পণ্ডিত জৱাহৰলাল নেহৰু

পণ্ডিত জৱাহৰলাল নেহৰু

জৱাহৰাল নেহৰু বিষয়ে (1889-1964)


  চমু পৰিচয় ১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে এলাহাবদ নগৰত সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰিছিল। লব্ধ প্ৰতিষ্ঠা আইনজ্ঞ আৰু বিখ্যাত ৰাজনীতিবাদ মতিলাল নেহেৰু তেওঁৰ দেউতাক আছিল আৰু মহাধৰ্ম পৰায়ণা মহিলা স্বৰূপৰাণী নেহৰু তেওঁৰ মাতৃ আছিল। নেহৰুৱে পিতৃ মতিলালপৰা দূৰ্ব্বাৰ সাহসিকতা, স্পষ্টবাদিতা, দেশপ্ৰেমী আৰু মাতৃ স্বৰূপৰাণীৰ পৰা দয়া, ক্ষমা, শান্তি স্নেহ, প্ৰীতি আদি শিক্ষা লাভ কৰিছিল। 

    শিক্ষাঃ জৱাহৰলাল নেহৰু চৈধ্য় বছৰ বয়সলৈকে ঘৰতে শিক্ষা লাভ কৰি উচ্চ শিক্ষাৰ বাবে ১৯৫০ চনত ইংলেণ্ডলৈ যায় আৰু ইংলেণ্ডৰ প্ৰসিদ্ধ 'হেৰো' স্কুলত ভৰ্তি হয়। তাৰ পিছত ১৯০৭ চনত 'হেৰো' স্কুলৰ শিক্ষা সাংকৰি 'ট্ৰিণিটি' কলেজলৈ যায়। 'ট্ৰিণিটি' 'কেম্ব্ৰিজ  বিশ্ববিদ্য়ালয়ৰ পৰা ৰসায়নণ, ভূ-তত্ব আৰু উদ্ভিদ বিদ্য়াতচ অনাৰ্চ সহ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ 'ইনাৰ টেম্পল'ৰ পৰা বেৰিষ্টাৰী পাছ কৰি ১৯১২ চনত স-গিৰিৱেৰে স্বদেশলৈ ঘূৰি আহে। 

    বিবাহঃ ১৯১৬ চনত তেওঁ কমলা কাউলৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

  ৰাজনীতিঃ ১৯১৬ চনত লক্ষ্ণৌত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিৱেশনত জৱাহৰলাল নেহৰুৱে যোগদান কৰে। তেখেতে কম সময়ৰ ভিতৰতে মহাত্মা গান্ধীৰ প্ৰিয়পাত্ৰ হৈ ৰাজনীতিৰ ফালে ঢাপলি মেলে। ১৯২১ চনত প্ৰিয় অৱ ৱেলছৰ ভাৰত আগমনত হৰতাল পালন প্ৰিসঙ্গত তেওঁ প্ৰথমবাৰৰ  বাবে জেললৈ গৈছিল। ১৯২২ চনত বিদেশী বস্তু বৰ্জন আন্দোলনত পৰিচালনাৰ অভিযোগত কাৰাবদ্ধ হয়। ইয়াৰ পৰা মুক্তি লাভ কৰিয়েই এলাহাবাদ  'মিউনিচিপেলিটিৰ সভাপতি নিৰ্বাচিত হয়। ১৯২৮ চনত ছাইমন কমিচনৰ বিৰুদ্ধে শোভাযাত্ৰা পৰিচালনাত পুলিচৰ লাঠিৰ আঘাতত তেওঁ আহত হয় ১৯৩০ চনত 'লোণ আইন ভঙ্গ আন্দোলন কিষান সন্মিলনত যোগদানৰ অভিযোগত দুবছৰ কাৰাদণ্ডেৰে দণ্ডিত হয়। সেই সময়ত পিতৃ মতিলাল নেহৰুৰ বিয়োগ ঘটে। ১৯৩৪ চনত কলিকতাত ৰাষ্ট্ৰ বিদ্ৰোহী  বক্তৃতা  দিয়াৰ বাবে কাৰাবৰণ খাটিবলদীয়া হয়। ইয়াৰ অলপ দিনৰ পিছত তেওঁৰ পত্নী কমলাৰ বিয়োগ ঘটে। ১৯৩৬ চনত লক্ষ্ণৌ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। ১৯৩৮ চনত মাতৃ স্বৰূপৰাণীৰ বিয়োগ হয় যদিও সেই বছৰতেই তেওঁ স্পেইন আৰু চীন ভ্ৰমন কৰে ১৯৪০ চনত সত্য়াগ্ৰহ আন্দোলনত যোগদান কৰাৰ কাৰণে নেহৰুৱে ৪ বছৰৰ বাবে কাৰাদগণ্ডেৰে দণ্ডিত হয় আৰু ১৯৪২ চনত ভাৰত ত্য়াগ আন্দোলনত যোগদান কৰি কাৰবদ্ধ হয়। ১৯৪৬ চনত তেওঁ চতুৰ্থবাৰৰ বাবে কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। ১৯৪৭চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে। পিছত নেহৰুৱে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।

    গ্ৰন্থঃ প্ৰখ্য়াত মানৱতবাদী ৰজনীতিজ্ঞ জৱাহৰলাল নেহৰু এগৰাকী সু-সাহিত্য়িকো আছিল। তেওঁ ৰচনা কৰা 'ভাৰত আৱিস্কাৰ' এখন উচ্চ প্ৰশংসিত গ্ৰন্থ। তেওঁ লিখা আন এখন গ্ৰন্থ হ'ল -গ্লিমপছ অফ ওৱাৰ্ল্ড হিষ্টৰী'- 'লেটাৰ ফ্ৰম ফাদাৰ টু হিজ ডটাৰ', অটোবায়' গ্ৰাফী' আদি গ্ৰন্থ লিখি বিশ্বৰ শ্ৰেষ্ঠ সাহিত্য়িকৰ আসন অলংকাৰ কৰিছিল।

    মৃত্যুঃ ১৯৬৪ চনৰ ২৭ মে'ৰ দিনা এইজনা জাতীয় জীৱন নিৰ্মাতাই সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাই ইহলীলা সম্বৰণ কৰে। দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলৈ গৈ প্ৰায় বাৰ বছৰ কাল কাৰাগাৰত তথা শিশু প্ৰেমীক আছিল। ভাৰত মাতৃৰ সু-সন্তান, বিৰল প্ৰতিভাৰ অধীশ্বৰ জৱাহৰলাল নেহৰু আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ এই বিশাল জীৱন দৰ্শনেই চিৰদীন তেওঁক মানুহৰ পূথিৱীত জীয়াই ৰাখিব।


Ankur Raj Deka 

(Morigaon)