Page no 52

 ২.৫ বহনক্ষম উন্নয়ন   ঃ

        বর্তমান পৃথিৱীৰ দেশসমূহৰ মাজত অর্থনৈতিক প্রগতি লাভৰ বাবে যি প্রতিযােগিতাৰ আৰম্ভ হৈছে সিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্রতিক্রিয়া পেলাইছে। পৰিৱেশৰ ধ্বংসই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি মাতি আনিছে । পৃথিৱীৰ উষ্ণতা প্রতি শতিকাতেই বৃদ্ধি হ’বলৈ ধৰিছে । তাৰ ফলত গােলকীয় উষ্ণতা ( Global Warming ) সমস্যাৰ উদ্ভৱ হৈছে। জৈৱ - বৈচিত্র্য হ্রাস , জলবায়ু পৰিৱৰ্তন আদি অলেখ সমস্যাই পৰিৱেশ বিনষ্ট কৰিছে। 

        অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ 

Page no 53

প্রতিক্রিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত Brundtland আয়ােগে অবিৰত বা বহনক্ষম উন্নয়ন (Sustainable Development) ৰ ধাৰণাটো দাঙি ধৰিছিল । এই আয়ােগ পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়ােগ (World Commission on environment and development) বুলিও জনাজাত। আয়ােগৰ মতে ‘যি অর্থনৈতিক উন্নয়নৰ দ্বাৰা বর্তমান প্রজন্মৰ অভাৱসমূহ দূৰ হ’ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্রজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনাে ধৰণৰ আপােচ কৰা নহয় সেই অর্থনৈতিক উন্নয়নেই হ’ল অবিৰত বা বহনক্ষম অর্থনৈতিক উন্নয়ন। (Sustainable development is development that meets the needs of the present without compromising the ability of future generations to meet their own needs .)।










Bidyut Thakuria