Page no 45

২.২ জনসংখ্যাৰ সমস্যা ( Problem of population )   ঃ  

        যিবিলাক সমস্যাই ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ সন্মুখত প্রত্যাহ্বান হিচাপে দেখা দিছে তাৰ ভিতৰত মূল সমস্যাটোৱেই হৈছে জন বিস্ফোৰণ। জন বিস্ফোৰণে জনসংখ্যাৰ অত্যাধিক বৃদ্ধিকে সূচায়। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰতে সর্বাধিক। জনসংখ্যাৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। প্রথম জনবহুল দেশ হ’ল চীন দেশ। ২০১১ চনৰ লােকপিয়ল মতে ভাৰতৰ জনসংখ্যা হৈছে ১২১ কোটি। বিশ্বৰ মাটিকালিৰ ২.৪ শতাংশ ভাৰতবৰ্ষত আছে আৰু বিশ্বৰ জনসংখ্যাৰ ১৭.৫ শতাংশ হৈছে 

Page no 46

ভাৰতৰ জনসংখ্য়া।

        ভাৰতবৰ্ষত সকলো ৰাজ্য়ৰ ভিতৰত অধিক জনবহুল ৰাজ্য় হৈছে উত্তৰপ্ৰদেশ (২০১১ চনৰ লোকপিয়ল মতে ১৯.৯ কোটি)। আটাইতকৈ কম জনসংখ্য়া আছে লাক্ষাদ্বীপত (৬৪,৪২৯ জন)। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্য়া হৈছে নগাওঁ জিলা ২৮ লাখ ২৬ হাজাৰ। ইয়াৰ পিছতেই আছে ধুবুৰী জিলাৰ নাম (১৯ লাখ ৪৮ হাজাৰ)। অসমৰ আটাইতকৈ কম জনসংখ্য়া থকা জিলাওখন হৈছে ডিমা হাচাও (২,১৩,৫২৯)।

২০১১ চনৰ লোকপিয়ল মতে ভাৰত তথা অসমৰ কিছু জনসাংখ্য়িক তথ্য় ঃ 

    ভাৰতবৰ্ষৰ কিছু জনসাংখ্য়িক তথ্য়一

১।  জনসংখ্য়াৰ ঘনত্ব (প্ৰতি বৰ্গকিলোমিটাৰত জনসংখ্য়া) ঃ ৩৮২ জন। আটাইতকৈ বেছি জনসংখ্য়াৰ ঘনত্ব থকা ৰাজ্য় হ'ল পশ্চিমবংগ ((১০২৯) আৰু সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্য় হ'ল অৰুণাচল প্ৰদেশ (১৭)।

Page no 47

২।    দশকটোত (২০০১-২০১১) জনসংখ্যা বৃদ্ধি (Decadal growth) ৰ হাৰ হৈছে ১৭.৬৪ শতাংশ।

৩।   লিংগ অনুপাত (প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা) ৯৪০। দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালাত লিংগ অনুপাত সর্বাধিক (১০৮৪) আৰু হাৰিয়ানাত লিংগ অনুপাত সর্বনিম্ন (৮৭৭)।

অসমৰ কিছু জনসাংখ্যিক তথ্য—

১।   অসমৰ জনসংখ্যা ঘনত্ব হৈছে ৩৯৭ জন। অর্থাৎ অসমৰ জনসংখ্যা ঘনত্ব দেশৰ জনসংখ্যা ঘনত্বতকৈ বেছি। অসমৰ কামৰূপ মহানগৰ জিলাত জনসংখ্যাৰ ঘনত্ব সর্বাধিক (২০১০)। দ্বিতীয় জনসংখ্যা ঘনত্ব বেছি থকা জিলা হ’ল ধুবুৰী (১১৭১)। সর্বনিম্ন জনসংখ্যা ঘনত্ব থকা ৰাজ্য হ’ল ডিমা হাচাও (৪৪)।

২।    দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ হ’ল ১৫.৩৫ শতাংশ। এই হাৰ ধুবুৰী জিলাত সর্বাধিক (২৪.৪ শতাংশ) আৰু কোকৰাঝাৰত সর্বনিম্ন (৫.১৯)।

৩।   অসমৰ লিংগ অনুপাত হৈছে ৯৫৪। ই এক শুভ লক্ষণ। কাৰণ এই অনুপাত সর্বভাৰতীয় অনুপাততকৈ বেছি। মৰিগাঁও জিলাত লিংগ অনুপাত আটাইতকৈ বেছি (৯৭৪) আৰু কামৰূপ মহানগৰত আটাইতকৈ কম (৯২২)। 

        অসম তথা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহৰ ভিতৰত তলৰ কাৰণবােৰ উল্লেখযােগ্য   ঃ

১।      উচ্চ জন্ম হাৰ।

।     নিৰক্ষৰতা।

৩।     দৰিদ্ৰতা।

৪।      সামাজিক অজ্ঞতা।

৫।      জনসংখ্য়া শিক্ষাৰ অভাৱ।

            অসমৰ ক্ষেত্ৰত বহিঃ ৰাজ্য় আৰু ৰাষ্ট্ৰৰ পৰা অহা প্ৰব্ৰজনে জনসংখ্য়াৰ সমস্য়াটোক অধিক জটিল কৰি তুলিছে। বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু নেপালৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশ অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলাইছে।





Class 9 Social Science Part 3 


Bidyut Thakuria