Page no 32

১.৪ অর্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা   ঃ 

অর্থনীতি বা অর্থবিজ্ঞানৰ কিছুমান ধাৰণা সচৰাচৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অর্থতকৈ কিছু পৃথক। এনে কিছুমান ধাৰণাৰ সম্পর্কে তলত আলােচনা কৰা হ'ল।

Page no 33

        (১) বস্তু বা সামগ্ৰী (Goods) ঃ মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টিত প্ৰদান কৰিব পৰা সকলো সমগ্ৰী (Commodity) আৰু সেৱাকাৰ্য (Service) কে অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। বস্তুবোৰক ভৌতিক (যেনে, চকী-মেজ, ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, খাদ্য়, বস্ত্ৰ আদি) আৰু অভৌতিক (যেনে- শিক্ষক, চিকিৎসক, ৰাজনীতিবিদ, আৰক্ষী, অধিবক্তা আদিৰ সেৱা) এই দুই ভাগত বিভক্ত কৰিব পাৰি। বস্তুবোৰক পুনৰ মুক্ত বস্তু আৰু আৰ্থিক বস্তু এই দুটা শ্ৰেণীত ভাগ কৰা হয়। মুক্ত বস্তুবোৰ হৈছে প্ৰকৃতিৰ

Page no 34

মুক্ত দান। যেনে- সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী ইত্য়াদি। আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত। সেয়েহে এনে বস্তুৰ দৰ বা দাম (Price) থাকে। উদাহৰণস্বৰূপে বিজুলীৰ পােহৰ , খাদ্য , বস্ত্ৰ আদি আর্থিক বস্তু। বস্তুক পুনৰ ভােগ্যবস্তু (Consumption goods) আৰু উৎপাদক বস্তু (Producer goods) বা মূলধন জাতীয় বস্তু (Capital goods) এই দুটা ভাগত ভাগ কৰিব পাৰি। ভােগ্য বস্তুবােৰে প্রত্যক্ষভাৱে আমাৰ অভাৱ পূৰণ কৰে। কিন্তু মূলধন জাতীয় বা উৎপাদক বস্তুবােৰক উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় । ভােগ্য বস্তুক প্রস্তুত সামগ্রী (Finished goods) আৰু মূলধন জাতীয় বস্তুক অন্তর্বর্তী সামগ্রী (Intermediate goods) বুলি কোৱা হয় । 

        (২) উপযােগিতা ( Utility ) : উপযােগিতা হৈছে কোনাে বস্তুৰ বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা । যেনেকৈ এসাজ ভাত বা কেইখনমান ৰুটিয়ে ক্ষুধাতুৰ এজনৰ ভােক দূৰ কৰিব পাৰে, তেনেকৈ এজন চিকিৎসকৰ সেৱাৰ পৰা ৰােগীয়ে আৰােগ্য লাভ কৰে। বস্তুৰ বা সেৱাৰ এনে অভাৱ দূৰ কৰিব পৰা ক্ষমতাই হৈছে উপযোগিতা।

        (৩) সম্পদ (Wealth) ঃ সকলো বস্তু সম্পদ নহয়। সম্পদ হ'বৰ কাৰণে বস্তুৰ উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্ভতা, হস্তান্তৰযোগ্য়তা আৰু বাহ্য়িকতা一 এই চাৰিটা বৈশিষ্ট্য় বা গুণ থাকিব লাগিব। সূৰ্যৰ ৰশ্মিৰ যোগান প্ৰচুৰ, শচীন টেণ্ডুলকাৰৰ ক্ৰীয়া প্ৰতিভা বা মহাত্মা গান্ধীৰ স্বদেশ প্ৰেম অহস্তান্তৰযোগ্য়, বাহ্য়িকতাবিহীন। সেইবাবে অৰ্থনীতিত এইবোৰক সম্পদ বুলি ধৰা নহয়। খাদ্য়দ্ৰব্য়, বস্ত্ৰ, চকী-মেজ, কয়লা, ফাৰুৱা তেল আদি সম্পদ। কাৰণ এই সকলোবোৰতে সম্পদৰ সকলো গুণ দেখা যায়। অৰ্থবিজ্ঞানৰ মতে বস্তু এটা সম্পদ হ'বলৈ সি ব্য়ৱহাৰযোগ্য় হ'ব লাগিব, মুল্য়ৱান (দুৰ্লভ) হ'ব লাগিব, এজনে আনজনক দিব পৰা আৰু ভৌতিক অস্তিত্ব (বাহ্য়িকতা) থকা হ'ব লাগিব।

        (৪) অভাৱ (Wants) ঃ কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে অভাৱ বোলে। আন কথাত কোনো এটা বস্তুৰ ব্য়ৱহাৰ অত্য়াৱশ্য়কীয় হৈ পৰা অৱস্থাই হ'ল অভাৱ। উদাহৰণস্বৰূপে দৈনন্দিন ব্য়স্ততাৰ মাজত অৱসাদ দূৰ কৰাৰ বাবে যদি গান শুনাৰ আকাংক্ষা সৃষ্টি হয় তাকে অভাৱ বপুলি কোৱা হয়। জীয়াই থাকিবলৈ ভাত, কাপোৰ, ঘৰ ইত্য়াদিবোৰ অত্য়াৱশ্য়ক। কিন্তু এইবোৰ নথকালৈকে ই অভাৱ হিচাপে বিবেচিত হ'ব।

        (৫) কল্য়াণ (Welfare) ঃ কল্য়াণ দুই প্ৰকাৰৰ一 অৰ্থনৈতিক কল্য়াণ (Economics welfare) আৰু অনা-অৰ্থনৈতিক কল্য়াণ (Non-economics welfare)। অৰ্থনৈতিক কল্য়াণ মুদ্ৰাৰ মাধ্য়মত সাধন কৰিব পাৰি। অনা-অৰ্থনৈতিক কল্য়াণ হৈছে নৈতিক আৰু সামাজিক কল্য়াণ, যিবোৰ মুদ্ৰাৰে জুখিব নোৱাৰি। পিতৃৃ-মাতৃয়ে সন্তানৰ বাবে কৰা কল্য়াণ এক অনা-অৰ্থনৈতিক কল্য়াণৰ উদাহৰণ। অৰ্থনীতিত কেৱল অৰ্থনৈতিক কল্য়াণহে বিশেষকৈ আলোচনা কৰা হয়।

Page no 36

        (৬) দৰ (Price)   ঃ কোনাে বস্তুৰ মুদ্রা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম । অর্থাৎ বস্তুৰ বিনিময় মূল্যই হৈছে দাম । যেনে এখন কিতাপৰ মূল্য ৭৫ টকা , এটা লেপটপ কম্পিউটাৰৰ সর্বোচ্চ খুচুৰা মূল্য ৩২৭৫০ টকা ইত্যাদি । 

      (৭) চাহিদা (Demand)   ঃ এজন ভােক্তাৰ কোনাে বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আর্থিক ক্ষমতা ভােক্তাজনৰ থাকে। এজন ভিক্ষাৰী লােকে যদি এখন মটৰ গাড়ী কিনাৰ ইচ্ছা কৰে তেন্তে সেই ইচ্ছাক চাহিদা বুলি ক'ব নােৱাৰি। কাৰণ ভিক্ষাৰীজনৰ মটৰ গাড়ীৰ কিনাৰ আর্থিক ক্ষমতা নাই। চাহিদা অনুপাতে বহুতাে বস্তুৰ যােগান কম হ'ব পাৰে। যেনে— গাখীৰ, আলু, মিঠাতেল, দাইল, চাউল ইত্যাদি। গুৱাহাটী মহানগৰীৰ চাহিদা অনুপাতে গাখীৰৰ যােগান কম। 

        (৮) যােগান (Supply)   ঃ উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক যােগান বুলি কোৱা হয়। আমাৰ দেশত সামগ্ৰীৰ যােগানৰ বাবে যােগান বিভাগ আছে। ইয়াৰ বিভাগীয় মন্ত্রীও থাকে। ভাৰতীয় খাদ্য নিগম (Food Corporation of India চমুকৈ FCI) হৈছে এটা দেশখনত খাদ্য মজুত কৰা আৰু যােগান ধৰা এটা সংস্থা। 

        (৯) বজাৰ ( Market )   ঃ সাধাৰণ অৰ্থত বজাৰ বুলি ক'লে এখন ঠাইক বুজায় য'ত বস্তুৰ ক্রয়-বিক্রয় কৰা হয়। কিন্তু অর্থবিজ্ঞানত বজাৰে কেৱল কোনাে এখন নির্দিষ্ট ঠাইকেই নুবুজায়। অর্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যবস্থাক বুজায় য’ত এক নির্দিষ্ট সময়ত এক নির্দিষ্ট দৰত কোনাে এটা বস্তুৰ গ্রাহক (ক্রেতা) আৰু বিক্রেতাৰ মাজত প্রত্যক্ষ বা পৰােক্ষভাৱে কিনা-বেচা হয়। উদাহৰণস্বৰূপে গুৱাহাটীৰ ফাচী বজাৰ, পাণবজাৰ, শ্বপিং মল আদি কিছুমান সচৰাচৰ বজাৰ। কিন্তু ষ্টক বজাৰ, অনলাইন বজাৰ আদিও কিছুমান বজাৰৰ উদাহৰণ।

Page no 37

        (১০) মূলধন (Capital)   ঃ উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন। অর্থাৎ উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবােৰ পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে খাদ্যশস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা এডৰা মাটি বা ট্ৰেক্টৰখন হৈছে মূলধন, কাপােৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা তাঁতশাল, চিলাই মেচিন আদি যন্ত্রপাতিসমূহ মূলধন। 

        (১১) সঞ্চয় ( Savings )   ঃ আয়ৰ যি অংশ ভাগ কার্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। সেয়েহে আয় ভােগ ব্যয় + সঞ্চয় বুলি কোৱা হয়। সঞ্চয় হৈছে মূলধন সৃষ্টিৰ এটা ভাল উপায়।

        (১২) বিনিয়ােগ (Investment)   ঃ মূলধন যেতিয়া উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়ােগ বােলে। মূলধন হৈছে এক মজুত (Stock) ধাৰণা আৰু বিনিয়ােগ ( Investment ) হ’ল এক প্ৰৱাহ (Flow ) ধাৰণা। বেংকত এক লাখ টাকা মজুত থাকিলে সি মূলধন হ’ব। যেতিয়া এই টকাৰে যন্ত্রপাতি কিনি বস্তু উৎপাদনৰ এটা কাৰখানা প্রতিষ্ঠা কৰা হ’ব তেতিয়া ই ‘বিনিয়ােগ কৰা হ'ব। এই বিনিয়ােগৰ পৰা নিয়মিত উৎপাদন আৰু উপার্জন হ’ব। সেয়ে ইয়াক প্রবাহ বােলা হৈছে। 

        (১৩) ৰাষ্ট্ৰীয় আয় (National Income)   ঃ এখন দেশৰ এটা নির্দিষ্ট বিত্তীয় বর্ষ (Financial Year) ত যি দ্রব্য বা সেৱা সামগ্রী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়।

           (১৪) জনমূৰি আয় (Per-capita Income)   ঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পােৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয় । অর্থাৎ 







Bidyut Thakuria




Post ID : DABP004463