তাপ

গ্ৰীষ্ম আৰু শীতকালত আমি পিন্ধা বস্ত্ৰৰ প্ৰকৃতি 

        তোমালোকে জানা যে গ্ৰীষ্মকালত আমি পাতল ৰঙৰ বস্ত্ৰ আৰু শীত কালত সাধাৰণতে গাঢ় ৰঙৰ বস্ত্ৰ পিন্ধিবলৈ পচন্দ কৰোঁ। এনে পচন্দৰ কাৰণ কি হ'ব পাৰে? এই বিষয়ে আলোচনা কৰোঁ আহা। 

ক্ৰিয়াকলাপ ৪.১০

    দুটা একে ধৰণৰ টিনৰ টেমা লোৱা। এটাৰ বহিঃভাগত কলা ৰং আৰু আনটোৰ বহিঃভাগত বগা ৰং দিয়া। প্ৰতিটোত সম পৰিমাণৰ পানী ভৰোৱা আৰু প্ৰায় এঘমন্টা সময় দুয়োটা টেমা মধ্য়াহ্নৰ ৰ'দত থৈ দিয়া। তাৰ পিছত দুয়োটা পাত্ৰৰ পানীৰ উষ্ণতা জোখা। উষ্ণতাৰ তাৰতম্য় চকুত পৰিছেনে?



আমাৰ বাসগৃহ বা গৰম কৰি ৰাখিবলৈ প্ৰায়েই বিদ্যুৎ আৰু আন ইন্ধন যেনে-কয়লা, কাঠ ব্যৱহাৰ কৰোঁ। বাহিৰৰ তাপ আৰু শীতল দ্বাৰা বেছিকৈ প্ৰভাৱিত নোহোৱা বিধৰ গৃহ নিৰ্মাণ সম্ভৱনে? বায়ুৰ তৰপ আৱদ্ধ কৰি ৰাখিব পৰাকৈ গৃহৰ বহিঃ প্ৰাচীৰসমূহ সাজিবলৈ ই সম্ভব। ইয়াৰ এটা উপায় হৈছে ফোপোলা ইটা ব্য়ৱহাৰ কৰা, এনে ধৰণৰ ইটা আজিকালি সহজলভ্য




ক্ৰিয়াকলাপ ৪.১১

ক্ৰিয়াকলাপ ৪.১০ ত ব্য়ৱহাৰ কৰা টেমা দুটাত একে উষ্ণতাত (ধৰা 60°C ) থকা সমপৰিমাণৰ গৰম পানী ভৰোৱা। এতিয়া টেমা দুটা কোঠালীৰ ভিতৰত বা ছাঁ পৰা ঠাইত থোৱা। প্ৰায় ১০-১৫ মিনিটাৰ পিছত পানীখিনিৰ উষ্ণতা জোখা। দুয়োটা টেমাৰ পানীৰ উষ্ণতা জোখা। দুয়োটা টেমাৰ উষ্ণতা একে পৰিমানে কমিছেনে?

    এই ক্রিয়াকলাপকেইটাৰ পৰা গৰম দিনত পাতল ৰঙৰ বস্ত্ৰ আৰু শীতকালত গাঢ় ৰঙৰ বস্তু কিয় বেছি আৰামদায়ক তাৰ কাৰণ বুজিব পাৰিছানে? গাঢ় পৃষ্ঠই অধিক তাপ শােষণ কৰে, আৰু সেই কাৰণেই শীতকালত আমি গাঢ় ৰঙৰ বস্ত্র পিন্ধি আৰাম পাওঁ। পাতল ৰঙৰ বস্ত্রই আপতিত তাপৰ অধিকাংশই প্রতিফলিত কৰে আৰু সেইবাবে গৰম দিনত আমি তেনে বস্ত্র পিন্ধি প্রশান্তি অনুভৱ কৰোঁ।

শীতকালত উণৰ বস্তুই আমাৰ শৰীৰ গৰম কৰি ৰাখেঃ

      শীতকালত আমি উণৰ বস্ত্র ব্যৱহাৰ কৰোঁ। ঊণ তাপৰ কুপৰিবাহী। তদুপৰি উণৰ আঁহৰ মাজত বায়ু আৱদ্ধ হৈ থাকে। এই বায়ুৱে আমাৰ শৰীৰৰ তাপ চৌপাশৰ শীতল অঞ্চললৈ ওলাই যােৱাত বাধা দিয়ে। সেইবাবে আমি গৰম অনুভৱ কৰোঁ।

     ধৰা হ'ল, শীতকালত এখন ডাঠ কম্বল আৰু একেলগে জাপি ৰখা দুখন পাতল কম্বলৰ মাজৰপৰা যিকোনাে এবিধক বাছি ল’বলৈ কোৱা হ'ল। তুমি কোনখন বাছি ল’বা আৰু কিয়? মনত ৰাখিবা যে পাতল কম্বল দুখনৰ মাজত এটা বায়ুৰ তৰপ থাকে।


Type : Ankur Raj Deak

Class 7 Science SCERT Book