স্ফটিকীকৰণ

ষষ্ঠ শ্রেণীত তােমাললাকে শিকিছিলা যে সাগৰৰ পানীৰ বাষ্পীভৱন কৰি নিমখ আহৰণ কৰিব পাৰি। এই পদ্ধতিৰে পােৱা নিমখ বিশুদ্ধ নহয় আৰু ইয়াৰ দানাবােৰ সৰু হয়। দানাবােৰৰ আকাৰ ভালদৰে দেখা নাযায়। অৱশ্যে দ্ৰৱৰ পৰা ডাঙৰ আকাৰৰ বিশুদ্ধ স্ফটিকৰ দানাপ্রস্তুত কৰিব পাৰি। এই প্রক্রিয়াটোক স্ফটিকীকৰণ বুলি কোৱা হয় । ই এটা ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ।

 ক্রিয়াকলাপ ৬.৯ 

( শিক্ষকৰ উপস্থিতিত সম্পন্ন কৰিব ) 

সতর্কীকৰণ

 কেৱল পনীয়া ছালফিউৰিক এছিড ব্যৱহাৰ কৰিবা । পানী উতলাওঁতে সাৱধান হ’বা ।

     এটা বিকাৰত একাপ পানী লােৱা আৰু তাত কেইটোপালমান পনীয়া ছালফিউৰিক এছিড ঢালা । পানীখিনি গৰম কৰা । পানীখিনি উতলিবলৈ আৰম্ভ কৰিলে কপাৰ ছালফেটৰ পাউদাৰ লাহে লাহে একেৰাহে মিহলাই লৰাই থাকা ( চিত্র ৬.৬ ) । অধিক পাউদাৰ দ্ৰৱীভূত কৰিব নােৱাৰা অৱস্থালৈকে কপাৰ ছালফেট পাউদাৰ মিহলাই থাকা । দ্ৰৱটো পৰিস্ৰাৱণ ( ফিল্টাৰ কৰা আৰু চেঁচা হ’বলে দিয়া । চেচা হােৱাৰ সময়ত দ্ৰৱখিনি লৰচৰ নকৰিবা । কিছু সময় পিছত দ্ৰৱখিনি চোৱা । কপাৰ ছালফেটৰ স্ফটিক দেখিছানে ? যদি দেখা নাই , অধিক সময় অপেক্ষা কৰা । 

    তােমালােকে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে শিকিলা । তােমালােকৰ চৌপাশে দেখা পৰিৱর্তনবােৰক ভৌতিক আৰু ৰাসায়নিক পৰিৱর্তন হিচাপে চিনাক্ত কৰিবলৈ চেষ্টা কৰা ।


Type Ankur Raj Deka 

Class 7