Page no 29 

১.৩ অৰ্থবিজ্ঞানৰ পৰিসৰ  (Scope of Economics)

       অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজৰ আৰ্থিক কাৰ্যকলাপক সমাৰি লয়। অনাআৰ্থিক কাৰ্যকলাপ (যিবোৰ কাৰ্যকলাপ অৰ্থ উপাৰ্জন, ব্য়য়তথা বিতৰণৰ লগত জড়িত নহয়) অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত ধৰা নহয়। অৰ্থবিজ্ঞানৰ পৰিসৰে সাধৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লয়।

        (১) ভোগকাৰ্য (Consumption) ঃ আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য় ইত্য়াদি অধ্য়য়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

        (২) উৎপাদন (Production) ঃ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে

Page no 30

 উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান一  ভূমি, শ্ৰম, মূল্য়ধন আৰু সংগঠনৰ উপৰি উৎপুাদনৰ বিধি, উৎপাদকৰ ভৰসাম্য়, আৰ্থিক ব্য়ৱস্থা ইত্য়াদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়।

        (৩) বিতৰণ (distribution) ঃ সামগ্ৰীৰ উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগকাৰ্য সম্ভৱ হৈ উঠিব। বিতৰণ প্ৰক্তিয়া যাতে সঠিক তাৰ ববে যিবোৰ নীতি বা তত্ব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তত্ব 'বিতৰণ' বিষয়ৰমাজত আলোচনা কৰা হয়।

        (৪) বিনিময় (Exchange) ঃ কোনাে ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্রতিবিধ সামগ্রী নিজে উৎপাদন কৰি ল'ব নােৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি , অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে , আভ্যন্তৰীণ বাণিজ্য ( Internal Trade ) আৰু আন্তর্জাতিক বাণিজ্য ( International Trade ) ৰ জৰিয়তে দেশীয় আৰু আন্তর্জাতিক বিনিময় হয় । অর্থনীতিত এই দুয়াে প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলােচনা কৰা হয়।

Page no 31

        (৫) মুদ্ৰা (Money) ঃ দ্ৰব্য়ৰ প্ৰত্য়ক্ষ বিনিময় (Barter) প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্য়ৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছি্ল। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু প্ৰকাৰ ইত্য়াদিৰ বিষয়ে কৰা আলোচনা অৰ্থনীতিৰ পৰিসৰৰ এক উল্লেখযোগ্য় অংশ।

        (৬) আয় (Income) ঃ জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ, অৰ্থনৈতিক কল্য়াণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত।

        (৭) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান (Public Finance) ঃ চৰকাৰী আয়, চৰকাৰী ব্য়য় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিজ্ঞান।

        (৮) কল্য়াণকামী অৰ্থনীতি (Welfare Economics) ঃ কেৱল ভোগকাৰ্য, উৎপাদন তথা বিতৰণেই অৰ্থনীতিৰ মূল বিষয়বস্তু হ'ব নোৱাৰে। এমেবৈৰ কাৰ্যৰ লগত ব্য়ক্তি তথা 

Page no 32

সমাজৰ কল্যাণৰ দিশটো মন কৰিব লাগিব। অর্থনীতিবিদ এ চি পিণ্ড (A.C. Pigou), ভিলফ্রেড’ পেৰেট’ (Vilfredo Pereto), হিক্স (Hicks), অমর্ত্য সেন (Amartya Sen) আদিয়ে কল্যাণকামী অর্থনীতিক জনপ্রিয় কৰি তুলিছে । 

             (৯)পৰিৱেশীয় অর্থনীতি (Economics of Environment)   ঃ এহাতে অর্থনৈতিক উন্নতি ক্ষিপ্রতৰ কৰাৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনােনিৱেশ আৰু আনহাতে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্টই পৃথিৱীৰ সমাজবিজ্ঞানীসকলক অধিক চিন্তান্বিত কৰি তুলিছে । এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অর্থনীতি বিষয়ত অন্তর্ভুক্ত কৰা হৈছে । এই সংযােজনে অর্থনীতি বিষয়ত এক নতুন মাত্রা প্রদান কৰিছে ।

  (১০) দক্ষতা (Efficiency)   ঃসীমিত সম্পদৰাজিক দক্ষতাপূর্ণ ব্যৱহাৰৰ যােগেদি সমাজ গঠন কৰাটো অর্থনীতিৰ মূল বিষয়। এই সীমিত সম্পদৰাজি দক্ষতাপূর্ণ ব্যৱহাৰৰ যােগেদি উৎপাদন প্রক্রিয়াৰ ধাৰা ত্বৰান্বিত কৰিব পাৰিলেহে মানৱ সমাজৰ কল্যাণ হ’ব। 

        ওপৰােক্ত বিষয়সমূহ অর্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে। কিন্তু এটা কথা মন কৰিব লাগিব যে বর্তমান গতিশীল পৃথিৱীত কোনাে এটা বিষয়ৰ পৰিসৰ সীমাবদ্ধ হৈ নাথাকে। সময়ৰ লগে লগে বিষয়বস্তুয়েও গতিশীলতা লাভ কৰে। সেয়েহে অর্থবিজ্ঞানৰ ভিতৰত গােলকীয় অর্থনীতিৰ নতুন ধাৰণা, বহনক্ষম উন্নয়ন আদি নতুন নতুন বিষয় অন্তর্ভুক্ত হৈ ইয়াৰ পৰিসৰাে বৃদ্ধি হৈছে। 



Class 9 Social Science Part 3



Bidyut Thakuria.