সংবিধানৰ মূল ব্যৱস্থাসমূহৰ

    সফল সংবিধান এখনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে যে-  ই সমাজৰ প্ৰত্যক লোককে সংবিধানৰ ব্যৱস্থাসমূহৰ সৈতে আগবাঢ়ি যোৱাৰ সুবিধা দিয়ে । এনে এখন সংবিধান যিখনে স্থায়ী সংখ্যা গৰিষ্ঠক সমাজৰ সংখ্যালঘু সকলক শােষণ কৰাৰ এটা সুবিধা দিয়ে , তেনে এখন সংবিধানৰ সৈতে সংখ্যালঘুসকলে আগবাঢ়ি যােৱাৰ প্রশ্নই উঠিব নােৱাৰে । তদুপৰি এখন  সংবিধান যিখনে এচাম লােকক আন এচাম লােকৰ বিনিময়ত সুবিধা দিয়ে বা পদ্ধতিগতভাবে সমাজৰ এক ক্ষুদ্র গােষ্ঠীৰ হাতত ক্ষমতা কেন্দ্রীভূত কৰে , তেনে এক সংবিধানে জনসাধাৰণৰ আনুগত্য লাভ কৰিবলৈ ব্যর্থ হব । যদি সমাজৰ যিকোনাে গোষ্ঠীয়ে ভাবে যে তেওঁলােকৰ অস্থিত্বক আওকান কৰা হৈছে , সেই সংবিধানৰ দ্বাৰা পালিত হােৱাত তেওঁলােকৰ যুক্তি নাথাকিব । সংবিধানে নিজৰববীয়াকৈ বিশুদ্ধ ন্যায়ও প্রদান কৰিব নােৱাৰে । কিন্তু ইজনসাধাৰণক পতিয়ন নিয়াব লাগিব যে ই এনেকুৱা এক কাঠামুৰ সৃষ্টি কৰিছে যাৰ জৰিয়তে মৌলিক ন্যায় পােৱাটো সম্ভৱ হৈ উঠিব । 

    এই কথা চিন্তা কৰাচোন । নিজকে এই প্রশ্নটো সােধাচোন সমাজত মৌলিক নীতি নিয়মসমুহ কেনেকুৱা হ'ব লাগে । যিবােৰ সমাজৰ সকলােৱে গ্ৰহণ কৰিব । এখন সংবিধানে যিমানেই অধিক স্বাধীনতা আৰু সমতা দিব পাৰিব


 নেপালত সংবিধান প্রস্তুতকৰণৰ ওপৰত বিতর্কঃ 

    সংবিধান এখন প্রস্তুত কৰাটো ইমান সহজ কাম  নহয় । সংবিধান প্রস্তুত কৰাৰ জটিল প্রকৃতিৰ এক অন্যতম উদাহৰণ হৈছে - ‘ নেপাল । ১৯৪৮ চনৰ পৰা নেপালৰ ৫ খন সংবিধান আছিল । ১৯৪৮ চনত ; ১৯৫১ চন ; ১৯৫৯ চন ; ১৯৬২ চন আৰু ১৯৯০ চনত এই ৫ খন সংবিধান বলবৎ কৰা হৈছিল । কিন্তু এই সকলােবােৰ সংবিধান নেপালৰ ৰজাই দিয়া সংবিধান । ১৯৯০ চনৰ সংবিধানে এক বহু দলীয় ব্যৱস্থাৰ আৰম্ভ কৰিছিল । কিন্তু তাৰ মাজতাে চুড়ান্ত ক্ষমতা ৰজাৰ হাততেই ন্যস্ত আছিল । যােৱা দহ বছৰ ধৰি নেপালে নিজৰ ৰাজনৈতিক ব্যৱস্থাটো পণগঠন কৰাৰ বাবে হিংসাত্মক আন্দোলনৰ সন্মুখীন হৈ আহিছে । নেপালৰ সংবিধানত ৰাজতন্ত্ৰৰ ভূমিকাই হৈছে আটাইতকৈ গুৰুত্বপর্ণ । নেপালৰ একাংশ লােকে ৰাজতন্ত্ৰৰ অৱসান ঘটাই গনৰাজ্য প্রতিষ্ঠা কৰিব বিচাৰিছিল । আন একাংশ লােকে এক সীমিত ৰাজতন্ত্রৰ ওপৰত গুৰুত্ব দিছিল । ৰজাই নিজেও ক্ষমতা এৰি দিয়াৰ পক্ষত নাছিল । ২০০২ চনৰ অক্টোবৰ মাহত ৰজাই সকলােবােৰ ক্ষমতা গ্রহণ কৰিছিল ।

     নেপালৰ বহুবােৰ ৰাজনৈতিক দল আৰু সংগঠনে এখন নতুন সংবিধান সভা গঠন কৰিবলৈ দাবী জনাই আহিছে । নেপালৰ কমিফনিষ্ট পার্টি ( মাওবাদী ) য়ে জনপ্রিয়ভাবে নির্বাচিত সংবিধান সভাৰ দাবীটো সদায়েই আগবঢ়াই আহিছে । শেহতীয়াকৈ জনপ্রিয় আন্দোলনৰ হেঁচাত ৰজাই সকলােৰে কাৰণে গ্রগণযােগ্য হােৱাকৈ । এখন চৰকাৰ গঠন কৰিছে । এই চৰকাৰে ৰজাৰ সকলােবােৰ ক্ষমতাইকৰ্তন কৰিছে । এতিয়া সকলােবােৰ দল লগ লাগি কিদৰে এখন সংবিধান সভা গঠন কৰিব সেই সম্বন্ধে প্রচেষ্টা চলাই আছে । 

    সিমানেই ই সাফ্যমগুিত হব।  ভাৰতীয় সংবিধানে বহলভাৱে প্ৰত্যকজন লোককে ইয়াৰ চাৰিসীমাৰ ভিতৰত বিচৰণ কৰাৰ সুযোগ দিছেনে ?  এই কিতাপখন পঢ়াৰ পিছত প্ৰত্যকেই এই প্ৰশ্নটো ইতিবাচক ৰূপত দিবলৈ সক্ষম হোৱা উচিত  ।

Type Sumit Patar

Class11Political Science