সংস্কৃতিৰ সংঘাত (Confrontation of Cultures) | অধ্যায় ৮ | Lesson 8 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী  ° অজিত কুমাৰ দত্ত | High Secondary First Year History Notes


অধ্যায় ৮

সংস্কৃতিৰ সংঘাত

অনুশীলনী 

১। অতি চমু উত্তৰ দিয়া ঃ


ক) ইনকানগৰ মাছু পিছুৰ পুনৰ আৱিষ্কাৰ কেতিয়া হৈছিল?

উত্তৰঃ ইনকানগৰ মাছু পিছুৰ পুনৰ আৱিষ্কাৰ ১৯১১ চনত হৈছিল।


খ) মিক্সিকো নামটো ক'ৰ পৰা লোৱা হৈছে?

উত্তৰঃমিক্সিকো নামটো মধ্য় আমেৰিকাৰ পৰা লোৱা হৈছে। 


গ) ব্ৰাজিল শব্দটো কোন বিধ গছৰ পৰা হৈছে?

উত্তৰঃ ব্ৰাজিল শব্দটো ব্ৰাজিল গছৰ পৰা হৈছে। 


ঘ) টলেমিৰ ভূগোল কেতিয়া ছপা হৈ ওলাইছিল?

উত্তৰঃ টলেমিৰ ভূগোল ১৪৭৭ খ্ৰীঃত ছপা হৈ ওলাইছিল। 


ঙ) ক'চম'গ্ৰাফী কি?

উত্তৰঃ ক'চম'গ্ৰাফী মানে হ'ল বিশ্ব ব্ৰহ্মাণ্ডখন মানচিত্ৰত প্ৰকাশ কৰা বিজ্ঞান। 


চ) আমেৰিকা নামটো কোন চনৰ পৰা ব্যৱহাৰ হৈছিল?

উত্তৰঃ আমেৰিকাৰ নামটো ১৫০৭ চনৰ পৰা ব্য়ৱহাৰ হৈছিল। 


ছ) আমেৰিকাৰ শব্দটো ক'ৰ পৰা লোৱা হৈছে?

উত্তৰঃ আমেৰিকাৰ শব্দটো ভাৰতবৰ্ষ পৰা লোৱা হৈছিল।  


জ) কিউবা কোন চনত আবিষ্কাৰ হৈছিল?

উত্তৰঃ কিউবা ১৪১৫ চনত আৱিষ্কাৰ হৈছিল। 


ঝ) উত্তৰ আমেৰিকাৰ উপকূল কোনে আবিষ্কাৰ কৰিছিল?

উত্তৰঃ উত্তৰ আমেৰিকাৰ উপকূল স্পেনিচসকলে আৱিষ্কাৰ কৰিছিল। 


ঞ) মেগেলেনে জলপথেৰে কোন খ্ৰীঃত বিশ্ব পৰিভ্ৰমণ কৰিছিল?

উত্তৰঃ ১৫২২ খ্ৰীঃত মেগেলেনে জলপথেৰে বিশ্ব পৰিভ্ৰমণ কৰিছিল। 


ট) কোন চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়?

উত্তৰঃ ১৬০০ চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল। 


ঠ) এটাহুৱাল্পাই কোন চনত ইনকা সিংহাসন আৰোহণ কৰে?

উত্তৰঃ এটাহুৱাল্পাই ১৫৩২ খ্ৰীঃত ইনকা সিংহাসন আৰোহণ কৰে।


ড) দক্ষিন আমেৰিকাৰ নতুন নাম কি?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ নতুন নাম হ'ল লেটিন আমেৰিকাৰ। 


২। চমুকৈ উত্তৰ লিখাঃ


ক) এজটেক সভ্যতাৰ মেচোপটেমীয়া সভ্যতাৰ লগত তুলনা কৰা।

উত্তৰঃ এজটেক সভ্য়তাৰ মেচোপটেমীয়া সভ্য়তাৰ মাজত তুলনা হ'ল এজটেক সভ্য়তাৰ এক আধুনিক সভ্য়তাৰ আছিল আৰু মেচোপটেমীয়া সভ্য়তাৰ শ শ বছৰৰ আগৰে পৰা আছিল।  


খ) কোনবোৰ কাৰকে ১৫ শতিকাৰ ইউৰোপীয়া নৌ-সঞ্চালনত সহায় কৰিছিল?

উত্তৰঃ ১৫ শতিকাৰ পৰা ইউৰোপীয় সমুদ্ৰ পৰিযোজনাই এখন মহাসাগৰৰ পৰা আন এখন মহাসাগৰলৈ যাব পৰাকৈ এক সমুদ্ৰপথ খুলিছিল। ইয়াৰ আগতে এনে বেছিভাগ পথে ইউৰোপীয় সকলৰ বাবে আচিনাকি আছিল। এইবোৰ কাৰণতে ১৫ শতিকাৰত ইউৰোপীয়া নৌ-সঞ্চালনত সহায় হৈছিল। 


গ) কি কাৰণত স্পেইন আৰু পৰ্তুগালে ১৫ শতিকাত সৰ্ব্ব প্ৰথমে আটলাণ্টিক মহাসাগৰ পাৰ হৈ যাবলৈ সাহস কৰিছিল?

উত্তৰঃ টলেমীয়ে ভাৱিছিল যে পৃথিৱীৰখন গোলাকাৰ, তেওঁ মহাসাগৰবোৰত বিস্তৃতিৰ সম্পৰ্ক ধাৰণ কৰা নাছিল। তেওঁলোকে সেই যাত্ৰা দীঘলীয়া হ'ব বুলি ভৱা নাছিল। সেই কাৰণে ১৫ শতিকাত স্পেইন আৰু পৰ্তুগালে সৰ্ব্ব প্ৰথমে আটলান্টিক মহাসাগৰ পাৰ হৈ যাব সাহস কৰিছিল।  


ঘ) দক্ষিন আমেৰিকাৰ পৰা কি কি নতুন খাদ্যবস্তু পৃথিৱীৰ অন্যান্য ঠাইলৈ গৈছিল?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ নতুন খাদ্য়বস্তু পৃথিৱীৰ অন্য়ান্য় ঠাইলৈ দিয়া হৈছিল। সেই বস্তুবোৰ আছিল কচু, কোমোৰা, মাকৈ, আৰবী কচু, আলু আৰু জলকীয়াৰ।  


৩। ৰচনাধৰ্মী প্ৰশ্নঃ


ক) ধৰি-বান্ধি দাস হিচাপে ব্ৰাজিললৈ নিয়া ১৭ বছৰীয়া ল'ৰা এটাৰ ভ্ৰমণ বৃত্তান্ত লিখা।

উত্তৰঃ 


খ) কেনেকৈ দক্ষিণ আমেৰিকাৰ 'আৱিষ্কাৰে' ইউৰোপীয় উপনিবেশবাদ বৃদ্ধি কৰাত সহায় কৰিছিল?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ 'আৱিষ্কাৰে' ইউৰোপীয় উপনিবেশবাদ বৃদ্ধি কৰাত সহায় কৰিছিল। কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল। দক্ষিণ আমেৰিকা আছিল অগাধ অৰণ্য় আৰু পৰ্বতেৰে ভৰা। বিশ্বৰ ডাঙৰ ডাঙৰ নদী আমাজান এই হাবিবোৰৰ মাজেদি শ শ মাইল বৈ গৈছিল। মধ্য় আমেৰিকাৰ উপকূলীয় আঞ্চল আৰু মেক্সিকো সমভূমিত ঘন বসতি আছিল। আমেৰিকাৰ খেতি-পথাৰত কাম কৰিবলৈ আফ্ৰিকাৰ পৰা মানুহ আনি ইউৰোপীয় সকলে দাস হিচাপে বিক্ৰী কৰি দিছিল। ইউৰোপীয়সকলে আমেৰিকা জয় কৰাৰ লগতে ঐতিহাসিক স্মৃতি চিহ্ন আৰু পুথি-পাঁজিবোৰ ধবংস কৰিছিল।

    ১৩৮০ চনৰ পৰা চুম্বক কম্পাচৰ সহায়েৰে সাগৰ যাত্ৰাত ভ্ৰমণৰ নিৰ্দ্দিষ্ট ঠাইখন বিচাৰি উলিয়াইছিল। ১৫ শতিকাত মানুহে সেই যন্ত্ৰ ব্য়ৱহাৰ কৰি অজান দেশলৈ যাত্ৰা কৰিছিল। সেই সময়লৈ ইউৰোপীয় সকলে জাহাজৰো বহুতো উন্নতি কৰিছিল। বহুত মাল-বস্তু আৰু শত্ৰুৰ আক্ৰমণ কৰিব পৰাকৈ অস্ত্ৰ-শস্ত্ৰ  নিব পৰাকৈ বৃহৎ আকাৰৰ জাহাজবোৰ সাজি উলিয়াইছিল। ১৪৭৭ খ্ৰীঃত টলেমিৰ ভূগোল ছপা আখৰে প্ৰকাশিত হৈছিল। ইউৰোপীয় সকলে টলেমিৰ কিতাপখন পঢ়ি  পৃথিৱীৰ বিষয়ে বহুতো কথা জানিব পাৰিছিল। ইয়াৰ পৰা তেওঁলোকে এছিয়া, আফ্ৰিকা আৰু ইউৰোপ এই তিনিখন মহাদেশ আছে বুলি জানিব পাৰিছিল। 

    দক্ষিণ আমেৰিকাৰ পূৱ অংশ পোপে পৰ্তুগালৰ নামত মেপত অন্তৰ্ভূক্ত কৰিছিল। পৰ্তুগীজবিলাক ব্ৰাজিলতকৈ পশ্চিম ভাৰতৰ লগতহে ব্য়ৱসায়-বাণিজ্য় কৰিবলৈ অধিক আগ্ৰহী আছিল। ইয়াৰ কাৰণ ব্ৰাজিলত সোণ পোৱা আশাৰ নাছিল। কিন্তু প্ৰাকৃতিক সম্পদ কাঠ পোৱা হৈছিল। ১৫৪০ চনত পৰ্তুগীজসকলে বৃহ অঞ্চলত কুঁহিয়াৰ খেতি কৰিছিল আৰু লগতে চেনিকলো প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে চেনী ইউৰোপত বিক্ৰী কৰিছিল। 

    ঔপনিৱেশিক সাম্ৰাজ্য় স্থাপন কৰা ক্ষেত্ৰত ইংৰাজসকল আছিল অতি গুৰুত্বপূৰ্ণ। ইংৰাজসকলে আমেৰিকাত ১৩ খন ঔপনিৱেশ স্থাপন কৰি সম্পৰ্ণৰূপে নিজৰ অধিপত্য় বিস্তাৰ কৰিছিল। 


গ) স্পেইনৰ আমেৰিকাত সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বিৱৰণ দিয়া। 

উত্তৰঃ স্পেইনৰ আমেৰিকাত সাম্ৰাজ্য় প্ৰতিষ্ঠা কেনেদৰে কৰিছিল তাৰ বিষয়ে আলোচনা কৰা হ'ল

    স্পেইনৰ সম্প্ৰসাৰণ প্ৰথমে আছিল ঘোঁৰা, সামৰিক শক্তি আৰু বন্দুক-পাওদাৰ। তেওঁলোকে স্থানীয় বাসিন্দাসকলক সোণ আৰু ৰূপৰ খনিত কাম কৰিবলৈ বাধ্য় কৰিছিল। তেওঁলোকে স্থানীয় বাসিন্দা কাম-কাজ সমূহ চোৱাচিতা কৰিব লগা হৈছিল। স্থানীয় মুখিয়াল সকলক সোণৰ খনি আৱিষ্কাৰত নিয়োগ কৰিছিল। স্পেনিচ সকলৰ সোণৰ প্ৰতি থকা গুৰুত্বই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। স্থানীয় লোকসকলে তেওঁলোকক বাধা দিছিল। স্পেনিচসকলে আৰাৱসকলক উন্মুক্ত দেহত তেওঁ লোকৰ নিজৰ তৰোৱালৰ ধাৰ পৰিক্ষা কৰিছিল।স্থানীয় লোকসকলক জোৰ কৰি কৰা কামৰ বাবে ৰোগীয়া কৰি তুলিছিল। জ্বলা জুইত ঘিউ ঢালি পুৰণি পৃথিৱীৰ পৰা অহা বসন্তবেমাৰে আৰাৱাকসকলক জুৰুলা কৰিছিল। ইয়াৰ কাৰণে বহুতো লোক মৃত্য়ু হৈছিল। স্থানীয় লোকসকলে ভাৱিছিল যে বেমাৰবোৰ স্পেনিচসকলে ব্য়ৱহাৰ কৰা অদৃশ্য়গুলীৰ পৰা হৈছিল। 

    কলম্বাচৰ অভিযানবোৰৰ পিছত সফল আৰু দীঘলীয়াকৈ মধ্য় আৰু দক্ষিণ আমেৰিকা অভিযানবোৰ চলিছিল। স্পেনিচসকলে বিন অনুমতিয়ে ৪০ উত্তৰৰ পৰা ৪০ দক্ষিণ অক্ষৰেখালৈ পশ্চিম গোলাৰ্দ্ধৰ এটা ডাঙৰ অংশ আৱিষ্কাৰ কৰিছিল। তাৰ কাৰণে তেওঁলোকে নিজৰ দাবী সাব্য়স্ত কৰিছিল। ইয়াৰ আগতো স্পেইনে অঞ্চলটোৰ দুখন সাম্ৰাজ্য় ভূমি জয় কৰিছিল। ইয়াত দুজন মানুহে কাম কৰিছিল আৰু দুজন আছিল হাৰমন কৰ্টেট্ (Hernan cortes), আৰু ফ্ৰেন্সিচকো পীজাৰো (Francisco pizarro) স্পেইনৰ মধ্য়ৱৰ্তী শ্ৰেণীৰ মাটিগিৰি, স্থানীয় নিকায়ৰ পৰিষদ আৰু অভিযাতসকলে তেওঁলোকৰ অভিযানবোৰত বিত্তৰ যোগান ধৰিছিল। 


ঘ) এজটেক আৰু ইনকা সকলৰ কিয় আৰু কেনেকৈ পতন হ'ল আলোচনা কৰা।

উত্তৰঃ এজটেক আৰু ইনকাসকলৰ কিয় আৰু কেনেকৈ পতন হৈছিল তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল 

    দ্বাদশ শতিকাত এজটেকসকলে উত্তৰ দিশৰ পৰা আমেৰিকাৰ মেক্সিকোৰ মধ্য় উপত্য়কালৈ আহিছিল। তেওঁলোকে বিভিন্ন জনজাতি লোকসকলক পৰাস্ত কৰি সাম্ৰাজ্য়ৰ সম্প্ৰসাৰণ ঘটাইছিল। তেওঁলোকে পৰাজিত হোৱা সকলৰ পৰা কৰ সংগ্ৰহ কৰিছিল। এজটেক সমাজত সৰু-বৰ বিষয়ববীয়া আছিল তেওঁলোকৰ ক্ষমতা আনুসৰি। চৰকাৰত সৈন্য় বাহিনী আৰু ধৰ্মক্ষেত্ৰত অভিজাত শ্ৰেণীটোৱে ডাঙৰ বিষয়-বাব পাইছিল। অভিজাতসকলৰ মাজৰে এজনক নেতা হিচাপে বাছি লৈছিল আৰু সেই ব্য়ক্তিজনে মৃত্য়ু পৰ্য্য়ন্ত দেশ শাসন কৰিব লগা হৈছিল। 

    এজটেক সাম্ৰাজ্য় আছিল গ্ৰাম্য়ভিত্তিক। তেওঁলোকে স্কোৱাচ, ৰঙা লাও, কোমোৰা,কচু, আলু, মাকৈ আৰু আৰবী কচু আদি নানা বিধ ফচল উৎপাদন কৰিছিল। বংশই ৰাজহুৱা ৰাস্তা-পদুলি সামূহিকভাৱে নিৰ্মাণ কৰি লৈছিল। এজটেকসকল সঘনে যুদ্ধত লিপ্ত থাকিব লগা হোৱা বাবে মনোমোহা মন্দিৰবোৰ ৰণদেৱতা আৰু যুদ্ধ দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ নাম উৎসৰ্গা কৰিছিল। এজটেক সকলৰ সকলো ল'ৰা-ছোৱালী স্কুললৈ যাব লগা হৈছিল। অভিজাত শ্ৰেণীৰ ল'ৰা-ছোৱালীক কালমেকাৰ নামৰ বিদ্য়ালয়ত ধৰ্মীয় আৰু সামৰিক নেতৃত্বত শিক্ষা দিয়া হৈছিল আৰু বাকী ল'ৰা ছোৱালীবোৰ টেপক কালী বিদ্য়ালয়লৈ যাব লগা হৈছিল। ১৬ শতিকাৰ আৰম্ভণিতে এজটেক সাম্ৰাজ্য় সমস্য়াৰ সন্মুখীন হৈছিল।  

    ইন্কাসকল আছিল দক্ষিণ আমেৰিকাৰ বৃহত্তম আদিম সভ্য়তা লোক। ইন্কা সকলৰ শাসন কেন্দ্ৰীভূত আছিল। দ্বাদশ শতিকাত প্ৰথম ইন্কা শাসক মান্কো কাপাকে কুজকোতত ৰাজধানী স্থাপন কৰিছিল। নতুনকৈ জয় কৰা জনজাতিবোৰ মূলসুঁতিৰ লগত মিল আছিল। স্থানীয় শাসকসকলক সামৰিক সহযোগিতাৰ বাবে পুৰস্কৃত কৰা হৈছিল। তেওঁ লোকৰ জনসংখ্য়া এক নিযুত অধিক হ'ব বুলি জনা গৈছিল। এজটেকসকলৰ দৰে ইন্কাসকলৰ উচ্চস্তৰৰ নিৰ্মাতা আছিল। তেওঁলোকে ইকুৱেদৰ পৰা চিলিলৈ পৰ্বতৰ ওপৰত পথ নিৰ্মাণ কৰিছিল। দুৰ্গবোৰ পাথৰৰ বহল টুকুৰাৰে নিৰ্মাণ কৰা হৈছিল। 

    ইন্কা আৰু এজটেক আমেৰিকাৰ এই দুই প্ৰধান সভ্য়তাৰ হঠাৎ পতন হৈছিল। এজটেক আৰু ইন্কা দুয়োটা জাতিৰ ক্ষেত্ৰতে যুদ্ধই স্থানীয়লোকক শাৰীৰিক আৰু মানসিকভাৱে সন্ত্ৰাসিত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।


ঙ) ইউৰোপীয়সকলৰ সাগৰীয় অভিযানৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ ইউৰোপীয়সকলৰ সাগৰীয় অভিযানৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    ১৩৮০ চনৰ পৰা চুম্বক কম্পাচৰ সহায়েৰে সাগৰ যাত্ৰাৰ ভ্ৰমণৰ নিৰ্দ্দিষ্ট ঠাইখন উলিয়াব পাৰিছিল। ১৫ শতিকাৰত মানুহবোৰে এই যন্ত্ৰ ব্য়ৱহাৰ কৰি  অজান দেশলৈ গৈছিল। সেই সময়তে ইউৰোপীয়া লোকসকলে বহুত জাহাজ বনাইছিল। শত্ৰুক আক্ৰমণ কৰিব কাৰণে অস্ত্ৰ-শস্ত্ৰ আৰু মাল-বস্তু নিব পৰাকৈ বৃহৎ আকাৰৰ জাহাজবোৰ তেওঁলোকে সাজি উলিয়াইছিল। ১৫ শতিকাৰ পৰা মানুহবোৰে অভিযানবিলাকৰ প্ৰতি আকৰ্ষিত হৈছিল। ভূগোল আৰু ব্ৰহ্মাণ্ডতত্বৰ আৰু ভ্ৰমণ বৃত্তান্ত কিতাপবোৰ প্ৰচাৰ হোৱাৰ কাৰণে। 

    ১৪৭৭ খ্ৰীঃত টলেমিৰ ভূগোল ছপা আকাৰে প্ৰকাশিত হৈছিল। সেই কিতাপখন প্ৰচুৰ ভাৱে প্ৰচাৰ হৈছিল। সেই কিতাপখন পঢ়ি ইউৰোপীয়ৰ সকলে পৃথিৱীৰ বিষয়ে বহুত কথা জানিব পাৰিছিল। তেওঁলোকে তিনিখন মহাদেশ আছে বুলি জানিব পাৰিছিল আৰু সেই কেইখন আছিল- আফ্ৰিকা, ইউৰোপ আৰু এছিয়া।  তেওঁ ভাৱিছিল যে পৃথিৱীৰখন গোলাকাৰ। সেই কাৰণে কিছুমান লোকে অজান দেশলৈ যাব পাৰিম বুলি সাহস কৰিছিল। 

    ১৫ শতিকাত পৰ্তুগীজ আৰু স্পেনিজ সকলে সাগৰীয় অভিযান বোৰত আগভাগ লৈছিল। বহুৰ দিন ধৰি অভিযান আৱিষ্কাৰ হোৱাৰ বাবে ইয়াক সাগৰ যাত্ৰা বুলি কোৱা হৈছিল। পিছত ঐতিহাসিক সকলে কৈছিল যে পুৰণি পৃথিৱীৰ মানুহে তেওঁলোকৰ অজান দেশলৈ যোৱা প্ৰথম সাগৰীয়া যাত্ৰা আছিল। চীন, আৰব আৰু ভাৰতীয় লোকসকলে মহাসাগৰৰ বিশাল অঞ্চল ভ্ৰমণ কৰিছিল কিছুমান লোকে মহাসাগৰ পাৰ হৈছিল। স্পেনিজ আৰু পৰ্তুগীজ শাসকসকলে সোণ, ৰূপ, উপাধি আৰু গৌৰৱ পদবীৰ বাবে ধৰ্ম, অৰ্থনীতি আৰু ৰাজনীতি এই তিনিটাৰ সমাহাৰ বুলি ভাৱিছিল। 

    ১৪৫৩ খ্ৰীঃত তুৰ্কী সকলে কন্সটান্টিনোপল অধিকাৰ কৰা ফলত বাণিজ্য় অতি অসুবিধা হৈছিল। ইটালীয়ানসকলে তুৰ্কীসকলৰ লগত ব্য়ৱসায়-বাণিজ্য় কৰি আছিল। খ্ৰীষ্টান ধৰ্মলৈ বহুত মানুহক ধৰ্মান্তৰিত কৰাত বহুতো ইউৰোপীয়ান নিষ্ঠাৱান খ্ৰীষ্টানক দুঃসাহসীক অভিযানত উৎসাহ দিছিল। ব্য়ৱসায়-বাণিজ্য় পিছতে ৰাজনৈতিক নিয়ন্ত্ৰণ হৈছিল। ইউৰোপীয় দেশবিলাকে গৰম জলবায়ু অঞ্চলত উপনিবেশ প্ৰতিষ্ঠা কৰি তেওঁলোকে অধিক সুবিধা লাভ কৰিছিল। 

    ১১৩৯ খ্ৰীঃত পৰ্তুগালৰ দৰে এখন ক্ষুদ্ৰদেশ স্পেইনৰ হাতৰ পৰা মুক্ত হৈছিল। পৰ্তুগাল যুৱৰাজ হেনৰীয়ে পশ্চিম আফ্ৰিকাৰ উপকূল অঞ্চললৈ অভিযান চলাই ১৪১৫ খ্ৰীঃত কিউতা আক্ৰমণ কৰিছিল।স্পেইনত অৰ্থনৈতিক কাৰণ বিলাকে মানুহক মহাসাগৰৰ নাইট হ'বলৈ প্ৰেৰণা দিছিল।   


৪। চমু টোকা লিখাঃ


ক) এজটেকসকল

উত্তৰঃ এজটেক সকলঃ দ্বাদশ শতিকাত এজটেকসকল উত্তৰ দিশৰ পৰা আমেৰিকাৰ মেক্সিকোৰ মধ্য় উপত্য়কালৈ আহিছিল। এজটেকসকলে বিভিন্ন জনজাতিক পৰাস্ত কৰি সাম্ৰাজ্য়ৰ সম্প্ৰসাৰণ ঘটায় পৰাজিত সকলৰ পৰা কৰ সংগ্ৰহ কৰিছিল। এজটেক সমাজত ক্ষমতা অনুসৰি সৰু-বৰ বিষয়ববীয়া আছিল। অভিজাত শ্ৰেণীটো আছিল সংখ্য়াত কম। চৰকাৰত সৈন্য়বাহিনী আৰু ধৰ্মক্ষেত্ৰত তেওঁলোকে ডাঙৰ বিষয়ত বাব পাইছিল। তেওঁলোকৰ মাজৰে এজনক নেতা হিচাপে বাছি লৈছিল আৰু তেওঁ মৃত্য়ু নোহোৱাৰ লৈকে দেশখন শাসন কৰিব লগা হৈছিল। ৰজাক পৃথিৱীৰ সূৰ্য্য়ৰ প্ৰতিনিধি হিচাপে মানি লৈছিল।

  কৃষিভূমি সীমিত হোৱা বাবে এজটেকসকলে পৰিত্য়ক্ত আবাদী কৰিব লগা হৈছিল। তেওঁলোকে মেক্সিকো হ্ৰদত জাৱৰ-জোঁথৰ পেলাই মাটি দি গছ ৰোপণ কৰি কিছুমান কৃত্ৰিম দ্বীপ নিৰ্মাণ কৰি লৈছিল। ১৩২৫ চনত এনে দ্বীপতে ৰাজধানী টেন্সচিটিট্লান নিৰ্মাণ কৰিছিল। এজটেকসকল সঘনে যুদ্ধ হোৱা কাৰণে আটাইতকৈ মনোমোহা মন্দিৰবোৰ যুদ্ধ দেৱতা আৰু ৰণদেৱতাক সন্তুষ্ট কৰিবলৈ তেওঁলোকৰ নামত মন্দিৰবোৰ উৎসৰ্গা কৰিব লগা হৈছিল। 

    এজটেক সাম্ৰাজ্য় আছিল গ্ৰাম্য়ভিত্তিক। এজটেক সকলে নানাবিধ ফল উৎপাদন কৰিছিল। সেইবোৰ আছিল আলু, মাকৈ, ৰঙা লাও, কোমোৰা, কচু, স্কোৱাচ আদি। বংশ বা কুলেই ৰাজহুৱা ৰাস্তা-পদুলি সামূহিকভাৱে নিৰ্মাণ কৰিছিল। কৃষক সকলে উৎপাদনৰ এটা অংশৰ বিনিময়ত ভূৃ-স্বামীৰ মাটিত খেতি কৰিছিল। এজটেকসকলৰ সৰু ল'ৰা-ছোৱালী স্কুললৈ যোৱাটো নিশ্চিত কৰিছিল। অভিজাত শ্ৰেণীৰ ল'ৰা-ছোৱালী বোৰক কালমেকাক নামৰ বিদ্য়ালয়ত শিক্ষা দিছিল। বাকীবোৰ ল'ৰা-ছোৱালী ওচৰৰে টেপক কালী নামৰ বিদ্য়ালয়লৈ গৈছিল। ১৬ শতিকাৰ আৰম্ভণিতে এজটেক সাম্ৰাজ্য় সমস্য়াৰ সন্মুখীন হৈছিল।  


খ) মায়াসকল 

উত্তৰঃ মায়াসকলঃ একাদশ আৰু চতুৰ্দ্দশ শতিকাত মেক্সিকোত মায়াৰ সংস্কৃতি বিকাশ ঘটিছিল। ১৬ শতিকাত এজটেল সকলতকৈ কমি আহিছিল মায়াসকলৰ ৰাজনৈতিক ক্ষমতা। তেওঁলোকৰ সংস্কৃতিক ভেটি আছিল শস্য় উৎপাদন। মায়াসকল বিভিন্ন ধৰণৰ ক্ষেত্ৰত জড়িত আছিল। তেওঁলোকে নানা ধৰণৰ শস্য় উৎপাদন কৰি ধৰ্মীয় উৎসৰ পালন কৰাটোৱে আছিল তেওঁলোকৰ মূল লক্ষ্য়। যেনে, খেতি চপোৱাৰ, গছ বৃদ্ধি কৰা, উৎসৱ পাৰ্বণ্য় আৰু শস্য় ৰোপণ কৰা আদি।  পুৰোহিত আৰু অভিজাতসকলে জ্য়োতিৰ্বিদ্য়া, আৰু গণিত চৰ্চাত গুৰুত্ব দিব পাৰিছিল।  

    মায়াসকলে ছবিৰ মাধ্য়মেৰে আখৰ লিখিছিল। পুৰোহিত আৰু অভিজাতসকলে সমাজত মূখ্য় ভূমিকা পালন কৰিছিল।   


গ) ডনা মেৰীনা 

    উত্তৰঃ ডনা মেৰীনাঃ কৰ্টেচ আৰু তেওঁ সৈনিক সকলে অতি কম সময়ৰ ভিতৰতে কঠোৰ হাতেৰে মেক্সিকো জয় কৰিছিল। মেক্সিকোত তেওঁ এজটেক শাসনৰ পৰা বিছিন্ন হ'ব বিচৰা টোট'নাক সকলক লগ পাইছিল। 

    বাৰ্ণাড ডিয়াৰ ডেল কেষ্টিলো Bernard Diaz del castillo য়ে তেওঁৰ True History of the conquest of maxico-ত লিখিছিল যে টবাস্কোৰ মানুহে কৰ্টেচক ড'না মেৰীনা নামৰ এগৰাকী সহায়কাৰী দিছিল। ড'না মেৰীনাই তিনিটা স্থানীয় ভাষাৰ ভালকৈ জানিছিল। ড'না মেৰীনাৰ অবিহনে নিউস্পেইন আৰু মেক্সিকোৰ ভাষা তেওঁলোকে নাজানিলেহেঁতেন। ড'না মেৰীনক ডিয়াজে এগৰাকী ৰাজকুঁৱৰী বুলি ভাৱিছিল। কিন্তু মেক্সিকানসকলে বিশ্বাসঘাটিনী বুলি কৈছিল। 


 ঘ) কলম্বাচৰ আটলাণ্টিক যাত্ৰা  

উত্তৰঃ কলম্বাচৰ আটলান্টিক যাত্ৰাঃ কলম্বাচে নিজে শিকি-বুজি ডাঙৰ হৈছিল। তেওঁ নিজৰ নাম উজ্জ্বল কৰিবলৈ তাৰ কাৰণে সকলো বোৰ কাম কৰি আগবাঢ়ি হৈছিল। কলম্বাচে দুঃসাহসিক কাম কৰি ভাল পাইছিল। তেওঁ নিজৰ গৌৰৱ বিচাৰিছিল। কলম্বাচে পশ্চিমলৈ যাত্ৰা কৰি পূৱ দিশলৈ পথ আৱিষ্কাৰত তেওঁৰ সৌভাগ্য় নিৰ্ভৰ কৰিছিল। স্পেনিচ ৰজাই কলম্বাচৰ অভিযানত পৃষ্ঠপোষকতা কৰাত ১৪৯২ চনত তিনি আগষ্টত পেলচ বন্দৰৰ পৰা সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল। দীঘলীয়া আটলান্টিকৰ যাত্ৰা সম্পৰ্কত তেওঁ প্ৰস্তুতি নাছিল। নৌবহৰৰ ভিতৰত আছিল চান্টা মেৰীয়া নামৰ এখন জাহাজ আৰু পিন্টা, নিনা নামৰ দুখন সৰু জাহাজ আছিল। কলম্বাচে ৪০ জন নাবিকেৰে চান্টামেৰীয়াৰ নেতৃত্বত যাওঁতে তেওঁলোকক বাণিজ্য়িক বতাহে সহায় কৰিছিল। সেই যাত্ৰাৰ বহুত দীঘলীয়া আছিল। কলম্বাচ আৰু তেওঁৰ লগৰীয়া সকলে ৩৩ দিন সাগৰ আৰু আকাশৰ বাহিৰে আন একো দেখা পোৱা নাছিল।

    ১৪৯২-ৰ১২ অক্টোবৰত কলম্বাচৰ দলটোৱে মাটিত স্পৰ্শ কৰিব পাৰিছিল। তেওঁ তেতিয়াই ভাৱিছিল সেই ভূ-খণ্ডৰে ভাৰত আছিল। কিন্তু সেইটো আছিল বাহামাৰ গুনাহানি দ্বীপ। সেই নামটো কলম্বাচে দিয়া বুলি জনা গৈছিল। গুনাহানিত আৰাৱসকলে তেওঁলোকক আদৰণি জনায় খাদ্য়ও যাচিছিল। কলম্বাচে গুনাহানিত এখন পতাকা উত্তোলন কৰি প্ৰাৰ্থনা আয়োজন কৰিছিল। কলম্বাচে স্থানীয় লোকসকলৰ লগত আলোচনা নকৰাকৈ তেওঁ নিজকে ৰজাৰ হিচাপে ঘোষণা কৰিছিল। কলম্বাচে সাগৰ অসীম বুলি ভবা ঠাইত সাগৰ আৰু মহাসাগৰ সীমা আৱিষ্কাৰ কৰিছিল। তেওঁ দেখুৱাই দিছিল যে বাণিজ্য়িক বতাহৰ সোঁতত জলযাত্ৰাৰ আন্তত পাঁচ সপ্তাহত পৃথিৱীৰ আনটো  মূৰ পাব পাৰি।  


Type: Nayan Moni Deka


Post ID : DABP006478


Important Question Answer


১) কিমান চনত আৰু কোনে আমেৰিকা আৱিস্কাৰ কৰিছিল ।

উত্তৰঃ  ১৪৯২ চনত কলম্বাছে আমেৰিকা আৱিস্কাৰ কৰিছিল ।


২) মাৰ্কোপলোৱে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  মাৰ্কোপলোৱে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল The travel .


৩) ব্ৰাজিল শব্দটো কৰ পৰা আহিছে ।

উত্তৰঃ  ব্ৰাজিল শব্দটো ব্ৰাজিল গছৰ পৰা আহিছে । 


৪) দক্ষিণ আমেৰিকাৰ বৃহত্তম আদিম সভ্যতাটোৰ নাম কি ।

উত্তৰঃ  দক্ষিণ আমেৰিকাৰ বৃহত্তম আদিম সভ্যতাটোৰ নাম হল পেৰুৰ কুৱেচুৱা । 


৫) কিমান চনত টলেমীৰ ভূগোল ছপা আকাৰে প্ৰকাশিত হয় ।

উত্তৰঃ  ১৪৭৭ চনত টলেমীৰ ভূগোল ছপা আকাৰে প্ৰকাশিত হয় । 


৬) প্ৰথম ইনকা শাসকজনৰ নাম কি ।

উত্তৰঃ  প্ৰথম ইনকা শাসকজনৰ নাম হল মানকো কাপাকে । 


৭) দুখন সামুদ্ৰিক জাহাজৰ নাম লিখা ।

উত্তৰঃ  দুখন সামুদ্ৰিক জাহাজৰ নাম হল 

ক) চান্টা মাৰিয়া ।

খ) নিনা ।


৮) উত্তৰ আমেৰিকাৰ উপকূল কোনে আৱিস্কাৰ কৰিছিল ।

উত্তৰঃ  ইংৰাজ নাগৰিক জন কেবটে উত্তৰ আমেৰিকাৰ উপকূল আৱিস্কাৰ কৰিছিল । 


৯) এজন বিখ্যাত এজটেক ৰজাৰ নাম লিখা । 

উত্তৰঃ  এজন বিখ্যাত এজটেক ৰজাৰ নাম হল মন্টেজুমা । 


১০) এজটেকসকলৰ উপাস্য দেৱতাজনৰ নাম কি আছিল ।

উত্তৰঃ এজটেকসকলৰ উপপাস্য দেৱতাজনৰ নাম হল মেক্সিটলি । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer type  Ali rani Kakati