অসমৰ জনসংখ্যা বিতৰণত ভূ-প্ৰকৃতিৰ প্ৰভাৱঃ

ঠাই এখনৰ ভূ-প্ৰাকৃতিক গঠনে মানুহৰ বসতি বিস্তাৰৰ ওপৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। সেইবাবেই সমতল আৰু পাহাৰীয়া ভূ-প্ৰকৃতিৰ দুটা ভিন্ন অঞ্চলত ইয়াৰ স্পষ্ট ৰূপ চকুত পৰে। নদী উপত্যকা অথবা পাহাৰীয়া অঞ্চলত জন বসতিৰ বিতৰণ কেনেকুৱা ধৰণৰ তোমালোকে কেতিয়াবা লক্ষ্য কৰিছানে?

অসমত নদী উপত্যকাৰ সমভূমি আৰু পাহাৰীয়া ভূখণ্ডৰ দুটা সুকীয়া ভূ-প্ৰাকৃতিক অঞ্চল আছে।

অসমৰ উপত্যকাৰ ভূ - প্রকৃতিঃ

 ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ- প্রকৃতি প্রায় সমান। এই দুয়ােটা উপত্যকা নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি কাৰ্যৰ উপযােগী। ইয়াত মানুহৰ মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিৱহণ ব্যৱস্থা উন্নত। ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প- উদ্যোগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰাে প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ চহৰ, মহানগৰ সমূহাে অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হােৱা কাৰণে জনবসতি অতি ঘন। পাহাৰীয়া অঞ্চল সাধাৰণতে ওখােৰা- মােখােৰা, শিলাময় আৰু গছ গছনিৰে পৰিপূর্ণ। তােমালােকে পাহাৰবােৰৰ এই অৱস্থাতাে নিশ্চয় দেখিবলৈ পাইছা। অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পার্বত্য জিলা দুখন পাহাৰীয়া ভূ-প্ৰকৃতিৰ। ইয়াৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান ডিমা-হাছাও নামেৰে পৰিচিত। ডিমা-হাছাও বৰাইল পৰ্বত আৰু কাৰ্বি আংলাং জিলাত ভালেমান পাহাৰ অৱস্থিত। দুয়োখন জিলাতে পাহাৰীয়া ওখ চাপৰ ভূ-প্ৰকৃতিৰ বাবে পৰিবহণ ব্যৱস্থা সকলোতে সুগম নহয়। ব্যৱসায়, বাণিজ্য, যাতায়াত, কৃষিকাৰ্য, উদ্যোগ আদি দিশসমূহ তুলনামূলকভাৱে পিচ পৰা। ইয়াত বাস কৰা জনজাতীয় লোকসকলে স্থানান্তৰিত কৃষিৰ ঝুম কৃষি প্ৰথা অৱলম্বন কৰে। এই অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কষ্টকৰ। ওপৰোক্ত কাৰকসমূহৰ প্ৰভাৱৰ কাৰণে ইয়াত জনসংখ্যাৰ আকাৰ আৰু ঘনত্বও সৰ্বনিম্ন।


Class 7 Social Science 

Type: Nayan Moni Deka