Page no 7 

১.৩.১ ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক দলৰ অৱদান ঃ

        ভাৰতবৰ্ষৰ দলীয় ব্য়ৱস্থাত আঞ্চলিক ৰাজনৈতিক দলৰ আবিৰ্ভাৱৰ দিশটো নিতান্তই তাৎপৰ্যপূৰ্ণ।আঞ্চলিক দলৰ জন্ম হয় সময় আৰু পৰিস্থতিৰ আহ্বানত। মানুহৰ মনত সৃষ্টি হোৱা ক্ষোভ আৰু অসন্তুষ্টিৰ ফলতেই বহুকেইটা আঞ্চলিক দলৰ জন্ম হৈছে। বহুতৰ মতে আঞ্চলিক দল ভাৰতৰ ৰাজনীতিৰ বাবে আশীৰ্বাদ নহ'লেও কোনো কাৰণত অভিশাপ নহয়। এখন শক্তিশালী গণতান্ত্ৰিক ভাৰতবৰ্ষ সৃষ্টিত অঞ্চবিলাকৰ সমস্য়াসমূহ সমাধাণেৰেহে জনসাধাৰণক গণতন্ত্ৰৰ প্ৰকৃত স্বাদ দিব পৰা যায়। এনে বৃহত্তৰ স্বাৰ্থত আঞ্চলিক দলবিলাকে যদি নিষঠা সহকাৰে কাম কৰে তেন্তে নিশ্চয়কৈ এনে দলবিলাকৰ প্ৰাসংগিকতা সদায়েই থাকিব।

        আঞ্চলিক দলৰ জন্মই ভাৰতবৰ্ষত 'একক দলৰ প্ৰাধান্য়তা'ত এটা গুৰুত্বপূৰ্ণ প্ৰত্য়াহ্বান আনিলে। এনে দলৰ সৃষ্টিয়ে দেশৰ ৰাজনীতিত এটা জোকাৰণি আনিবলৈ সক্ষম হ'ল। দ্বিতীয়তে, কেন্দ্ৰ-ৰাজ্য় সম্পৰ্কৰ ক্ষেত্ৰত আঞ্চলিক দলৰ জন্মই এক যোগাত্মক দিশ প্ৰদান কৰিলে। এই বিষয়টোৱে দেশৰ ৰাজনীতিত বিশেষ গুৰুত্ব পোৱাৰ বাবেই যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাক নতুন ৰূপ দিয়াৰ চিন্তা-চৰ্চা চলিল। তৃতীয়তে,  আঞ্চলিক দলৰ জন্মইদেশৰ ৰাজনীতিত তৃণমূল পৰ্য্য়ায়ৰ জনগণৰ অংগ্ৰহণ অধিক সক্ৰিয় কৰিলে। চতুৰ্থতে, কেন্দ্ৰৰ ৰাজনীতিত আঞ্চলিক দলবিলাকৰ গুৰুত্বপূৰ্ণ ভূমিকাই সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আধিপত্য় কিছু সীমাবদ্ধ কৰি গণতান্ত্ৰিক ভাৱধাৰাক সবল কৰিলে। অৱশ্য়ে আঞ্চলিক দলবিলাকে এখন শক্তিশালী ভাৰতবৰ্ষ সৃষ্টিত হেঙাৰ তৰে আৰু সৰ্বভাৰতীয় দৃষ্টিভংগীৰ এটা সবল ভাৰতীয় জাতি নিৰ্মাণত বাধা প্ৰদান কৰে বুলিও বহুতে ক'ব বিচাৰে।







Bidyut Thakuria





Post ID : DABP004464