Page no 50

২.৪ মুদ্রাস্ফীতি   ঃ 

        সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হােৱা অৱস্থাক মুদ্রাস্ফীতি বুলি কোৱা হয়। কিন্তু অর্থনীতিত মুদ্রাস্ফীতি বুলি ক'লে একে লেথাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পােৱা অৱস্থাক বুজোৱা হয়। মুদ্রাস্ফীতি হলে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায়।

মুদ্রাস্ফীতিৰ কাৰণ   ঃ

মুদ্রাস্ফীতিৰ মূল কাৰণ দুটা। এটা হ’ল চাহিদাজনিত (Demand pull) আৰু আনটো হ’ল ব্যয়জনিত (Cost - push)। 

        চাহিদাজনিত মুদ্রাস্ফীতি হ’ল জনসাধাৰণৰ যেতিয়া দ্রব্য বা সেৱাৰ প্রতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্রব্য আৰু সেৱাৰ যােগান বৃদ্ধি নাপায় । এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্রা বা ক্রয় ক্ষমতা থাকে, আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্রব্য বা সেৱাৰ প্রতি চাহিদা বাঢ়ে। ফলস্বৰূপে দ্রব্য আৰু সেৱা বিলাকৰ মূল্য বৃদ্ধি পায়। এনে অৱস্থাত মুদ্রাস্ফীতিৰ সৃষ্টি হয়।                     

        কালবর্ণ (Coulborn) ৰ মতে যেতিয়া ‘অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্রী ক্ৰয় কৰিবলগীয়া হয় তেনে অৱস্থাকে মুদ্রাস্ফীতি বুলি কোৱা হয় (Inflation is a situation of too much money chasing too few goods) অৰ্থাৎ তেওঁৰ মতে অধিক মুদ্রা তথা ক্রয়ক্ষমতা থকাৰ বাবে কম পৰিমাণৰ সামগ্ৰীৰ বিপৰীতে অধিক চাহিদাৰ সৃষ্টি হয় তেতিয়াই মূল্যস্তৰ বৃদ্ধি পায়। 

        মুদ্রাস্ফীতিৰ অন্য এটা কাৰণ হ'ল দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াক ব্যয়জনিত মুদ্রাস্ফীতি (Cost - push inflation) বুলি কোৱা হয়। ব্যয়জনিত মুদ্রাস্ফীতি প্রধানকৈ তিনিটা কাৰকৰ ফলত সৃষ্টি হয়— (ক) মজুৰি বৃদ্ধি, (খ) লাভৰ পৰিমাণ বৃদ্ধি আৰু (গ) দ্ৰব্যৰ ওপৰত আৰােপ কৰা কৰৰ বাবে হােৱা বােজা।



Class 9 Social Science Part 3

Bidyut Thakuria