বায়ুমগুলৰ চাপ আৰু ইয়াৰ জোখ

বায়ু এবিধ গেছীয় পদাৰ্থ । ইয়াৰ ভৰ বা ওজন আছে  বাবে ইয়াৰ চাপো আছে । আকৌ বায়ুৰ সমষ্টিয়েই যিহেতু বায়ুমগুল,  বায়ুমগুলৰো চাপ আছে । বায়ুমগুলৰ এই চাপ পৃথিৱীৰ উপৰিভাগত অনুভূত হয় । বায়ুৰ সম্প্ৰসাৰণ আৰু সংকোচনশীল গুনৰ বাবে  বায়ুৰ ঘনত্ব কম- বেছি হয় । বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পায় । অৰ্থাৎ ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমগুৰ ঘনত্ব আৰু চাপ হ্রাস পায় ।

 দৰাচলতে প্রতি একক ক্ষেত্রফলত বায়ুৱে প্ৰয়ােগ কৰা বলৰ মানেই হ’ল বায়ুমণ্ডলৰ চাপ । বায়ুমণ্ডলৰ চাপৰ জোখ সাগৰপৃষ্ঠত লােৱা হয় । সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্রতি বর্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্রতি বর্গ চেণ্টিমিটাৰত প্রায় ১ কিলােগ্রাম । বেৰমিটাৰ ( Barometer ) নামৰ যন্ত্ৰৰ সহায়ত বায়ুৰ চাপ জোখা হয় ( চিত্র ২.৩ ) । সমুদ্রপৃষ্ঠত বায়ুমণ্ডলৰ স্বাভাৱিক চাপ বেৰ'মিটাৰৰ পাৰাস্তম্ভৰ উচ্চতা ২৯.৯২ ইঞ্চি বা ৭৬ চেণ্টিমিটাৰৰ সমান বুলি ধৰা হয় । আজিকালি অৱশ্যে বায়ুৰ চাপ মিলিবাৰ এককত প্রকাশ কৰা হয় । এইদৰে সাগৰপৃষ্ঠত ১৫ ° চেণ্টিগ্রেড উষ্ণতাত বায়ুৰ গড় চাপ ১০১৩.২ মিলিবাৰ বুলি ধৰা হয় । অর্থাৎ এক ইঞ্চি উচ্চতাৰ পাৰাস্তম্ভৰ চাপৰ মান ৩৩.৯ মিলিবাৰ । উল্লেখযােগ্য যে আজিকালি এক নতুন ধৰণৰ বেৰমিটাৰৰ সহায়ত স্বয়ংক্রিয়ভাৱে বেৰ’গ্রাফ ( Barograph ) , অর্থাৎ চাপ লেখচিত্র অংকন কৰা হয় । বায়ুমণ্ডলৰ আন আন উপাদানৰ দৰে ইয়াৰ চাপাে পৰিৱৰ্তনশীল । বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে । উদাহৰণস্বৰূপে পৃথিৱীৰ দুই মেৰু অঞ্চলত শীতল আৰু গধুৰ বায়ুৰ প্ৰভাৱত বায়ুৰ চাপ সর্বাধিক হয় । আনহাতে , বিষুবীয় অঞ্চলত উষ্ণতা বৃদ্ধিৰ বাবে তাত বায়ুৰ চাপ সর্বনিম্ন হয় । কাৰণ বায়ু উত্তপ্ত হলে উর্ধ্বগামী হয় । আকৌ বছৰটোত ঋতু পৰিৱৰ্তনৰ বাবে বায়ুৰ চাপৰ হ্রাস বৃদ্ধি হয় । বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ প্ৰধানকৈ দুটা— বায়ুৰ উষ্ণতা আৰু পৃথিৱীপৃষ্ঠৰ উচ্চতা ।

 ( ১ ) বায়ুৰ উষ্ণতাঃপৃথিৱীপৃষ্ঠত তাপৰ বিতৰণ সকলাে ঠাইতে একে নহয় । এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগােলিক অৱস্থান অর্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে । তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনাে অঞ্চল ঠাণ্ডা , কোনাে অঞ্চল নাতিশীতােষ্ণ আৰু কোনাে অঞ্চল গৰম হয় । তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰৰ তাৰতম্য হয় । উত্তাপ বৃদ্ধি পালে বায়ু সম্প্রসাৰিত হয় আৰু বায়ু সম্প্রসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্রাস পায় । ঘনত্ব হ্রাস পালে বায়ু পাতল হৈ পৰে । এনে পাতল বায়ুৰ চাপাে কম হয় । আনহাতে , উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি । জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আদ্ৰ হৈ পৰে তেতিয়া তেনে আর্দ্র বায়ুৰ চাপ কম হয় । ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি । মুঠতে উষ্ণতা বেছি হ'লে বায়ুৰ চাপ হ্রাস পায় । সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয় ।

 ( ২ ) পৃথিৱীপৃষ্ঠৰ উচচতাঃ সমুদ্রপৃষ্ঠৰপৰা যিমানেই ওপৰলৈ যােৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা , অর্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্রাস পায় । বায়ুমণ্ডলৰ গভীৰতা হ্রাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপাে কম হয় । অর্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্রাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত গুনৰ বাবে বায়ুৰ ঘনত্ব কম- বেছি হয় । বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পায় । অৰ্থাৎ ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমগুলৰ ঘনত্ব আৰু চাপ হ্ৰাস পায় । বায়ুমগুলৰ চাপ তুলনামূলকভাৱে বেছি । উল্লেখযোগ্য যে প্ৰতি ৯০০ ফুট উচ্চতা বৃদ্ধিত বায়ুৰ চাপ ১ ইঞ্চি, অৰ্থাৎ প্ৰায় ৩৪ মিলিবাৰ হাৰত হ্ৰাস পায় । গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয় । উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমগুলৰ চাপৰো হ্ৰাস হয় ।

Type Sumit Patar

 Social Science Geography 9



Post ID : DABP006532