পৃথিৱীৰ অভ্যন্তৰ ভাগ | মাটি


মাটিঃ

ভূত্বকৰ আন এবিধ উপাদান হল মাটি। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো যত আমি ঘৰ-দুৱাৰ সাঁজো, খেতি-বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, যত গছ-গছনিয়ে খামোচ মাৰি ধৰি থাকে সেই অংশক আমি মাটি বুলি কওঁ। সাধাৰণতে শিলৰ পৰাই মাটিৰ পত্তি হয়। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি। প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূৰ্ণ-বিচূৰ্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়।

সাধাৰণতে প্ৰকৃত মাটি ভূ-পৃষ্ঠৰ পৰা ৫ৰ পৰা ১০ ফুট তললৈ পোৱা যায়। মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। মাটিৰ জৈৱিক উপাদান বুলিলে সাধৰণতে হিউমাছক বুজায়। মাটিত থকা গছ-গছনিৰ ডাল-পাতৰ অংশ, বিভিন্ন জীৱ যনে一কেঁচু, কুমতি,এন্দুৰ, পোক-পৰুৱা মৃতদেহ, গৰু-ম'হ আদি বিভিন্ন জীৱ-জন্তুৰ বিষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদাৰ্থ। এনে পদাৰ্থসমূহ ৰ'দত শুকাই, পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছ সৃষ্টি কৰে। এনে জৈৱিক পদাৰ্থসমূহে উদ্ভিদক পুষ্টিৰ যোগদান ধৰে। মাটিত জৈৱিক পদাৰ্থ বেছি হ'লে মাটিৰ পানী ধাৰণ কৰাৰ ক্ষমতা বাঢ়ে মাটিত থকা পানী ভাগে গছৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আনহাতে মাটিত মিহলি হৈ থকা অজৈৱিক পদাৰ্থবোৰ হ'ল নাইট্ৰ'জেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফচফৰাচ, কেলছিয়াম, লো-তাম ইত্যাদি। কাষৰ ২.৬চিত্ৰখনলৈ ভালকৈ মন কৰিলে মাটি সম্বন্ধে ধাৰণা ল'ব পাৰিবা।

ৰাসায়নিক উপাদান, ভৌতিক গঠন, উৎপত্তিৰ স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ শ্ৰেণী বিভাজন কৰা হয়। সাধাৰণতে দানাবোৰ অতি সূক্ষ্ম আৰু স্থূল দানা হ'লে বালি-অঁহীয়া আৰু প্ৰধানকৈ স্থূল দানা হ'লে বালিয়া মাটি বোলা হয়। উৎপত্তি আৰু গঠন অনুযায়ী মাটিৰ প্ৰধান ভাগবোৰ হ'ল一

                                        মাটি

        ৎপত্তি অনুসৰি                 গঠন অনুসৰি

    অৱশিষ্ট         অপসৃত     পৈণত    আন্ত    অপৈণত


ভূত্বক আৰু জীৱজগত

আমি বাৰু ক'ত বাস কৰি আছাে ? ভূত্বকৰ ওপৰৰ অংশত নহয় জানো ? এই ভূত্বকৰ লগত জীৱ - জগতৰ এক ওতঃপ্রােত সম্পর্ক আছে । সকলাে প্ৰকাৰৰ প্রাণী আৰু উদ্ভিদৰ আবাসস্থলী হ’ল ভূত্বক । আমাৰ জীৱন যাত্রা , আচাৰ ব্যৱহাৰ , খেতি বাতি , অনুষ্ঠান - প্রতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোেবােৰ ভূত্বকৰ ওপৰতে নিৰ্ভৰশীল। ভূত্বকৰ অংশ হিচাপে পর্বত-পাহাৰ, মালভূমি-সমভূমি আদিত জীৱজগতৰ আবাসস্থলী যদিও জলমণ্ডলত জীৱজগতৰ প্ৰসাৰতা আছে। তেনেকৈ মৰু প্রধান আৰু শীত প্রধান অঞ্চলতাে কম বেছি পৰিমাণে জীৱ-জগত বিদ্যমান। ভূত্বকত পােৱা বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱজগতক বিশেষভাৱে প্ৰভাৱ পেলাই আহিছে । আনহাতে ভূত্বকত পােরা বিভিন্ন ধৰণৰ খনিজ পদার্থ যেনে নাইট্রজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফচফৰাচ, কেলছিয়াম, লাে, তাম, সীহ আদিয়ে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত বিশেষ অৰিহণা যােগাই আহিছে। মানুহৰ জীৱন -ধাৰণৰ বাবে খাদ্য দ্রব্য, নানাধৰণৰ সামগ্রী, বাসস্থান আদি ভূত্বকৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল। ভূত্বকত পােৱা শিলক আমাৰ প্ৰয়ােজন মতে বিভিন্ন কামত ব্যৱহাৰ কৰি আমাৰ অভাৱ পূৰণ কৰাে । শক্তিৰ উৎস কয়লা, খনিজাত তেল, প্রাকৃতিক গেছ আদি স্তৰীভূত শিলাৰ মাজৰ পৰাই আমি সংগ্রহ কৰোঁ। সােণ, ৰূপ, তাম, দস্তা আদিবােৰ আমি আগ্নেয় আৰু ৰূপান্তৰিত শিলৰ পৰাই পাওঁ। তদুপৰি গ্ৰেণাইট, বেল্ট, বালিশিল, শ্লেট, মাৰ্বল আদি শিলাসমূহ আমি ঘৰবাৰী, ৰাস্তা-ঘাট নির্মাণ কার্যত বহুলভাৱে ব্যৱহাৰ কৰোঁ। কৃত্রিম সাৰ, চিমেন্ট, চূণ আদি প্ৰস্তুত কৰিবলৈ চুণশিল ব্যৱহাৰ কৰা হয়। ঘৰ বান্ধিবলৈ ব্যৱহাৰ কৰা ইটা সাধাৰণতে বােকা বা আলীয়া মাটিৰ পৰা তৈয়াৰ কৰা হয়।

দ্রুতগতিত বৃদ্ধি পােৱা জনসংখ্যাই ভূত্বকৰ লগতে মাটিৰ বিভিন্ন প্রকাৰে ক্ষতিসাধন কৰি আছে। ভূমিস্খলন, খহনীয়া, ৰ’দ, বতাহ, বৰষুণ আৰু মানুহৰ বিভিন্ন কার্যই পৃথিৱীৰ ভূত্বকত থকা শিল, মণিক আৰু মাটিৰ বিভিন্ন প্রকাৰে ক্ষতিসাধন কৰি আহিছে। দ্রুত উদ্যোগীকৰণ, যানবাহনৰ বর্ধিত সংখ্য, খেতিবাতিত ব্যৱহাৰ হােৱা বিভিন্ন সাৰ, কীটনাশক দ্রব্য, নগৰীয়া আবর্জনা আদিৰ বাবে পৃথিৱীৰ উপৰিভাগত প্ৰদূষণ ক্রমান্বয়ে বাঢ়ি গৈছে। সেয়েহে মাটিৰ ক্ষয়কার্য বােধ কৰাটো আৰু প্ৰদূষণ মুক্ত কৰি ৰখাটো মানৱ জাতিৰ বাবে অতি প্রয়ােজনীয়। এই প্রদূষণসমূহ মাটিত এবাৰ সােমাই গ’লে ই এটা চক্র ( cycle ) ৰ অংগ হৈ পৰে আৰু উদ্ভিদ, মানুহ আন জীৱ-জন্তুৰ বহুতাে ক্ষতিসাধন কৰে । মাটি ক্ষয় হােৱা কাৰ্য ৰােধ কৰিবলৈ গছ - গছনি, ঘাঁহ বন আদিৰে ইয়াক সদায় ঢাকি ৰাখিব লাগে। খেতি বাতিত ৰাসায়নিক সাৰৰ পৰিৱর্তে জৈৱিক সাৰ প্ৰয়ােগত গুৰুত্ব দিব লাগে। মাটিৰ উৰ্বৰতা ৰক্ষা কৰিবলৈ সময়ে সময়ে খেতিবােৰ সলনি কৰিব লাগে। এনেধৰণৰ পদক্ষেপে ভূত্বকক প্রদূষণমুক্ত কৰি তােলে আৰু জীৱ-জগতৰ বাবে বসবাসৰ উপযােগী কৰি তোলাত সহায় কৰ।


Type: Nayan Moni Deka
Class 7 Social Science