খনিজ সম্পদঃ

অসমৰ ভূগৰ্ভত কয়লা, খাৰুৱাতেল, প্রাকৃতিক গেছ, চুণশিল, ছিলিমেনাইট, এছবেছ আদি খনিজ সম্পদ পােৱা যায়। ১৮৮৯ চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। বর্তমান নাহৰকটীয়া, হুগ্রীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, বৰহেলা, লাকুৱা, দিহিং উপত্যকা আদি ঠাইৰ তেলৰ পুঙৰ পৰা খাৰুৱা তেল আহৰণ কৰা হয়। এই পুংসমূহৰ পৰা খাৰুৱা তেলৰ উপৰি প্ৰাকৃতিক গেছাে আহৰণ কৰা হয়। অ ’ এন জি চি ( ONGC - Oil and Natural Gas Commission ), ও আই এল ( OIL - Oil India Limited ) আদি সংস্থাসমূহে খব তেল অনুসন্ধান আৰু উদ্বাটনৰ কাম কৰি আহিছে। অসমৰ পৰা আহৰণ ৰা খাৰুৱাতেল ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু মলিগড় শােধনাগাৰত শােধন কৰাৰ উপৰি অসমৰ বাহিৰলৈও পাইপযােগে পঠিওৱা হয়। খাৰুৱাতেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে। আনহাতে, প্রাকৃতিক গেছৰ অধিক অংশই বর্তমানলৈ উপযুক্ত ব্যৱহাৰ কৰিব পৰা হােৱা নাই ৷ অৱশ্যে, ডিব্ৰুগড়ৰ লেপেটটাত নির্মাণৰত গেছ ক্ৰেকাৰ উদ্যোগৰ নিৰ্মাণ সম্পূর্ণ হলে এই গেছৰ উপযুক্ত ব্যৱহাৰ হােৱাৰ আশা আছে। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি অসমত কিছুসংখ্যক আনুসংগিক উদ্যোগ গঢ়ি উঠিছে। এই দিশত অধিক উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট সম্ভাৱনা আছে (চিত্র ৭.১)। 


উৎপত্তিৰ দিশৰ পৰা অসমৰ কয়লা বেছি পুৰণি। ই টাৰচিয়েৰী যুগৰ। সেয়েহে, ইয়াৰ মান বৰ উন্নত নহয়। উজনি অসমৰ মাকুম,লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, নাগিনিমৰা, আদিত এই শ্ৰেণীৰ কয়লাখিনি আছে। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা, লংলৈ, শিঙিমাৰী আদিত কম পৰিমাণে উৎকৃষ্টমানৰ গণ্ডোৱানা কয়লা পোৱা যায়। এই কয়লাৰ পৰা ৰাজ্যখনে যথেষ্ট ৰাজহ আহৰণ কৰে। কোনো কোনো স্থানত কয়লা অবৈজ্ঞানিক প্ৰণালীৰে মুক্ত খনন কৰাৰ ফলত তাৰ ওচৰে-পাজৰে পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পৰিবলৈ লৈছে।ডিমা-হাছাও জিলাৰ উমৰামচু, কাৰ্বি আংলাং জিলাৰ কয়লাজান আৰু ডিলাই পাহাৰত চূণশিলৰ ভাণ্ডাৰ আছে। এই চূণশিল প্ৰধানকৈ বোকাজানৰ চিমেণ্ট কাৰখানাত ব্যৱহাৰ হয়। আকৌ, কাৰ্বি আংলং জিলাৰ কোনো কোনো ঠাইত কিছু পৰিমাণে ছিলিমেনাইট আৰু চিনামাটি ( China Clay) পোৱা যায়।


Class 7 Social Science 

Type: Nayan Moni Deka