মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ 

অনুশীলন -

১। বহুপচন্দৰ (muttiple) প্ৰশ্নাৱালী ।

(i) তলৰ কেইজনৰ কোনে প্ৰথমে কৈছিল যে ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকা লগলাগি আছিল ।

(ক) আলফ্ৰেড্ ওৱেগনাৰ (Alfred Wegener) 

(খ) এন্টানিও পেলিগ্ৰিনি (Antonio Pellegrini) 

(গ) আব্ৰাহাম অৰটিলিয়াচ (Abraham Ortelius) 

(ঘ) এডমণ্ড হেছ (Edmond Hess) 

উত্তৰঃ (গ) আব্ৰাহাম অৰটিলিয়াচ।


(ii) মেৰুৰ পৰা আঁতৰি অহা শক্তি জড়িত হৈ থাকে ঃ

(ক) পৃথিৱীৰ পৰিভ্ৰমণ গতি 

(খ) মাধ্যাকৰ্ষণ বল 

(গ) পৃথিৱীৰ আৱৰ্তনিক গতি 

(ঘ) জোৱাৰ বল 

উত্তৰঃ (গ) পৃথিৱীৰ আৱৰ্তনিক গতি। 


(iii) তলৰ কোনখন গৌণ বা ক্ষুদ্ৰ ফলক নহয় ? 

(ক) নাজকা (Nazca) 

(খ) আৰবীয় (Arabia) 

(গ) ফিলিপাইন 

(ঘ) এন্টাৰ্কটিকা 

উত্তৰঃ (ঘ) এন্টাৰ্কটিকা।


(iv) সাগৰীয়তল বহলিকৰণ তত্ত্বটো আলোচনা কৰোতে, তলৰ উল্লেখ কৰা কোনটো কথা বিবেচনা কৰা হোৱা নাই ।

(ক) মধ্য সাগৰীয় শৈলশিৰাত থকা আগ্নেয় উদ্গীৰণৰ কাৰ্যসমূহ ।

(খ) সাগৰৰ তলত পোৱা শিলবোৰত থকা সাধাৰণ আৰু ওলোটা চুম্বকীয় পথাৰ (normal and reverse magnetic) 

(গ) বেলেগ বেলেগ মহাদেশত থকা জীৱাশ্মৰ বিতৰণ ।

(ঘ) সাগৰীয় তলৰ পৰা সংগ্ৰহকৰা শিলৰ বয়স ।

উত্তৰঃ (গ) বেলেগ বেলেগ মহাদেশত থকা জীৱাশ্মৰ বিতৰণ ।


(v) তলত দিয়াবোৰৰ কোনটো ভাৰতীয় ফলকৰ উত্তৰফালৰ হিমালয় পৰ্বতৰ লানিয়ে লানিয়ে আছে ।

(ক) সাগৰীয় মহাদেশীয় ফলকৰ মিলন (Convergence) 

(খ) অপসাৰিত সীমা 

(গ) সলনি বা ৰূপান্তৰিত (transform) সীমা 

(ঘ) মহাদেশীয় মহাদেশীয় ফলকৰ মিলন (Couvergence) 

উত্তৰঃ (ঘ) মহাদেশীয় মহাদেশীয় ফলকৰ মিলন।


২। ৩০ শব্দৰ ভিতৰত তলৰবোৰৰ উত্তৰ দিয়া । 

(i) মহাদেশবোৰৰ গতি কাৰণে ওৱেগনাৰে উল্লেখ কৰা বলবোৰ কি কি আছিল ? 

উত্তৰঃ জাৰ্মানৰ বতৰ বিজ্ঞানী  আলফ্ৰেড ওৱেগেনাৰৰ ১৯১২ চনৰ  মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণৰ সম্বন্ধে এটি সুন্দৰ মতবাদ আগবঢ়াইছিল আৰু তেওঁ মতবাদটো নানা তথ্য আৰু সাক্ষৰ ওপৰত প্ৰতিষ্ঠিত আছিল।

স্থলভাগ বিলাকৰ খণ্ডবোৰক সাধাৰণতে দুই ধৰণৰ বলে সহায় কৰিছিল বুলি জাৰ্মানৰ বতৰ বিজ্ঞানী  আলফ্ৰেড ওৱেগেনাৰৰ মত দাঙি ধৰিছিল। সেই বল দুই বিধ হ'ল- 

(ক) মেৰুৰ পৰা আঁতৰি অহা বল বা আৱৰ্তনিক বল।

(খ) জোৱাৰ বল।

   

(ii) মেন্টল স্তৰত পৰিচলন সোঁতবোৰ কেনেদৰে উৎপত্তি হয় আৰু চলি থাকে ?

উত্তৰঃ আমি সকলোৱে জানো যে সূৰ্য্যটো হল অসীম শক্তি আৰু তাপৰ উৎস। সেয়ে ইয়াৰ পৰা সৃষ্টি হোৱা যিকোনো পদাৰ্থৰ শক্তি বা তাপ থকাটো স্বাভাৱিক। আমাৰ পৃথিৱীখনত ও এনে কিছুমান শক্তিশালী আৰু তাপ উৎপাদন কৰিব পৰা পদাৰ্থ জমা আছে। যিবোৰ মেণ্টালৰ মাজঅংশত বা অন্তৰ ভাগত মজুত আছে বুলি বৈজ্ঞানিক সকলে ঠাৱৰ কৰিছে। এই ৰেডিঅ এক্টিভ পদাৰ্থবোৰ তাপৰ বাবে মেণ্টাল স্তৰত পৰিচলন সোঁত উৎপত্তি হয় আৰু এই সোঁতৰ বাবে স্থলভাগৰ খণ্ড বিলাক এঠাইৰ পৰা অন্য ঠাইলৈ আতৰি যোৱাৰ প্ৰয়োজনীয় শক্তি লাভ কৰে। এই তথ্যটো ১৯৩০ চনত আৰথাৰ হোম নামৰ বৈজ্ঞানিক জনে দাঙি ধৰিছিল।

(iii) ফলকবোৰৰ সলনি সীমা (transform boundary) আৰু আগমন বা অপসাৰিত সীমাৰ মাজত প্ৰধান পাৰ্থক্যবোৰ কি কি ? 

উত্তৰঃ সলনি সীমাঃ

(ক) সলনি সীমা হ'ল আগমন বা অপসাৰিত সীমাৰ এটা ভাগ।

(খ) যেতিয়া এখন মহাদেশীয় ফলক আহি আন এখন মহাদেশীয় ফলকৰ লগ লাগে তেনে ফলকৰ সীমাক সলনি সীমা বোলা হয়।

 আগমন বা অপসাৰিত সীমাঃ

(ক) যিবোৰ ঠাইত, এখন ফলক আৰু আন এখন ফলকৰ মাত মুখা-মুখি, ঠেকা-খুণ্ডা লাগি ধ্বংসপ্ৰাপ্ত হয় তাকেই আগমন  সীমাৰেখা বোলে। 

(খ) যেতিয়া দুখন ফলকৰ মাজৰ অংশৰে অন্তৰ ভাগৰ পৰা পদাৰ্থ ওলাই আহি ফলক দুখনক অপসাৰিত কৰাকে অপসাৰিত সীমা বোলা হয়। 


(iv) দক্ষিণাত্য ট্ৰেপ (Traps) সৃষ্টি হোৱাৰ সময়ত ভাৰতীয় ভূ-খণ্ডৰ অৱস্থান কেনেকুৱা আছিল ? 

উত্তৰঃ ২২৫ নিযুত বছৰ আগতে টেথিচ সাগৰৰে ভাৰতীয় ভূ- খণ্ডৰ এচিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছিল। ভাৰতীয় ভূ-খণ্ডই উত্তৰমুখী গতি আৰম্ভ কৰিছিল ২০০ নিযুত বছৰ আগৰে পৰা যেতিয়া পেংগিয়া বিভাজিত হৈছিল। আজিৰ পৰা ১৪০ নিযুত বছৰ আগতে উপমহাদেশখনে অৱস্থান কৰিছিল দক্ষিণফালে ৫০° দক্ষিণ অক্ষাংশত। দুয়োফালে প্ৰধান ফলকক টেথিছ সাগৰে পৃথক কৰি ৰাখিছিল আৰু তিবত খণ্ডটো এচিয়া ভূ-খণ্ডৰ তেনেই ওচৰত আছিল।এছীয়া ফলকৰ ফালে ভাৰতীয় ফলকে গতি লোৱাৰ সময়ত এটা ডাঙৰ ঘটনা ঘটিছিল আৰু সেইটো আছিল লাভাৰ বহিৰ্গমন আৰু দাক্ষিণাত্য ট্ৰেপ অঞ্চল গঠন।   

৩। ১৫০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) মহাদেশীয় বিস্থাপন তত্ত্বৰ সমৰ্থনত উল্লেখ কৰা প্ৰমাণবোৰ কি ?

উত্তৰঃ জাৰ্মান বতৰ বিজ্ঞানী আলফ্ৰেড্ ওৱেগনাৰে তেখেতৰ মহাদেশীয় বিস্থাপন তত্ত্ব ৰ সমৰ্থনত বহুতো বৈজ্ঞানিক আৰু বিশ্বাসযোগ্য প্ৰমান উল্লেখ কৰিছিল। সেইবোৰৰ কিছুমান তলত উল্লেখ কৰা হল-

(ক) মহাদেশীয় বিস্থাপন তত্ত্বৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰমাণ হল মহাদেশ সমূহৰ খাপখোৱা ধৰণ। আমি লক্ষ্য কৰিলে দেখিবলৈ পাম যে মুখামুখিকৈ থকা আফ্ৰিকাৰ উপকুলৰেখা আৰু দক্ষিণ আমেৰিকাৰ উপকূল ৰেখাৰ মাজত স্পষ্টভাৱে থকা মিল উল্লেখযোগ্য।

(খ) দক্ষিণ আমেৰিকা মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ মাজত দূৰত্ব প্ৰায় ২৫০০ কিঃমিঃ ৰ অধিক। মহাদেশ দুখনৰ মাজত আছে আছে বিশাল আটলাণ্টিক মহাসাগৰ। ৰেডিও মেট্ৰিক পদ্ধতি অৱলম্বন কৰি গম পোৱা গৈছে যে মহাসাগৰৰ দুয়োপাৰৰ শিলাৰ বয়স একে সময়ৰ আৰু শিলাসমূহ একে ধৰণৰ। এই কথাটোৱে প্ৰমান কৰে যে এসময়ত উক্ত মহাদেশ দুখন নিশ্চয় একেলগে আছিল।

(গ) টিলিটি নামৰ এক অৱক্ষেপন বৰ্তমান দক্ষিণ গোলাৰ্দ্ধৰ ৬ খন বেলেগ বেলেগ ভূ-খণ্ডত পোৱা যায়। সেইবোৰ হল আফ্ৰিকা, ফকলেণ্ড, মালাগাছি দ্বীপ এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষ। গেদীয় শিলাত পোৱা এই টিলিটি অলক্ষেপনে এইটোকে প্ৰমান কৰে যে অতীতত এই সকলোবোৰ ভূ-খণ্ড একেলগে আছিল।

(ঘ) মহাদেশীয় বিস্তাপন তত্ত্বৰ আন এক প্ৰমান হল দক্ষিণ আফ্ৰিকাৰ দক্ষিণ কেপ প্ৰভিন্স আৰু ব্ৰাজিলৰ ইৰাভাত পোৱা জীৱাশ্ম। বৰ্তমান ঠাই দুখনৰ মাজৰ দুৰত্ব ৪৮০০ কিঃমিঃ আৰু মাজত আছে বিশাল আটলাণ্টিক মহাসাগৰ। এই তথ্যৰ পৰা আমি জানিব পাৰো যে আগতে ঠাই দুখনৰ মাজৰ মহাসাগৰ নাছিল। অৰ্থাৎ দক্ষিণ আমেৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা মহাদেশ দুখনে পশ্চিম ফালে গতি কৰাৰ ফলত আজিও ঠাই দুখনৰ মাজত আমি এনে সাদৃশ্য দেখিবলৈ পাওঁ।


(ii) মহাদেশীয় বিস্থাপন তত্ত্ব আৰু ফলত বিৱৰ্তন তত্ত্বৰ মাজত থকা মূল পাৰ্থক্যবোৰ বিচাৰি উলিওৱা ।

উত্তৰঃ  মহাদেশীয় বিজ্ঞাপন তত্ত্ব আৰু ফলক বিৱৰ্তন তত্ত্বৰ মাজত থকা মূল পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হল

মহাদেশীয় বিস্থাপন তত্ত্বঃ

(ক) ১৯১২ চনত, জাৰ্মান বতৰ বিজ্ঞানী আলফ্ৰেড ওৱেগনাৰ নামৰ বৈজ্ঞানীকজনে, মহাদেশ আৰু মহাসাগৰৰ বিতৰণ সম্বন্ধে দাঙি ধৰা এক বিজ্ঞানভিত্তিক তত্ত্ব

(খ) এই তত্ত্বৰ মতে, আদিতে সকলো মহাদেশ লগ লাগি এক বিৰাট স্থলভাগ আছিল। এই স্থল খণ্ডৰ নাম পেংগিয়া আছিল।

(গ) মহাদেশীয় বিস্থাপন তত্ত্ব অনুসৰি ছিয়াল স্তৰ ছিমা স্তৰৰ ওপৰত অৱস্থিত। আৰু এই ছিয়াল স্তৰত অৱস্থিত বিসাল ভূ-খণ্ডবিলাক গতিৰ ফলত মহাদেশ তথা মহাসাগৰ সমূহৰ বৰ্তমান অৱস্থিতি আমি দেখিবলৈ পাইছো।

(ঘ) মহাদেশীয় বিস্থাপন তত্ত্বই কেৱল মহাদেশ আৰু মহাসাগৰ বিলাকৰ উৎপত্তি বা বিতৰণ সম্বন্ধে আলোচনা আগবঢ়াইছে।

ফলক বিৱৰ্তন তত্ত্বঃ

(ক) ১৯৬৯ চনত মেকেঞ্জী পাৰ্কৰ আৰু মৰগান নামৰ পণ্ডিত কেইজন নিজববীয়াকৈ তথ্যপাতি সংগ্ৰহ কৰি ফলক বিৱৰ্তন নামৰ তত্ত্বটো উপস্থাপন কৰিছিল।

(খ) ফলক বিৱৰ্তন তত্ত্বই অৱশ্যে পেংগিয়াৰ সমৰ্থন কৰি কয় যে ফলক বোৰ একবিন্দুগামী হোৱাত পেংগিয়া গঠিত হৈছিল।

(গ) এই তত্ত্ব অনুসৰি পৃথিৱী খোলাটো বা অশ্মমণ্ডল একো একোটা অনিয়মিত আকৃতিৰ প্ৰকাণ্ড টান শিলৰ গোট বা খণ্ড। এই ফলকবোৰ মহাদেশ আৰু মহাসাগৰৰ একো একো বৃহৎ খণ্ডক একেলগে লগ লগোৱা দেখা যায়।

(ঘ) ফলক বিৱৰ্তন তত্ত্বই মহাদেশ তথা মহাসাগৰৰ বিতৰণ আৰু উৎপত্তিৰ উপৰিও ভূমিকম্পৰ উৎপত্তি আৰু বিতৰণ, পৃথিৱীত আগ্নেয়গিৰিৰ বিতৰণ সম্বন্ধে অনেক তথ্য যুক্তি পূৰ্ণ ভাৱে দাঙি ধৰিছে।

(ঙ) ফলক তত্ত্বত আমি কেইবা প্ৰকাৰৰ ফলক সীমা দেখিবলৈ পাওঁ।


(iii) মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত হোৱা প্ৰধান আৱিষ্কাৰবোৰ কি কি আছিল যিবোৰে বৈজ্ঞানিকসকলক মহাদেশ আৰু মহাসাৰবোৰৰ বিতৰণ সম্পৰ্কে অধিক অধ্যয়নৰ যোগেদি নতুন কথা জানিবলৈ নতুন আগ্ৰহৰ জন্ম দিছিল।

উত্তৰঃ মহাদেশ আৰু মহাসাগৰ বিলাকৰ উৎপত্তি আৰু বিতৰণ সম্বন্ধে মহাদেশীয় বিস্তাপন তত্ত্ব ই বহুতো তথ্য দাঙি ধৰিছে। এই তথ্যবোৰ তেওঁ নানান উৎসৰ পৰা সংগ্ৰহ কৰিছিল। যিবিলাক তথ্যই পিছৰ বৈজ্ঞানিক সকলক মহাদেশ আৰু মহাসাগৰৰ উৎপত্তি, বিতৰণ তথা অন্য বহু অধ্যয়ণত যথেষ্ট সহায় কৰি আহিছে।

মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত হোৱা প্ৰধান আৱিস্কাৰ সমূহ হল-

(ক) সাগৰীয় তলিৰ মানচিত্ৰ নিৰ্মানৰ পৰা সংগ্ৰহ কৰা নানান তথ্যই মহাসাগৰ আৰু মহাদেশীয় বিতৰন সম্বন্ধে অধ্যয়ন কৰাৰ ক্ষেত্ৰ নতুন দিশৰ সূচনা কৰিছে।

(খ) পৃথিৱীৰ অন্তৰ ভাগত থকা মেণ্টল স্তৰত প্ৰৱাহিত হৈ থকা পৰিচলন সোঁতৰ উপস্থিতি। এই সোঁতৰ বাবেই মহাদেশবোৰ এঠাইৰ পৰা আন ঠাইলৈ আঁতৰি যোৱাৰ বাবে প্ৰয়োজনীয় শক্তি লাভ কৰিছিল।

(গ) মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত আৱিস্কাৰ হোৱা আন এক উল্লেখযোগ্য অৱদান হল মধ্য সাগৰীয় শৈলশিৰা সমূহৰ উৎপত্তি আৰু অৱস্থিতিৰ বিষয়ে জ্ঞান লাভ।

(ঘ) সাগৰীয় তল বিস্তাৰিত হোৱাৰ বিষয়ে সবিশেষ তথ্য।

(ঙ) মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত তথা শেহতীয়া এক বিশেষ বৈজ্ঞানিক আৱিষ্কাৰ, যি আৱিস্কাৰে অকল মহাদশ আৰু মহাসাগৰৰ বিতৰণৰ ব্যাখ্যাতে ক্ষান্ত নাথাকি ই আৰু অনেক তথ্য পিছৰ বৈজ্ঞানিক সকলক দি গৈছে। সেইবোৰ হল ভূমিকম্প হোৱাৰ কাৰণ আৰু ইয়াৰ বিতৰণ, আগ্নেয়গিৰিৰ বিতৰণ ইত্যাদি। যিবোৰ তথ্যই আৰু অধিক নতুন তথ্য বা আৱিস্কাৰ কৰাত যথেষ্ট অৰিহণা যোগাইছে।


আঁচনিভুক্ত কাম (Project work)

ভূমিকম্পৰ ফলত ধ্বংস হোৱা সামগ্ৰীবোৰৰ এখন প্ৰণালীবদ্ধ তালিকা প্ৰস্তুত কৰা ।


Type :  Priyam Jyoti Patar

Answered By : Leena Kakati