সিদ্ধান্ত গ্ৰহণ কাৰী ক্ষমতাৰ নিৰ্ধাৰণ 

এখন সংবিধান হৈছে বহুবোৰ মৌলিক নীতিৰ সমাহাৰ যাৰ জৰিয়তে এখন ৰাষ্ট্ৰ গঠন বা শাসন কৰা হয় ।  কিন্তু এই মৌলিক  নীতিসমূহৰ কেনে হোৱা উচিত ? কিহৰ  কাৰণে  এই নীতিবোৰক মৌলিক বুলি কোৱা হয়? প্ৰথমেই আমি চাওঁ যে সমাজৰ আইনবোৰ কেনে হোৱা উচিত ? কিবৰ কাৰণে এই নীতিবোৰক মৌলিক মৌলিক বুলি কোৱা হয় । প্ৰথমেই আমি চাওঁ যে সমাজৰ  আইনবোৰ কেনে হোৱা উচিত সেই বিষয়ে কোনে সিদ্ধান্ত  গ্ৰহণ কৰে তুমি বিচৰা নীতিটোৱেই আটাতকৈ শ্ৰেষ্ঠ।  কিন্তু বেলেগ আকৌ ভাবিব যে তেওঁলোকৰ নীতিবোৰেই শ্ৰষ্ঠ । এনে এটা বিবাদ আমি কিদৰে নিষ্পত্তি কৰিব পাৰো ? সেয়েহে কি নীতিয়ে আমাক শাসন কৰিব সেইবিষয়েৈ সিদ্ধান্ত লোৱাৰ আগেয়ে কোনে এই সিদ্ধান্ত লব বিষয়ে জনাৰ প্ৰয়োজন ।

সংবিধানে এনে প্রশ্ন এটাৰ সমিধান দিব পাৰিব লাগিব । ই সমাজত ক্ষমতাৰ বিতৰণ নির্ধাৰণ কৰে । ই কোনখন আইন গ্রহণ কৰা হব সেই বিষয়ে কোনে সিদ্ধান্ত লৰ , সেই কথা নিৰূপন কৰে । নীতিগতভাৱে এই প্রশ্নটোৰ উত্তৰ বিভিন্ন ধৰণে দিব পাৰি। ৰাজতন্ত্রত ৰজাই সিদ্ধান্ত গ্রহণ কৰে ।। পূৰ্ব্ব চোভিয়েত ইউনিয়নত এটা দল অর্থাৎ কমিউনিষ্ট দলক সিদ্ধান্ত গ্রহণৰ ক্ষমতা দিয়া হৈছিল । গণতান্ত্রিক সংবিধানত জনসাধাৰণৰ সিদ্ধান্ত গ্রহণ কৰাৰ চূড়ান্ত ক্ষমতা আছে । কিন্তু এই বিষয়টো ইমান সহজ হয় । যদি আমি ধৰি লওঁ যে জনসাধাৰণে সিদ্ধান্ত লয় , ই প্রশ্নটোৰ সম্পূর্ণ  উত্তৰ নহলে । জনসাধাৰণে কিদৰে সিদ্ধান্ত  গ্ৰহম কৰে ।  এখন আইন হবলৈ হলে সকলোৰে সন্মতিৰ  । প্ৰয়োজন আছেনে? প্ৰাচীন  গ্ৰীচৰ দৰে জনসাধাৰণে প্ৰত্যকটোৰ  বিষয়তে প্ৰত্যক্ষভাৱে ভোট  দিয়া উচিতনে?অথবা জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰি তেওঁলোকৰ পছন্দ ব্যক্ত কৰিব পাৰে নেকি ? ?যদি  জনসাধাৰণে প্ৰতিনিধি সকলৰ হৈ কাম কৰে , তেতিয়াহলে এই প্ৰতিনিধিসকল কিদৰে  নিৰ্বাচিত হব বা তাত কিমান প্ৰতিনিধি থাকিব 

     ভাৰতীয় সংবিধানত এইটো উল্লেখ কৰা হৈছে যে বেছিভাগ ক্ষেত্ৰতেই সংসদে আইন আৰু নীতিসমূহ নির্ধাৰণ কৰিব আৰু এক নির্দিষ্ট ধৰণেৰে সংসদ গঠিত হব । এখন সমাজত আইন কি , সেই বিষয়ে নির্দিষ্ট কৰাৰ আগেয়েই সেই আইন প্রণয়ণ কৰিবৰ কাৰণে কাৰ কর্তৃত্ব আছে সেই কথা নিৰুপণ কৰিব  লাগিব । যদি সংসদৰ আইন প্রণয়ণ কৰাৰ কর্তৃত্ব আছে , তাত এনে এক আইন থাকিব লাগিব যিখনে সংসদৰ ওপৰত আইন  প্রণয়ণ কর্তৃত্ব ন্যস্ত কৰে । এইটো হৈছে । সংবিধানৰ কাম , ই এনে এটা কর্তৃত্ব যি চৰকাৰ গঠন কৰে । 

    সংবিধানৰ দ্বিতীয় কামটো হৈছে সমাজত সিদ্ধান্ত গ্রহণ কৰাৰ কাৰণে কাৰ ক্ষমতা আছে সেই কথা নিৰূপণ কৰা । চৰকাৰ কিদৰে গঠিত হ’ব সেইবিষয়ে সংবিধানেই সিদ্ধান্ত লয় ।

Type Sumit Patar 

Class 11 Political Science