মানৱ সৃষ্ট পৰিৱেশঃ

সীমান্তহঁতৰ বিদ্যালয়ৰ পৰা গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰিছে। তেওঁলোকৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল লগ লাগি গুৱাহাটীলৈ যাত্ৰা কৰিছে। এটা সময়ত তেওঁলোক আহি শৰাইঘাট দলঙৰ উত্তৰ ফালে বাছৰ পৰা নামিল। গগৈ ছাৰে ছাত্ৰ-ছাত্ৰীসকলক ক'লে一"আমাৰ সন্মখত এয়া শৰাইঘাট দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন নিৰ্মাণ কৰাৰ আগতে মানুহে ফেৰী আৰু নাৱেৰে ইপাৰ সিপাৰ হৈছিল। কিছু বছৰ আগতে এই ঠাইখন সেউজীয়া পাহাৰ আৰু পিতনিৰে ভৰা আছিল। এতিয়া ইয়াত পিতনি পুতি কিছুসংখ্যক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছে। কাষতে এয়া কামৰূপ গ্ৰাম্য জিলাৰ জিলাধিপতিৰ কাৰ্যালয় আৰু ক্ৰীড়া প্ৰকল্প। সমুখত সেয়া উত্তৰ পূব সীমান্ত ৰেল পথ, সৌটো বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি। দক্ষিণপাৰত সৌৱা পাণ্ডু জাহাজ ঘাট। নাতিদূৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। সৌবোৰ গুৱাহাটী মহানগৰৰ ডাঙৰ ডাঙৰ অট্টালিকা। ইয়াৰ পাহাৰবোৰৰ মাটি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হৈছে। এই সকলোবোৰ মানুহৰ কাৰ্য। এই কাৰ্যবোৰে ইয়াত এটা সুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই এনেদৰে প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম-কাজে কোনো এখন ঠাইত যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট বা সাংস্কৃতিক পৰিৱেশ বোলে।

মানৱ সৃষ্ট পৰিৱেশৰ উপাদানঃ

তোমালোকে আগৰ পাঠত পাই আহিছা যে প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদান যেনে一 মাটি, পানী, গছ-গছনি আদিৰে কোনো এখন ঠাইত প্ৰাকৃতিক পৰিৱেশ একোটা সৃষ্টি হয়। মানৱ সৃষ্ট পৰিৱেশো প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ। আমাৰ চাৰিওফালে থকা ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ আদি হ'ল মানৱ সৃষ্ট পৰিৱেশৰ উপাদান। ইয়াৰ লগতে পৰিয়াল সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা-ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান।

মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নয়ন হ'লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে। এনেকৈয়ে পৰিৱেশ প্ৰদূষণ হ'বলৈ ধৰে। এই প্ৰদূষণে মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে।


Class 7 Social Science 

Type: Nayan Moni Deka