পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তনঃ আভ্যন্তৰীণ আৰু বাহ্যিক শক্তি

আমি বাস কৰা পৃথিৱীৰ উপৰিভাগৰ ভূপ্ৰকৃতি সকলোতে একে নহয়। ইয়াৰ কোনো ঠাই সমান আৰু কোনো ঠাই ওখোৰা-মোখোৰা অৰ্থাৎ পৰ্বত-পাহাৰে আগুৰা। পৃথিৱীৰ উপৰিভাগ এনে বিভিন্ন ভূ-আকৃতি বা ভূ-অৱয়বৰে গঠিত। এই ভূ-অৱয়ববোৰ দুই ধৰণৰ শক্তিৰ ক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। সেয়া হৈছে আভ্যন্তৰীণ শক্তি (Endogenetic Force) আৰু বাহ্যিক শক্তি (Exogenetic Force)।


পৃথিৱীৰ অভ্যন্তৰ ভাগ বা ভূ-গৰ্ভ এতিয়াও উত্তপ্ত অৱস্থাতে আছে। এই উত্তপ্ত পদাৰ্থবোৰৰ প্ৰচণ্ড তাপ আৰু হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত আছে। এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোৰ ঠায়ে ঠায়ে মাজে সময়ে প্ৰবল জোঁকাৰণিৰ সৃষ্টি হয়। ইয়ে হ'ল ভূ-আন্দোলন। এই ভূ-আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো অংশ ওপৰলৈ উঠি যাব পাৰে বা কোনো অংশ তললৈ বহি যাব পাৰে। ইয়াৰ ফলত ভূ-পৃষ্ঠত বিভিন্ন ধৰণৰ ভূ-অবয়বৰ সৃষ্টি হয়। এনে ভূ-অবয়ববোৰক আভ্যন্তৰীণ শক্তিৰ ক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয়।

ভূ-ত্বকত সঘনাই ঘটি থকা ভূ-আন্দোলনৰ এটি উদাহৰণ  হ'ল一 ভূমিকম্প (Earthquake)। পৃথিৱীৰ খোলাটো বা ভূত্বক কেইখনমান ফলকত বিভক্ত। এই ফলকবোৰে ধীৰ গতিৰে ইফালে সিফালে লৰচৰ কৰি থাকে। ফলকবোৰ ভূত্বকৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত ওপঙি আছে। এই ফলকবোৰ লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোঁকাৰণিয়েই ভূমিকম্প। ভূ-ত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ ( Focus) বুলি কোৱা হয়। এই কেন্দ্ৰটো সাধাৰণতে ভূ - পৃষ্ঠৰ পৰা বহু কিলােমিটাৰ তলত থাকে। কেন্দ্ৰটোৰ ঠিক ওপৰৰ; পৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্র বা অধিকে ( Epicentre ) বােলা হয়। অধিতে ভূমিকম্পৰ জোকাৰণিৰ তীব্রতা আটাইতকৈ বেছি। এই জেঁকাৰণি টো বা তৰংগ হিচাপে তাঁতৰলৈ আগবাঢ়ি গৈ থাকে। ভূমিকম্প এবিধ প্রলয়ংকৰী প্রাকৃতিক দুর্যোগ। ই ভূ - পৃষ্ঠত নানা ধৰণৰ পৰিৱৰ্তন সুধন কৰে। ইয়াৰ ফলত - পৃষ্ঠৰ কোনাে ঠাই উঠি যাব পাৰে আৰু কোনাে ঠাই বহি যাব পাৰে নদীৰ গতি পথ সলনি হ'ব পাৰে । নৈৰ তুলি ভাগ উঠি আহিব পাৰে। সাগৰৰ তলিত ভূমিকম্পৰ উৎপত্তি হলে সাগৰৰ পানীত প্রচণ্ড ঢৌৰ সৃষ্টি হয়। এনে টেকছুনামি ( Tsunami ) বােলা হয়।ছুনামিয়ে উপকূল অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে। ভূমিকম্পত  মানুহৰ ঘৰ দুৱাৰ ভাঙি জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। 

আগ্নেয়গিৰিৰ উদগীৰণো আভ্যন্তৰীণ শক্তিৰ দ্বাৰা ঘটা এটি উল্লেখযোগ্য পৰিঘটনা। ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকৰ ফাকেদি ভূ-গৰ্ভৰ পৰা উত্তপ্ত গলিত শিল, ধাতু, ধোঁৱা, ছাঁই, বাষ্প আদি প্রবল বেগেৰে বাহিৰ ওলাই আহি ভূ- পৃষ্ঠৰ ওপৰত চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰি বােলে। ভূগৰ্ভৰ পৰা ওলাই অহা পদার্থবােৰক লাভা বােলা হয়। যিটো বাটেৰেবানলীৰে ভূগৰ্ভৰ পৰা লাভাবােৰ ওলাই আহে তাক জ্বালানী (Vent) আৰু ভূ- পৃষ্ঠৰ ওপৰত ওলাই থকা নলীৰ মুখখনক জ্বালামুখ (Crater) বােলা হয়। লাভাবােৰে ভূ- পৃষ্ঠত বহুতাে পৰিৱৰ্তন সাধন কৰে। ভূ- পৃষ্ঠত জমা হােৱা লাভাই পর্বত, পাহাৰ, মালভূমি, সমভূমি আদিৰ সৃষ্টি কৰিব পাৰে। জ্বালামুখত পানী জমা হৈহ্রদৰ সৃষ্টি হ'ব পাৰে। ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত পদার্থবােৰেনগৰ, চহৰবা অৰণ্য অঞ্চল পুতি পেলাব পাৰে। 


ভূ-পৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন এটা শক্তি হ'ল বাহ্যিক শক্তি। বাহ্যিক শক্তিৰ ক্ৰিয়াৰ দ্বাৰা ভূৃ-পৃষ্ঠত থকা বিভিন্ন ভূ-অৱয়ববোৰৰ ক্ষয় হয়। ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি বাহ্যিক শক্তিবোৰে ভূ-অৱয়বত এই ক্ষয় সাধান কৰে। এই প্ৰক্ৰিয়াৰে ওখ, চাপৰবোৰ সমান কৰা কাৰ্য চলি থাকে। এই কাৰ্য দুই ধৰণে চলে। ইয়াক বিচুৰ্ণীভৱন (Weathering) আৰু ক্ষয়ীভৱন (Erosion) বুলি জনা যায়। ক্ষয়ীভৱনৰ দ্বাৰা ক্ষয় হোৱা পদাৰ্থবোৰ নদী, বৰষুণ, বতাহ, হিমবাহ আদিয়ে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। ইয়াক পৰিবহণ বোলে। এইদৰে কঢ়িয়াই নিয়া পদাৰ্থসমূহ দ ঠাইত জমা কৰাকে অৱক্ষেপণ বোলা হয়। এনেদৰে ভূ-পৃষ্ঠত নানাধৰণৰ ভূ-অৱয়বৰ সৃষ্টি হয়।

Social Science Class 7

Type: Nayan Moni Deka