মধ্যযুগৰ অন্যান্য ৰাজ্যবোৰ

ইমান সময়ে আহোম ৰাজ্যৰ বিষয়ে বহু কথা হ'ল। পাঠতৰ আৰম্ভণিতে আহোমসকল অসমলৈ অহাৰ সময়ত অসমত শাসন কৰি থকা আন আন ৰাজ্যবোৰৰ কথা উল্লেখ কৰা হৈছে। তলত এই ৰাজ্যবোৰৰ বিষয়ে থলুমুলভাৱে আলোচনা আগবঢ়োৱা হ'ল।

কামৰূপ-কমতা আৰু কোচ ৰাজ্যঃ

সম্ভৱতঃ পুৰণি কামৰূপত শাসন কৰা পালবংশৰ শেষ ৰজা আছিল জয়পাল। আনুমানিক ১১০০ খ্ৰীষ্টাব্দলৈ তেওঁ  কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। কামৰূপৰৱৰ্তী ৰজা হিচাপে তিংগ্যদ্ৱ, বৈদ্যদেৱ নামৰ দুজন ৰজাৰ নাম অসম বুৰজ্ঞীত উল্লেখ আছে। বৈ দ্যদেৱৰ নামেৰে বৈদ্যগড় নামৰ গড় এটিৰ অস্তিত্ব উত্তৰ গুৱাহাটীৰ বেতনা নামৰ ঠাইত এতিয়াও দেখিব

লৈ পোৱা যায়। অনুমান কৰা হয় বৈদ্যদেৱৰ সময়ত এই গড়টো নিৰ্মাণ কৰা হৈছিল। সমভৱতঃ বৈদ্যদেৱে কামৰূপত ১১৪০ খ্ৰীষ্টাব্দৰলৈ ৰাজত্ব কৰিছিল। বৈদ্যদেৱৰ মৃত্যৰ পিছত কামৰূপৰ ৰাজনৈতিক মানচিত্ৰৰো সলনি হ'ল আৰু ৰাজনৈতিক ধাৰাবাহিকতাও ভংগ হয়। ১১৮০ খ্ৰীষ্টাব্দৰ পৰা ১২৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰা ৰজাসকলৰ ইতিহাসৰ ছবিখন ধুসৰ। এইখিনিতে উল্লেখযোগ্য যে দ্বাদশ শতিকাৰ শেষ ভাগৰ তুৰ্কী-আফগানসকলে কেবাহাৰো কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। ১২৫৭ খ্ৰীষ্টাব্দত কামৰূপ ৰজা সন্ধ্যাৰ ৰাজত্বকালত বংগৰ চুবেদাৰ উদ্দিন মালিক উজবেগ তুঘ্ৰিল খাই কামৰূপ আক্ৰমণ কৰে। কামৰূপাৰজ সন্ধ্যাই এই আক্ৰমণ পতিহত কৰি কামৰূপ ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে। তেতিয়াৰ পৰা ৰাজ্যখনৰ নাম হয় কমতা। কমতা ৰাজ্যৰ ৰজা সন্ধ্যাৰ ৰাজত্বৰ সময়ত বিশেষ তথ্য পোৱা নাযায়। সন্ধ্যাৰ পৰৱৰ্তী কমতাৰ ৰজাসকলৰ ভিতৰত দুৰ্ল্লভনাৰায়ণ বিষেযভাৱে উল্লেখযোগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ চণ্ৰীবৰ আছিল কমতা ৰাজ্য ৰজা দুৰ্ল্লভনাৰায়ণৰ সমসাময়িক। বিভিন্ন প্ৰচলিত আখ্যানৰ পৰা জনা যায় যে দুৰ্ল্লভনাৰাণ পৰৱৰ্তী ৰজা ইন্দ্ৰনাৰায়ণক হত্যা কৰি আৰিমত্ত নামৰ এজন উচ্চাকাংক্ষীভূঞাই কমতাৰ সিংহাসন দখল কৰে। তেওঁ কামৰূপ কমতাৰ ৰাজধানী বেতনা নামৰ ঠাইলৈ স্থানান্তৰিত কৰিছিল। কমতাৰ শেষ ৰজা নীলাম্বৰৰ দিনত বংগৰ নৱাব হুছেইন শ্বাহে কমতা আক্ৰমণ কৰি ১৪৯৮ খ্ৰীষ্টাব্দত এই ৰাজ্য দখল কৰে। এই পাঠৰ প্ৰথম পৃষ্ঠাৰ মানচিত্ৰখনত পশ্চিমে কৰতোয়া নদী পৰা  পূবে বৰ্তমানৰ দলং আৰু নগাওঁ জিলালৈ বিস্তূত অঞ্চলতোট কমতা নামৰ ৰাজ্যখন নিশ্চয় মন কৰিছা। এতিয়া তলৰ মানচিত্ৰখন লক্ষ্য কৰা। প্ৰায় একেটা অঞ্চল জুৰি পশ্চিমে কৰতোয়া নদীৰ পৰা পূবে বৰনদীলৈ এই অঞ্চলত কোচ ৰাজ্যখন দেখা পাবা। অৰ্থাৎ এসময়ৰ কমতা ৰাজ্যৰ বুকুতেই কোচ ৰাজ্যৰ সৃষ্টি হৈছিল। অবিভক্ত গোৱালপাৰা জিলা আৰু কোচবিহাৰৰ কিছু অংশক লৈ এই ৰাজ্য স্থাপন কৰা হৈছিল। বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাত। দৰং ৰাজবংশাৱলীত উল্লেখ আছে যে তেওঁ কমতাৰ পৰাস্ত কৰি সেই ঠাইবোৰ অধিকাৰ কৰি লৈছিল। বিশ্বসিংহই হিন্দু ধৰ্মৰ পৃষ্ঠাপোষকতা কৰিছিল। এওঁৰ দিনত কোচ ৰাজ্যৰ লগত আহোমৰ সংঘৰ্ষ হৈছিল। তেওঁ কোচবিহাৰত কোচ ৰাজ্যৰ ৰাজধানী পাতিছিল। কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰাণ চিলাৰায় আছিল তেওঁৰ সুদক্ষ সেনাপত। বীৰ চিলাৰায়ৰ বীৰত্বৰ কথা সৰ্বজনবিদিত। অকল কোচসকলেই নহয় সমগ্ৰ অসমবাসীৰ লগতে পূবেৰ কোচ ৰাজ্যৰ অন্তৰ্গত কোচবিহাৰৰ লোকসকলেও বীৰ চিলাৰায়ৰ বীৰত্বৰ কথা কৈ গৌৰৱবোধ।কোচ ৰজ্যা নৰনাৰায়ণে ১৫৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰে। পিছত চিলাৰায়ে কছাৰী ৰাজ্য আক্ৰমণ কৰি সেই ৰাজ্যও দখল কৰে। ক্ৰমে চিলাৰায়ে মণিপুৰ, জনন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ৰ আদি ৰাজ্যবোৰ জয় কৰে। তেওঁ গৌড় ৰাজ্যও আক্ৰমণ কৰিছিল।কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ইংৰাজী ভ্ৰমণকাৰী ৰালফ ফিট্চে কোচ ৰাজ্য ভ্ৰমণ কৰি ইয়াত আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত এটিমূল্যৱান টোকা লিখি থৈ যায়। তোমালোকে গোহাইকমল আলিৰ নাম নিশ্চিয় শুনিছা। আহোম ৰাজ্য আক্ৰমণৰ সময়ত মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে যে অকল ৰাজ্য জয়েই কৰিছিল এনে নহয়। সামাজিক কামতো এওঁলোক আগৰণুৱা আছিল। মহাৰাজ নৰনাৰায়ণৰ পিছত কোচ ৰাজ্য কোচবিহাৰ আৰু কোচহাজো নামেৰে দুভাগত বিভাক্ত হয়। পৰৱৰ্তী সময়ত কোচসকল আহোমৰ কৰতলীয়া হিচাপে দৰং অঞ্চলত শাসন কৰে। দৰঈী ৰজা কষ্ণনাৰায়ণৰ দিনত দৰং ইংৰাজৰ হাতলৈ যায়। 

চুটিয়া ৰাজ্যঃ

 চুকাফাই অসমত আহােম ৰাজ্য স্থাপন কৰা সময়ত ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰে সােৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে চুটিয়া ৰাজ্য আছিল । চুটিয়াসকল কেইবাটাও ভাগত বিভক্ত আছিল , যেনে- হিন্দু চুটিয়া , বৰাহী চুটিয়া , দেউৰী চুটিয়া , আহােম চুটিয়া , মিৰি চুটিয়া ইত্যাদি । চুটিয়াসকলৰ আঁতিগুৰি সম্পর্কে বিশেষ জনা নাযায় । দেওধাই অসম বুৰঞ্জীত খ্রীষ্টীয় দ্বাদশ শতিকাৰ আদি ভাগৰ পৰা খ্রীষ্টীয় ষষ্ঠদশ শতিকাৰ আদি ভাগলৈ ৰাজত্ব কৰা দহজন চুটিয়া ৰজাৰ বিষয়ে উল্লেখ পােৱা যায় । বীৰপাল চুটিয়াসকলৰ প্রথম ৰজা আৰু ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ আটাইতকৈ শক্তিশালী ৰজা আছিল । ৰত্নধ্বজপালে গৌড় ৰাজ্যৰ লগতে সম্পর্ক স্থাপন কৰিছিল । চুটিয়াসকলে ৰাজ্যত এক সু - সংহত শাসন ব্যৱস্থা প্রতিষ্ঠা কৰিছিল । চুটিয়াসকলৰ নিজা ভাষা আৰু ধৰ্ম আছিল । তেওঁলােক শক্তিৰ উপাসক আছিল আৰু শদিয়াৰ কেচাইখাঁতী গােসাঁনীৰ পূজা কৰিছিল । ১৫২৩ খ্রীষ্টাব্দত আহােমে চুটিয়া ৰাজ্য দখল কৰি নিজ ৰাজ্যৰ অন্তর্ভুক্ত কৰে আৰু শদিয়াখােৱা গোঁহাই নামৰ এজন বিষয়ক এই অঞ্চল শাসন কৰাৰ দায়িত্ব দিয়ে ।

বাৰভূঞাসকলঃ 

আমি আগতে আলোচনা কৰি অহাকমতাপুৰ ৰাজ্যখন চতুদৰ্শ শতিকাত দুভাগত বিভক্ত হৈছিল। কমতাপুৰ নগৰৰ সৈতে ৰাজ্যৰ উত্তৰ আৰু পূব অংশত দুৰ্ল্লভনাৰায়ণ আনহাতে, ৰংপুৰ আৰু মৈমনসং জিলাক লৈ কমতাপুৰৰ দক্ষিণ অংশত ধৰ্মনাৰায়ণ ৰজা হয়। দুৰ্ল্লভনাৰায়ণ আৰু ধৰ্মনাৰায়ণ ক্ৰমে কামেশ্বৰ বা কমতেশ্বৰ আৰু গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰে। এই ৰাজ্য দুভাগত বিভক্ত হোৱাৰ সময়ত কমতেশ্বৰ দুৰ্ল্লভনাৰাযণে গৌড়েশ্বৰ ধৰ্মনাৰাযণে পৰা সাতঘৰ ব্ৰাক্ষণ আৰু সাতঘৰ কায়স্থ উপহাৰ স্বৰূপে লাভ কৰে। এওঁলোকৰ ভিতৰত চণ্ৰীবৰ মুখিয়াল আছিল। সেয়ে চণ্ৰীবৰক শিৰোমণি ভূঞা পাতিছিল। এই লোকসকলে পিছলৈ অসমত  বাৰভূঞা হিচাপে জনাজাত হৈছিল। এই চণ্ৰীবৰৰ বংশতেই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। অৱশ্যে অসমত বাৰভূঞাসকলৰ উহুান সম্পৰ্কে আৰু বহুতো কাহিনী আছে। কিছুমানে ক'ব খোজে যে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্বাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয়। পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ বাবে ভূঞাসকলে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শালন কালত স্বাধীন ৰজা হিচাপে মূৰ দাঙি উঠিছিল। 'ভূঞা'শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলত কাযস্থ, দৈবজ্ঞ আৰু ব্ৰাক্ষণ ভূঞা। অসমৰ ভূঞাসকলক বৰভূঞা নামে জনাযায়। বাৰভূঞাসকল অজস্ৰ সম্পত্তিৰ গৰাকী আছিল। এওঁলোক পোনতে কামৰূপ ৰাজ্যৰ অধীনত সৰু সৰু অঞ্চলৰ শাসকৰ্তা আছিল। কমতা ৰাজ্যৰ ক্ষমতা কমি যোৱাত বাৰভূঞাসকল যথেষ্ট শক্তিশালী হৈ উঠিছিল। ১৬যতিকাৰ মাজভাগত আহোমৰ লগত ভূঞাসকলৰ সংঘৰ্ষ হয় আৰু ভূঞাসকল সময়ত আহোমৰ অধীন হৈ পৰে। আহোম প্ৰযাসনত ভূঞাসকলক উচ্চ পদবী দি সন্তুষ্ট ৰখাৰ ব্যৱস্থা কৰা হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে তুৰ্কী-আফগানসকলৰ আক্ৰমণৰ সময়ত ভূঞাসকলে কামৰূপৰ ৰজাৰ যথেষ্ট সহায় কৰিছিল।    

কছাৰীসকলঃ

কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী । ইতিহাসবিদসকলে বিশ্বাস কৰে যে অতি প্রাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল । তেওঁলােকৰ এই শাসন বর্তমান বাংলাদেশৰ চিলেট , মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈকে বিস্তৃত আছিল । চুটিয়া , কোচ , ত্রিপুৰী , শৰণীয়া , গাৰাে , ৰাভা , লালুং , ডিমাচা জনগােষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তর্ভুক্ত আছিল । কিন্তু এই জনগােষ্ঠীৰ লােকসকল সময়ত বিভিন্ন স্থানত নিগাজিকৈ থাকিবলৈ লােৱাত চৌপাশৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি - সংস্কৃতিৰ জন্ম দিয়ে । এই সংস্কৃতি পূৰ্বৰ কছাৰী সংস্কৃতিৰ পৰা কিছু হলেও পৃথক । সেয়েহে এই লােকসকল বিভিন্ন স্থানত বিভিন্ন নামেৰে জনাজাত হয় যেনে- বড়াে , কছাৰী , মেচ , ডিমাচা , গাৰাে , হাজং , শৰণীয়া , সােণােৱাল ইত্যাদি । এনে বিস্তৃতিৰ প্রতি লক্ষ্য কৰিয়েই ইতিহাসবিদসকলে অনুমান কৰে যে এসময়ত সমগ্ৰ উত্তৰ - পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলেই কছাৰী ৰাজ্যৰ অন্তর্ভুক্ত আছিল । কিন্তু কছাৰীসকলৰ প্রাচীন ইতিহাস লিখিত ৰূপত পাবলৈ একেবাৰে কঠিন। আহোমসকললে  অসমলৈ অহাৰ পিছত আৰু উত্তৰ-পূব ভাৰত ইংৰাজসকলৰ অধীনলৈ অহাৰ পিছতহে কছাৰী সকলৰ বিষয়ে কিছু তথ্য লিখিতৰূপত পোৱা যায়। ইতিমধ্য উল্লেখ কৰা হৈছে যে আহোমসকলৰ অসমত আগমনৰ সময়ত কছাৰীসকলে ব্ৰক্ষপুত্ৰৰ দক্ষিণ পাৰে দিখৌৰ পৰা কলঙলৈ এই বিস্তৃত ভূ-ভাগত শাসন কৰি আছিল। আহোম বুৰজ্ঞী মতে কছাৰী ৰাজ্য যথেষ্ট শক্তিশালী আছিল। সেয়েহে তেওঁলোকে অসমত প্ৰায় ২০০ বছৰ কাল ৰাজত্ব কৰি যাৱতীয় শক্তি সঞ্চয় কৰাৰ পিছতহে কছাৰী ৰজাৰ পৰাভূত কৰিছিল সক্ষম হৈছিল আৰু ব্ৰক্ষপুত্ৰ উপত্যকাত থকা কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনিছিল। কছাৰী সকলৰ নিজা প্ৰবাদ অনুসৰি তেওঁলোক তিব্বত আৰু চীলৰ পৰা ভাৰতলৈ আহিছিল। কছাৰীসকলৰ কেইজনমান উল্লেখযোগ্য ৰজা হ'ল মহামানিক্য, খুনখৰা, যশোনাৰায়ন, তাম্ৰধ্বজ, কৃষ্ণচন্দ্ৰ, গোবিন্দচন্দ্ৰ আদি। কছাৰীসকলে ব্ৰক্ষপুত্ৰ উপত্যকাৰ পৰা বিতৰিত হৈ ডিমাপুৰত ৰাজধানী পাতে। আহোমসকলে পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰি দখল কৰাৰ পিছত কছাৰীসকলৰ লগত আহোম আৰু ওচৰ চুবুৰীয়া জয়ন্তীয়াসকলে সঘনাই সংঘৰ্ষহৈছিল। ১৮৩২ খ্ৰীষ্টাব্দত গোবিন্দচন্দ্ৰৰ মৃত্যৰ পিছত ইংৰাজসকলে কছাৰী ৰাজ্য নিজৰ ৰাজ্যৰ লগত চামিল কৰে। অৱশ্যে বৃটিছে তুলাৰাম নামৰ সেনাপতি এজনক কাছাৰৰ উত্তৰ অংশত কৰতলীয়া শাসনকৰ্তা পাতিছিল। ইতিহাসত তেওঁক তুলাৰাম সেনাপতি বুলি জনা যায়। তুলাৰাম সেনাপতিয়ে ১৮৫৪ খ্ৰীষ্টালৈ এই ভূ-ভাগত শাসন কৰিছিল 




Class 8 Social Science

Type: Dimi Bora