Page no 42

২.১.১ দৰিদ্ৰতাৰ সংজ্ঞা (Definition of Poverty)

        পৃথিৱীৰ বিভন্ন দেশে সন্মুখীন হৈ অহা এক জলন্ত সমস্য়া হৈছে দৰিদ্ৰতা। দৰিদ্ৰতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্য়ক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য়, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্য়ৰ সুবিধাসমূহ আহৰণত ব্য়ৰ্থ হয়।

        সম্পদ আৰু আয়ৰ অসম বিতৰণে এখন দেশৰ অৰ্থনীতিত অৰ্থনৈতিক অসমতাৰ সৃষ্টি কৰে। ইয়াৰ ফলস্বৰূপে ধনী আৰু দুখীয়াৰ মাজত থকা ব্য়ৱধান বৃদ্ধি পায়। ফলত 

Page no 43

দৰিদ্ৰ লোকসকল দৰিদ্ৰতাৰ পাকচক্ৰ (Vicious Ciurcle of  Poverty)ত পৰা আৰু অধিক দৰিদ্ৰতাৰ মাজলৈ গতি কৰে।




Class 9 Social Science 9 Part3


Bidyut Thakuria