বংশগতিৰ আণবিক আধাৰ | অধ্যায় ৬ | Chapter 6 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam Molecular Basis of Inheritance Chapter Answer 

বংশগতিৰ আণবিক আধাৰ

প্ৰশ্নমালা

অতি চমু প্রশ্নোত্তৰ:


শূন্যস্থান পূৰণ কৰা: 


১। DNA এটি দীঘল_______পলিমাৰ।

উত্তৰঃ নিউক্লিয়টাইড।

২। ইউৰেচিল পোৱা যায়_______।

উত্তৰ: RNA

৩। পিউৰিন আৰু পাহৰিমিডাইনক একেলগে কোৱা হয়।

উত্তৰ: নাইট্ৰ'জেনযুক্ত ক্ষাৰক।

৪। দুটা ওচৰা-ওচৰিকৈ থকা ক্ষাৰক যোৰৰ মাজত দূৰত্ব______।

উত্তৰঃ 0.34 নেন মিটাৰ।

৫। যিটো ক্রমেটিন ঘনকৈ পকোৱা আৰু ডাঠ নং দৰে তাক______বোলে।

উত্তৰঃ হেটেৰ ক্ৰমেটিক।

৬। DNA ৰ অনুকৃত্যায়নক_______বোলে।

উত্তৰঃ অর্ধসংৰক্ষিত প্রতিকৃতিকৰণ।

৭। এটি জিনৰ বংশগতিৰ______একক বোলে।


উত্তৰঃ মৌলিক।

৮। এটা DNA ৰ অংশ যি এটি পলিপেপ্টাইডৰ সংকেত বহন কৰে।

উত্তৰঃ চিস্ট্রন।

৯। AUG য়ে_______সংকেত দিয়ে।

উত্তৰঃ মিথিওনিন।

১০। ______ই লেক অপেৰনৰ নিৰোধকৰ সংকেত দিয়া। 

উত্তৰ: i-gene

১১। মানৱ জিন সমুদায় প্রকল্পই জীব বিজ্ঞানত এটি নতুন দিশ উন্মোচন হ'ল সেইটো হল______।

উত্তৰঃ বায় ইনফৰমেটিকছ।

১২। লেক অপেৰন নিয়ন্ত্ৰণ কৰা নিৰোধকক কোৱা হয়______।

উত্তৰ: i-gene

১৩। গাঠনিক জিনৰ______প্রান্তিয় খণ্ড।

উত্তৰঃ প্ৰাৰম্ভিক।

১৪। mRNA ৰ কিছুমান অতিৰিক্ত গুণ জড়িত হৈ থাকে যি প্রতিলিপিত নহয় আৰু______বুলি কোৱা হয়।

উত্তৰঃ নিলম্বন সংকেত।

১৫। ট্রান্সক্রিপচনৰ সময়ত RNA পলিমাজেজ_______ৰ সৈতে যুক্ত হয়।


উত্তৰঃ উন্নীতকাৰক।

অতি চমু উত্তৰৰ প্ৰশ্ন:

১। চেটেলাইট DNA কাক বোলে?

উত্তৰঃ DNA ফিংগাৰ প্রিন্টিঙৰ সময়ত পুঞ্জীভূত DNA ইমুখ্য শীর্ষবিন্দু গঠন কৰাৰ উপৰি যিবিলাক সৰু সৰু শীর্ষবিন্দু গঠিত হয় সেই বিলাকক চেটেলাইট DNA বোলে।

২। চেন্ট্রেল ডগা কি?

উত্তৰঃ চেন্ট্রেল ডগমা বা কেন্দ্রীয় মতবাদ ফ্রান্সিছ ক্রিকে আগবঢ়াইছিল। এই মতবাদ মতে প্রটিন সংশ্লেষণ একমুখী:

DNA → mRNA → প্রটিন।

এই মতবাদ যুক্তিত ঊর্দ্ধত হোৱাৰ বাবে ইয়াক ডগমা বোলা হয়।

৩। অট' ৰৈডিওগ্রাফীৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোনো দ্ৰব্যৰ ওপৰত তেজস্ক্রিয় আয়নৰ ক্ৰিয়া কৰি তাৰ পৰা নিৰ্গত তেজস্ক্রিয় পদাৰ্থৰ পৰিমাণৰ ছবি বিশেষ সঁজুলিৰে লৈ এটি আৰ্হি গঠন কৰিব পৰা যায়।

৪। লেক অপেৰণৰ আৱিষ্টক কি?

উত্তৰঃ বিটন-গেলেক্ট চাইডেইজৰ উৎসেচকৰ কাৰ্য্য দ্রব্য লেক্টেইজে অপেৰণ খোলা আৰু বন্ধ ৰখাত সহায় কৰে বাবে লেক্টেইজক অৱিষ্টকাৰক বোলে।

৫l গ্রিফীথে ৰূপান্তৰকৰণ পৰীক্ষাৰ বাবে কোন বেক্টেৰিয়া ব্যৱহাৰ কৰিছিল?

উত্তৰঃ Streptococcus pneumonia.

৬। কোনে প্রমাণ কৰিলে যে ক্রমজমত থকা DNA ইও অৰ্ধৰক্ষশীলভাবে অনুকৃত্যায়ন কৰে?

উত্তৰঃ মেছেলছন আৰু ষ্টাল।


৭। লেক অপেৰণত কিমানটা গাঠনিক জিন আছে?

উত্তৰঃ তিনিটা (x,y আৰু a)

৮। অনুবাদ কি?


উত্তৰঃ mRNA থকা প্রটিন সংশ্লেষণৰ সংকেত অনুযায়ী (RNA ই এটা এটাকৈ এমিন' এছিড সংগ্ৰহ কৰি আনি

ৰিব'জমত একোটি বহুপেপ্টাইড শৃংখল গঢ়ি তোলাকে অনুবাদ বোলে।

৯। ইনট্রন কি?

উত্তৰঃ ইন্ট্ৰণসমূহ এজনৰ বিদাৰণ ক্ৰম যাক পৈণত RNA ত পোৱা যায়।

১০। একজন কি?

উত্তৰঃ একোটা গঠনাত্মক জিনৰ সংকেত অনুক্রমবোৰক একজন বোলে।

১১। বেক্টেৰিয়াত কি কি মুখ্য তিনি ধৰণৰ RNA পোৱা যায়?

উত্তৰ: mRNA, RNA আৰু rRNA।

১২। ডিঅক্সিনিউক্লিয়টাইডচ বৰ্দ্ধন কৰাৰ বাবে ঘটক হিচাপে যি উৎসেচক ব্যৱহাৰ কৰা হয় তাৰ নাম কি?

উত্তৰঃ DNA পলিমাৰেজ।।

১৩। DNA ৰ টুকুৰা জোৰা দিয়া উৎসেচকটোৰ নাম লিখা।

উত্তৰঃ লাইগেইজ উৎসেচক।

১৪। DNA ৰ অৰ্ধৰক্ষণশীল অনুকৃত্যায়নৰ মতবাদ কোনে আগবঢ়াইছিল?

উত্তৰঃ মেছেলছন আৰু স্টাল।

১৫। কিমানটা ক্ষাৰকে এটি এমিন 'এচিডৰ সংকেত দিয়ে?

উত্তৰঃ তিনিটা।

১৬। প্রটিন সংশ্লেষণৰ স্থান কি লিখা।

উত্তৰঃ বিব'জম।

১৭। tRNA ৰ কাৰ্য্য কি?

উত্তৰ: tRNA থকা সংকেত অনুযায়ী বিশেষ বিশেষ এমিন' এচিড ধৰি আনি বিব'জমত সজাই প্রটিন প্রস্তুত কৰিবলৈ সহায় কৰে।

১৮। কোনে অপেন আর্হি আগবঢ়াইছিল?

উত্তৰঃ Francis Jacob আৰু Jacque Monod I


১৯। বেক্টেৰিওফাজ কি?

উত্তৰঃ বেক্টেৰিয়া ধ্বংসকাৰী ভাইৰাছ।

২০। ইউক্রমেটিন কি?

উত্তৰঃ কোষকেন্দ্ৰত থকা ক্রমেটিনৰ কিছুমান অংশ পাতলকৈ অভিৰঞ্জিত হয় যাক ইউক্রমেটিন বোলা হয়।

২১। ক্রমেটিনৰ সংজ্ঞা দিয়া।

উত্তৰঃ DNA আৰু হিষ্টন প্রটিনৰ সংগঠনক ক্রমেটিন বোলে।

২২। নিউক্লিয়ছমৰ সংজ্ঞা দিয়া।

উত্তৰঃ ঋণাত্মক আধানৰ DNA ই ঋণাত্মক আধানৰ হিষ্টনক অষ্টাংশৰ চাৰিওফালে মেৰিয়াই ধৰি এটা গঠন তৈয়াৰ কৰে যাক নিউক্লিয়জ 'ম বোলে।

২৩। ফিনাইল এলিনিন নামক এমিন' এচিডক কোন ত্রয়ী ক্ষাৰকে সংকেত দিয়ে?

উত্তৰঃ UUU আৰু UUC।


২৪। অর্থহীন সংকেত কোন বিলাক?


উত্তৰঃ UAA, UAG আৰু UGA।

২৫। DNAখণ্ডৰ ক্ল 'নিং প্ৰক্ৰিয়াৰ পোষক সমূহ কি কি?

উত্তৰঃ বাইব'জ'ম।

২৬। এক্স'ন বোৰ কি?

উত্তৰঃ এক্স'জনবোৰ DNA হ'ল ৰ সাংকেতিক অংশ যিবোৰে সংকোষকেন্দ্রীয় কোষত থাকে আৰু প্ৰ'টিনৰ কাৰণে লিপ্যন্তৰ কৰে।

চমু প্রশ্নোত্তৰঃ

১ا কোনে জিনীয় সংকেত নামাকৰণ কৰিছিল?

উত্তৰ: Marshall W. Nirenberg আৰু J. Heinrich Mathaeil


২। নিউক্লিয়জমৰ গঠন আলোচনা কৰা।

উত্তৰঃ এটা নিউক্লিয়জম এটা ধনাত্মক আধানৰ হিষ্টন নামক ক্ষাৰীয় প্রটিনৰ এটা গোটক ঋণাত্মক আধানৰ DNA চাৰিওফালৰ পৰা মেৰাই তৈয়াৰ কৰা এটা গঠন। একোটা নিউক্লিয়জমত কুণ্ডলীযুক্ত DNA ৰ 200 যোৰ ক্ষাৰক থাকে।

৩। জিনীয় পদাৰ্থৰ সংজ্ঞা দিয়া।

উত্তৰ: DNA ক জিনীয় পদার্থ বোলা হয়; কাৰণ, ই বংশগতিৰ সকলো সংকেত বহন কৰে আৰু প্ৰজননৰ যোগেদি সতি-সন্ততিলৈ যায়। DNA অসংখ্যা জিনৰে গঠিত। প্রতিটো জিনে জীৱৰ একোটা চৰিত্ৰৰ সংকেত দিয়ে। ক্রমজমত থাকে। DNA ক্রম'জম কোষকেন্দ্রত থাকে।

৪। জিনীয় পদাৰ্থৰ চাৰিটা বৈশিষ্ট্য কি কি?


উত্তৰঃ (ক) DNA দ্বি-সর্পিল আৰু কুণ্ডলী আকাৰৰ।


(খ) DNA অসংখ্য নিউক্লিয়টাইডেৰে গঠিত।

(গ) নিউক্লিয়টাইডসমূহ চাৰিটা ক্ষাৰক এডেনাইন, গুয়ানাইন, থাইমিন আৰু ছাইটচিনেৰে গঠিত।

(ঘ) DNA ৰ অনুকৃত্যায়ন হয়, যাৰ ফলত প্রতি DNA ৰ পৰা দুটা DNA উৎপন্ন হয়।

৫। DNA ই কেনেকৈ জৈৱতথ্য প্রকাশ কৰে?

উত্তৰঃ প্ৰ'টিন সংশ্লেষণৰ সময়ত mRNA ই DNA ত থকা একোটা জীৱৰ চৰিত্ৰৰ সকলো সংকেত অনুবাদ কৰি

বিবজমলৈ নি প্রটিন সংশ্লেষণৰ আৰ্হি প্ৰস্তুত কৰে। জীৱৰ জীৱন যাপনৰ সকলো সংকেত বিশেষ বিশেষ উৎসেচকে নির্ণয়

কৰে। প্রতিটো উৎসেচক একোটি প্রটিন। গতিকে DNA ত থকা সংকেত অনুসৰি জীৱৰ চৰিত্ৰৰ ৰূপ পায়।


৬। ক'ত আৰু কেতিয়া অনুকৃত্যায়ন হয়?


উত্তৰঃ কোষকেন্দ্ৰত থকা DNA' ৰ অনুকৃত্যায়ন হয়। যাৰ দ্বাৰা এটা DNA ৰ পৰা দুটা DNA উৎপন্ন হয়।

কোষ বিবভাজনৰ সময়ত DNA ৰ অনুকৃত্যায়ন হৈ দুগুণ DNA উৎপন্ন হয়।


৭। DNA ৰ অনুকৃত্যায়নক অৰ্ধৰক্ষণশীল বুলি কিয় কোৱা হয়?


উত্তৰঃ প্রতি DNA অণু কোষ বিভাজনৰ পূৰ্বে অনুকৃত্যায়নৰ দ্বাৰা দুখন DNA উৎপাদন কৰে। ইয়াৰ ফলত প্ৰতি

DNA ৰ পাক মেল খায় আৰু দুটা সূত্র পৃথক হয়। ইয়াৰ পিছত প্রতি সূত্ৰৰ একোটা পৰিপূৰক সূত্ৰ প্ৰস্তুত হয়।

মেছেলছন আৰু ষ্টালে আগবঢ়োৱা এই মতবাদক অর্ধ ৰক্ষণশীল মতবাদ বোলা হয়। DNA বিভাজন হৈ আধা

অংশৰ পৰা পুনৰ সম্পূৰ্ণ DNA প্রস্তুত হোৱাৰ বাবে ইয়াক অৰ্ধৰক্ষণশীলতা বোলে।


৮। mRNA ৰ অনুবাদ কেনেকৈ অন্ত পৰে?


উত্তৰঃ বহুপেপ্টাইড শৃংখল গঠন হৈ গৈ থকা অৱস্থাত যেতিয়া mRNA ত থকা তিনিটা অন্তকাৰী সংকেতিকা বা

অর্থহীন সংকেতিকা পায় তেতিয়াই লিপ্যন্তৰৰ পৰিসমাপ্তি ঘটে আৰু বহুপেপ্টাইড শৃংখল ৰিব'জমৰ পৰা ওলাই

আহে।


৯। লিপ্যন্তৰ কি?

উত্তৰঃ DNA ৰ এটা সূত্ৰত থকা নিউক্লিয়টাইডৰ ক্ৰম অনুযায়ী mRNA ৰ পৰিপূৰক সূত্র এডাল প্রস্তুত হোৱাকেই লিপ্যন্তৰ বোলে। এই সূত্ৰত DNA ৰ পৰা বিশেষ ধৰণৰ প্ৰটিন সংশ্লেষণৰ সংকেত থাকে। DNA টোৰ পৰা সকলো প্ৰটিন গঠনৰ সংকেতৰ ছাপ গ্রহণ কৰি mRNA ডাল শুলকি ওলাই আহে কোষ প্রৰশত। বহন কৰা সংকেত সমূহক ত্রয়ী সংকেত বোলে। এনে একোটা mRNA ত 500 টন এমিন' এচিডৰ সংকেতিয় থাকিব পাৰে। তাৰ mRNA পিছত কোষ প্রৰসত থকা ৰিব 'জনৰ লগ লাগে য'ত কঢ়িয়াই অনা সংকেত অনুসৰি প্ৰটিন সংশ্লেষণ আৰম্ভহয়।

১০। DNA বলিপ্যন্তৰৰ এককৰ নাম দিয়া।

উত্তৰঃ এডাল পলিপেপ্টাইজৰ সংকেত বহন কৰা অংশক চিস্ট্রন বোলে। এই চিষ্টনকেই লিপ্যস্তৰৰ একক বোলা

হয়। কাৰণষ ই একোটা জিন নির্দেশ কৰে। প্ৰতিটো জিন লিপ্যন্তৰ হয় বাবে জিন বা চিষ্টনেই লিপ্যন্তৰৰ একক।

১১। একজন কি?

উত্তৰঃ একজনবোৰ হৈছে DNA ৰ সাংকেতিক অংশ (coding sequence) যিবোৰ সংকোষকেন্দ্রীয় কোষত থাকে আৰু

প্ৰ'টিনৰ কাৰণে লিপ্যন্তৰ কৰে।

১২। স্পলাইছিঙৰ হ'বৰ সময়ত কি mRNA প্রয়োজন হয়?

উত্তৰঃ RNA পলিমাৰেজ বার্তাবাহী ৰ পূৰ্বগামী দ্ৰব্য আৰু বিষমজাতীয় কোষকেন্দ্রীয় ৰ লিপ্যন্তৰ ঘটায়। কিন্তু অসুবিধা এইটোৱেই যে প্রাথমিক প্রতিলিপটোৰ একজন আৰু ইনট্রন দুয়োটাই থাকে আৰু ই কার্যকৰী নহয়। সেই কাৰণে স্পলাইছিং নামৰ প্রতিক্ৰিয়াৰ সন্মুখীন হ'বলগা হয় য'ত ইন্ট্রনসমূহ আঁতৰাই একজনবোৰ এক নির্দিষ্ট ক্ৰমত জোৰা লগোৱা হয়।

১৩। ছেটেলাইট DNA কি?


উত্তৰঃ DNA ফিংগাৰ প্রিন্টিঙৰ অণুৰ অনুক্ৰমৰ কিছুমান বিশেষ অংশৰ পাৰ্থক্য চিনাক্ত কৰা হয়। এই

অংশসমূহক বাৰম্বাৰিত DNA বোলা হয়; কাৰণ, এই অনুক্রমত সৰু এলানি ক্ষাৰকযুক্ত DNA ৰ বহু বাৰ পুনৰাবৃত্তি

ঘটে। ঘনত্ব নিম্ন প্ৰৱণতা কেন্দ্ৰাপসাৰণ প্ৰক্ৰিয়াৰ সময়ত বিভিন্ন ধৰণৰ শীর্ষবিন্দু দেখুৱায়। এই শীর্ষবিন্দু বিলাকত

কিছুমান পুঞ্জীভূত হৈ থাকে আৰু কিছুমান বিচ্ছিন্ন সৰু শীর্ষবিন্দু হিচাপে থাকে। সৰু সৰু শীর্ষবিন্দু বিলাকক

ছেটেলাইট DNA বোলা হয়।


১৪। "জিনীয় সংকেতবোৰ দ্বিগুণী”-ব্যাখ্যা কৰা।


উত্তৰঃ জিনীয় সংকেতবোৰ দ্বিজেনেৰেট অর্থাৎ দ্বিগুণবাহী। এক বিশেষ এমিন' এছিড সংশ্লেষণৰ কাৰণে

একাধিক সংকেত ব্যৱহৃত হ'ব পাৰে। উদাহৰণস্বৰূপে ফিনাইল এলানিন এমিন' এছিডৰ কাৰণে UUU আৰু UUC

সংকেত যুক্ত হয়। অর্জিন নামৰ এমিন' এছিডৰ কাৰণে CGU, CGC, CGA, CGG, AGA, AGG সংকেত সমূহ

ব্যৱহৃত হয়।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। tRNA গঠন চিত্র আঁকা।

উত্তৰ:


২। গ্রিফিথৰ ৰূপান্তৰকৰণ পৰীক্ষাৰ বৰ্ণনা কৰা। তেখেতৰ সিদ্ধান্ত কি আছিল?


উত্তৰ: 1928 চনত গ্রিফিতে ডিপ্ল'কক্কাছ ন্যুম'নি নামৰ বেক্টেৰিয়াৰ ওপৰত পৰীক্ষা কৰি দেখুৱায় যে ৰক্ত-এগাৰ কলাকৰ্ষণ

মাধ্যমত দুই ধৰণৰ কলনি বা দল দেখা যায়। একপ্ৰকাৰৰ কোষবেৰ মসৃণ, ইয়াৰ নাম দিয়া হৈছে S-প্ৰকাৰ আৰু

আনবিধৰ কোষবেৰ অমসৃণ। ইয়াক R-প্ৰকাৰ বোলে। S-প্ৰকাৰ বেক্টৰিয়া দেহৰ ক্ষতিকাৰক বা ভিৰুলেল্ট। এই দুই

ধৰণৰ বেক্টৰিয়া তাপ সুবেদী আৰু তাপমাত্রা বৃদ্ধি কৰিলে ইহঁত মৰি যায় আৰু তেতিয়া ইহঁতক তাপ মৃত বেক্টেৰিয়া

বোলে।


চিত্র: গ্রিফিতৰ এন্দুৰৰ ওপৰত ন্যুম'কক্কাছৰ পৰীক্ষা


এই ধৰ্মৰ ওপৰত ভিত্তি কৰি গ্রিফিতে এন্দুৰৰ দেহত (চিত্ৰত) দিয়াধৰণে ইনজেকছন দি বেক্টেৰিয়া সুমুৱাই দিয়ে।

পৰীক্ষাকেইটাৰপৰা দেখা গ'ল যে ২ নম্বৰ আৰু ৫ নম্বৰ পৰীক্ষাতহে এন্দুৰবোৰ ন্যুম'নিয়া বেমাৰত আক্ৰান্ত হৈছে

অথবা মৃত্যু হৈছে। ২ নম্বৰ পৰীক্ষাত এন্দুৰবোৰ আক্ৰান্ত হোৱাটো স্বাভাৱিক, কিন্তু ৫ নম্বৰ পৰীক্ষাত অস্বাভাবিক

ফলাফল পোৱা গ'ল। গ্রিফিতে ইয়াৰ ব্যাখ্যা হিচাপে কৈছিল যে কোনো পদার্থ মৃত S-প্ৰকাৰৰপৰা ওলাই R-প্ৰকাৰ

বেক্টেৰিয়াক প্ৰকাৰ (S) বেক্টেৰিয়ালৈ য়ে ৰূপান্তৰিত কৰে।

1944 চনত এভেৰি, মেকলিঅ'ড আৰু মেকাটিয়ে প্রমাণ কৰে যে R-প্রকাৰ বেক্টেৰিয়াক S-প্ৰকাৰ বেক্টেৰিয়ালৈ DNA য়ে ৰূপান্তৰিত কবে।

৩। গ্রিফিথৰ ৰূপান্তৰ সূত্ৰৰ জৈৱ-ৰাসায়নিক বৈশিষ্ট্য সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ গ্রিফিতে Diplococcus pneumoniae নামৰ এক ধৰণৰ বেক্টেৰিয়াৰ ওপৰত পৰীক্ষা কৰি এক আচৰিত ধৰণৰ

ফল পাইছিল। এই বেক্টেৰিয়াৰ কিছুমানে ন্যূম'নিয়া (pneumonia) ৰোগ সৃষ্টি কৰে আৰু আন কিছুমানে ৰোগ সৃষ্টি

নকৰে। ন্যুম 'নিয়া ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ কোষটোৰ চাৰিওফালে এটা চোকোৰা থা কেপচুল থাকে। এই প্রকাৰ

বেক্টেৰিয়াক 'প্ৰকাৰ S-III' বোলে। ৰোগ সৃষ্টি কৰিব নোৱাৰা বেক্টেৰিয়াৰ কোষৰ কেপচুল নাথাকে। এই প্ৰকাৰ

বেক্টেৰিয়াক 'প্রকাৰ-II' বোলে। তেখেতে ৰোগ সৃষ্টিকাৰী আৰু ৰোগ সৃষ্টি কৰিব নোৱাৰা দুয়োবিধকে বেলেগে

বেলেগে এন্দুৰৰ দেহত প্রয়োগ কৰাই স্বাভাবিক ফলাফল পালে অর্থাৎ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া (S-III) যি এন্দুৰৰ

দেহত প্রয়োগ কৰা হৈছিল সেই এন্দুৰৰ মৃত্যু হ'ল আৰু ৰোগ সৃষ্টি কৰিব নোৱাৰা বিধ (প্ৰকাৰ R-III) যি এন্দুৰৰ

দেহত প্রয়োগ কৰা হৈছিল সেই এন্দুৰৰ মৃত্যু নহ'ল। ইয়াৰ পিছত তেখেতে ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াক তাপ দি

মাৰি এন্দুৰৰ দেহত প্রয়োগ কৰি দেখিলে যে এন্দুৰৰ মৃত্যু নহ'ল। ইয়াৰ পিছত এক আচৰিত পৰীক্ষা তেখেতে

কৰিলে। এই পৰীক্ষাত তেখেতে ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াক তাপ দি মাৰি সেইবিলাক জীৱন্ত কিন্তু ৰোগ সৃষ্টি কৰিব

নোৱাৰা বিধৰ লগত মিহলাই এন্দুৰক বেজী দিলে। আশ্চৰ্যৰ কথা যে এন্দুৰ ৰোগত আক্রান্ত হৈ মৰিব লগা হ'ল।

গ্রিফিতৰ পৰীক্ষাই যদিও প্রমাণ কৰিব নোৱাৰিলে যে ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা বংশগত আৰু এই বংশগত

গুণৰ বাহক DNA, এই পৰীক্ষাৰ আলম লৈ পিছলৈ এভাবি আদিয়ে প্রমাণ কৰি দেখুৱালে যে মৃত অথচ ৰোগ সৃষ্টি

কৰিব পৰা বেক্টেৰিয়া DNA। জীৱন্ত অথচ ৰোগ সৃষ্টি কৰিব নোৱাৰা বেক্টেৰিয়াৰ দেহত প্রবেশ কৰি ৰোগ সৃষ্টি

কৰিব পৰা ক্ষমতা প্রদান কৰে।


 Type Himanku Bora


New Update 2026