বায়ুমগুলৰ প্ৰসাৰ

     পৃথিৱীৰপৃষ্ঠৰ পৰা আনুমানিক ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত বায়ুমগুলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্ৰিয়াকাৰ্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হয় ।  এনে ভিন্নতা লক্ষ্য  কৰিয়েই আধুনিক বতৰ বিজ্ঞানীসকলে বায়ুমগুলক প্ৰধানকৈ হমস্ফিয়েৰ আৰু হেটেৰস্ফয়েৰ নামেৰে  দুটা স্তৰত বিভক্ত কৰিছে ।  ভূপৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমগুলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায়ে একে থাকে বাবে বায়ুমগুলৰ এই নিম্নস্তৰটোক হমস্ফিয়েৰ বোলা হয় । উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ উচ্চতাৰ ভিতৰতেই বায়ুমগুলত বৈশিষ্ট্যৰ পাৰ্থক্য বাবে হমস্ফয়েৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপস্ফিয়েৰ ষ্ট্ৰটস্ফিয়েৰ আৰু মেছস্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে । আনহাতে মেছস্ফিয়েৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমগুলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰস্ফয়েৰ বোলা হয় । বায়ুমগুলৰ এই স্তৰটোত নাইট্ৰজেন অক্সিজেন হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে । উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্ৰজেন তৰপ (৮০ কিলোমিটাৰ পৰা ২০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত ) অক্সিজেন তৰপ ( ১১২৫ কিলোমিটাৰ উচ্চতাৰ পৰ্যন্ত) হিলিয়াম তৰপ (৩৫৪০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত ) আৰু হাইড্ৰজেন তৰপ ( প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত ) । এই তৰপ কেইটাই আকৌ থাৰ্মস্ফিয়েৰ আৰু এক্সস্ফিয়েৰ স্তৰৰ অন্তৰ্গত বায়ুমগুলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য । উল্লেখযোগ্য যে বায়ুমগুলক বিশেষকৈ ট্ৰপস্ফিয়েৰ ষ্ট্ৰেটস্ফিয়েৰ মেছস্ফিয়েৰ থাৰ্মস্ফিয়েৰ আৰু এক্সস্ফিয়েৰ হিচাপে বিভক্ত কৰিয়েই সাধাৰণতে ইয়াৰ গঠন তথা বৈশিষ্ট্য ইত্যাদি অধ্যয়ন কৰা হয় । এনেদৰেই তলত এই স্তৰসমূহৰ এটি চমু বিৱৰণ দিয়া হল ।

ট্ৰপস্ফিয়েৰঃ ভূপৃষ্ঠৰ লাগি থকা বায়ুমগুলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হল ট্ৰপস্ফিয়েৰ বা ট্ৰপমগুল। এই স্তৰটোৰ গড় উচ্চতা প্ৰায় ১২ কিলোমিটাৰ। অৱশ্যে এই উচ্চতা অক্ষাংশ অমুসৰি বেলেগ বেলেগ হয় । বিষুৱীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতাৰ ১৬ কিলোমিটাৰ  আৰু মেৰু অঞ্চলত ৮ কিলোমিটাৰ । উল্লেখযোগ্য  যে বায়ুমগুলৰ মুঠ গেছৰ প্ৰায় তিনি- চতুৰ্থাংশ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপস্ফিয়েৰতে আছে । বায়ুমগুলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতাৰ বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে  উষ্ণতাৰ ক্ৰমান্বয়ে হ্ৰাস প্ৰায় । সাধাৰণতে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত ৬.৫০চেন্টিগ্ৰেডকৈ বায়ুৰ উষ্ণতাৰ হ্ৰাস পায় । ইয়াকে লেপ্চ হাৰ বোলা হয় ।  বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া - কাৰ্য যেনে - মেঘ, বৰষুণ, ঘূণীবতাহ ধুমুহা বৃষ্টি আদি এই ট্ৰপস্ফিয়েৰতে সংঘটিত হয় । এই স্তৰটোৰ ঊধৰ্ব সীমাটোক ট্ৰপপজ বোলা হয়  আৰু ই প্ৰায় ১.৫ কিলোমিটাৰ ডাঠ । এই ট্ৰপপৃত বায়ুৰ উষ্ণতাৰ হ্ৰাস পাই প্ৰায় - ৬০০ চেন্টিগ্ৰেড হয় । অৱশ্যে ট্ৰপপজ স্তৰত উষ্ণতাৰ একেই থাকে।

 ( ২ ) ষ্ট্ৰেটস্ফিয়েৰঃ  ষ্ট্ৰেটস্ফিয়েৰ  ঠিক ওপৰৰ স্তৰটোৱেই হ'ল ষ্ট্রেটস্ফিয়েৰ বা স্তৰমগুল । দৰাচলতে টুপস্ফিয়েৰ আৰু ষ্ট্রেট স্ফিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোকেই ট্ৰপপজ বুলি কোৱা হয় । মেঘ সৃষ্টিকে আদি কৰি কোনাে ধৰণৰ বতৰজনিত কার্যকলাপ বায়ুমণ্ডলৰ এই স্তৰটোত দেখা নাযায় । অৱশ্যে টুপ’পজৰ পৰা ওপৰলৈ ষ্ট্রেটস্কিয়েৰত বায়ুৰ উচ্চতা ক্রমে বৃদ্ধি পায় । অর্থাৎ ষ্ট্ৰেটস্ফিয়েৰৰ নিম্নভাগত থকা প্রায় - ৬০ চেণ্টিগ্রেড উষ্ণতা এই স্তৰটোৰ উচ্চ ভাগত প্রায় ০ ° চেণ্টিগ্রেড হয় । ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্রায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবােৰ ৰচনা কৰা হৈছে । উল্লেখযােগ্য যে বায়ুমণ্ডলৰ এই স্তৰটোতে অ’জন গেছৰ এটা স্তৰ আছে । অ’জন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি ( Ultra violet radition ) শােষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেটস্ফিয়েৰত বায়ু উষ্ণতা বৃদ্ধি পায় । টুপ’পজৰ পৰা ষ্ট্রেট স্ফিয়েৰ স্তৰটো প্রায় ৪০ কিলােমিটাৰ ওপৰলৈ বিস্তৃত । ষ্ট্ৰেটস্ফিয়েৰৰ ঊর্ধ্বসীমাটোক ষ্ট্রেট’পজ ( Stratopause ) বােলা হয় । টুপস্ফিয়েৰ আৰু ষ্ট্রেট স্ফিয়েৰ সামৰি ভূপৃষ্ঠৰ পৰা ষ্ট্রেট’পজলৈ গড় উচ্চতা হৈছে প্রায় ৫০ কিলােমিটাৰ ।

 ( ৩ ) মেছ'স্ফিয়ৰঃ  ষ্ট্রেট স্ফিয়েৰৰ ঊর্ধ্বসীমা অর্থাৎ ষ্ট্রেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছস্ফিয়েৰ বােলা হয় । এই স্তৰটো ষ্ট্রেট’পজৰ পৰা প্রায় ৩০ কিলােমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে । এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায় । এইদৰে ওপৰলৈ ক্রমান্বয়ে উষ্ণতা হ্ৰাস পাই  এই স্তৰটোৰ প্রায় ৮০ কিলােমিটাৰ উচ্চতাত থকা শেষ সীমা মেছ’পজ ( Mesopause ) ত নিম্নতম —১০০ ° চেণ্টিগ্রেড হয় ।

 ( ৪ ) থার্মস্ফিয়েৰঃ মেছ'স্ফিয়েৰৰ ঊর্ধ্বসীমা অর্থাৎ মেছ’পজৰ ঠিক ওপৰৰ স্তৰটোক থার্ম স্ফিয়েৰ বা তাপমণ্ডল বােলে । বায়ুমণ্ডলৰ এই স্তৰটো প্রায় ৮০ কিলােমিটাৰ উচ্চতাত থকা মেছ’পজৰ পৰা প্রায় ৪০০ কিলােমিটাৰ উচ্চতালৈ বিস্তৃত । ই হেটেৰস্ফিয়েৰ স্তৰৰ নিম্নভাগত আছে । এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্রমান্বয়ে বৃদ্ধি পায় । সেয়েহে বায়ুমণ্ডলৰ এই স্তৰটোৰ নাম থামস্ফিয়েৰ । এই স্তৰত বায়ুৰ উষ্ণতা প্রায় ১৬৫০ ° চেন্টিগ্রেড পর্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্রায় শূন্যলৈ হ্রাস পায় । উল্লেখযােগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন ( lon ) কণা আছে । সেয়েহে এই স্তৰটোক আয়ন’স্ফিয়েৰ ( Ionosphere ) বুলিও কোৱা হয় । পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ ’ তৰংগও এই স্তৰৰ পৰা প্রতিফলিত হয় । 

( ৫ ) এক্স’স্মিয়েৰঃ  থার্ম স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীর্ষতম তৰপটোক এক্স’স্ফিয়েৰ বােলা হয় । এই তৰপটো বায়ুমণ্ডলৰ ৪০০ কিলােমিটাৰ উচ্চতাৰ পৰা প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত । এনে উচ্চতাত বায়ুৰ অণু- পৰমাণুৰ ঘনত্ব অতি নিম্ন । কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল । বায়ুমগুলৰ এই পৰ্যায়ত বায়ুৰ ষ্ণতাৰ প্ৰায়  ৫৫৫০০ চেন্টিগ্ৰেডলৈ বৃদ্ধি প্ৰায় ।

Type Sumit Patar

Social Science Geography 9,



Post ID : DABP006531