰ বিশ্বৰ এক প্ৰধান অৰ্থনৈতিক শক্তি ৰূপে আৱিৰ্ভাব হৈছিল। কিউটোৰ পৰা এজন ৰজাই জাপান শাসন কৰিছিল। ১২ শতিকালৈ ৰজাই ছ'গান সকলৰ হাতত শাসন ভাৰ এৰি দিব লগা হৈছিল। ছ'গান সকলে ৰজাৰ নামত বহুত শাসন কৰিছিল। জাপানৰ ভৱিষ্য়ত উন্নতিৰ পথ মুকলি হৈছিল ১৬ শতিকাৰ শেষৰ ফালে তিনিটা পৰিৱৰ্তনৰ ফলত আৰু সেই পৰিৱৰ্তন কেইটা আছিল  

১) কৃষকসকলক নিয়ন্ত্ৰণ কৰা হৈছিল আৰু চামোৰাই সকলে হাতত অস্ত ৰখা নিয়ম মানি চলিছিল।

২) ডাইম্য়ো বিলাকক নিজৰ ভূ-ক্ষেত্ৰৰ ৰাজধানীত থাকি স্বাধীনভাৱে শাসন কৰিবলৈ দিয়া হৈছিল।

৩) ভূ-জৰীপৰ যোগেদি মাটি গৰাকী আৰু কৰদাতাক চিনাক্ত কৰণৰ লগতে মাটিৰ উৎপাদন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণীবিভাগ কৰা হৈছিল।  

    ক্ষিপ্ৰ আৰু অনিয়ন্ত্ৰিত ঔদ্য়োগিক সম্প্ৰসাৰণ আৰু প্ৰাকৃতিক সম্পদৰ প্ৰয়োজন বৃদ্ধিৰ ফলত পৰিৱেশ ধবংস হৈছিল। ১৮৯৭-ত প্ৰথম প্ৰতিনিধিসদনৰ সদস্য় টানাকা চজোৱে প্ৰদূষণৰ বিৰুদ্ধে ৮০০ গাওঁবাসীক লৈ আন্দোলন আৰম্ভ কৰি চৰকাৰৰ প্ৰদূষণৰ ওপৰত পদক্ষেপ লবলৈ বাধ্য় কৰিছিল। জাপানৰ আইন ব্য়ৱস্থাৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিছিল। ৰাজতন্ত্ৰ প্ৰতিষ্ঠাত ভাগ লোৱা নেতা সকলে ক্ষমতা উপভোগ কৰিবলৈ লৈছিল। তেওঁলোকে ৰাজনৈতিক দল গঠন কৰিছিল। 

    ১৯১৮ আৰু ১৯৩১ চনৰ ভিতৰত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভা গঠন কৰিছিল। তেওঁলোকে নিৰ্দ্দেশ কৰিছিল যে কেৱল কৰ্মৰত এডমাইৰেল আৰু জেনেৰেলসকলহে মন্ত্ৰী হ'ব পাৰিব। 


( খ ) তুমি ভাবা নেকি যে মাও জে ডুং আৰু চীন কমিউনিষ্ট দল চীনক মুক্ত কৰাত আৰু ইয়াৰ বৰ্তমানৰ উন্নতিৰ ভেটি ৰচনাত কৃতকাৰ্য্য হৈছে ?

উত্তৰঃ ১৯২১ চনত চীন কমিউনিষ্ট দল গঠন কৰা হৈছিল। কমিনটাৰ্ন আৰু চোভিয়েট ইউনিয়নে বিভিন্ন দেশৰ কমিউনিষ্ট দলবোৰক সমৰ্থন কৰিছিল। তেওঁলোকে মাৰ্ক্সীয় ধাৰণাৰে কাৰ্য ব্য়ৱস্থা গ্ৰহণ কৰিছিল। কমিনটাৰ্নে চোভিয়েটৰ হাতত পুতলা ৰূপে কাম কৰিছিল। তেওঁ ১৯৪৩ চনত বন্ধ কৰি দিয়া হৈছিল। মাও জে ডুঙক চীনৰ কমিউনিষ্ট দলৰ নেতা ৰূপে আৱিৰ্ভাৱ হৈছিল। তেওঁ কৃতকাৰ্যতাই চীন কমিউনিষ্ট পাৰ্টিক এক শক্তিশালী ৰাজনৈতিক দল হিচাপে গঢ় দি তুলিছিল আৰু সেই ৰাজনৈতিক শক্তিয়ে কুমিনটাঙক উৎসাহ যোগায় তুলিছিল।  

    অনুগামী সকলে কুমিনটঙৰ আক্ৰমণৰ পৰা সুৰক্ষিত হ'বলৈ ১৯২৮-ৰ পৰা ১৯৩৪ চনলৈ শিবিৰ পাতি আছিল। তেওঁ এক ক্ষমতাসম্পন্ন মজদুৰ কিষাণ পৰিষদ গঠন কৰিছিল। মাওৱে আনবোৰ জননেতাৰ কাৰণে স্বাধীন চৰকাৰ আৰু সৈন্য় বাহিনীৰ প্ৰয়োজনৰ কাৰণে গুৰুত্ব দিছিল। তেওঁ মহিলাবিলাকৰ সমস্য়া ওপৰত সচেতন আছিল আৰু গ্ৰামীন নাৰী সংগঠনবোৰক সমৰ্থন কৰিছিল। তেওঁ নতুন বিবাহ প্ৰণয়ন কৰিছিল। বিবাহ চুক্তি কিনা-বেচাত বাধা দি বিবাহ বিচ্ছেদত সহজ কৰি তুলিছিল। ১৯৩০ চনত মাওৱে জুনবুত কৰা ব্য়ৱহাৰ্য্য় সামগ্ৰী বোৰ আছিল- নিমখ, ক্ষুদ্ৰ বেপাৰী, শিল্পী, কমাৰ, ধৰ্মীয় সংগঠন ক্ষমতা সেই সকলোবোৰ তেওঁ পৰীক্ষা কৰিছিল। বিভিন্ন স্তৰত হোৱা শোষণৰ বিষয়ে জানিব কাৰণে। 

    চীন কমিউনিষ্ট দলে নিৰ্দ্ধাৰণ কৰা লক্ষ্য়ত উপনিত হবলৈ মাওৱে ৰাইজক সবল নেতৃত্ব দিছিল। তেওঁ সমাজবাদী ব্য়ক্তি গঠন কৰিবলৈ যত্ন কৰিছিল। সেই সমাজবাদী ব্য়ক্তিৰ পাঁচটা বস্তু প্ৰিয় হ'ব লাগিব। যেনে- পিতৃভূমি, বিজ্ঞান, শ্ৰম, জনতা আৰু ৰাজহুৱা সম্পত্তি। তেওঁ বিদ্য়াৰ্থী, মহিলা কৃষক আৰু অন্য় শ্ৰেণী লোকসকলৰ কাৰণে গণসংগঠন গঢ় দি তুলিছিল। যেনে- The All china Democratic Womens Federations- ৰ ৭৬ লাখ আৰু All Students Federation- ৰ ৩২.৯ লাখ সদস্য় আছিল। 


( গ ) পশ্চিমীয়াকৰণে চীন আৰু জাপানক কিমানদূৰ সহায় কৰিছিল ব্যাখ্যা কৰা ।

উত্তৰঃ জাপান আৰু চীন ইতিহাসে ঐতিহাসিক অৱস্থাৰ ফলত দুযোখন দেশেই স্বাধীনতা আৰু আধুনিকৰণৰ কাৰণে বেলেগ বেলেগ পথ গ্ৰহণ কৰিছিল। জাপানে সেইবোৰ স্বাধীনতা বজাই ৰাখিব পাৰিছিল। সেইবোৰ পৰম্পৰাগত কৌশল আৰু ব্য়ৱস্থা নতুন প্ৰণালীৰ ব্য়ৱহাৰ কৰা কাৰণে সফল হৈছিল। 

    পশ্চিমীয়া সাম্ৰাজ্য়বাদী শক্তিৰে জাপানত আধুনিকীকৰণ কাৰ্যসূচী চলাই নিছিল। তেওঁলোকে সেই সমস্য়াবোৰ নিজস্ব সমাধানৰ পথে উদ্ভাৱন কৰিছিল। বহুতো জাপানী লোকে এছিয়াক পশ্চিমীয়া শক্তিৰ নিয়ন্ত্ৰণত মুক্ত কৰিব বিচাৰিছিল। আনহাতে সেই আদৰ্শ সাম্ৰাজ্য় নিৰ্মাণৰ বাবে বিবেচনা কৰা হয়। সামাজিক, ৰাজনৈতিক অনুষ্ঠান আৰু দৈনন্দিন জীৱনৰ পৰিৱৰ্তন ঐতিহ্য়ৰ পুনৰুত্থানেই নাছিল। এইবোৰ নতুন আৰু বিভিন্ন উপায়েৰে গঠনমূলকভাৱে ব্য়ৱহাৰ কৰা হয়। যেনে- মেইজী বিদ্য়ালয় ব্য়ৱস্থা ইউৰোপীয় আৰু আমেৰিকানে গঢ়ি তোলা হৈছিল আৰু নতুন বিষয় পঢ়োৱা হৈছিল। 

    চীন দেশৰ আধুনিকীকৰণৰ পথ বেলেগ আছিল। পশ্চিমীয়া আৰু জাপানী এই দুয়োখন বিদেশী সাম্ৰাজ্যবাদে চীনৰ সকলো চৰকাৰী নিয়ন্ত্ৰণ দুৰ্বল কৰি তুলিলে। ৰাজনৈতিক আৰু সামাজিক ব্য়ৱস্থা ধবংস কৰিবলৈ যোৱাত তেওঁলোকে স্থানীয় লোকলৈ বিপদ মাতি আনিলে। যুদ্ধত সামন্তবাদ, গৃহযুদ্ধৰ আৰু ডকাইট এইবোৰে বহুত লোকৰে প্ৰাণ ল'লে। ঊনৈছ আৰু বিংশ শতিকাত জাতীয় ঐক্য় বৃদ্ধিৰ বাবে নতুন পথ সন্ধান কৰিছিল। তেওঁলোকৰ মতে পৰম্পৰাই মানুহক দুখীয়া কৰিছিল আৰু মহিলাসকলক দুৰ্বল কৰি ৰাখিছিল।  


( ঘ ) চীন নতুন গণতন্ত্র প্রতিষ্ঠাৰ কাৰণ আৰু তাৎপৰ্য্য বর্ণনা কৰা ।

উত্তৰঃ চীন নতুন গণতন্ত্ৰ প্ৰতিষ্ঠাৰ কাৰণ আৰু তাৎপৰ্য্য় বিষয়ে তলত আলোচনা কৰা হ'ল 

     ১৯১১ চনত চান য়াৎ সেনৰ নেতৃত্বত চীনত এখন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ দুখীয়া পৰিয়ালৰ ব্য়ক্তিৰ আছিল। চান য়াৎ সেন মিছনেৰী বিদ্য়ালয়ত পঢ়িছিল। সেই বিদ্য়ালয়তে তেওঁৰ গণতন্ত্ৰ আৰু খ্ৰীষ্ঠান ধৰ্মৰ লগত পৰিচয় হৈছিল। চান য়াৎ সেনেই চিকিৎসা বিজ্ঞান পঢ়িছিল। তেওঁ চীন দেশৰ ভৱিষ্য়তক লৈ গুৰুত্ব দিছিল। সেই কাৰ্যসূচীক ত্ৰি-সূত্ৰ  বোলা হৈছিল।  

     ১৯৪৯ খ্ৰীঃত চীনত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। চীনৰ নতুন গণতন্ত্ৰ সকলো সামাজিক শ্ৰেণীৰ আধাৰত প্ৰতিষ্ঠিত হৈছিল। চীনৰ নতুন গণতন্ত্ৰ অৰ্থব্য়ৱস্থাৰ মূখ্য়ক্ষেত্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব লগা হৈছিল আৰু ব্য়ক্তিগত ব্য়ৱসায় আৰু ভূমিস্বত্ব নাইকিয়া হৈ পৰিছিল। এইবোৰ কাৰ্য ব্য়ৱস্থা ১৯৫৩ লৈকে চলি আছিল। গ্ৰেট লিপ ফৰৱাৰ্ড আন্দোলন আছিল এটা নীতি। সেই নীতি কাৰ্যকৰী কৰি উদ্য়োগীকৰণৰ জৰিয়তে দেশত উন্নতি কৰিব পৰা নাছিল। গ্ৰামঞ্চলত জনপৰিষদ প্ৰতিষ্ঠা কৰা হৈছিল। জনপৰিষদৰ মাটি উমৈহতীয়া ভাৱে অধিকাৰ কৰি সেই ঠাইত খেতি কৰিছিল।  ১৯৫৮ চনলৈ সেই ঠাইত ২৬,০০০ কমিউন আছিল আৰু ৯৮% খেতিয়ক আছিল। 


( ঙ ) চীনৰ কমিউনিষ্ট দলৰ উত্থান কেনেদৰে হৈছিল বর্ণনা কৰা ।

   উত্তৰঃ চীনৰ কমিউনিষ্ট দলৰ উত্থান কেনেধৰণে হৈছিল তাৰ বিষয়ে তলত বৰ্ণনা কৰা হ'ল ঃ

    ১৯৩৭ খ্ৰীঃত জাপানে চীন আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণতে কুমিনটাং পিছ হুঁহকি গৈছিল। সেই যুদ্ধখন দীঘলীয়া আৰু বৃহৎ আছিল। যুদ্ধখনে চীনক দুৰ্বল কৰি তুলিছিল। ১৯৪৫-৪৯- ৰ সময়ছোৱাত বস্তুৰ দাম ৩০% বাঢ়ে। ১৯২১-ত চীন কমিউনিষ্ট দল গঠন কৰা হৈছিল। কমিনটাৰ্ন আৰু চোভিয়েট ইউনিয়নে বিভিন্ন দেশৰ কমিউনিষ্ট দলবোৰক সমৰ্থন কৰিছিল। তেওঁলোকে পৰম্পৰাগতৰ মাৰ্ক্সীয় ধাৰণাৰে কাৰ্য ব্য়ৱস্থা গ্ৰহণ কৰিছিল। কমিনটাৰ্নে চোভিয়েটক তেওঁ হাতৰ পুতলা দৰে কাম কৰিছিল। ১৯৪৩ চনত বন্ধ কৰি দিয়া হৈছিল। চীনৰ কমিউনিষ্ট দলৰ নেতা হিচাপে মাও জে ডুঙক আৱিৰ্ভাৱ কৰা হৈছিল। তেওঁ কৃতকাৰ্যতাই চীনৰ কমিউনিষ্ট পাৰ্টিক শক্তিশালী ৰাজনৈতিক দল হিচাপে গঢ়ি তুলিছিল। 

    ১৯২৮-ৰ পৰা ১৯৩৪ লৈ অনুগামী সকলে কুমিনটাঙৰ আক্ৰমণৰ পৰা সুৰক্ষিত হ'বলৈ শিবিৰ পাতি আছিল। মাও জে ডুঙে ক্ষমতাসম্পন্ন মজদুৰ কিষাণ পৰিষদ গঠন কৰিছিল। মাওৱে আনবোৰ জননেতাৰ বিপৰীতে সৈন্য় বাহিনী আৰু স্বাধীন চৰকাৰ প্ৰয়োজনৰ ওপৰত অতি গুৰুত্ব দিছিল। তেওঁ বিবাহ চুক্তি কিনা-বেচাত বাধা দিছিল আৰু বিবাহ বিচ্ছেদত সহজ কৰিছিল। চীন কমিউনিষ্ট দলে সুদৃঢ় সামাজিক আধাৰ লাভ কৰিছিল। কমিউনিষ্ট আৰু কুমিনডাংসকলে একেলগে কাম কৰিছিল। যুদ্ধ শেষত কমিউনিষ্ট সকলে ক্ষমতা দখল কৰিছিল।

    ১৯৪৯ খ্ৰীঃত চীনত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। চোভিয়েট ইউনিয়নে দাবী কৰা সৰ্বহাৰাৰ একনায়কত্বাবাদৰ কাৰ্লমাৰ্ক্সে ব্য়ৱহাৰ কৰিছিল। চীনৰ 'নতুন গণতন্ত্ৰ' ত অৰ্থব্য়ৱস্থাৰ চৰকাৰৰ নিয়ন্ত্ৰনত আছিল। চীন কমিউনিষ্ট দলে নিৰ্দ্ধাৰণ কৰি দিয়া লক্ষ্য়ত উপনিত হ'ব কাৰণে মাওৱে ৰাইজক সবল নেতৃত্ব দিছিল। মাওৱে সমাজবাদী ব্য়ক্তি তৈয়াৰ কৰিবলৈ যত্ন কৰিছিল।  


৪। চমু টোকা লিখাঃ 


( ক ) নাইটো কোনন

উত্তৰঃ নাইটো কোননঃ নাইটো আছিল চীনত বৌদ্ধিক চৰ্চা কৰা প্ৰথম জাপানী লোক। তেখেতৰ লিখনিয়ে বিশ্বৰ অন্য়ান্য় লেখকক প্ৰভাৱান্বিত কৰি তুলিছিল। নাইটোয়ে নিজৰ কামৰ বাবে পশ্চিমীয়া ইতিহাস লিখনিৰ নিজৰ সাংবাদিক জীৱনৰ অভিজ্ঞতা প্ৰয়োগ কৰিছিল। ১৯০৭ খ্ৰীঃত নাইটোয়ে কিউটো বিশ্ববিদ্য়ালয়ত প্ৰাচ্য় অধ্য়য়ন প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। 

    নাইটোৱে চীনাৰণ নামৰ গ্ৰন্থত কৈছিল যে গণতান্ত্ৰিক চৰকাৰৰ জৰিয়তে চীনৰ চুং ৰাজবংশ পৰা অভিজাত শ্ৰেণীৰ নিয়ন্ত্ৰণ আৰু কেন্দ্ৰভূত শাসনৰ পথ লাভ কৰিছিল। স্থানীয় সমাজক পুনৰজীৱন দিবৰ কাৰণে সেইটোৱেই পথ আছিল বুলি নাইটোৱে কৈছিল। নাইটো মতে জাপানে চীন দেশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। 

    চীনৰ প্ৰধান জাতিটো আছিল হান আৰু ভাষাটো চীন আৰু আনটো জনগোষ্ঠী হ'ল- উইঘোৰ, হুই তিব্বতী আৰু মাঞ্চু। চীনৰ খাদ্য়ৰ অঞ্চল ভেদে বেলেগ বেলেগ আছিল। খাদ্য় ভিত্তিত চাৰিটা অঞ্চল চিনাক্ত কৰা হৈছিল। পূৱ এছিয়াত ভাত আৰু আটাৰ খাদ্য় পোৱা যায়, চীনৰ উত্তৰ অঞ্চলত ঘেঁহু মুখ্য় আহাৰ পোৱা যায়, চেঁচুৱাত প্ৰাচীন বৌদ্ধসকলৰ দ্বাৰা মছলা আৰু পৰ্তুগীজ বেপাৰীয়ে অনা জলকীয়া খাদ্য় পোৱা গৈছিল আৰু দক্ষিণ চীনত আটা-ময়দাৰ পিঠাত শাক-পাচলি সোমোৱাৰ খাদ্য় পোৱা গৈছিল।   


( খ ) গেঞ্জীকথা 

উত্তৰঃ গেঞ্জীকথা মানে হ'ল কাল্পনিক ডায়েৰী। মুৰাচাকী চিকিবু (Murasaki Shikibu)-য়ে সেই কাহিনী লিখিছিল। সেই কাহিনীটো জাপানী সাহিত্য়ৰ মুখ্য় কাহিনী গ্ৰন্থ হৈ পৰিছিল  আৰু সেই সময়তে মুৰাচাকী চিকিবু দৰে বহুতো লেখিকাৰ আৱিৰ্ভাৱ হৈছিল। তেওঁলোকে জাপানী লিপিত লিখিছিল আৰু পুৰুষসকলে চীনৰ লিপিত লিখিছিল। চীনৰ লিপিবোৰ শিক্ষা আৰু চৰকাৰী ক্ষেত্ৰত ব্য়ৱহাৰ কৰা হৈছিল। 

      সেই কাহিনীত যুৱৰাজ গেঞ্জীৰ ৰোমান্তিক কাহিনী বনোৱা হৈছিল আৰু ব্য়ৱহাৰ কৰা হৈছিল। সেই কাহিনীত নাৰীৰ জীৱন যাপনৰ স্বাধীনতা কথা প্ৰকাশ কৰিছিল। 


( গ ) ফুকুযাৱা য়ুকিচী

উত্তৰঃ ফুকুযাৱা য়ুকিচীঃ ফুকুয়াৱা য়ুকিচী এজন শীৰ্ষস্থানীয় মেইজী বুদ্ধিজীৱী আছিল। তেওঁ মত পোষণ কৰি কৈছিল যে জাপানে এছিয়াক বহিষ্কাৰ কৰিব লাগিব। ফুকুযাৱা য়ুকিচী এক দুখীয়া ছামুৰাই পৰিয়ালত জন্ম হৈছিল। নাগাচাকী আৰু ওচাকাত ডাচ আৰু পশ্চিমীয়া বিজ্ঞান শিক্ষা গ্ৰহণ কৰা পিছত তেওঁ ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিল। জাপানী ৰাষ্ট্ৰদূতাবাসত তেওঁ পাশ্চাত্য়ৰ বিষয়ে এখন গ্ৰন্থ সমল সংগ্ৰহ কৰিছিল। সেই গ্ৰন্থখনত তেওঁ ভঙ্গীৰে লিখিছিল লেখন ভঙ্গীৰ বাবে সেই কিতাপখন যথেষ্ট জনপ্ৰিয় হৈছিল। 

    ফুকুয়াৱা য়ুকিচীয়ে এখন বিদ্য়ালয় প্ৰতিষ্ঠা কৰিছিল। সেই বিদ্য়ালয় খনৰ নাম আছিল কিউ বিশ্ববিদ্য়ালয়। ফুকুয়াৱা মিৰ'কোছা নামৰ পশ্চিমীয়া শিক্ষাৰ পৃষ্ঠপোষকতা প্ৰধান সদস্য় সকলৰ এজন আছিল। 


 ( ঘ ) আফিং যুদ্ধ

উত্তৰঃ আফিং যুদ্ধ- আফিং যুদ্ধ হ'ল এবিধ ৰাখিয়াল দ্ৰব্য়। বৃটিষ্ট ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই উপায় উলিয়ালে । চাহ, চীনামাটি বাচন আৰু ৰেছম চাহিদাই বেপাৰ সন্তোলনত এটা ডাঙৰ সমস্য়াৰ সৃষ্টি কৰিছিল। পশ্চিমীয়া দ্ৰব্য়ই চীনদেশত বজাৰ দখল কৰিব পৰা নাছিল। অতি কম সময়তে চীনৰ অধিক সংখ্য়ক ব্য়ক্তিয়ে আফিং খাবলৈ ধৰিলে। তাৰ ফলত চীনৰ লোকসকলৰ অধিক ক্ষতি হ'ল। কোম্পানীয়ে সেই ৰূপে বৃটেইনৰ কাৰণে ৰেছম, চাহ আৰু চীনামাটিৰ পাত্ৰ কিনিছিল। বৃটেইন , চীন আৰু ভাৰতৰ মাজত সেইবোৰে আছিল এিকোণীয় বেপাৰ। 



Type: Nayan Moni Deka

Post ID : DABP006517


Important Question Answer 

১) জাপানৰ আধুনিক ইতিহাসৰ পথ-প্ৰদৰ্শক বুলি কাক কোৱা হয় ।

উত্তৰঃ চীনৰ লিয়াং-চি চাওক আধুনিক ইতিহাসৰ পথ-প্ৰদৰ্শক বুলি কোৱা হয় ।


২) জাপানৰ দুটা দ্বীপৰ নাম লিখা ।

উত্তৰঃ জাপানৰ দুটা দ্বীপৰ নাম হল হনছু আৰু হকাইডো । 


৩) গেঞ্জীকথা ডায়েৰীখন কোনে লিখিছিল ।

উত্তৰঃ গেঞ্জীকথা ডায়েৰীখন মুৰাচাকী চিকিবুয়ে লিখিছিল । 


৪) নিছিজিন কি আছিল ।

উত্তৰঃ  নিছিজিন কিউটোৰ এখন গাঁও আছিল ।


৫) মেইজী ৰাজবংশৰ এটা গুৰুত্বপূৰ্ণ সংস্কাৰৰ বিষয়ে লিখা ।

উত্তৰঃ  মেইজী ৰাজবংশৰ এটা গুৰুত্বপূৰ্ণ সংস্কাৰ হল জাপানৰ অৰ্থনৈতিক আধুনিকীকৰণ ।


৬) কিমান চনত টকিও আৰু য়ুকুহামা বন্দৰৰ মাজত জাপানৰ প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হয় ।

উত্তৰঃ  ১৮৭০-৭২ চনত টকিও আৰু য়ুকুহামা বন্দৰৰ মাজত জাপানৰ প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হয় ।


৭) ফুকুযাৱা য়ুকিচীয়ে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ নাম কি ।

উত্তৰঃ ফুকুযাৱা য়ুকিচীয়ে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ নাম হল কিউ বিশ্ববিদ্যালয় । 


৮) কিমান চনত প্ৰথম ৰেডিও কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয় ।

উত্তৰঃ ১৯২৫ চনত প্ৰথম ৰেডিও কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয় । 


৯) কিমান চনত জাপানত আধুনিকীকৰণ বা নিৰস্ত্ৰীকৰণ কৰা হয় ।

উত্তৰঃ  ১৯৪৫-৪৭ চনত জাপানত আধুনিকীকৰণ বা নিৰস্ত্ৰীকৰণ কৰা হয় ।


১০)  চীনৰ প্ৰাৰম্ভিক কালৰ এজন সংস্কাৰকৰ নাম লিখা ।

উত্তৰঃ  চীনৰ প্ৰাৰম্ভিক কালৰ এজন সংস্কাৰকৰ নাম হল কাং য়ুৱেই বা লিয়াং কিছাও । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer type _ Ali rani Kakati