২.১.৪ যুক্তৰাষ্ট্ৰীয় চৰকাৰ ঃ
এককেন্দ্রীয় পদ্ধতিৰ চৰকাৰৰ সম্পূর্ণ বিপৰীতধর্মী চৰকাৰখনেই হ’ল যুক্তৰাষ্ট্রীয় চৰকাৰ । এই চৰকাৰত এখন কেন্দ্রীয় চৰকাৰ থকাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হ’ল আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰ । প্ৰকৃততে আমেৰিকাতেই প্রথম যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল । সেইবাবে আমেৰিকাক ‘ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ’ ( Homeland of Federation ) বােলা হয় ।
যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য
১। ক্ষমতাৰ বিকেন্দ্রীকৰণ ঃ কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ - বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য ।
২। ক্ষমতাৰ পৃথকীকৰণ ঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰৰ তিনিটা অংগ— কাপালিকা , বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কর্মক্ষেত্ৰত স্বাধীন । এটা আনটোৰ পৰিপুৰক নহয় ।
৩। লিখিত আৰু দৃঢ় সংবিধান ঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন হ’ল লিখিত সংবিধান । এই সংবিধানখন অনমনীয় অথবা দৃঢ় । এই সংবিধানখন সংশােধন কৰা পদ্ধতিও অতি জটিল ।
৪। দুই প্রকাৰৰ চৰকাৰ ঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে । এবিধ কেন্দ্রীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ । দুয়ােবিধ চৰকাৰৰে নিজা নিজা সংবিধান থাকে ।
৫। দ্বৈত - নাগৰিকত্ব ঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত সাধাৰণে দুবিধ নাগৰিকত্ব উপভােগ কৰিব পাৰে । সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগৰিক হােৱাৰ লগতে ইয়াৰ নাগৰিকসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাপেও সুকীয়া মর্যাদা লাভ করে ।
৬। স্বাধীন ন্যায়পালিকা ঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালতৰ ব্যৱস্থা থাকে , যিয়ে সংবিধানৰ চৰম কার্যকর্তা আৰু অভিভাৱক হিচাপে দায়িত্ব পালন কৰে ।
যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণসমূহ ঃ
১ । যুক্তৰাষ্ট্ৰীয় চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয় । ফলত আঞ্চলিক স্বায়ত্ব শাসন আৰু জাতীয় একতা দুয়ােটাৰে সুবিধাসমূহ লাভ কৰা দেখা যায় ।
২ । ভিন্ন ধর্ম , জাতি আৰু ভাষিক গােষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্রৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্রসূ হয় ।
৩। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনে স্থানীয় তথা ৰাজ্যিক সমস্যাসমূহৰ সমাধানৰ দায়িত্বৰ পৰা কেন্দ্রীয় চৰকাৰক ৰেহাই দিয়ে । ইয়াৰ ফলত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত অধিক গুৰুত্ব দিবলৈ কেন্দ্রীয় চৰকাৰে সুবিধা পায় ।
৪। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্রীকৰণৰ ব্যৱস্থা থকাত অন্তর্বিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্রীয় চৰকাৰ স্বেচ্চাচাৰী হােৱাৰ প্রৱণতা নাথাকে ।
৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্রিক । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ তথা বিকেন্দ্রীকৰণে সকলােকে গণতন্ত্রত অংশলােৱাৰ সুবিধা প্রদান কৰে ।
যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষসমূহ ঃ
১। যুক্তৰাষ্ট্ৰীয় চৰকাৰত থকা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য় অথবা ৰাজ্য়বিলাকৰ নিজৰ ভিতৰত ক্ষমতাৰ প্ৰয়োগক লৈ বিৰোধ হোৱাৰ সম্ভাৱনা থাকে। ফলত প্ৰশাসন দুৰ্বল হৈ পৰাৰ শংকা থাকে।
২। এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য় চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য় ৰক্ষা কৰাত সহায় জটিলতাৰ সৃষ্টি হয়।
৩। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানৰ দৃঢ় তথা অনমনীয় হোৱাৰ বাবে সময় আৰু পৰিস্থিতি সাপেক্ষে সংবিধান সংশোধন কৰাত জটিলতা আহে। ফলত প্ৰসগতিত বাধা আহে।
৪। যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য়ৰ মাজত বিৰোধ হোৱাৰ সম্ভাৱনা থাকে।
৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হােৱাৰ সম্ভাৱনা থাকে। আঞ্চলিকতাবাদে যুক্তৰাষ্ট্রক দুর্বল কৰে।
৬। যুক্তৰাষ্ট্ৰীয় চৰকাৰত অর্থ ব্যয় অধিক। বিভিন্ন ধৰণৰ চৰকাৰ থকাৰ ফলত ৰাজহুৱা ধন অধিক খৰছ হয়।
উপৰােক্ত দোষবিলাক থকা সত্ত্বেও বর্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰে অধিক জনপ্রিয়তা লাভ কৰিছে। আমেৰিকা, আফ্রিকা, অষ্ট্রেলিয়া, ছুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষৰ দৰে দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ সফল হােৱালৈ চাই দৃঢ়ভাৱে মত দিব পাৰি যে বিভিন্ন বৈচিত্র্যৰে ভৰা বিশাল দেশত যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি উপযােগী। এটা শাসন পদ্ধতি হিচাপে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভৱিষ্যতে অধিক জনপ্রিয় হােৱাৰ সম্ভাৱনা আছে ।
Bidyut Thakuria
Post ID : DABP004462