বনজ সম্পদঃ  


চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ প্ৰায় ২০.৬ শতাংশ ঠাই অৰণ্যই আগুৰি আছে। বৃষ্টিপাত, বায়ুৰ উষ্ণতা আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন উদ্ভিদ পােৱা যায। উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যােৰহাট আদিৰ উপৰি ডিমা হাছাও আৰু কাছাৰ জিলা আদি ঠাইত বৰষুণৰ মাত্রা অধিক। এইবােৰ অঞ্চলত বছৰি গড়ে প্রায় ২০০ ছেণ্টিমিটাৰৰ অধিক বৰষুণ হয় আৰু গড় উষ্ণতা ২৫ ° ছেণ্টিগ্রেড পােৱা যায়। ইয়াৰ উদ্ভিদবােৰ গােটেই বছৰজুৰি পাতেৰে সেউজীয়া হৈ থাকে। এনে চিৰসেউজীয়া উদ্ভিদ এই অঞ্চলত পােৱা যায়। হলং, হলক, মাকাই, নাহৰ, উৰিয়াম, তিতাছপা আদি এই অঞ্চলৰ ওখ ওখ চিৰসেউজীয়া গছ। লখিমপুৰ, ধেমাজি আৰু শােণিতপুৰ জিলাৰ উত্তৰৰ সীমামূৰীয়া অঞ্চলতাে এই শ্ৰেণীৰ উদ্ভিদ পােৱা যায়। বিবিধ প্রকাৰৰ কপৌ আৰু বেট অঞ্চলটিৰ উল্লেখযােগ্য উদ্ভিদ।

বছৰি বৰষুণ প্রায় ১০০ ৰ পৰা ২০০ ছেণ্টিমিটাৰৰ ভিতৰত হােৱা অঞ্চলসমূহত বসন্তকালত বতৰ শুকান হৈ গছৰ পাত সৰি যায়। এই শ্রেণীৰ উদ্ভিদক পর্ণপাতী উক্তি বােলে। এনে মৌচুমীয় পর্ণপাতী উদ্ভিদ কামৰূপ, গােৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ উপৰি অসমৰ প্রায় সকলাে অঞ্চলতে সিঁচৰতি হৈ আছে। শাল, চেগুণ, গমাৰি, শিমলু, আম, কঠাল আদি এনে কিছুমান উদ্ভিদ।

অসমৰ প্রধান নৈ - উপনৈসমূহৰ দুয়ােপাৰে খয়ৰ, শিশু, শিমলু, কদম, কৰৈ আদি ডাঙৰ গছৰ লগতে চাপৰ তৃণজাতীয় উদ্ভিদ পােৱা যায়। আনহাতে, নৈপৰীয়া দ’ ( আদ্রভূমি ) অঞ্চল আৰু হিমালয়ৰ নামনি অংশত ঠায়ে ঠায়ে নলখাগৰি, খেৰ আদি উদ্ভিদৰ একশ্রেণীৰ তৃণভূমি পােৱা যায়। ব্ৰহ্মপুত্ৰৰ পাৰৰ কাজিৰঙা, লাওখােৱা, ওৰাং আৰু মাজুলী; হিমালয়ৰ নামনিৰ মানাহ, নামেৰি আদি বনাঞ্চলত তেনে উদ্ভিদ অধিক পৰিমাণে পােৱা যায়। উদ্ভিদৰ লেখীয়াকৈ বিভিন্ন প্রজাতিৰ বনৰীয়া প্রাণীও অসমত পােৱা যায়। ইয়াৰ ভিতৰত গড়, হাতী, বাঘবনৰীয়া ম'হ, ভালুক, হৰিণ, গাহৰি বিভিন্ন প্রজাতিৰ বান্দৰ অসমৰ হাবিত আছে। অৱশ্যে, ইয়াৰ বাসস্থান এতিয়া কেৱল সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহতে সীমিত হৈ পৰিছে। অসমত থকা হলক, গিবন, নল গাহৰি, সােণালী বান্দৰ আৰু দেওহাঁহ আদি বিৰল প্ৰজাতিৰ প্রাণী। অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী আৰু পক্ষী অভয়াৰণ্য আদিৰ বিষয়ে তােমাললাকে ইতিমধ্যে জানিব পাৰিছা। এইবােৰত প্রাণীসমূহ সুৰক্ষিত হৈ থাকে। আনহাতে, ইহঁতে বংশবৃদ্ধিৰৰ সুবিধা পায়। নামেৰি আৰু মানহত বাঘ সংৰক্ষণৰ বাবে দুটা ব্যঘ্র প্রকল্প আছে। ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ অধিক সংখ্যক প্রজাতিৰ চৰাইৰ বাসভূমি হ’ল অসম। ইয়াৰ উপৰি অনেক প্রজাতিৰ পৰিভ্রমী পক্ষী এই আদ্রভূমিসমূহলৈ আহে। সামগ্রিকভাৱে অসমৰ উদ্ভিদ আৰু বন্যপ্রাণীসমূহে প্রাকৃতিক ভাৰসাম্য বজাই ৰখাৰ উপৰি সৌন্দর্যবর্ধন কৰি আহিছে।

অৰ্থনৈতিক বিকাশৰ ক্ষত্ৰত বনজ সম্পদে বিশেষ ভূমিকা লৈ আহিছে। ঘৰ-দুৱাৰ তথা অন্যান্য আচবাব আদি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাঠ অসমৰ হাবিৰ পৰাই সমগ্ৰ অসমতে সিচঁৰিত হৈ থকা কেইবাশ কাঠফলা কলে এই কাঠসমূহ যোগান ধৰে। প্ৰধানকৈ অসমৰ হাবিৰ কাঠ আৰু বাঁহৰ ওপৰত নিৰ্ভৰ কৰি জাগীৰোড,

যােগীঘােপা ( বর্তমান বন্ধ হৈ আছে ) আৰু পঞ্চগ্রাম কাগজ কলকেইটা চলে। আনহাতে, মাকুম, মাৰ্ঘেৰিটা, মৰিয়নি, ডিফুত থকা প্লাইউড কাৰখানাসমূহৰ বাবে অসমৰ হাবিৰ পৰাই কাঠ সংগ্রহ কৰা হয়। অসমৰ জুইশলা কাৰখানা কেইটাত অসমৰ হাবিবননিৰ কাঠ ব্যৱহাৰ হয়। অসমত উৎপন্ন হােৱা বাঁহ আৰু বাঁহেৰে তৈয়াৰ কৰা সামগ্ৰীয়ে ৰাজ্যখনৰ চাহিদা পূৰােৱাৰ লগতে বাহিৰৰ ৰাজ্যৰ পৰা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে। অসমৰ প্ৰায়বোৰ নদীৰ বুকুৰ পৰা শিল আৰু বালি আহৰণ কৰি ঘৰ- দুৱাৰ, বাট- পথ আদি নির্মাণত ব্যৱহাৰ কৰা হয়। অসমৰ মানুহৰ বাবে প্রয়ােজনীয় খৰি এই হাবিবননিবােৰৰ পৰাই সংগ্রহ কৰা হয়। অৰণ্যৰ দাঁতি কাষৰীয়া গাঁওসমূহত বাস কৰা লােকসকলে অৰণ্যৰ পৰাই খাদ্য- সামগ্রী, খৰি, খেৰ, পাতিদৈ, টকৌপাত, ৰবৰ, ঔষধি উদ্ভিদ আদি সংগ্রহ কৰি জীৱন নির্বাহ কৰে। তাৰােপৰি অসমত থকা ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলৰ ওপৰত ভিত্তি কৰি সীমিত সংখ্যক পর্যটন উদ্যোগ গঢ়ি উঠিছে। এনে স্থানসমূহক কেন্দ্ৰ কৰি অধিক পর্যটন উদ্যোগ গঢ়ি উঠিলে নিয়ােগৰ যথেষ্ট সুবিধা হ'ব। এনেদৰেই বনজ সম্পদে অসমৰ অৰ্থনীতিত বিশেষ বৰঙণি যােগাই আহিছে। 

জধে-মধে বন্যভূমি ধ্বংস কৰি কৃষিকাৰ্য, বাসস্থান নিৰ্মাণ, উদ্য়োগ স্থাপন, ৰে'লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা আদি কাৰ্যই অসমৰ বন্যভূমিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস কৰি আনিছে। ইয়াৰ ফলত বন্যপ্ৰাণীসমূহৰ সংখ্যাও হ্ৰাস পাই আহিছে। আনহাতে বনানী ধ্বংসকৰণে বানপানী, খৰাং আদি দুৰ্যোগৰ সঘন আগমনত অৰিহণা যোগাইছে।


Class 7 Social Science 

Type: Nayan Moni Deka