মানৱ সম্পদঃ

জনগাঁথনিৰ ফালৰ পৰা অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। অতীজৰে পৰা ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ সাৰুৱা ভূমিলৈ বিভিন্ন সময়ত বিভিন্ন জাতি-উপজাতি লোক আহি বসবাস কৰিবলৈ লয়। কালক্ৰমত এইসকলোবোৰ জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণত অসমত এক সুকীয়া জনগাঁথনি সৃষ্টি হৈছে। 

অসম এখন ঘন বসতিপূৰ্ণ ৰাজ্য। ভাৰতৰ মুঠ মাটিকালিৰ ২.৩৯ শতাংশ অসম ৰাজ্যই আগুৰি আছে। ২০১১ চনৰ লোক পিয়লৰ তদৰ্থ (Provisional) তথ্য অনুসাৰে অসমৰ জনসংখ্যা ৩,১১,৬৯,২৭২ জন। ভাৰতৰ অন্যান্য ৰাজ্যৰ জনসংখ্যাৰ তুলনাত অসমৰ স্থান ১৪ তম।

তোমালোকে ইতিমধ্যে পাই আহিছা যে, ভূ-প্ৰাকৃতিক অৱস্থা আৰু জীৱন নিৰ্বাহৰ সুবিধা অনুসাৰে জনসংখ্যাৰ বিকৰণ বেলেগ বেলেগ হয়। অসমৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। অসমৰ মুঠ জনসংখ্যাৰ অধিকাংশই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত বসবাস কৰে।


Class 7 Social Science 

Type: Nayan Moni Deka