আত্মসহায়ক গোট

আত্মসহায়ক গােট দুখীয়া শ্রেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গােট। এই গােটৰ সদস্যসকলৰ আর্থিক অৱস্থা একে পর্যায়ৰ হয়। তেওঁলােকৰ মাজত মিলা - প্রীতি , সদ্ভাব থাকিব লাগে। গােটটোৰ প্ৰতিজন সদস্যই উপার্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্রয়ােজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গােটটোৱে এটা নির্দিষ্ট হাৰত সুত লয়। এই আত্মসহায়ক গােটৰ মূল উদ্দেশ্য হ’ল নিয়মীয়াকৈ সঞ্চয় কৰা , সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া, গােটটো পৈণত হৈ উঠিলে বেংকৰ লগত সংযােগ স্থাপন কৰি ঋণ লােৱাৰ ব্যৱস্থা কৰা।


Author- Nayan Jyoti Bordoloi